কুমাৰে জীৱনৰ বিষয়ে আমাক কি শিক্ষা দিব পাৰে
কেইদিনমান আগতে এখন কিতাপত পঢ়া শিক্ষাপ্রদ কাহিনীৰ ভাগ আপোনালোককো দিব খুজিছোঁ৷
মাটিৰ পাত্র গঢ়া খনিকৰক কুমাৰ বুলি কোৱা হয়৷ এই শিল্পটো অতি প্রাচীন৷ খ্রীষ্টপূর্ব চাৰি হাজাৰ বছৰৰ আগতেই প্রাচীন মিছৰৰ কুমাৰসকলে অতি সুন্দৰ মাটিৰ পাত্র গঢ়িছিল৷ মই ‘টাইম’ মেগাজিনত পঢ়া এটা তথ্য অনুযায়ী চীন দেশত মাটিৰ তলত এনে কিছুমান মাটিৰ পাত্র পোৱা গৈছে– যিবোৰক সুৰা তৈয়াৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে৷ এই মাটিৰ পাত্রবোৰ আঠ হাজাৰ বছৰ পুৰণি৷ গ্রীচত খ্রীষ্টপূর্ব আঠশ বছৰ পুৰণি মাটিৰ পাত্র আৱিষ্কাৰ কৰা হৈছে৷ একে আষাৰে ক’বলৈ গ’লে মানৱ–সভ্যতাৰ ঊষা–লগ্ণতেই মাটিৰ কাৰুকার্য আৰম্ভ হৈছিল আৰু সেইবোৰৰ ধ্বংসাৱশেষে সভ্যতাৰ বিৱর্তনৰ স্বাক্ষৰ বহন কৰিছে৷
এতিয়া মই ক’ব খোজা কাহিনীটোৰ কথালৈ আহোঁ৷
ঘটনাটো ঘটিছিল দক্ষিণ আফ্রিকাৰ এখন চহৰত৷ কুমাৰে মাটিৰ পাত্র গঢ়াৰ গোটেই প্রক্রিয়াটো কেমেৰাত ধৰি ৰাখিবৰ কাৰণে এদিন এজন ফটো সাংবাদিক এগৰাকী কুমাৰণী অর্থাৎ মহিলা কুমাৰৰ ঘৰলৈ গ’ল৷ কুমাৰণীৰ বয়স প্রায় সত্তৰ বছৰ৷ ফটোগ্রাফাৰজনৰ অনুৰোধত তেওঁ মাটিৰ পাত্র গঢ়াৰ কামটো আৰম্ভ কৰিলে আৰু লগে লগে প্রক্রিয়াটোৰ ব্যাখ্যাও কৰি যাবলৈ ধৰিলে৷
আৰম্ভণিতেই তেওঁ ক’লে যে মাটিৰ পাত্রবোৰ ভাল হ’বলৈ হ’লে মাটিখিনিও ভাল হ’ব লাগিব আৰু তাক ভালকৈ মাৰিবও জানিব লাগিব৷ ‘কিন্তু মাটি যিমানেই ভাল নহওক কিয় আৰু মাটি যিমানেই ভালকৈ মৰা নহওক কিয়, শেষ পর্যন্ত পাত্রটোৱে কি ৰূপ ল’ব তাক আগতীয়াকৈ কোৱা টান৷ মানুহৰ জীৱনৰ বিষয়েও ঠিক একেটা কথা ক’ব পাৰি৷ মানুহে সিদ্ধান্ত ল’ব পাৰে, কিন্তু সেই সিদ্ধান্তৰ চূড়ান্ত পৰিণতি কি হ’ব সেই কথা কোনেও আগতীয়াকৈ নিশ্চিতভাৱে ক’ব নোৱাৰে৷’
কুমাৰশালৰ চকৰিটো ঘূৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কুমাৰণীগৰাকীয়ে এনে এটা বিশেষ ভংগীত বহিল– যাতে তেওঁৰ দুয়োখন হাতে একে সময়তে ক্রমান্বয়ে পাত্রৰ গঢ় লৈ উঠা মাটিখিনিত সমানে কাম কৰিব পাৰে৷ তেওঁৰ এখন হাত থাকিব মাটিৰ লদাটোৰ ভিতৰত, আনখন হাত থাকিব বাহিৰত৷ অর্থাৎ হাত দুখনে মাটিৰ লদাটোত একে সময়তে দুটা বিপৰীত দিশৰ পৰা হেঁচা দিব৷
