নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা অগতানুগতিক বছৰৰ শেষৰ কিছু উপলব্ধি

প্রকৃতিৰ লগত আমাৰ সম্বন্ধ আচলতে আমি দৈনন্দিন জীৱনত অনুভৱ কৰাতকৈ বহু গভীৰ৷ ক’ভিড–১৯ৰ কৱলত ধৰাশায়ী হোৱা আজিৰ পৃথিৱীখনত এই কথা যোৱা কেইবামাহো ধৰি সঘনাই উপলব্ধি কৰিছোঁ৷ ব্যক্তিগতভাৱে শৈশৱৰে পৰা প্রকৃতিৰ লগত মোৰ এক সুকীয়া সম্বন্ধ আৰু আত্মীয়তা গঢ় লৈ উঠিছিল৷ হয়তো প্রকৃতিপ্রেমী পিতৃ–মাতৃৰ সন্তান হিচাপে এই সংযোগ ক্রমান্বয়ে দৃঢ় হৈ ব্যক্তিত্বৰ এক অংশ ৰূপে চিহ্ণিত হৈছিল৷ হাইস্কুলত পঢ়োঁতে ‘জীৱনৰ লক্ষ্য’ ৰচনাখনত এজন প্রকৃতিবিদ হ’ম বুলি লিখিছিলোঁ৷ পৰৱর্তী সময়ত ‘পৰিৱেশ বিজ্ঞান’ক প্রধান বিষয় হিচাপে লৈ স্নাতক আৰু স্নাতকোত্তৰ সম্পূর্ণ কৰিলোঁ৷ তাৰ পিছত ‘ইলেক্ট্রনিক আৱর্জনা’ সম্বন্ধে পি এইচ ডি কৰি এতিয়া একে বিষয়তে বেলজিয়ামত মেৰী কুৰি ফেল’ ৰূপে গৱেষণা কৰি আছোঁ৷ সেয়েহে ক’ব পাৰোঁ যে মোৰ প্রায় গোটেই উচ্চ শিক্ষাৰ জীৱনটো পৰিৱেশ সম্বন্ধীয় বিষয় অধ্যয়নতে কটালোঁ আৰু এতিয়াও কটাই আছোঁ৷ স্বাভাৱিকতে প্রকৃতিৰ ওপৰত মানুহৰ দমন আৰু উদাসীনতা দেখি দুঃখিত আৰু ক্ষোভিত হওঁ৷ তাতে যদি সেয়া সৰুৰে পৰা চিনাকি বাঘজান, মাগুৰি–মতাপুং বিল বা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ দৰে ঠাইত হয়, হতাশা দুগুণে বাঢ়ে৷ পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব আৰু তাৎপর্য উপলব্ধি কৰিবলৈ আজিৰ এই ক’ভিড–১৯য়ে গ্রাস কৰা পৃথিৱীখনতকৈ উপযুক্ত সময় নিশ্চয় নোলাব৷ কিন্তু দুর্ভাগ্যজনকভাৱে আমি যেন এতিয়াও এই বিষয়ে আগৰদৰেই উদাসীন৷ আন নালাগে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাত প্রকৃতিৰ ভূমিকা সম্পর্কে আমি আজিও অজ্ঞাত৷ এনে সচেতনতাৰ অভাৱৰ ফলতেই প্রকৃতি ধ্বংসৰ নতুন নতুন ধাৰাৰ নিৰৱচ্ছিন্ন উৎপত্তি সম্ভৱ হৈ উঠিছে৷
বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড–১৯ক মহামাৰী ৰূপে ঘোষণা কৰাৰ সময়ত মই দক্ষিণ আফ্রিকাৰ ৰাজধানী প্রিতৰিয়াত আছিলোঁ৷ সেয়া মার্চ মাহৰ কথা৷ সেই সময়ত মোৰ কর্মস্থান বেলজিয়ামৰ লগতে সমগ্র ইউৰোপতে এই মহামাৰীৰ ফলত অৱস্থা ক্রমান্বয়ে বেয়াৰ ফাললৈ ঢ়াল খালে, যাৰ পৰিপ্রেক্ষিতত ইউৰোপক এই মহামাৰীৰ কেন্দ্রস্থল বুলি ঘোষণা কৰা হ’ল৷ দক্ষিণ আফ্রিকাস্থিত বেলজিয়াম এম্বেছীৰ লগত যোগাযোগ কৰাত তেওঁলোকে মোক যিমান পাৰো সোনকালে উভতি যাবলৈ পৰামর্শ দিলে৷ পৰিস্থিতি চাই বেলজিয়ামলৈ অনতিপলমে ঘূৰি যোৱাৰ ব্যৱস্থা কৰিলোঁ৷ কিন্তু জোহানেছবার্গৰ পৰা ব্রুচেলছলৈ বুলি টিকট কৰি থোৱা মোৰ বিমানখন বাতিল হ’ল৷ অন্য এটা টিকটৰ যোগাৰ কৰা সমস্যা হৈ উঠিল৷ কাৰণ বেলজিয়ামৰ আমাৰ বিশ্ববিদ্যালয়খনৰ নিয়মমতে গৱেষণা সম্বন্ধীয় কামত আমি ভ্রমণ কৰিলে এটা বিশেষ ড্রেভেল এজেন্সীৰ জৰিয়তেহে আমাৰ টিকটবোৰ কৰাব লাগে৷ বেলজিয়ামত প্রায় সকলো বন্ধ হৈ পৰাৰ ফলত সেই ড্রেভেল এজেন্সীটোৰ পৰাও উত্তৰবোৰ আহঁোতে পলম হোৱা হ’ল৷ ইতিমধ্যে বহুত বিমান কোম্পানীয়ে ইউৰোপলৈ বিমানসেৱা বন্ধ কৰিলেই৷ উপায়ান্তৰ হৈ দিল্লীলৈকে গুচি অহাৰ সিদ্ধান্ত ল’লোঁ৷ সেই সময়ত ভাৰতেও বহু দেশলৈ বিমানসেৱা বন্ধ কৰা আৰম্ভ কৰিছিল৷ চাৰিওফালে এক উদ্বেগজনক পৰিস্থিতি৷ মই কোনোমতে আহিহে ভাৰতীয় লকডাউনৰ আগে আগে দিল্লী পালোঁহি৷
সেই সময়ৰ আন্তর্জাতিক বিমানযাত্রীসকলক দিল্লীত ১৪ দিন হ’ম কুৱাৰেণ্টইনত থকাৰ পৰামর্শ দিয়া হৈছিল৷ পিছলৈ মে’ মাহৰ শেষভাগলৈকে সর্বমুঠ প্রায় ৭০ দিন দিল্লীত একপ্রকাৰ কুৱাৰেণ্টইনত থকাৰ দৰেই অকলশৰে থাকিলোঁ৷ চাৰিওফালৰ বিভীষিকাময় খবৰবোৰৰ মাজত মানসিক শান্তি যিমান পাৰোঁ বজাই ৰখাৰ চেষ্টা কৰিলোঁ৷ যথেষ্ট বাহিৰা কিতাপ পঢ়িলোঁ, কেইবাখনো ভাল চিনেমা চালোঁ৷ লগতে মোৰ গৱেষণাৰ কাম কৰি থকাৰ চেষ্টা কৰিলোঁ৷ দিল্লীৰ হঠাৎ প্রদূষণমুক্ত আকাশখনৰ বিভিন্ন ৰং চাই চায়ো আবেলিৰ সময়কণ কটালোঁ৷ কিন্তু বিশেষকৈ জুন মাহৰ প্রথম সপ্তাহৰ পৰা লক্ষ্য কৰিলোঁ যে মোৰ টোপনি একেবাৰে ভাল নোহোৱা হ’ল৷ ফলত দিনটো চকু–মূৰ প্রায়েই বিষাই থাকে৷ দিনত শোৱাৰ অভ্যাস নাই, সেয়েহে বিচাৰিলেও শুব নোৱাৰোঁ আচলতে মার্চ মাহত দক্ষিণ আফ্রিকাৰ পৰা ঘূৰি অহাৰ পিছত মই এদিনো ঘৰৰ বাহিৰ হোৱা নাছিলোঁ৷ ঘূৰা–ফুৰা কৰি সদায় এটা এক্টিভ জীৱন কটোৱাৰ অভ্যাস থকা মোৰ শৰীৰটোৰ বাবে সেয়া হয়তো বৰ আচহুৱা আছিল৷ সেয়েহে নিয়মীয়া খাদ্য, ঘৰটোৰ ভিতৰতে কৰা ব্যায়াম আদিয়েও হয়তো শৰীৰটোক সঁচা অর্থত ভালে ৰাখিবলৈ সক্ষম হোৱা নাছিল৷
অকলে বাস কৰাৰ অভ্যাস থকা আৰু নিজৰ লগত সময় কটাবলৈ ভাল পোৱা মোৰ বাবে ই এক আচৰিত অভিজ্ঞতা আছিল৷ লকডাউনৰ বাবে বহুদিন বাহিৰত আবদ্ধ হৈ থকা মোৰ সংগী প্রদীপও ইতিমধ্যে দিল্লীলৈ উভতি আহিবলৈ সক্ষম হৈছিল৷ সেয়েহে বহুদিনৰ মূৰত কথা–বতৰা পাতিবলৈ আৰু সময় কটাবলৈ এজন লোকৰ উপস্থিতত মোৰ শৰীৰটোৰ আচৰণ যেন একপ্রকাৰ অস্বাভাৱিক আছিল৷ দিল্লীৰ অৱস্থা ক্রমান্বয়ে বেয়াৰ ফাললৈ ঢ়াল খোৱাত আমি জম্মু–কাশ্মীৰলৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ জম্মু–কাশ্মীৰৰ লগত মোৰ সম্বন্ধ বিবাহসূত্রে৷ জুন মাহৰ শেষৰ সপ্তাহত আমি গৈ চিনাব উপত্যকাস্থিত ভাদৰৱাহৰ আমাৰ ঘৰ পালোঁগৈ৷ যদিও তাতো হ’ম কুৱাৰেণ্টইনত ভালেকেইদিন কটাবলগীয়া হ’ল, তথাপি খিৰিকীখনেৰে চৌপাশৰ সেউজীয়া দেৱদাৰু গছেৰে সৈতে পাহাৰবোৰ আৰু তেতিয়াও বৰফে আৱৰি থকা পর্বতবোৰ দেখি এক অজান আশ্বস্ততা অনুভৱ কৰিলোঁ৷ জম্মু–কাশ্মীৰৰ পাহাৰীয়া অঞ্চলৰ ঘৰবোৰত সাধাৰণতে যথেষ্ট খিৰিকী থাকে৷ সেয়েহে বিছনাখনত ৰাতিৰ মুকলি আকাশৰ অজস্র তৰাবোৰ চাই চাই টোপনি যাওঁ আৰু ৰাতিপুৱা চৰাইৰ মাতত বৰফৰ পর্বতটোৰ লগতে দেৱদাৰু গছবোৰ আৰু নীলা আকাশখনেৰে সাৰ পাওঁ৷ দিনটো পাহাৰ–পর্বতবোৰ আৰু সেৰেঙা জনবসতিৰ পাহাৰীয়া গাঁওখনৰ জীৱনধাৰা চাই চাই বহু সময় কটাওঁ৷ আচৰিতধৰণে দিল্লীত অনুভৱ কৰা টোপনিৰ সমস্যাৰ কেইদিনমানৰ ভিতৰতে অৱসান ঘটিল৷ দিনটো কিবা এটা ভাল লাগি থকা হ’ল৷ একমাত্র প্রকৃতিৰ সান্নিধ্যই ইয়াৰ কাৰণ, তাৰ বাহিৰে অন্য কাৰণ নাই৷
বহু গৱেষণাই ইতিমধ্যে প্রমাণ কৰিছে যে প্রকৃতিৰ সৈতে সম্বন্ধ মানুহৰ সুস্বাস্থ্যৰ বাবে অপৰিহার্য৷ বিশেষকৈ ইউৰোপত এইক্ষেত্রত যথেষ্ট গৱেষণা হৈছে আৰু প্রতিটো গৱেষণাই আমাৰ দৈনন্দিন জীৱনত প্রাকৃতিক সংযোগৰ গুৰুত্ব উপস্থাপন কৰিছে৷ জম্মু–কাশ্মীৰৰ ভাদৰৱাহৰ আমাৰ ঘৰলৈ গৈ সদায় অনুভৱ কৰোঁ যে হাতত এখন কিতাপ লৈ চৰাই–চিৰিকটি, পাহাৰ–পর্বতবোৰৰ মাজত অজানিতে বহু সময় কটাওঁ৷ বর্তমান বিশ্বত বিভিন্ন প্রকাৰৰ চাপ আমাৰ জীৱনবোৰৰ এক অবিচ্ছিন্ন অংশ৷ কিন্তু হিমালয়ৰ এই গাঁওখন যেন তাৰ ঊর্ধ্বত ইয়াত নিয়মীয়া জীৱন ধীৰ–সুস্থিৰ, যাৰ প্রয়োজনীয়তা আৰু মাদকতা এই মহামাৰীৰ সময়ত এইবাৰ বাৰুকৈয়ে উপলব্ধি কৰিলোঁ৷ তাত কটোৱা দিনকেইটাই পৰৱর্তী সময়ৰ চহৰীয়া জীৱনটোক আগুৱাই যাবলৈ যেন নতুনকৈ ইন্ধন যোগায়৷
প্রকৃতিৰ সুৰক্ষাই মানৱ জীৱনৰ গতি আৰু নিৰাপত্তা বিভিন্ন ধৰণে নির্ধাৰণ কৰে৷ উত্তৰ পূর্বাঞ্চলৰ বাসিন্দাসকল অপূর্ব প্রাকৃতিক সৌন্দর্য আৰু সম্পদেৰে আশীর্বাদপুষ্ট৷ এই অঞ্চলৰ লোকসকলৰ পৰিৱেশ সজাগতাই কেৱল থলুৱা লোকসকলকে সহায় নকৰে, বৰঞ্চ সমগ্র বিশ্বৰ প্রকৃতি ৰক্ষাত গুৰুত্বপূর্ণ অৱদান আগবঢ়াব৷ আগন্তুক বছৰবোৰত এই সম্বন্ধে আমি নিশ্চয় আগতকৈ বহুগুণে অধিক সচেতন হ’ব লাগিব৷

You might also like