নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মূল্যৰ বিনিময়ত প্রদূষণৰ পৰিমাণ হ্রাস কৰিব লাগিব

হাজাৰ হাজাৰ লোক প্রেম অবিহনেই জীয়াই থাকিব পাৰিছে, কিন্তু পানী অবিহনে জীয়াই থাকিব নোৱাৰে৷
–ডব্লিউ এইচ অ’ডেন

পানীয়ে প্রাণীৰ প্রাণ৷ এই পৃথিৱীত, বায়ু, পানী, মাটি, আকাশ সুৰক্ষিত নাথাকিলে কোনো প্রাণী জীয়াই থাকিব নোৱাৰে৷ কিন্তু বর্তমান সময়ত বায়ু, পানী, মাটি একেবাৰে সুৰক্ষিত নহয়৷ ইয়াৰ বাবে প্রধানকৈ মানুহেই দায়ী৷ বায়ু, পানী, মাটি প্রদূষণক লৈ চৰকাৰ, সংগঠনসমূহে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যেৰে বিভিন্ন কার্যসূচী গ্রহণ কৰে যদিও বাস্তৱত অধিক সফল হোৱা নাই যেন অনুমান হয়৷ গছ ৰোপণ, বিদ্যুৎ সংৰক্ষণ, প্লাষ্টিক ব্যৱহাৰ নকৰা, পানী সংৰক্ষণক লৈ মানুহ যিমান সচেতন হ’ব লাগিছিল হোৱা নাই৷ বায়ু প্রদূষণৰ মাত্রা বাঢ়িছে, মাটি প্রদূষণ হৈছে, পানী প্রদূষণ হৈছে৷ খোৱাপানীৰ সমস্যাই সমগ্র বিশ্বকে চিন্তিত কৰিছে৷ তথাপি যেন বহু মানুহ সজাগ নহয়, সচেতন নহয়৷ নদীবোৰত বহুতে পূজা কৰে, কিন্তু পাৰবোৰ পৰিষ্কাৰ কৰি নাৰাখে৷ বহুতে নদীৰে যাত্রা কৰে আৰু বটল, প্লাষ্টিক সকলো নদীতে পেলায়৷ ন ন উদ্যোগ গঢ় লৈ উঠে ভাল কথা, কিন্তু উদ্যোগৰ আৱর্জনাবোৰ বহুতে নদীতে পেলায়৷ এইবোৰ অবিবেচনাপূর্ণ কার্যৰ বাবে নদীসমূহ প্রদূষিত হৈ আছে৷ বর্ধিত প্রদূষণৰ বাবে ভাৰতৰ মুখ্য নদীবোৰৰ পানী প্রদূষিত হৈছে৷ ভাৰতত পানীৰ ভাৰসাম্য গুৰুতৰভাৱে বিনষ্ট হৈছে৷ বৰষুণৰ পানী সংৰক্ষণৰ প্রচেষ্টাও পর্যাপ্ত নহয়৷ ভাৰতৰ তিনি চতুর্থাংশ গ্রাম্য পৰিয়ালত বিশুদ্ধ খোৱাপানীৰ অভাৱ৷ তেওঁলোক আজিও বিশুদ্ধ পানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ জানি আচৰিত হ’ব, আমাৰ দেশৰ ৭০ শতাংশ পানীৰ উৎস দূষিত৷ ভাৰতৰ ৩৫১খন নদীয়ে প্রদূষিত নদী৷ এই প্রদূষিত নদীৰ পানী খোৱাটো কিমান বিপজ্জনক এবাৰ ভাবক৷
