ইতিমধ্যে সকলোৱে ধাৰণা কৰাৰ দৰেই পূর্বৰ চৰকাৰেই ৰাজ্যত বাহাল থাকিল৷ চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰিয়ে নিবার্চনী প্রতিশ্রুতি অনুসৰি কামত অগ্রসৰ হৈছে৷ অৱশ্যে চৰকাৰে অসমৰ দৰে পিছপৰা ৰাজ্য এখনৰ িবভিন্ন কোণত থকা সমস্যাবিলাক প্রথমে অনুধাৱন কৰিব লাগ্বি আৰু ইত্বিাচক চিন্তাৰে পর্যায়ক্রমে সমাধান কৰিবলৈ প্রচেষ্টা চলাব লাগিব৷ নৱনির্বাচিত চৰকাৰখনে আগন্তুক পাঁচবছৰীয়া কার্যকালত ৰাজ্যৰ কিছুমান জ্বলন্ত সমস্যা সমাধান কৰিবলৈ কেনেদৰে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব পাৰে তালৈ জনগণে আশাৰে বাট চাব৷ সাধাৰণতে চৰকাৰে কম–বেছি পৰিমাণে ৰাজ্যৰ উন্নয়নৰ বাবে, জাতিটোৰ কল্যাণৰ বাবে কাম কৰাটো দৰকাৰ৷ জাতীয় স্বার্থ ৰক্ষা কৰিব পৰাটোৱেই হ’ল চৰকাৰৰ প্রধান কর্তব্য৷ ইয়াৰ লগতে ৰাজ্যৰ সর্বাংগীণ উন্নতি বা বিকাশৰ বাবেও প্রচেষ্টা চলাব লাগিব৷
নতুন চৰকাৰখনৰ সন্মুখত এতিয়া আটাইতকৈ ডাঙৰ প্রত্যাহ্বান হৈছে মহামাৰী নিয়ন্ত্রণ৷ বর্তমান ৰাজ্যত ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ আক্রান্তৰ সংখ্যাই নতুন নতুন অনাকাংক্ষিত অভিলেখ সৃষ্টি কৰিছে৷ ইয়াৰ সমান্তৰালকৈ ক’ভিড আক্রান্ত লোকৰ মৃত্যুও বাঢিবলৈ ধৰিছে ৰাজ্যখনত৷ চৰকাৰে প্রতিদিনে নতুন নতুন এছ অ’ পি বলৱৎ কৰিছে যদিও মৃত্যুৰ হাৰ কমা নাই৷ গতিকে চৰকাৰৰ প্রথম প্রত্যাহ্বান হ’ব, কি দৰে চিকিৎসা ব্যৱস্থাই এই মহামাৰী ৰোধ কৰিব পাৰে৷ দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি এতিয়াও সিমান উন্নত নহয়৷ এই সম্পর্কে নতুন চৰকাৰে গভীৰভাৱে চিন্তা কৰিব লাগিব৷ ভেকচিনো পর্যাপ্ত পৰিমাণত মজুত নাই৷ ৰাজ্যৰ প্রতিজন নাগৰিকে যাতে ভেকচিন পায় চৰকাৰে তাৰো গেৰাণ্টী দিব লাগিব৷ এইক্ষেত্রত বিনামূলীয়া ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়৷ যদি চৰকাৰে ভেকচিন প্রদানৰ প্রক্রিয়াটো ক্ষিপ্রতৰ কৰি তুলিব পাৰে তেতিয়া মহামাৰী বিপদৰ পৰা কিছু হাত সাৰিব পাৰিব৷ দেশৰ এই সংকটৰ সময়ত চিকিৎসা সহায়ক আৰু অত্যাৱশ্যকীয় দ্রব্যসমূহৰ দামবৃদ্ধিক দক্ষতাৰে নিয়ন্ত্রণ কৰিব লাগিব৷ মহামাৰীয়ে ৰাজ্যখনক যিদৰে গ্রাস কৰিছে তাৰ পৰিণতিত অর্থনৈতিক অৱস্থা নিশ্চিতভাৱে বেয়াৰ ফালে ঢাল ল’ব৷
