নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাম বৃদ্ধি দাম হ্রাস

কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলত আৰোপিত কৰ কিছু পৰিমাণে হ্রাস কৰিছে৷ সমান্তৰালকৈ বিজেপিশাসিত ৰাজ্যসমূহতো ভেটৰ পৰিমাণ কিছু হ্রাস কৰি জনগণক অতিৰিক্ত সকাহ দিয়া হৈছে৷ দুয়োবিধ ইন্ধনৰে দাম এতিয়া শতকৰ তলত৷ এইটো এটা মনস্তাত্ত্বিক খেল৷ জনসাধাৰণৰ মনোজগতখনত ইয়াৰ যোগাত্মক প্রভাৱ পৰে৷ এনে লাগে যেন দাম বহুত কমিল৷ এশৰ তললৈ আহিল৷ যিয়েই নহওক, কেন্দ্রীয় চৰকাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম হ্রাস কৰাৰ বিকল্প লাহে লাহে কমি আহিছিল৷ দাম বৃদ্ধিৰ সপক্ষে কেন্দ্র আৰু ৰাজ্যৰ মন্ত্রীগণ, বিয়াগোম নেতাৰ যুক্তিবোৰ জনগণৰ মনত বহুৱালি যেন লগা হৈ আহিছিল৷ সমান্তৰালকৈ বয়–বস্তুৰ আকাশংলঘী দামে জনসাধাৰণৰ মাজত ক্ষোভৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল৷ চৰকাৰে এইটো কথা ভালদৰে জানে যে ক্ষোভৰ গ্রাফডাল অনন্তকাললৈ ঊর্ধ্বমুখী হৈ গৈ নাথাকে৷ কোনো নহয় কোনো বিন্দুত জনগণৰ ধৈর্য আৰু সহ্যৰ স্থিতিস্থাপকতা নষ্ট হ’বই৷ সিদিনা জনগণৰ ক্ষোভে মুকলিকৈ কথা ক’ব৷ হয়তো বিদ্রোহৰ সূচনাও হ’ব৷ ইয়াৰ পৰা হাত সাৰিবলৈ এতিয়াই কিবা নহয় কিবা এটা কৰা দৰকাৰ৷ সেয়ে পেট্ৰ’ল–ডিজেলৰ শুল্ক কমাই দিয়া হ’ল৷ ইয়াক দীপাৱলীৰ উপহাৰ হিচাপে জনসাধাৰণৰ মাজলৈ লৈ গৈ সুখানুভূতিৰ লহৰ এটা সৃষ্টিৰ প্রয়াস কৰা হ’ল৷
আমাৰ দেশখনত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ বাবে সর্বাধিক বদনামৰ ভাগটো কেন্দ্রীয় চৰকাৰে ল’ব লগা হয়৷ ইয়াৰ কাৰণো নথকা নহয়৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰখনে দুয়োবিধ ইন্ধনত সর্বাধিক কৰ আৰোপ কৰি থৈছে৷ প্রতি লিটাৰ পেট্ৰ’লত উৎপাদন শুল্ক হিচাপে ৩২.৯০ টকা আৰু ডিজেলৰ পৰা ৩১.৮০ টকাকৈ জাপি দিয়া হৈছে৷ ইয়াৰ জৰিয়তে চৰকাৰে বছৰি প্রায় চাৰি লাখ কোটি টকা আয় কৰে৷ এই শুল্কৰ পৰিমাণ কমোৱা হোৱা নাই৷ বৰং বিগত তিনি বছৰত ধাৰাবাহিকভাৱে দুয়োবিধ ইন্ধনত কৰ বৃদ্ধিহে হৈ আছে৷ ইয়ে বজাৰত পেট্ৰ’ল–ডিজেলৰ দামক সাধাৰণ লোকে চুব নোৱাৰা উচ্চতালৈ লৈ গৈছে৷ ইয়াৰ কু–প্রভাৱ আন আন ক্ষেত্রতো পৰিছে৷ দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হৈছে৷ জনগণৰ বাজেট নিমিলা হৈছে৷কেন্দ্রই পেট্ৰ’ল–ডিজেলৰ দাম হ্রাস কৰি নিজৰ মূৰৰ ওপৰত থকা বদনামৰ বোজাটোৰ ওজন অলপ হ্রাস কৰিবলৈ প্রয়াস কৰিছে৷ দাম বহু বেছি নকমিলেও কিবা অলপ কমিছে৷ কিন্তু বিৰোধীয়ে কৰিছে কি? দেশখনত দাম বৃদ্ধিৰ বিষয়টো লাহে লাহে শাসকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিবলৈ ধৰিছে৷ ইয়াক অধিক সবল ৰূপত তুলি ধৰাটো বিৰোধীৰ দায়িত্ব৷ ইছ্যুটোক বিৰোধীয়ে যিমানেই শক্তিশালী ৰূপত তুলি ধৰিব, চৰকাৰ সিমানেই চাপত পৰিব৷ দাম হ্রাসৰ কার্যকৰী ব্যৱস্থা হাতত ল’বলৈ বাধ্য হ’ব৷ নোৱাৰিলে জনৰোষত পৰি শাসন হেৰুৱাব৷ কিন্তু বিৰোধীয়ে সেইটো কৰিছেনে?
সামগ্রীৰ লেকামহীন দাম বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ, টুইটাৰ, ফেচবুক আদিত সততে সৰৱ হৈ থাকে বিৰোধী শিবিৰ৷ টিভিৰ কেমেৰাৰ সন্মুখত বৰ বৰ কথা কোৱা নেতাৰ অভাৱ নাই৷ কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্রতিদিনে টুইটাৰ, ফেচবুকত দাম বৃদ্ধিৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ কথা কয়৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ কণ্ঠত অগ্ণিবৰষে৷ বাঁওপন্থীৰ কথাই সুকীয়া৷ দাম বৃদ্ধি তেওঁলোকৰ আজন্ম ইছ্যু৷ কিন্তু বিজেপিশাসিত ৰাজ্যসমূহত পেট্ৰ’ল–ডিজেলৰ ওপৰত থকা ভেট হ্রাস কৰোঁতে বিৰোধী শিবিৰ নীৰৱে থাকিল৷ আজিৰ তাৰিখত ভাৰতবর্ষত বিৰোধী শিবিৰৰ শাসনত থকা ৰাজ্যকেইখনৰ নাগৰিকে সর্বাধিক দাম দি পেট্ৰ’ল–ডিজেল ক্রয় কৰিব লাগে৷ দাম বৃদ্ধিৰ প্রতিবাদত কেন্দ্রক সমালোচনাৰে থকা–সৰকা কৰা বিৰোধী ৰাজনৈতিক দলৰ এনে দুমুখীয়া চৰিত্রই দাম বৃদ্ধিৰ বিৰুদ্ধে জনসাধাৰণৰ মনত জ্বলি থকা ক্ষোভৰ জুইকুৰাক দিশহাৰা কৰিব৷ কোৱা হয়, বাঁওপন্থীৰ ৰাজনীতি সর্বহাৰাৰ বাবে৷ তেওঁলোকে সভা–সমিতিয়ে সর্বাহাৰাৰ বাবে চকুলো টোকে৷ কিন্তু জনসাধাৰণক দাম বৃদ্ধিৰ পৰা সকাহ দিয়াৰ পাল যেতিয়া আহিল, কেৰালাৰ বাঁওপন্থী চৰকাৰখনে সর্বপ্রথমে পিঠি দিলে৷ ৰাজ্যখনৰ বিত্তমন্ত্রী কে এল বালগোপালে পেট্ৰ’ল–ডিজেলত ৰাজ্য চৰকাৰখনে আৰোপ কৰা কৰ এপইচাও হ্রাস নকৰে বুলি ঘোষণা কৰিলে৷ ইয়াৰ সৰল অর্থটো হ’ল, ৰাজ্যখনৰ নাগৰিকে বিজেপিশাসিত ৰাজ্যৰ তুলনাত অধিক দাম দি পেট্ৰ’ল–ডিজেল ক্রয় কৰিব লাগিব৷ অকল কেৰালাই নহয়, ৰাজস্থান, পঞ্জাব, ছত্তিশগড, মহাৰাষ্ট্র, ঝাৰখণ্ড, তামিলনাডু, দিল্লী, ওডিশা, তেলেংগানা, অন্ধ্রপ্রদেশ, পশ্চিমবংগৰ দৰে অবিজেপিৰ শাসনত ৰাজ্যৰ নাগৰিকেও অধিক দামত পেড্র’ল–ডিজেল ক্রয় কৰিবলৈ বাধ্য৷ কিন্তু বিৰোধীৰ প্রয়াস হ’ব লাগিছিল নিজ নিজ ৰাজ্যত জনসাধাৰণক অধিক সকাহ দি দেশবাসীৰ বাবে এটা উদাহৰণ প্রতিষ্ঠা কৰা৷ কেৱল মুখেৰে দাম বৃদ্ধিৰ ৰাম নাম গাই থাকিলেই হ’বনে?
