তপত ভাতৰ ধোঁৱাই চকুত ধৰিছে আছু, যুৱ–ছাত্র পৰিষদকঃ ৰঞ্জিত কুমাৰ দাস
সাক্ষাৎগ্রহণ- উৎপল চক্রৱর্তী
বিধানসভা নির্বাচন সমাগত৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত এটাৰ পিছত আনটো আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে৷ ৰাজ্যখনত নতুন নতুন আঞ্চলিক দল গঠন সম্পর্কত আপুনি কি কয়?
– নতুন আঞ্চলিক দল গঠন কৰিবলৈ যোৱাৰ বাবে আদৰণি জনাইছোঁ৷ প্রমূল্যবোধৰ ভিত্তিত ৰাজনৈতিক দল গঠন কৰক৷ নতুন ৰাজনৈতিক দল আৰু খোলাটো আমি কামনা কৰিছোঁ৷ কিন্তু যিমানেই ৰাজনৈতিক দল নোখোলক কিয়, আমাৰ বিজেপি দলৰ এটা ভোটো আগন্তুক দিনত ক্ষতি নহয়৷ বর্তমান আমাৰ দলত ৪২ লাখ কার্যকর্তা আছে৷ আমি ইতিমধ্যে কৈছোঁ– সেই ৪২ লাখ কার্যকর্তাই নিজৰ ভোটটোৰ লগতে বন্ধু–বান্ধৱ বা পৰিয়ালৰ এটাকৈ ভোট গ্রহণ কৰিলেই আমাৰ ভোটৰ সংখ্যা ৮৪ লাখ হ’ব৷ ৮৪ লাখ ভোট আহৰণ কৰিব পাৰিলেই আমাৰ চৰকাৰ ১০০ শতাংশ নিশ্চিত৷ অহা বিধানসভা নির্বাচনত আমি ৮৪ লাখ ভোট লাভ কৰাৰো যুক্তি আছে৷ কাৰণ যোৱা লোকসভা নির্বাচনত আমি ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি ৬৪ লাখ ভোট লাভ কৰোঁ৷ লোকসভাৰ বাকী চাৰিটা সমষ্টি মিত্রদল অগপ আৰু বিপিএফক এৰি দিয়া হৈছিল৷ সেই সমষ্টিকেইটাত আমি কিমান ভোট লাভ কৰিছোঁ, সেয়া হিচাপ কৰা নাই৷ কিন্তু ৫ লাখকৈ ভোট লাভ কৰা বুলি ধৰিলেও আমাৰ মুঠ ভোটৰ পৰিমাণ ৮৪ লাখ হ’বগৈ৷ ৰাজ্যখনৰ মুঠ ভোটাৰৰ ৭৫ শতাংশই ভোটদান কৰিলে আৰু বিজেপিয়ে ৮৪ লাখ ভোট আহৰণ কৰিলেই অনায়াসে পুনৰ চৰকাৰ কৰিব পাৰিব৷
আছু, যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠিত অসম জাতীয় পৰিষদে ইতিমধ্যে ঘোষণা কৰিছে– তেওঁলোকে এইবাৰ অকলেই বিজেপিক ওফৰাই দিছপুৰত চৰকাৰ গঠন কৰিব৷ তেওঁলোকৰ এই সপোন কিমানদূৰ ফলৱতী হ’ব বুলি ভাবে?
– মই জনাত তেওঁলোকে যি ভোট লাভ কৰিব, সেই ভোট আমাৰ নহয়, বিৰোধীৰ ভোটহে কাঢ়ি নিব৷ বিৰোধী দল কংগ্রেছ–এআইইউডিএফে লাভ কৰিবলগীয়া সম্পূর্ণ ভোট যদি তেওঁলোকে কাঢ়ি নিব পাৰে, ১০০ শতাংশ কাঢ়িব পাৰে, তেতিয়াহ’লে তেওঁলোক প্রধান বিৰোধী দল হ’ব পাৰিব৷
কংগ্রেছ–এআইইউডিএফৰ্ ভোট তেওঁলোকে কাঢ়িবলৈ সক্ষম হ’ব জানো?