সম্প্রতি মানুুহে ভূ–গর্ভৰ পানী অধিক ব্যৱহাৰ কৰে৷ ভূ–গর্ভৰ পানীও প্রাকৃতিকভাৱে উৎপন্ন হোৱা দূষিত পদার্থ যেনে– আর্ছেনিক, ফ্লৰাইডৰ দ্বাৰা দূষিত হয়৷ ইয়াৰ উপৰি কৃষিত সাৰৰ অত্যধিক প্রয়োগ, বর্জিত পানী শোধন প্রকল্পৰ পৰা বর্জিত পানীৰ দ্বাৰাও ভূ–গর্ভৰ পানী প্রদূষিত হৈছে৷Central Ground Water Boardৰ তথ্য অনুযায়ী ভাৰতৰ ৭০০খন জিলাৰ প্রায় ২৫৬খন জিলাৰ ভূ–গর্ভৰ পানীৰ মাত্রাধিক ব্যৱহাৰ হৈছে৷ যাৰ বাবে পানীৰ স্তৰ ক্রমাৎ হ্রাস পাইছে৷ পানী পাবলৈ কঠিন হৈ পৰিছে সেই অঞ্চলসমূহত৷ অসমতো ভূ–গর্ভৰ পানী ক্রমাৎ হ্রাস পাইছে৷ পৰিৱর্তনশীল বতৰৰ বাবে, মানুহৰ ভুলৰ বাবেই পানীৰ বিভিন্ন সমস্যাই দেখা দিছে৷ আমাৰ অসমতে ভৰলু, বৰছলা, দীপৰবিল, ডিগবৈ, কমলপুৰ, খাৰচাং, পাগলাদিয়া, বৰাক, বাৰৈ বেগা, বেঁকী, ভোগদৈ, বগীনদী, বৰবিল, বৰদৈবাম বিলমুখ, ধনশিৰি, দিখৌ, ডিক্রং, দিপলাই, দিচাং, গাভৰু, কপিলী, কলং আদি কৰি মুঠ ৪৪খন প্রদূষিত নদী আছে৷ এই প্রদূষিত নদীসমূহৰ তালিকাৰ প্রথমতেই আছে ভৰলু নৈৰ নাম৷ যিখন নৈয়ে পানীৰ সলনি গুৱাহাটী চহৰৰ আৱর্জনাৰ এক বৃহৎ অংশ বহন কৰে৷ ইয়াৰ উপৰি প্রদূষিত নদীসমূহৰ তালিকাত ব্রহ্মপুত্রও এখন৷ এই তালিকাসমূহে আমাক এখন ভয়ানক পৃথিৱীৰ ছবি দাঙি ধৰা নাইনে? সম্প্রতি আমি কিমান সচেতন হ’ব লাগিছিল, কিমান সচেতন হৈছোঁ এই প্রশ্ণটো নিজে নিজক কৰা উচিত৷ চৰকাৰেও প্রদূষিত নদীসমূহৰ পৰিষ্কাৰকৰণৰ বাবে আঁচনি হাতত ল’ব লাগে৷ অসমৰ সকলো নদী, বিলসমূহক প্রদূষণমুক্ত কৰাৰ বাবে আইন প্রণয়ন কৰাৰ উপৰি আইন ভংগ কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব লাগে৷ নৈ, বিলৰ অবিহনে যিদৰে মানুহ জীয়াই থাকিব নোৱাৰে, বিশুদ্ধ পানীৰ অবিহনেও মানুহ সু–স্বাস্থ্যৰে জীয়াই থাকিব নোৱাৰে৷ প্রদূষিত পানী সেৱনৰ ফলত মানুহৰ কর্কট, ডায়েৰীয়া, শ্বাস–প্রশ্বাসৰ বেমাৰ, স্নায়ৱিক বিকাৰ, কলেৰা, টাইফয়ড আৰু ভাইৰেল হেপাটাইটিছ ৰোগ হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই অনুমান কৰিছে– বছৰত প্রায় ৩.