ক’ভিডৰ বিৰুদ্ধে নিৰন্তৰ সংগ্রাম চলাই থকা নতুন চৰকাৰৰ সন্মুখত আছে আন এক প্রত্যাহ্বান৷ ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ নাগৰিকপঞ্জী প্রস্তুত কৰা, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰি সাংবিধানিকভাৱে সুৰক্ষিত কৰাৰ লগতে অসমক বিদেশীমুক্ত কৰি ৰখাৰ দায়িত্বও চৰকাৰৰ৷ ১৯৮৫ চনত অসম চুক্তি হ’ল৷ গণ পৰিষদে চৰকাৰ গঠন কৰিলে৷ ইয়াৰ আগে–পিছে কেইবাটাও ৰাজনৈতিক দলৰ চৰকাৰ আহিল আৰু গ’ল৷ কিন্তু বিদেশী নাগৰিকৰ সমস্যা এতিয়াও সমাধান হোৱা নাই৷ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰৰ অধীনত আৰু ইয়াৰ ওপৰতে নির্ভৰ কৰিছে অসমীয়া জাতিৰ ভৱিষ্যৎ৷ ১৯৭১ চনক ভিত্তিবর্ষ হিচাপে লৈ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রকাশ হ’ল যদিও সেইখন এন আৰ চিয়ে অসমবাসীক আশ্বস্ত কৰিব নোৱাৰে৷ কিয়নো পূর্বৰ চৰকাৰে প্রক্ষেপ কৰা এন আৰ চিয়ে অনুপ্রৱেশকাৰীৰ প্রকৃত সংজ্ঞা দিব নোৱৰাৰ বাবেই অসমীয়া জাতিয়ে ইয়াক সহজভাৱে গ্রহণ কৰিব নোৱাৰে৷ উল্লেখযোগ্য যে খচৰা এন আৰ চিত নাম বাদ পৰা লোকৰ সংখ্যা আছিল প্রায় ৪০ লাখ৷ চূডান্ত খচৰাত নাম বাদ পৰা লোকৰ সংখ্যা হ’লগৈ মাত্র ১৯ লাখ৷ অনুপ্রৱেশকাৰীয়ে অসমৰ জনগাঁথনি আৰু সমষ্টিসমূহত ভোটাৰৰ বিন্যাস সলনি কৰি খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ বিপন্ন কৰিছে৷ বর্তমান চৰকাৰে এন আৰ চিত থকা সীমান্তৱর্তী জিলাৰ ২০ শতাংশ আৰু আন আন জিলাসমূহৰ ১০ শতাংশ নাম পুনৰীক্ষণৰ দাবী কৰিছে৷ কিন্তু এই পুনৰীক্ষণেও যে অসমৰ আৰু অসমীয়াৰ অস্তিত্বক সুৰক্ষিত নকৰে সেই কথা একপ্রকাৰ নিশ্চিত৷ কাৰণ এসময়ত অসমৰ পৰা বিদেশী বহিষ্কৰণৰ বাবে জনোৱা দাবীৰ মূল ভিত্তি বছৰ আছিল ১৯৫১ চন৷ ইয়াৰ অবিহনে অসমীয়া জাতিৰ অস্তিত্ব যে বাচি নাথাকিব সেই কথা স্পষ্ট৷ উল্লেখযোগ্য যে এন আৰ চিৰ ভিত্তি বছৰ ১৯৭১ চন হৈ যোৱাৰ লগে লগে পাকিস্তান বা বাংলাদেশৰ পৰা অহা লাখ লাখ লোকৰ নাম এই তালিকাত অন্তর্ভুক্ত হৈ যাব৷ সেই ভোটাৰ তালিকাৰ ভিত্তিত ইতিমধ্যে চূডান্ত এন আৰ চি প্রকাশ হৈছেই৷ গতিকে অসমক বচাবলৈ, অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ নতুন চৰকাৰখনে সম্পূর্ণ চিন্তা কৰিব