যমুনা বড়ো–সঞ্জয় বড়োলৈ চাকৰি
দিনটো সম্ভৱতঃ ২৩ জুন৷ ডিফুত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্রতিষ্ঠা দিৱস উদযাপন হৈছিল৷ দিৱসৰ সভাত ভাষণ দি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে এষাৰ কথা কৈছিল৷ সঁচা কথা ক’বলৈ গ’লে, এজন জনজাতীয় নেতাৰ মুখৰ পৰা তেনে কথা এষাৰ শুনাৰ হাবিয়াস এটা দীর্ঘদিন ধৰি মনতে পুহি ৰাখিছিলো৷ ইয়াৰ পূর্বে কথা এটা কৈ থোৱা ভাল হ’ব৷ কথাটো অৱশ্যে সকলোৱে জানেই৷ বিটিচিৰ ক্ষমতালৈ অহাৰ পূর্বে প্রমোদ বডো সুদীর্ঘকাল ধৰি এবছুৰ সৈতে জডিত আছিল৷ তেওঁ বহু বছৰ এবছুৰ সভাপতিও আছিল৷ তেওঁৰ সভাপতিত্বৰ কালছোৱাত এবছুৱে পৃথক বডোলেণ্ডৰ বাবে ধাৰাবাহিকভাৱে আন্দোলন কৰিছিল৷ পৃথক ৰাজ্যখনৰ সপক্ষে তেওঁ অসংখ্য যুক্তিও দিছিল৷ সেইজন ব্যক্তিয়ে সিদিনা কৈছিল, অসমত এতিয়া জনজাতীয় লোকসকলে প্রাপ্য সন্মান আৰু মর্যাদা লাভ কৰাৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷ কথাষাৰ তেওঁ গুৱাহাটী বা শিৱসাগৰত কোৱা নাছিল৷ ডিফুত কৈছিল৷ ডিফু কোকৰাঝাৰৰ দৰেই জনজাতীয় আন্দোলনৰ এটা প্রধান কেন্দ্র৷ তাতো দীর্ঘদিন ধৰি ৰাজ্যৰ দাবীত আন্দোলন চলি আছে৷ তাৰে এখন মঞ্চত থিয় দি প্রমোদ বডোৱে ব্যক্ত কৰা অনুভৱে স্বতঃসিদ্ধভাৱে এটা সুকীয়া তাৎপর্য লাভ কৰে৷ প্রমোদ বডোৰ অকপট স্বীকাৰোক্তিৰ আঁৰত অসমৰ সকলো জনজাতীয় লোকৰ ক্ষোভ আৰু খঙৰ বৃহৎ কাৰণটো লুকাই আছে৷
সৌসিদিনা ৰাজ্য চৰকাৰে অর্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন উপলক্ষে আয়োজন কৰা ক্রীডা পেন্সন দিৱসত ক্রীডা তাৰকা যমুনা বডো আৰু সঞ্জয় বডোক চৰকাৰী চাকৰিত নিযুক্তি দিয়ে৷ দুয়োগৰাকী প্রতিভাৱান খেলুৱৈয়ে অসম তথা দেশৰ বাবে বহুবাৰ সন্মান কঢ়িয়াই আনিছে৷ দুয়ো চৰকাৰী চাকৰিৰ বাবে উপযুক্ত৷ দুয়োৰে কর্মসংস্থাপন নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব৷ কিন্তু ৰাজ্য চৰকাৰে দুয়োকে এটা বিশেষ দিনত সন্মানসহকাৰে মাতি আনি নিযুক্তি–পত্র বিতৰণ কৰিলে৷ ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজলৈ এটা বিশেষ বার্তা যায়৷ বার্তাটো সংশ্লিষ্ট জনজাতীয় লোকসকলৰ মাজলৈও যায়৷ ইয়াৰ পূর্বে বৰসিং বে’ নামৰ হোমগার্ডজনক ৰাজ্য চৰকাৰে ধন আৰু পদোন্নতিৰে সততাৰ স্বীকৃতি প্রদান কৰিছিল৷ হোমগার্ডজনে মাফিয়াৰ সৈতে গোপনে ধনৰ বুজাপৰা নকৰি বুজন পৰিমাণৰ ড্রাগ্ছ ধৰাই দিছিল৷ তেওঁ সততাৰ স্বীকৃতি লাভ কৰিছে৷ সেয়া তেওঁৰ প্রাপ্য৷ কিন্তু চৰকাৰে স্বীকৃতিটো দিওঁতে ৰাজ্যখনৰ সকলোকে ইয়াৰ অংশীদাৰ কৰি লৈছে৷ বৰসিং বে’ৰ সমাজখনেও যাতে স্বীকৃতিটোক লৈ গর্ব কৰিব পাৰে, তালৈও লক্ষ্য ৰাখিছে৷ চৰকাৰ এখনৰ এনেধৰণৰ পদক্ষেপে সমাজলৈ শুভবার্তা কঢ়িয়াই লৈ যায়৷ অসমত এনেধৰণৰ কাম–কাজৰ প্রয়োজন আছে৷ পূর্বৰ চৰকাৰৰ সৈতে বর্তমানৰ চৰকাৰখনক ইয়ে পৃথক কৰি ৰাখিছে৷ মই ব্যক্তিগতভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্য চৰকাৰৰ এই দুটা পদক্ষেপৰ প্রশংসক৷ অসমত এনে এটা পৰিৱেশৰ প্রয়োজন য’ত জনজাতীয়–জনগোষ্ঠী লোকসকলে অনুভৱ কৰিব পাৰে যে তেওঁলোকৰ প্রতি সামগ্রিকভাৱে অসম আৰু অসমীয়া সমাজখনৰ দৃষ্টিভংগী সলনি হৈছে৷ অসমত সমমর্যাদাৰে বসবাস কৰিব পৰাকৈ পৰিৱেশ এটা সৃষ্টি হৈছে৷ অনুভৱটো বডো, কার্বি, মিচিং, তিৱা, কোচ ৰাজবংশী, ৰাভা, দেউৰী, ডিমাছাকে ধৰি সকলো জনজাতি–জনগোষ্ঠীৰ মাজত গঢ় লৈ উঠিব লাগিব৷ সকলোৱে জনজাতি–জনগোষ্ঠীয় লোকৰ আৱেগ–নুভূতি, পৰম্পৰা, কৃষ্টি–সংস্কৃতি, ভাষা আদিক সন্মান কৰিব লাগিব৷ সকলোৱে নিজক লৈ নিৰাপদ অনুভৱ কৰিব পাৰিব লাগিব৷
মই এবছু আৰু বিপিএচিৰ নেতৃত্বত গঢ় লৈ উঠা ডিভাইড আছাম ফিফটী ফিফটী আন্দোলনটো কাষৰ পৰা দেখিছোঁ৷ স্কুললৈ গৈ থাকোঁতে ৰাজপথত ডিভাইড আছাম ফিফটী ফিফটী ধ্বনি দি সমদল কৰা ছাত্র–ছাত্রীৰ চকুত আৱেগ দেখিছোঁ৷ নিজৰ জাতিটোৰ বাবে সর্বোচ্চ ত্যাগ কৰিব বিচৰা অতুল্য মানসিকতাক ওচৰৰ পৰা দেখিছোঁ৷ লগতে দেখিছোঁ, ৰে’লপথত সংস্থাপন কৰা বৃহদাকাৰৰ বোমা আঠ–দহজন লোকে কান্ধত ভাৰ বান্ধি কঢ়িয়াই থানালৈ লৈ অহা দেখিছোঁ৷ দেখিছোঁ জ্বলাই দিয়া বাছ, দলং, বিদ্যালয়ৰ অৱশিষ্ট৷ তদুপৰি, এনডিএফবিৰ গুলীত নিহত বিএলটি সদস্য আৰু বিএলটিৰ গুলীত নিহত এনডিএফবি সদস্যৰ মৃতদেহ দেখিছোঁ৷ গোষ্ঠী সংঘর্ষৰ জুই, শৰণার্থী সকলোকে কাষৰ পৰা দেখিছোঁ৷ সকলো দেখি মনত সদায় এটা প্রশ্ণই আমনি কৰিছিল– এইবোৰ কিয়? কিয়? সেয়ে যেতিয়াই আন্দোলনটোৰ নেতাৰে কথা পাতিছিলো, প্রশ্ণটো কৰিছিলো৷ সকলোৰে মূল কথা এটাই আছিল আমি শেষ হৈ যাম৷ দিছপুৰ তথা অসমীয়া সমাজখনৰ বঞ্চনা–শোষণ, অৱহেলা, অভিভাৱকসদৃশ মনোভাব আদিয়ে আমাৰ ভাষা–সংস্কৃতি, পৰম্পৰা, ইতিহাস সকলো শেষ কৰি দিব৷ অর্থাৎ আন্দোলন আছিল আত্মপৰিচয়ৰ তাগিদা৷ এই অভিযোগ অকল বডোসকলৰে নহয়, আন আন জনজাতি–জনগোষ্ঠীয় লোকসকলো একেই দুশ্চিন্তাৰে ভাৰাক্রান্ত৷ ৰাজ্য চৰকাৰে সকলোৰে মর্মবেদনা উপলব্ধি কৰিব