ইউডিএফৰে মিত্রতা কংগ্রেছৰ মহাভুল আছিল
সম্প্রতি সমগ্র দেশৰ লগতে অসমতো কংগ্রেছ দলৰ অৱস্থা অতি বেয়া৷ ২০১৪ চনৰে পৰাই প্রতিটো নির্বাচনতে অসমত কংগ্রেছ দল বিধ্বস্ত হৈ আহিছে৷ দলৰ এই জটিল সন্ধিক্ষণত আপোনাক প্রদেশ যুৱ কংগ্রেছৰ সভানেত্রীৰ দায়িত্ব হাইকমাণ্ডে অর্পণ কৰিছে৷ দলক শক্তিশালী কৰাৰ ক্ষেত্রত প্রদেশ যুৱ কংগ্রেছৰ সভানেত্রী হিচাপে আপোনাৰ পৰিকল্পনা কেনেধৰণৰ?
ঃ ৰাজনীতিত ভাল দিন–বেয়া দিন থাকেই৷ ২০১৪ চনৰে পৰা অসমত কংগ্রেছ দল কঠিন সময়ৰ সন্মুখীন হোৱাটো সঁচা৷ কিন্তু আন্ধাৰৰ পিছত প্রভাত হোৱাৰ দৰে কংগ্রেছৰো বেয়া দিনৰ পৰা ভাল দিন আহিব বুলি আমি বিশ্বাসী৷ এই প্রত্যাহ্বানৰ সময়ত আমি যুৱচামক একত্রিত কৰি আগবাঢ়িম৷ ভৱিষ্যতৰ দিনত যুৱচামক কংগ্রেছত যোগদান কৰোৱাম৷ অৱশ্যে তাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব৷ তদুপৰি কংগ্রেছৰ একেৰাহে তিনিটা কার্যকালৰ ক্ষেত্রত দেখা যায় যে সেই সময়ছোৱাত ৰাজ্যখনত বহু কাম হৈছে৷ কিন্তু শেষৰফালে দলৰ নেতাৰ মাজত যথেষ্ট বিশৃংখলা আহি পৰে৷ ৰাইজে সেইবোৰ বেয়া পাইছে আৰু তাৰ বাবে ২০১৬ চনত অসমত কংগ্রেছক ক্ষমতাৰ পৰা আঁতৰাই দিয়ে৷ কিন্তু এতিয়া যুৱচামে অনুভৱ কৰিছে– আমি এটা ভাল দিশে গৈ থকা নাই৷ প্রদেশ যুৱ কংগ্রেছৰ সভানেত্রী হিচাপে আমি এতিয়া ৰাজ্যখনৰ চুকে–কোণে, জিলাই জিলাই, সমষ্টিয়ে সমষ্টিয়ে গৈ যুৱচামক কংগ্রেছত যোগদানৰ বাবে আহ্বান জনাম৷ যুৱ শক্তিক ঐক্যবদ্ধ কৰি কংগ্রেছৰ ভেটি সুদৃঢ় কৰাত অগ্রসৰ হ’ম৷
যোৱা নির্বাচনসমূহৰ ফলাফলত দেখা গৈছে যে যুৱপ্রজন্মৰ ভোটাৰসকল মূলতঃ বিজেপিৰ প্রতি সাংঘাতিক ধৰণে আকর্ষিত হৈছে৷ ইয়াৰ কাৰণ কি বুলি ভাবে?