লাগিব৷ নহ’লে অসমৰ খিলঞ্জীয়া লোকৰ হাতৰ পৰা সাংবিধানিক অধিকাৰ কাঢি নিয়াৰ উপক্রম হ’ব৷ নাগৰিকত্ব আইনে বিদেশীক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সুবিধা দিয়াৰ ফলত ৰাজ্যত বিদেশীৰ ভিৰ বাঢিল৷ এতিয়া অসম বুলিবলৈ কেৱল উজনি অসমহে বাচি আছেগৈ৷ সন্দেহযুক্ত লোকে ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত কৰাৰ লগতে সেইসকল লোকৰ জন্মৰ হাৰ বৃদ্ধিৰ প্রৱণতাই অসমৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলোৱাৰ ফলত এতিয়া নামনি অসমখন অসমীয়া খিলঞ্জীয়াৰ হাতৰ পৰা হেৰাই গৈছে৷ গতিকে এই বিদেশীক বহিষ্কাৰ কৰিবলৈ হ’লে এন আৰ চিৰ ভিত্তি বছৰ ১৯৫১ চন হ’বই লাগিব৷ অৱশ্যে বিষয়টো উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠেহে চূডান্ত কৰিব৷ নৱগঠিত অসম চৰকাৰেও ন্যায়ালয়ৰ কাষত অসমবাসীৰ ছেণ্টিমেণ্ট দাঙি ধৰিব পাৰিব লাগিব৷ অসমৰ দৰে ভাৰতৰ অন্যান্য ৰাজ্যই প্রাপ্যৰ বাবে আন্দোলন কৰিব নালাগে৷ কিন্তু অসমৰ জনগণে প্রতিটো সমস্যা সমাধানৰ বাবে ৰাস্তালৈ ওলাই আহিব লাগে, ই লাগে ‘কা’ বিৰোধী বা চুবুৰীয়া ৰাজ্যৰ বেদখলেই হওক৷ চুবুৰীয়া ৰাজ্যই অসমৰ মাটি বেদখল কৰি চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠান স্থাপন কৰাৰ লগতে সীমান্তবাসীৰ ওপৰত আক্রমণ চলাই থকাৰ দৰে ঘটনা প্রায়ে হয়৷ অসমৰ মাটিত চলোৱা বেদখলক কেন্দ্র কৰি সংঘর্ষ, আক্রমণ–প্রতিআক্রম ঘটনা চলি আহিছে৷ গতিকে চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা সমস্যা সমাধান কৰাটোও চৰকাৰৰ দায়িত্ব আহি পৰিব৷ তদুপৰি ২০১৪ চনৰ পূর্বে বাংলাদেশ পাকিস্তান আদি দেশৰ পৰা ভাৰতলৈ অহা বিভিন্ন ধর্মৰ লোকক ভাৰতীয় নাগিৰকত্ব প্রদানৰ প্রচেষ্টা চলিল আৰু ২০১৯ চনত সংশোধনী বিধেয়ক প্রস্তুত কৰা হ’ল৷ তেতিয়াৰ পৰাই আৰম্ভ হল ‘কা’বিৰোধী আন্দোলন৷ নির্বাচনৰ সময়ত কিন্তু এই আন্দোলন স্থবিৰ হৈ পৰিল৷ মিত্রজোঁটে এই সুবিধা গ্রহণ কৰি চৰকাৰ গঠন কৰিলে৷ যিকেইটা আঞ্চলিক দলে এই আন্দোলনক ভিত্তি কৰি নির্বাচনৰ ৰণত নামিছিল, প্রায়বিলাকৰে পতন ঘটিল৷ গতিকে নতুন চৰকাৰখনৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে৷ কেন্দ্রীয় চৰকাৰে প্রস্তুত কৰা এই আইন সমর্থন জনাব নে