এই কামটোৰ তাৎপর্য ব্যাখ্যা কৰি কুমাৰণীগৰাকীয়ে ক’লে– ‘মোৰ হাত দুখনে কি কৰিছে সেই কথাটোৰ ওপৰত মই প্রতিটো মুহূর্ততে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব৷ ক্রমান্বয়ে পাত্রৰ ৰূপ লোৱা মাটিৰ লদাটোত মই যদি বাহিৰৰ পৰা বেছি হেঁচা দিওঁ, তেন্তে পাত্রটো ভাগি থাকিব৷ যদি মই ভিতৰৰ পৰা বেছি হেঁচা দিওঁ, তেন্তে পাত্রটো প্রয়োজনতকৈ বেছি বহল হৈ যাব৷’
কুমাৰণীৰ কথা শুনি ফটোগ্রাফাৰজনে ক’লে– ‘ইমানদিনে মই ভাবি আছিলোঁ যে মাটিৰ লদাটোক পাত্রৰ ৰূপ দিয়া হয় কেৱল ভিতৰৰ পৰা হেঁচা দি৷ মানুহৰ জীৱনটোৰ বিষয়েও একেটা কথাকে ক’ব পাৰি৷ আমাৰ জীৱনটোক এটা বিশেষ ৰূপ দিয়ে আমাৰ অন্তৰত থকা মূল্যবোধবোৰে৷’
ফটোগ্রাফাৰজনক কথা শেষ কৰিবলৈ নিদি কুমাৰণীগৰাকীয়ে মাত লগালে– ‘আপুনি সম্পূর্ণ ভুল কথা কৈছে৷ মই যেনেকৈ মাটিৰ লদাটোত ভিতৰ আৰু বাহিৰ দুয়োফালৰ পৰাই হেঁচা দিছোঁ, ঠিক তেনেকৈ আমাৰ জীৱনটোকো বিভিন্ন প্রকাৰৰ ৰূপ দিয়ে ভিতৰ আৰু বাহিৰ দুয়োফালৰ পৰা অহা হেঁচাই৷ বাহিৰৰ পৰা অহা হেঁচাবোৰ হ’ল আমাৰ পৰিয়াল, বন্ধুবর্গ, সমাজ, দেশ ইত্যাদি৷
এনেকৈ কথা পাতি থাকোঁতেই এটা পাত্রৰ নির্মাণকার্য শেষ হ’ল৷ আগ্রহী শ্রোতা পাই কুমাৰণীগৰাকীৰ আৰু কেইটামান কথা ক’বলৈ মন গ’ল৷ তেওঁ দার্শনিকৰ ভংগীৰে ক’লে– ‘মোৰ দুখন হাতে এই মাটিৰ পাত্রটো সাজি উলিয়ালে৷ পাত্রটো সৃষ্টি হ’ল দুটা দিশৰ পৰা অহা দুটা হেঁচাৰ ফলত৷ হেঁচা দুটা একে সময়তে আহিছিল ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা৷ মোৰ জীৱনটোও ঠিক তেনেকৈয়ে গঢ় লৈ উঠিছে৷ বিষাদ, মৃত্যু, দুর্ভাগ্য, প্রেম, বন্ধুত্ব… এইবোৰৰ কোনো এটাকে মই নিজে বাছি লোৱা নাছিলোঁ৷ এইবোৰ মোৰ জীৱনত নিজে নিজে ঘটিছিল৷ কিন্তু এনে আন কিছুমান কথা আছে… যেনে, ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস, কিছুমান বন্ধুৰ মৰম… এইবোৰ বস্তু আছিল মোৰ অন্তৰত, মোৰ নিজৰ মাজত৷ এই মাটিৰ পাত্রটোৰ নিচিনাকৈ মোৰ জীৱনটোও গঢ় লৈ উঠিছে মোৰ অন্তৰত ঘটা আৰু মোৰ জীৱনৰ বাহিৰত ঘটা দুয়োবিধ ঘটনাৰ হেঁচা–ঠেলাৰ ফলত৷ জীৱনটো গঢ় লৈ উঠে সংঘর্ষৰ ফলত৷ জীৱনটো এটা নির্দিষ্ট ৰূপত গঢ় লৈ উঠে– যেতিয়া আমি কিছুমান প্রশ্ণৰ উত্তৰ নিবিচৰা হওঁ, আৰু যেতিয়া আমাৰ জীৱনৰ লগত আমাক মুখামুখি কৰি দিব পৰাকৈ আমি কিছুমান প্রশ্ণ সুধিবলৈ শিকোঁ৷’