ঃ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ চৰকাৰ দীঘলীয়া কার্যকালৰ বাবে শাসনত আছিল৷ উঠি অহা যুৱচামে একেধৰণৰ নেতাকেই বাৰে বাৰে দেখি স্বাভাৱিকতে পৰিৱর্তন বিচাৰি আৰু বিজেপিৰ ছলাহী কথাত ভোল গৈ বিজেপিৰ পক্ষত অৱস্থান লয়৷ কিন্তু কংগ্রেছৰ শাসনকাল আৰু বিজেপিৰ শাসনকাল আজি যুৱচামে গম পাইছে৷ কংগ্রেছৰ দিনত পেট্র’লৰ দাম প্রতিলিটাৰত ১০৮ টকা হোৱা নাছিল, বিমানবন্দৰ ব্যক্তিগত খণ্ডক দিয়া হোৱা নাছিল, চিলিণ্ডাৰৰ দাম ১০০০ টকাৰ অধিক হোৱা নাছিল৷ কংগ্রেছৰ কোনো প্রধানমন্ত্রীয়ে উচ্চ শিক্ষিত যুৱক–যুৱতীৰ যদি কাম নাই, তেতিয়াহ’লে পকৰি বনাবলৈ কোৱা নাছিল৷ যুৱচামে এতিয়া এই পার্থক্যবোৰ ভালদৰে বুজি আছে৷
অসমত বিশেষকৈ যোৱা বিধানসভা নির্বাচনত কংগ্রেছৰ বিপর্যয়ৰ বাবে বিভিন্নজনে ৰাজ্যৰ কংগ্রেছ নেতৃত্বৰ ৰাজনৈতিক বিচক্ষণতা–দূৰদর্শ্ অভাৱ, সময়োচিত ৰণকৌশল নিৰূপণত ব্যর্থতা, টিকট প্রদানত হোৱা ব্যাপক দুর্নীতি, এআইইউডিএফৰে মিত্রতা আদিকে জগৰীয়া কৰি আহিছে৷ এই সংক্রান্তত আপুনি কি কয়?
ঃ নির্বাচনী ফলাফলৰ ক্ষেত্রত কেইবাটাও কাৰণ আছে৷ আমি ভাবোঁ– আমাৰ পলিচী বা সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত ক’ৰবাত কিবা আসোঁৱাহ হৈছিল৷ যেতিয়া মিত্রতাৰ কথা আহিছিল, আমি এআইইউডিএফৰে মিত্রতা হ’ব নালাগে বুলি কৈছিলোঁ৷ তৃণমূলৰ পৰাও এআইইউডিএফৰে মিত্রতা বিচৰা নাছিল৷ যুৱচামেও আমাক কৈছিল– এআইইউডিএফৰে মিত্রতা হ’ব নালাগে৷ কিন্তু পলিচী আৰু সিদ্ধান্ত শীর্ষ নেতৃত্বই লৈছিল৷ আমাৰ যুক্তি তেওঁলোকে নাভাবিলে৷ যাৰ ফলত উজনি অসমত বহু সমষ্টিত এইবাৰ কংগ্রেছ পৰাজয়ৰ সন্মুখীন হয়৷ তাৰ মূল কাৰণেই হৈছে এআইইউডিএফ৷ তদুপৰি এআইইউডিএফ আগতেও বিজেপিৰ লগত বুজাবুজিত আছিল আৰু এতিয়াও আছে৷ নির্বাচনৰ সময়ত এআইইউডিএফৰ কেতবোৰ মন্তব্যয়ো কংগ্রেছক সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত কৰে৷ চৰকাৰ গঠনৰ পিছতেই এআইইউডিএফৰ নেতাসকলৰ বক্তব্যই সেই ছবিখন পৰিস্ফুট কৰি তুলিছে৷ এআইইউডিএফৰ নেতাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী বুলি অভিহিত কৰাৰ লগতে এই চৰকাৰৰ দিনত আগৰ ব্যৱসায় ভাল হৈছে বুলিও মন্তব্য কৰিছে৷ তাৰ পৰাই এআইইউডিএফৰ প্রকৃত চৰিত্র ওলাই পৰিছে৷ সেয়ে পুনৰ কওঁ– এআইইউডিএফৰে মিত্রতা কংগ্রেছৰ মহা ভুল আছিল৷ ভৱিষ্যতৰ দিনত কংগ্রেছে কেতিয়াও সাম্প্রদায়িক দল এআইইউডিএফৰ লগত মিত্রতা নকৰে৷
এআইইউডিএফৰে মিত্রতা ছেদে কংগ্রেছক উপকৃত কৰিব বুলি ভাবেনে?