৫৭৫ নিযুত লোক কেৱল পানী সম্পর্কীয় ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷Central Bureau of health intelligenceৰ এক তথ্য অনুযায়ী ২০১৮ চনত দেশত প্রতিদিনে দূষিত পানী সেৱন কৰি গড়ে ৭জনকৈ লোকৰ মৃত্যু হৈছিল৷ ভাৰতত প্রতিদিনে ৩৬,০০০ লোক পানীৰ পৰা হোৱা কলেৰা, ডায়েৰীয়া, টাইফয়ড আৰু ভাইৰেল হেপাটাইটিছ ৰোগত আক্রান্ত হয়৷ বিশেষকৈ ৫ বছৰৰ তলৰ শিশু বেছিকৈ আক্রান্ত হয়৷ ২০১৮ চনত দেশত কেৱল হেপাটাইটিছ ৰোগত ৫৮৪জন লোকৰ মৃত্যু হৈছিল৷ সেয়ে পানী প্রদূষণ ৰোধ কৰাৰ প্রয়োজন আছে৷ পানী প্রদূষণ ৰোধ কৰিবলৈ আমি কিছুমান পদক্ষেপ গ্রহণ কৰিব লাগিব, সেই পদক্ষেপসমূহ– ১৷ ৰাসায়নিক পদার্থৰ ব্যৱহাৰ হ্রাস কৰিব লাগিব৷
২৷ নলা–নর্দমাৰ পানীৰ লগত অহা বর্জিত দ্রব্যসমূহ পৃথক কৰি পিছত পানীত দ্রবীভূত হৈ থকা বিষাক্ত পদার্থবোৰ পৰিশোধন প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিহে নদী, বিল, পুখুৰীত নিষ্কাশিত কৰিব লাগে৷
৩৷ প্রাকৃতিক পানীৰ উৎসসমূহ ভালদৰে সংৰক্ষণ কৰিব লাগিব৷
৪৷ নদী–পুখুৰীত গা–ধোৱাৰ পৰা বিৰত থাকিব লাগিব৷
৫৷ কীটনাশক দৰব ব্যৱহাৰৰ পৰিমাণ হ্রাস কৰিব লাগিব৷
৬৷ উদ্যোগসমূহে বর্জিত পদার্থসমূহ যাতে পানীত পেলাই পানী প্রদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্রণয়ন কৰিব লাগে৷
৭৷ মাটিৰ খহনীয়া ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব লাগে৷
৮৷ প্লাষ্টিক, বটল আদি নৈ, বিল আদিত পেলাব নালাগে৷
অসম মানৱ উন্নয়নৰ এক প্রতিবেদন অনুযায়ী অসমত মাত্র ৪৫.৫৬ শতাংশ লোকেহে সুৰক্ষিত খোৱাপানী ৰখাৰ সুবিধা লাভ কৰিছে আৰু সর্বভাৰতীয় পর্যায়ৰ ৫৫.৫৪ শতাংশ গ্রাম্য পৰিয়ালৰ তুলনাত অসমৰ কেৱল ৪৩.২৮ শতাংশ পৰিয়ালেহে সুৰক্ষিত খোৱাপানীৰ সুবিধা লাভ কৰিছে৷ সেয়ে খোৱাপানী যাতে আৰু প্রদূষিত নহয় তাৰ বাবে আমি সকলো সজাগ–সচেতন হ’ব লাগিব৷ উত্তৰ–পূবত বনাঞ্চল ধ্বংসৰ বাবে উত্তাপ বাঢ়িছে, বৰষুণ কমিছে৷ ইয়াৰ প্রধান কাৰণ হৈছে প্রদূষণ৷ সেয়েহে আমি যিকোনো মূল্যৰ বিনিময়ত প্রদূষণৰ পৰিমাণ হ্রাস কৰিব লাগিব৷ তেতিয়াহে পৃথিৱীখন জীৱ–জন্তুৰ বাবে উপযোগী হৈ থাকিব৷

-প্রদীপ গগৈ
ফোন: ৮৪৮৬৯–৯৫৫৩০

You might also like