নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ দৃষ্টিত হিমন্ত বিশ্ব শর্মা

  • দীপ্তিমান বৰঠাকুৰ

১৯৬৫ চনমানত উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ আর্য বিদ্যাপীঠত নাম লগোৱাৰ পৰা উল্লেখিত নামটোৰ সৈতে মোৰ পৰিচয়৷ যদিও আমি আর্যৰ শিক্ষার্থী আছিলোঁ, তথাপি কটনৰ ছাত্র–ছাত্রীৰ সৈতে আমাৰ সু–সম্পর্ক আছিল৷ হিমন্ত সকলো কামতে আগৰণুৱা আছিল ৷ সুন্দৰ এক অভিব্যক্তিৰে সন্মুখত যি দেখা পায় তাতে নিজক নিয়োজিত কৰিছিল ৷ তর্ক–বিতর্ক প্রতিযোগিতাবোৰত যোগদান কৰি প্রতিপক্ষক ধৰাশায়ী কৰাতো তেওঁৰ পাৰদর্শিতা প্রকাশ পাইছিল৷ কোনো কথাতে তেওঁক পিছ হুঁহকি ফুৰা দেখা নাপাইছিলোঁ৷ বাল্যকালতে ঘৰৰ কাৰো অনুমতি নোলোৱাকৈ বোলছবিত অভিনয়ত অংশগ্রহণ কৰি মানুহক অবাক কৰি তুলিছিল৷ ‘ককাদেউতা, হাতী আৰু নাতি’ত তেওঁ কৰা সাৱলীল অভিনয় আমাৰ মানসপটত তিৰবিৰকৈ জিলিকি আছে৷ তেওঁক লগ পোৱাৰ মোৰ আটাইতকৈ সুবিধা হৈছিল উজান বজাৰত থকাৰ বাবে৷ উজান বজাৰত আমাৰ এখন ড্রাই ক্লীনার্ছ আছিল৷ জয়মতী ড্রাই ক্লীনার্ছ৷ বর্তমান দোকানখন নাই৷ তাতেই সকলো পর্যায়ৰ লোকক লগ পোৱাৰ সুযোগ পাইছিলোঁ৷ প্রখ্যাত শিল্পী, সাহিত্যিক লক্ষ্যধৰ চৌধুৰী, নাট্যকাৰ সত্যপ্রসাদ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, নিপ বৰুৱা, ব্রজেন বৰুৱা, দ্বিবন বৰুৱা, শৈলধৰ বৰুৱা, নিলু চক্রৱর্তী, ধীৰু ভূঞা, বীণা দাস মান্না, বীণা প্রসাদ, দুর্গেশ্বৰ বৰঠাকুৰ, ইন্দ্র বণিয়া, বিজু ফুকন, বিজয় শংকৰ, জর্জ বেকাৰ, বিদ্যা ৰাও, নিপন গোস্বামী প্রভৃতি অনেক বোলছবি জগতৰ সৰু–বৰ লোকৰ সৈতে পৰিচয় হোৱাৰ সুযোগ পাইছিলোঁ৷ এনেদৰে হিমন্তৰ সৈতেও চিনাকি হৈছিল৷ তেওঁৰ কাম–কাজ, কথাবোৰে বৰকৈ আকর্ষণ কৰিছিল৷ তেওঁৰ মাজত আগলৈ যোৱাৰ এটি হেঁপাহ শিক্ষা জীৱনৰ পৰাই প্রত্যক্ষ কৰিছিলোঁ৷ সেইটোকে মূলধন হিচাপে লৈ তেওঁ জীৱনৰ বাট বুলিছিল ৷