অসমীয়া জাতিৰ অস্তিত্ব আৰু ভাষা–সংেস্কৃতিৰ ৰক্ষাৰ বাবে আইনখনৰ বিৰোধিতা কৰিব৷ কেন্দ্রত যিহেতু একেটা দলৰে চৰকাৰ আছে আৰু সেই চৰকাৰে প্রস্তুত কৰা আইনখন পূর্বৰ মুখ্যমন্ত্রী সোণোৱাল ডাঙৰীয়াই সমর্থন কৰি গৈছে, গতিকে এতিয়াৰ চৰকাৰে ইয়াৰ বিৰোধিতা কৰাৰ প্রশ্ণই নুঠে৷ ভৰিৰ তলৰ অলপো মাটি এৰি নিদিওঁ বুলি কোৱা চৰকাৰখনে বিদেশীয়ে দখল কৰা মাটি কেনেদৰে উদ্ধাৰ কৰিব সেইটোহে গুৰুত্বপূর্ণ কথা৷
নতুন চৰকাৰ শাসনলৈ আহিয়েই প্রত্যাশিতভাৱে কিছুমান সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ অসমৰ দৰে এখন বিভিন্ন সমস্যাৰে জর্জৰিত ৰাজ্য এখনৰ সমস্যা সমাধান কৰাটো একেবাৰে সহজ নহয়৷ উন্নয়নৰ ক্ষেত্রত ৰাজ্যখন দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত তলফালৰ পৰাহে শ্রেষ্ঠ৷ গতিকে অসমক দেশৰ প্রথম পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ হ’লে চৰকাৰৰ বহুখিনি কৰণীয় আছে৷ কেৱল ৰাজ্যৰ এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্রতিশ্রুতিৰেই সমস্যা সমাধান নহয়৷ ৰাজ্যৰ অৱশিষ্ট ১৯ লাখ নিৱনুৱাৰ বাবে কিবা এটা কৰাৰ বিষয়েও পর্যায়ক্রমে চিন্তা কৰিব লাগিব৷ কেৱল কেন্দ্রীয় চৰকাৰৰ অনুদান বা ঋণৰ যোগেদিয়ে ৰাজ্যখনৰ সকলো সমস্যা সমাধান কৰিব নোৱাৰি৷ চৰকাৰে নিজাববীয়াকৈ ৰাজকোষ টনকিয়াল কৰাৰ বাবে ৰাজহ সংগ্রহৰ প্রচেষ্টা হাত ল’ব লাগিব৷ সৰু–বৰ উদ্যোগ স্থাপনৰ যোগেদি কর্ম সংস্থাপনৰ সুবিধাৰ লগতে উপার্জনৰ বাট উলিয়াব পৰা হয়৷ ক্ষুদ্র, মজলীয়া আৰু কুটিৰ উদ্যোগৰ যোগেদি গ্রাম্য অঞ্চলৰ যুৱকসকলে থলুৱা সামগ্রী উৎপাদন কৰিব পাৰে আৰু সেই সামগ্রী বহিঃৰাজ্যলৈ পঠিওৱাৰ বাবেও উদ্যোগ ল’ব পাৰে চৰকাৰে৷ গ্রাম্য অঞ্চলৰ উন্নয়নৰ লগত ৰাজ্যখনৰ বিকাশৰ সম্পর্ক আছে৷ নির্বাচনৰ আগে আগে মিত্রজোঁটে অসমৰ ৰাইজক বহুতো প্রতিশ্রুতি দিলে৷ নির্বাচনী প্রতিশ্রুতি মতে মাইক্র’ ফাইনেঞ্চৰ ঋণ আৰু সুদৰ ধন ঘূৰাই দিয়া, নিবনুৱাক চাকৰি দিয়া, ডি ভোটাৰ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্রত চৰকাৰে আগভাগ লোৱা পৰিলক্ষিত হৈছে৷ বানপানী, গৰাখহনীয়াৰ দৰে জটিল সমস্যাবিলাক কেন্দ্রীয় চৰকাৰৰ ওচৰত ৰাষ্ট্রীয় সমস্যা হিচাপে পতিয়ন নিয়াব পাৰিব লাগিব৷ ইয়াৰ বাবে লাগিব এক বিজ্ঞানসন্মত ব্যৱস্থা৷ তদুপৰি উগ্রপন্থীক আলোচনাৰ মাজলৈ অনাৰ প্রয়াস কৰাটোও নতুন চৰকাৰে এটা সৎ প্রচেষ্টা হাতত হৈছে বুলিয়ে ক’ব লাগিব৷ অৱশ্যে ইয়াৰ বাবে পৰেশ বৰুৱাৰ বাহিনীৰ আগ্রহ, সদিচ্ছা সম্পূর্ণ ৰূপে থাকিব লাগিব৷ ৰাজ্য এখনৰ বাবে সম্ভৱহ’ব নোৱৰা সার্বভৌমত্বৰ দৰে বিষয় আলোচনাৰ মেজত দাঙি ধৰিলে অগ্রসৰত বাধাও আহিব পাৰে৷ অসমৰ দৰে দৰিদ্র ৰাজ্য এখনৰ বাবে সার্বভৌমত্ব দাবী কৰাৰ আগতে আমাৰ সম্পদ, উৎপাদন আৰু আন্তঃগাঁথনি আদি দিশবিলাক বিশ্লেষণ কৰি চাব লাগিব৷ তেহে এনেধৰণৰ দাবী তোলাৰ যুক্তিযুক্ততা থাকিব৷
ৰাজ্য এখন পৰিচালনা কৰিবলৈ হ’লে উন্নয়ন, জাতিৰ কল্যাণ আৰু সমস্যা এই সকলো দিশলৈকে চকু দিব লাগিব৷ উল্লেখযোগ্য যে অসমক এখন কৃষিপ্রধান ৰাজ্য বুলি ক’লেও কৃষিৰ বিকাশ ভবা মতে হোৱা নাই৷ খাদ্যসামগ্রীৰ প্রায় ৪০ শতাংশ এতিয়াও ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আনিব লগা হয়৷ বর্তমান সময়ত মহামাৰীৰ সংক্রমণে জনজীৱন স্থবিৰ কৰাৰ লগে লগে কৃষিজাত সামগ্রী উৎপাদন কৰিও বিক্রেতাই সমস্যাত পৰিব লগা হৈছে৷ বজাৰত সময়ৰ সীমাবদ্ধতা, সান্ধ্যআইন এইবিলাকে একপ্রকাৰ খেতিয়কক মাধমাৰ শোধাইছে৷ পৰিতাপৰ কথা যে ঔদ্যোগিক বুনিয়াদ গঠন আৰু প্রাকৃতিক সম্পদৰ ব্যৱহাৰো সন্তোষজনক নহয়৷ ৰাজ্যৰ প্রায় ১৪টা উদ্যোগ এতিয়াও মৃতপ্রায়৷ চৰকাৰে কেৱল এটা খণ্ডৰ উদ্যোগলৈ অংশ বৃদ্ধি কৰি ৰাজহ আদায় কৰিলেই নহ’ব৷ ৰাজ্যৰ সবল স্থিতি নথকা উদ্যোগসমূহৰ বিকাশৰ দিশলৈ চকু দিব লাগিব৷ জাগীৰোড, কাছাৰৰ কাগজৰ কল দুটা আজিকোপতি বন্ধ হৈ আছে৷ কর্মচাৰীৰ দুখ–দুর্গতি বর্ণনাতীত৷ তেওঁলোকৰ ভৱিষ্যৎ এতিয়া অনিশ্চয়তাৰ মাজত৷ প্রতিটো পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে৷ বহুতো কর্মচাৰীয়ে পৰিয়ালক পোহপাল দিব নোৱাৰি আত্মহত্যাৰ পথ পর্যন্ত বাছি লৈছে৷ এতিয়া নতুন চৰকাৰখনে এই দুর্দশাগ্রস্ত পৰিয়ালসমূহক উদ্ধাৰ কৰিব পাৰিলে ভাল হয়৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ স্বাভিমানৰ প্রতীক আৰু বৃহৎ অর্থনৈতিক ক্ষেত্র হিচাপে পৰিচিত এই কাগজৰ কল দুটা এতিয়া নিলামহে কৰিবলৈ ওলাইছে৷ নির্বাচনৰ আগতে কল দুটা পুনৰ জীৱিত কৰা হ’ব বুলি প্রতিশ্রুতিও