প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে পেট্ৰ’ল–ডিজেলৰ কৰ হ্রাস কৰি দুয়োবিধ ইন্ধনৰ দাম কমাই দিলে৷ বিজেপিশাসিত ৰাজ্যতো ভেট হ্রাস হ’ল৷ ইয়াক দেশৰ জনগণলৈ প্রধানমন্ত্রী মোদীৰ দীপাৱলীৰ উপহাৰ বুলি কোৱা হ’ল৷ উপহাৰটো দীপাৱলীৰ নহৈ শাৰদীয় দুর্গাপূজাৰো হ’ব পাৰিলেহেঁতেন? নহ’ল৷ কাৰণ তেতিয়া দেশৰ কেইবাখনো ৰাজ্যত লোকসভা আৰু বিধানসভাৰ কেইখনমান আসনৰ বাবে উপ–নির্বাচন অনুষ্ঠিত হোৱা নাছিল৷ ফলাফল ওলোৱা নাছিল৷ উপ–নির্বাচনত বিজেপিয়ে উত্তৰ–পূবত ভাল ফলাফল দেখুৱাইছে৷ কিন্তু দেশৰ আন অংশত? বিজেপিৰ দুর্গস্বৰূপ হিমাচল প্রদেশত বিজেপিৰ শোচনীয় পৰাজয় ঘটিল৷ পৰাজয়ৰ লগে লগে ৰাজ্যখনৰ মুখ্যমন্ত্রী জয়ৰাম ঠাকুৰে দাম বৃদ্ধিক ইয়াৰ মূল কাৰণ বুলি কৈছে৷ হাৰিয়ানাত একমাত্র আসনখনত বিজেপি পৰাজিত হৈছে৷ দলটোৰ ৰাজস্থানতো ভোট কমিছে৷ জয়লাভতো দূৰৈৰ কথা৷ আৰু কর্ণাটকত? বিজেপিয়ে কর্ণাটকত বিজেপিবিৰোধী লহৰক ভেটিবলৈ য়েডুৰাপ্পাক আঁতৰাই নিকা ভাবমূর্তিৰ বাসৰাজ বোম্মাইক মুখ্যমন্ত্রী পাতিছিল৷ উপ–নির্বাচনত বোম্মাইৰ গৃহ জিলাতে কংগ্রেছৰ হাতত বিজেপিৰ পৰাজয় ঘটে৷ হাংগলত কিয় বিজেপি হাৰিল, সেইটো বিশ্লেষণ কৰিব লাগে বুলি এতিয়া খোদ বোম্মায়ে কৈছে৷ মধ্যপ্রদেশত চৰকাৰ বিজেপিৰ৷ তাত এখন আসনত কংগ্রেছ প্রার্থী জয়ী দাদৰা লোকসভা সমষ্টিটো শিৱসেনাৰ হাতলৈ গৈছে৷ উপ–নির্বাচনটোত দাম বৃদ্ধিয়ে কাম কৰিছে৷ অৱশ্যে অসমত ইয়াৰ প্রভাৱ নপৰিল৷ ইয়াৰ অর্থ এইটো নহয় যে অসমৰ জনগণ দাম বৃদ্ধিক লৈ সুখী৷ কথাটো শাসনত থকা লোকসকলে ভালদৰে বুজি পায়৷ সমাগত দুটা বছৰত দহখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যকেইখনৰ গৰিষ্ঠসংখ্যকত আছে এনডিএ চৰকাৰ৷ ইয়াৰ আগে আগে হয়তো আৰু কিছুমান সামগ্রীৰ দাম কিছু কমিব৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ এই ইংগিত দি আছে৷ তেওঁৰ এটা কথা ভাল লাগে৷ আন নেতাৰ দৰে দাম বৃদ্ধিৰ সপক্ষে যিহকে–তিহকে কৈ নাথাকে৷ দাম কমিব, ইয়াক লৈ আশাবাদী হৈ থাকে৷ কথাটোৱে মানুহক অলপ সাহস দিয়ে৷ কিন্তু বিৰোধীয়ে টেঁটু ফালি থাকে৷ কথাৰ সৈতে কামৰ সামঞ্জস্য নাথাকে৷ নাথাকে বাবেই দাম বৃদ্ধিয়ে দেশখনৰ প্রতিজন লোকক ক্ষতিগ্রস্ত কৰা সত্ত্বেও বিৰোধীয়ে শাসকৰ বুকুত আতংকৰ সৃষ্টি কৰিব পৰা নাই৷ বৰং পেট্ৰ’ল–ডিজেলৰ দাম হ্রাস কৰি বিৰোধীৰ মুখাখন খোল খোৱাৰহে ব্যৱস্থা কৰিলে৷ একো নকৰাকৈ দাম বাঢ়িছে বুলি টেঁটু ফালি থাকিলে জনসাধাৰণে তেওঁলোককো আস্থাত নল’ব৷ এই কথাটো তেওঁলোকে মনত ৰখা দৰকাৰ৷

You might also like