গুৱাহাটী এৰাৰ পিছত আমাৰ যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন হৈ গৈছিল৷ জীৱন–জীৱিকাৰ তাডনাত মই ঘৰলৈ উভতি আহিলোঁ৷ গুৱাহাটীত লগ পোৱা হিমন্ত পৰৱর্তী কালত ৰাজনীতিৰ প্রতি আকৃষ্ট হৈ সক্রিয়ভাৱে ৰাজনীতিত নামি দোপতদোপে ৰাজনীতিত এখন বিশেষ আসন দখল কৰি ল’বলৈ সমর্থ হ’ল৷ হিতেশ্বৰ শইকীয়াৰ ৰাজত্বকালতে তেওঁৰ ৰাজনৈতিক অভিষেক আৰম্ভ হৈছিল৷ কটনত সাধাৰণ সম্পাদক হৈ থকাৰ দিনৰে পৰা ৰাজনীতিৰ অ আ–ক খ আহৰণ কৰি ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ এজন সক্রিয় কর্মী হৈ পৰিল৷ ইয়াৰ পিছত তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ তৰুণ গগৈ মন্ত্রীসভাৰ এগৰাকী সফল মন্ত্রী হৈ কংগ্রেছ দলৰ প্রতি মোহভংগ হৈ ভাৰতীয় জনতা দলত যোগদান কৰি দলটোৰ এগৰাকী সফল মন্ত্রী হৈ ৰাজ্যখনক সুপৰিকল্পিতভাৱে পৰিচালনা কৰি অবাক কৰি তুলিছে ইয়াৰ জনসাধাৰণক ৷ সৌ সিদিনালৈকে হিমন্তৰ প্রতি আমাৰ ভাল ভাব নাছিল, বহিঃদেশৰ বাঙালী হিন্দু শৰণার্থীসকলক নাগৰিকত্ব প্রদানৰ বাবে ৰচনা কৰা আইনখনৰ সপক্ষে যুক্তি দাঙি ধৰি নিজৰ ভাই–বন্ধুসকলৰ প্রতি কৰা আচৰণে আমাক ক্ষুণ্ণ কৰিছিল৷ কিন্তু বর্তমান সমগ্র বিশ্বতে গা কৰি উঠা ক’ৰোনা মহামাৰীৰ বিপক্ষে যুদ্ধখনত এগৰাকী যোদ্ধা হিচাপে অৱতীর্ণ হৈ যি কাম–কাজ কৰি দেখুৱাইছে, তাক আমি একমুখে প্রশংসা কৰিবলৈ বাধ্য হৈছোঁ৷ আমি আচৰিত হৈছোঁ তেওঁৰ সাহস আৰু সামর্থ্য দেখি৷ দিন–ৰাতি একাকাৰ কৰি ক’ৰোনা ৰোগীৰ আশে–পাশে জীৱনকো তুচ্ছ কৰি সহায়–সহযোগিতা প্রদান কৰি মানৱীয়তাৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে৷ এতিয়া দেখা গৈছে সাহসৰ আন এটি নাম হিমন্ত বিশ্ব শর্মা বুলি ক’লে বঢ়াই কোৱা নহ’ব৷ মাজে–সময়ে আচৰিত হওঁ তেওঁৰ কর্ম–আঁচনিবোৰ দেখি৷ সমগ্র অসমৰ সকলোবোৰ ঠাইলৈ গৈ অঞ্চলবোৰৰ চিকিৎসা কেন্দ্রবোৰ ঠিকমতে আছে নে নাই চোৱাচিতা কৰা, তদুপৰি নতুন নতুন চিকিৎসা কেন্দ্র স্থাপন কৰি ৰোগীক শুশ্রূষা কৰা আদি কামবোৰে ব্যক্তিগৰাকীৰ মানৱতাবোধকে সূচাইছে৷ প্রতি মুহূর্ততে সজাগ–সচেষ্ট হৈ ক’ৰোনা যুদ্ধযজ্ঞত নিজকে উছর্গিত কৰি মহানুভৱতাৰ উদাহৰণ দাঙি ধৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আন্দোলনৰ সময়ত তেওঁৰ আচৰণৰ বিপৰীত ছবিখনে সকলো লোককে আকর্ষণ কৰিছে৷ দল–মত নির্বিশেষে সকলোৱে তেওঁৰ কার্যকলাপত সন্তুষ্ট হৈছে৷ এনে এজন সুদক্ষ ব্যক্তি অসমবাসীয়ে পালে বাবে ক’ৰোনাৰ দৰে মহামাৰীয়ে অসমত এতিয়ালৈকে তীব্রৰূপ ধাৰণ কৰিব পৰা নাই৷ ইয়াৰ জনসাধাৰণে ধৈর্যসহকাৰে হিমন্ত বিশ্ব শর্মাক আৰু তেওঁৰ নেতৃত্বত চলা যুদ্ধখনক অকুণ্ঠ সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিব পাৰোঁ৷ এই সুযোগতে যিসকল ডাক্তৰ, নার্ছ, চাফাই কর্মী ক’ৰোনা প্রতিৰোধী যুদ্ধখনত সৈনিকৰ দৰে অহৰহ জঁপিয়াই পৰিছে, সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

আমি আশা কৰিম এনে বিপদৰ বেলিকা সর্বসাধাৰণৰ বাবে কাম কৰিবলৈ ভগৱানে হিমন্ত বিশ্ব শর্মাক আৰু তেওঁৰ সহকর্মীসকলক শক্তি প্রদান কৰক৷ আমি ভাবোঁ হিমন্ত অবিহনে এনে জটিল সমস্যাৰ পৰা উদ্ধাৰৰ কোনো পথেই নাথাকিব৷ এনে জটিল সময়তো এচাম তথাকথিত ৰাজনীতিকে নির্লজ্জভাৱে নিজকে উদঙাই দেখুৱাইছে৷ আমি আশা কৰিম সেইসকল ৰাজনৈতিক ব্যক্তিয়ে হিমন্তৰ পথ অনুসৰণ কৰি দেশৰ মানুহক ক’ৰোনাৰ পৰা মুক্ত কৰাৰ পণ লওক৷ এতিয়া ৰাজনীতিৰ সময় নহয়, মানৱ জাতিক বচোৱাৰহে সময়৷ এইখিনিতে হিমন্ত বিশ্ব শর্মাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ ৷

পৰিশেষত হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ সতীর্থ ডাক্তৰ, নার্ছ, চাফাই কর্মীসকলক উদ্দেশ্যি জয়ন্ত হাজৰিকাই গোৱা এটি গীতেৰে ক’ব খুজিছো –
আনৰ কাৰণে/ জীৱন শলিতা/ কিমান জ্বলাবা আৰু/ আৰু কিমান বাকী আছে?/ আনৰ কাৰণে/ কলিজাৰ তেজ/ কিমান ঢ়ালিবা আৰু/ আৰু কিমান বাকী আছে?/ নিজৰ কাৰণে ভাবিবলৈ আহৰি/নাই নাই তোমাৰ/সোঁৱৰালোঁ শতবাৰ…

স্বাস্থ্য বিভাগৰ সমস্ত লোকসকলে তেওঁৰ নেতৃত্বত যি মনোবল আহৰণ কৰিলে, সি ইতিহাসৰ পাতত স্বর্ণিল আখৰেৰে জিলিকি থাকিব চিৰদিন–চিৰকাল ৷ এনে হোৱাটো আমি মনে–প্রাণে আশা কৰিম৷ তেওঁৰ কর্মযজ্ঞৰ সফল সামৰণি হওক, ক’ৰোনা অসম তথা বিশ্বৰ পৰা চিৰদিনৰ বাবে নির্মূল হওক– তাকে একান্তমনে আশা কৰিলোঁ ৷

You might also like