দিছিল৷ কিন্তু সিদ্ধান্তৰ পৰিৱর্তনে চৰকাৰলৈ প্রত্যাহ্বান আনিব৷ বিহাৰৰ দৰে ৰাজ্যতো এনেবিলাক উদ্যোগৰ দুর্যোগ ঘটাৰ উদাহৰণ আছে৷ কিন্তু নীতিশ কুমাৰৰ চৰকাৰে এইবিলাক জীয়াই তুলিবলৈ, সক্রিয়ভাৱে কার্যক্ষম কৰিবলৈ তৎকালীন ব্যৱস্থা গ্রহণ কৰে৷ গতিকে আমাৰ চৰকাৰেও কৰিব লাগে৷ ঋণ লৈ আত্মসংস্থাপন হোৱা ব্যক্তি বা পৰিয়ালক যদি সেই ঋণ মাফ কৰি চৰকাৰে দিয়াৰ দায়িত্ব ল’ব পাৰে, তেন্তে কাগজ কলৰ কর্মচাৰীসকলৰ প্রতি কিয় সদিচ্ছা দেখুৱাব নোৱাৰে, মানৱতাৰ খাতিৰত৷
ছাত্র–ছাত্রীৰ জীৱন গঢাৰ বহু প্রত্যাশিত শিক্ষাৰ ক্ষেত্রতো চৰকাৰৰ কৰণীয় আছে৷ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষা অনুষ্ঠিত কৰাত যথেষ্ট পলম হৈছে৷ ক’ভিড মহামাৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰাত বাধা দিছে৷ ইচ্ছা কৰা হ’লে শিক্ষা বিভাগে চৰকাৰৰ মত সাপেক্ষে পৰীক্ষাসমূহ নির্বাচনৰ আগতেই অর্থাৎ ফেব্রুৱাৰী মাহতেই অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি নির্বাচনৰ উলাহত ৰং–ৰহইচ, নাচ–গান কৰিবলৈ, ছাত্র–ছাত্রীসকলক ৰাস্তাৰ মাজলৈ আহিবৰ বাবে উৎসাহিত কৰিলে৷ ছাত্র–ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি খেলিলে৷ নির্বাচন সময়মতেই অনুষ্ঠিত হৈ গ’ল, কিন্তু ছাত্র–ছাত্রীৰ ভৱিষ্যৎ নির্ণয় কৰা চূডান্ত পৰীক্ষাহে পাছ পৰি ৰ’ল৷ এয়া শিক্ষা ব্যৱস্থাটোৰ প্রতি থকা চৰকাৰৰ দৃষ্টিভংগী৷ ছাত্র–ছাত্রীসকলৰ ভৱিষ্যতৰ সিদ্ধান্তত যাতে পুনৰ আউল নালাগে তাক নিশ্চিত কৰাৰ দায়িত্বও চৰকাৰৰ৷ আচলতে ৰাজ্যখনৰ উন্নয়ন সম্পূর্ণৰূপে নির্ভৰ কৰে জনপ্রতিনিধিৰ সক্রিয় দক্ষতাৰ ওপৰত৷ বর্তমান অসমৰ আর্থিক অৱস্থা অতি শোচনীয়৷ মহামাৰীয়ে ৰাজ্যখন অস্থিৰ কৰি তোলাৰ লগতে ৰাজহ সংগ্রহতো সমস্যাত পেলাইছে৷ এটা কথা ঠিক ৰাজ্যখনৰ সর্বাংগীণ উন্নয়ন কেৱল নিজৰ শক্তিৰ ওপৰতেই নির্ভৰ নকৰে, লগতে লাগিব কেন্দ্রৰ সদিচ্ছা আৰু আর্থিক সাহায্য৷ নিকা ভাবমূর্তিৰে নতুন চৰকাৰখন আগবাঢি যাওক৷ পূর্বৰ চৰকাৰৰ দিনত দুর্নীতিৰ পোহাৰ মেলিছিল৷ এতিয়া সেইবিলাক আঁতৰাব লাগিব৷ ৰাজ্যৰ জ্বলন্ত সমস্যাবিলাকৰ সমাধানক অগ্রাধিকাৰ দি প্রতিশ্রুতি অনুযায়ী যাতে নতুন চৰকাৰখনে কাম কৰি যাব পাৰে তাকে অসমৰ জনগণে কামনা কৰে৷