ঃ হয়, উপকৃত কৰিব বুলি ভাবোঁ৷ যোৱা বিধানসভা নির্বাচনত এআইইউডিএফৰে আমি কৰা মিত্রতাক লৈ এতিয়াও ভুক্তভোগী হৈ আছোঁ৷ নামনি অসমত এআইইউডিএফ শূন্য বুলিব পাৰি৷ যোৱা পঞ্চায়ত নির্বাচনৰ সময়ত নামনি অসমত এআইইউডিএফৰ ৱার্ড মেম্বাৰ দিবলৈ মানুহ নোহোৱা হৈছিল৷ সেয়ে এআইইউডিএফৰে মিত্রতা ছেদে কংগ্রেছৰ কোনো ক্ষতি নকৰে বুলি বিশ্বাস কৰোঁ৷ অৱশ্যে নামনি অসমত বিজেপিৰ সমান্তৰালভাৱে এআইইউডিএফৰ বিৰুদ্ধেও কংগ্রেছে সমানে যুঁজ কৰিব লাগিব৷
সদ্যসমাপ্ত পাঁচ বিধানসভাৰ উপ–নির্বাচনত কংগ্রেছ দল শোচনীয়ভাৱে বিপর্যয়ৰ সন্মুখীন হোৱাৰ কাৰণ কি বুলি ভাবে?
ঃ যিসকল নেতাই দল সলনি কৰি বিজেপিলৈ গ’ল, সেই সমষ্টিসমূহত বহু বছৰ ধৰি সেইসকলে কংগ্রেছৰ গুৰি ধৰি আছিল৷ সমষ্টিত তৃণমূল কর্মী যথেষ্ট আছে যদিও তেওঁলোক মণ্ডল বা প্রাথমিকতে সীমাবদ্ধ৷ ফলত সমষ্টিটোৰ বাবে নতুনকৈ নেতা গঢ়িবলগীয়া হ’ল৷ অথচ হাততো কম সময় আছিল৷ তদুপৰি উপ–নির্বাচনত শাসকীয় দলৰ প্রার্থীয়ে জয়ী হয়৷ এতিয়া সংশ্লিষ্ট সমষ্টিসমূহত আমি নতুন নেতাৰ সৃষ্টি কৰিব লাগিব৷ তৃণমূল পর্যায়ৰ পৰা নতুন নেতা উলিয়াব লাগিব৷
কংগ্রেছৰ একাংশই ৰাইজৰ দল আৰু অজাপৰে মিত্রতাৰ প্রাসংগিকতাৰ বিষয়ে বিভিন্ন সময়ত উল্লেখ কৰি আহিছে৷ আপোনাৰ দৃষ্টিত এয়া কিমান প্রাসংগিক?
ঃ ৰাইজৰ দল আৰু অজাপৰ জন্ম হৈছে ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত৷ গণতন্ত্রত যিমানেই ৰাজনৈতিক দলৰ জন্ম হয়, সিমানেই ভাল৷ কিন্তু যোৱা সময়ছোৱাত দেখিছোঁ– দুয়োটা দলৰে স্থিতি সঘনে সলনি হৈ থাকে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কথা আৰু কামৰ মিল নাই৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত যেতিয়া মিত্রতাৰ কথা আহিছিল, তেতিয়া ৰাইজৰ দল আৰু অজাপই কংগ্রেছৰ সৈতে বৈঠকত মিলিত হৈ মত বিনিময়ৰ জৰিয়তে সহমতত উপনীত হৈ নির্বাচন খেলিলে আজি সমগ্র পৰিৱেশেই সলনি হৈ গ’লহেঁতেন৷ কিন্তু সেয়া নহ’ল৷ অজাপই যোৱা নির্বাচনত এখনো আসন নাপালে৷ অজাপ, ৰাইজৰ দল, কংগ্রেছে মিলি জাতি আৰু দেশৰ বাবে চিন্তা কৰিব লাগে৷ খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে আৰএছএছ–নাগপুৰীয়া চলাই অহা ষড়যন্ত্র প্রতিহত কৰাৰ বাবেই ৰাইজৰ দল–জাপ–কংগ্রেছ একত্রিত হ’ব লাগে৷