লাগিব৷ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব লাগিব৷ কার্বি শান্তি চুক্তি স্বাক্ষৰিত হৈছে৷ ইয়াৰ পূর্বে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ চুক্তি দুখন এটা বিদ্রোহী সংগঠনৰ সৈতে স্বাক্ষৰিত হোৱা নাই৷ কেইবাটাও সংগঠনক এখন মজিয়ালৈ আনি সম্পাদিত কৰা হৈছে৷ সেয়ে অসমৰ বাবে দুয়োখন চুক্তিৰ গুৰুত্ব আৰু মূল্য অপৰিসীম৷ ইয়াৰ বাহিৰেও ৰাজ্যখনত কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীয়ে বিভিন্ন সমস্যাৰ দাবীত আন্দোলন কৰি আছে৷ সকলোবোৰ আন্দোলনৰ পৰিসমাপ্তি ঘটিব লাগিব৷ এই দায়িত্ব চৰকাৰৰ৷
অসমত জনজাতীয় লোকসকলৰ পৃষ্ঠভূমি সুকীয়া৷ কথাটো অনুধাৱন কৰাৰ আৱশ্যকতা আছে৷ ব্রিটিছে ভূমি দখল কৰাৰ আগলৈকে জনজাতীয় লোকসকলৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ আছিল৷ তেওঁলোকৰ নিজৰ প্রয়োজন অনুসৰি কিছুমান আইনো আছিল৷ একোজন মুখীয়াই সামাজিক ব্যৱস্থাটো পৰিচালনা কৰিছিল৷ ভূমি আৰু বনাঞ্চল আছিল তেওঁলোকৰ জীৱন ধাৰণৰ প্রধান সমল৷ ব্রিটিছে জনজাতীয় অঞ্চলসমূহ অধিগ্রহণ কৰাৰ পাছত নিজৰ স্বার্থ সুৰক্ষিত কৰিবলৈ অঞ্চলসমূহত বহুতো নতুন নীতি প্রণয়ন কৰে৷ সেইবোৰ জনজাতীয় লোকৰ স্বার্থৰ পৰিপন্থী আছিল৷ জনজাতীয় আইন ব্যৱস্থাৰ ঠাইত জনজাতীয় স্বার্থবিৰোধী নতুন আইন আহিল৷ তাৰে আলম লৈ জনজাতীয় অঞ্চলত জমিদাৰ, ঠিকাদাৰ, মহাজন আৰু চৰকাৰী প্রশাসকৰ দৰে কিছুমান শ্রেণীৰ সৃষ্টি হয়৷ কিন্তু নতুন শ্রেণীৰ লোকসকল জনজাতীয় নাছিল৷ কালক্রমত এই নতুন লোকসকলৰ বিৰুদ্ধে জনজাতীয় লোকসকলে বিদ্রাহৰ সূচনা কৰে৷ ভালদৰে চালে দেখা যায় যে অসম তথা ভাৰতৰ বেছিভাগ জনজাতীয় আন্দোলন, বিদ্রোহ কৃষিভিত্তিক, অর্থনৈতিক আৰু ৰাজনৈতিক৷ আন্দোলনৰ ভেটিটোক স্বীকাৰ কৰি লোৱা মানেই জনজাতীয় লোকসকলৰ অস্তিত্বক স্বীকাৰ কৰি লোৱা৷ অসমৰ জনজাতীয় সমাজখনৰ নৱপ্রজন্মই অসমীয়া সমাজখনৰ অভিভাৱকত্বক অগ্রাহ্য কৰিছে৷ এই অভিভাৱকত্বৰ ধাৰণাটো তেওঁলোকৰ মনলৈ ক’ৰ পৰা কিয় আৰু কেনেকৈ আহিল, সেইটো অসমীয়াভাষীসকলে দকৈ গমি চাব লাগিব৷ মুংচাজ’ বর্ণালী আম্ফি মান্তা নামৰ নৱপ্রজন্মৰ প্রতিভাশালী লেখিকাগৰাকীয়ে এই কথাটো মোক মাজে মাজে কয়৷ তেওঁ তিৱা জনজাতিৰ৷ বডো বা আন দুই–এটা জনজাতীয় লোকৰ মুখত মই এইষাৰ কথা শুনিছোঁ৷ অর্থাৎ তেওঁলোকে মর্যাদাসম্পন্ন জীৱন বিচাৰে৷ মই ভাবোঁ, লাহে লাহে অসমত এনে এটা পৰিৱেশ গঢ় লৈ উঠিছে৷ ইয়াক অধিক গতিশীল কৰিব লাগিব৷