আপোনাৰ গৃহ জিলা শিৱসাগৰত ৰাইজৰ দলৰ উত্থান ঘটিছে৷ যোৱা বিধানসভা নির্বাচনত শিৱসাগৰ সদৰ সমষ্টি দলটোৱে দখল কৰাৰ বিপৰীতে উপ–নির্বাচনত থাওৰাত দলটোৱে দ্বিতীয় স্থান পালে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ যোৱা বিধানসভা নির্বাচনত শিৱসাগৰত ৰাইজৰ দলৰ প্রার্থী আৱেগিক ভোটত জয়ী হৈছে৷ সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে অহা পাঁচ বছৰত সমষ্টিত কেনেকৈ কাম কৰিব, তাৰ ওপৰত সমষ্টিটোত ৰাইজৰ দলৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ থাওৰা, মৰিয়নিৰ ক্ষেত্রত আমাৰ দলৰ গুৰিব’ঠা ধৰি থকা নেতাই দল এৰি গুচি যোৱা বাবে আমি অতি কম সময়ৰ ভিতৰতে নতুন নেতাৰ সন্ধান কৰিবলগীয়া হয়৷ তাৰ বাবেই থাওৰাত আমাৰ ফলাফল বেয়া হয়৷ আমি ইতিমধ্যে কৈছোঁৱেই– অনাগত দিনত সেই সমষ্টিত আমি নতুন নেতাৰ সৃষ্টি কৰিব লাগিব৷ তৃণমূল পর্যায়ৰ পৰা নতুন নেতা উলিয়াব লাগিব৷
যোৱা বিধানসভা নির্বাচনতো ভোটগণনাৰ পূর্বেই বিজেপিৰ হর্ছ ট্রেডিঙৰ শংকাত কংগ্রেছে দলীয় প্রার্থীসকলক সোণাপুৰৰ ৰিজ’টত আবদ্ধ কৰি ৰাখিছিল৷ তাৰ পিছতো দুজনকৈ নির্বাচিত বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰি পুনৰ বিধায়ক নির্বাচিত হৈ আহিল৷ আৰু কিছুসংখ্যক কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে৷ এই বিষয়ত আপুনি কি কয়?
ঃ তেওঁলোকে স্বেচ্ছাই যোগদান কৰিছে নে বাধ্য কৰাইছে, সেইটোহে ডাঙৰ কথা৷ বর্তমানৰ চৰকাৰখনে কামতকৈ উপ–নির্বাচনত বেছি গুৰুত্ব দিয়া যেন লাগিছে৷ আনকি স্বয়ং মুখ্যমন্ত্রীয়ে শাসক দলৰ বিধায়কেহে সমষ্টিত কাম কৰিব পাৰিব বুলি কৈছে৷ ইয়াৰ বাবেও কংগ্রেছী বিধায়ক বিজেপিলৈ যাব পাৰে৷ তদুপৰি কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰা বাবে ব্যক্তিগত স্বার্থতো কোনোবাই দল এৰি যাব পাৰে৷ কিন্তু যিসকল দলৰ নীতি–আদর্শত সুদৃঢ়, তেওঁলোকে দল এৰি নাযায়৷
আপোনাৰ প্রয়াত পিতৃ অঞ্জন দত্তই আমগুৰি বিধানসভা সমষ্টিত তিনিটাকৈ কার্যকাল প্রতিনিধিত্ব কৰে যদিও তেওঁৰ আচলতে শিৱসাগৰ সমষ্টিৰ পৰাহে নির্বাচন খেলাৰ হেঁপাহ আছিল৷ পিতৃৰ সেই আধৰুৱা সপোন ৰূপায়ণৰ বাবে অহা নির্বাচনত আপুনি শিৱসাগৰ সমষ্টিৰ পৰা দলীয় টিকট বিচৰাৰ চিন্তাচর্চা কৰিছে নেকি?
ঃ দেউতাৰ জন্ম শিৱসাগৰত৷ নিজৰ ৰাজনৈতিক জীৱনো শিৱসাগৰৰ পৰাই আৰম্ভ কৰিছিল৷ সেইসূত্রে তেওঁ শিৱসাগৰৰ পৰা দলীয় টিকট বিচাৰিছিল৷ কিন্তু দলে তেওঁক আমগুৰিৰ পৰা প্রার্থিত্ব দিলে৷ আমি আমগুৰিতেই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছোঁ৷ আমগুৰিৰ যিমান ৰাস্তা–পদূলি চিনি পাওঁ, শিৱসাগৰৰ সিমান ৰাস্তা–পদূলি চিনি নাপাওঁ৷ দেউতা ঢুকোৱাৰ পিছত আমগুৰিৰ ৰাইজে মোক আঁকোৱালি ল’লে, আমগুৰিৰ ৰাইজে শিকালে৷ সেয়ে আমি আমগুৰি এৰাৰ প্রশ্ণই নুঠে৷
অসমত কংগ্রেছ দল দুর্বল হোৱাৰ বাবে বিভিন্নজনে বহু সময়ত কংগ্রেছ দলৰ নেতৃত্বই ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে দক্ষ–বিচক্ষণ–গতি নেতা এজনক দলে ধৰি ৰাখিব নোৱাৰাটোকেই জগৰীয়া কৰি আহিছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ ৰাজনৈতিক জীৱন কংগ্রেছৰ পৰাই আৰম্ভ কৰিছিল৷ বিজেপিত যোগদান কৰাটো তেওঁৰ ব্যক্তিগত বিষয়৷ কংগ্রেছৰ পৰা তৃণমূল কর্মী এজন গ’লেও দলটোৰ বাবে বেয়া, ডাঙৰ নেতা এজন গ’লেও বেয়া৷ কিন্তু কংগ্রেছে আগতেও নেতা সৃষ্টি কৰিছে আৰু ভৱিষ্যতেও সৃষ্টি কৰি যাব৷
যোৱা বিধানসভা নির্বাচনৰ সময়ত আপুনি আমগুৰি সমষ্টিৰ দলীয় প্রার্থী আছিল৷ কিন্তু প্রদেশ কংগ্রেছৰ নেতৃত্বৰ পৰা নির্বাচনী প্রচাৰৰ ক্ষেত্রত আপুনি বিচৰা ধৰণে সহায় লাভ কৰা নাছিল বুলি জানিব পৰা গৈছে৷ এয়া সত্যনে?
ঃ নির্বাচনী ৰাজনীতিৰ ক্ষেত্রত মোৰ অভিজ্ঞতা কম৷ ২০১৬ চনত প্রথমবাৰ আমগুৰিৰ পৰা যেতিয়া নির্বাচনত অৱতীর্ণ হৈছিলোঁ, তেতিয়া দেউতাৰ ছত্রছায়াত নির্বাচন খেলিছিলোঁ৷ এইবাৰ আমগুৰিৰ নেতা–কর্মীয়ে মোক নির্বাচন খেলালে৷ এইবাৰ নির্বাচনৰ সময়ত প্রদেশ কংগ্রেছৰ শীর্ষ নেতৃত্বক আমাৰ সমষ্টিত নির্বাচনী প্রচাৰত সহায়ৰ বাবে কাকূতি–মিনতি কৰিছিলোঁ৷ কংগ্রেছ নেতা ৰাহুল গান্ধী, প্রিয়ংকা গান্ধীয়ে মৰিয়নি, নাজিৰা সমষ্টিলৈ প্রচাৰ চলাবলৈ আহে৷ সেই নির্বাচনী প্রচাৰ সমষ্টি দুটাৰ সীমান্তত চলালে আমগুৰিও উপকৃত হ’লহেঁতেন৷ কিন্তু দলে সেয়া নকৰিলে৷ ২০১৬ চনৰ নির্বাচনৰ পিছত যিজন ৰূপজ্যোতি কুর্মীয়ে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত ৰাহুল গান্ধী হটাও ধ্বনি দিছিল, সেইজন ৰাহুল গান্ধীয়ে এইবাৰ কাৰ কথাত ৰূপজ্যোতি কুর্মীৰ সমষ্টিত নির্বাচনী প্রচাৰ চলাবলৈ আহিল