– তেওঁলোকৰ বক্তব্যৰ আধাৰত মই সেই কথা কৈছোঁ৷ কাৰণ তেওঁলোকে চৰকাৰ গঠনৰ কথা কৈছে৷ কিন্তু মই কৈছোঁ– তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে৷ প্রধান বিৰোধী হ’ব পাৰিব, যদিহে কংগ্রেছ–এআইইউডিএফে পাবলগীয়া ভোট সম্পূর্ণৰূপে কাঢ়ি আনিব পাৰে৷ ইয়াৰ অন্যথা তেওঁলোক প্রধান বিৰোধীও হ’ব নোৱাৰে৷ ৰাজ্যখনৰ কার্বি আৰু ডিমাচা জনগোষ্ঠীৰ গৰিষ্ঠসংখ্যক আমাৰ লগত আছে৷ পাহাৰীয়া জিলা তিনিখনত থকা ৫টা বিধানসভা সমষ্টিয়ে বিজেপিৰ দখললৈ আহিব৷ মিচিং জনগোষ্ঠীৰ সন্মিলিত গণশক্তি আমাৰ লগত আছে৷ জনগোষ্ঠীটোৰ নৱ দলে বর্তমান মন্ত্রী৷ ডাঃ ৰণোজ পেগু বিধায়ক৷ ভুবন পেগু আমাৰ সহযোগী বিধায়ক৷ বড়ো জনগোষ্ঠীৰো গৰিষ্ঠসংখ্যক আমাৰ লগত থাকিব৷ ৰাভা জনগোষ্ঠীৰ সৈতেও আমাৰ মিত্রতা আছে৷ আহোম, মৰাণ, মটক, চুতীয়া জনগোষ্ঠীৰো অধিকাংশ ভোট আমিয়েই লাভ কৰিম৷ ৰাজ্যখনৰ জনজাতি–জনজাতিস আমাৰ লগতে আছে৷ তদুপৰি আমাৰ চৰকাৰে যোৱা চাৰে চাৰিটা বছৰত জাতি–মাটি–ভেটি ৰক্ষাৰ বাবে কাম কৰি অহাৰ উপৰি সর্বস্পর্শী–সর্বব্যা সাহায্যৰ কাম কৰিছে৷ মাটি ৰক্ষাৰ ক্ষেত্রত ইতিমধ্যে ৪০ হাজাৰ লোকক মাটিৰ পট্টা প্রদান কৰা হৈছে৷ অহা ৫ অক্টোবৰত পুনৰ ৬০ হাজাৰ লোকক মাটিৰ পট্টা প্রদান কৰা হ’ব৷ ১২.৬৭ লাখ লোকক জ্যেষ্ঠ নাগৰিক পেন্সন দিয়া হৈছে৷ ২.৭০ লাখ পৰিয়ালক পি এম এ ৱাই আঁচনিৰ অধীনত ডেৰ লাখকৈ টকা ব্যয়সাপেক্ষে আৱাস নির্মাণ কৰি দিয়া হৈছে৷ ৩৮ লাখ পৰিয়ালক বিনামূলীয়া গেছৰ সংযোগ দিয়া হৈছে৷ সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ নথকা ৯০ শতাংশ মানুহৰ ঘৰলৈ বিদ্যুৎ সংযোগ দিয়া হৈছে৷ ১.৫৩ লাখ মহিলাক বিধৱা পেন্সন দিয়া হৈছে৷ ১.৮৩ লাখ দিব্যাংগক পেন্সন দিয়া হৈছে৷ অৰুণোদয় আঁচনিৰ অধীনত ৭০ লাখ বিধৱা, অবিবাহিতা, দিব্যাংগ, স্বামীয়ে খেদি দিয়া মহিলাক মাহে ৮৩০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এইসকল লাখ লাখ হিতাধিকাৰীৰ এটা ভোটো নতুন দলটোৱে লাভ নকৰে৷
তেনেহ’লে আছু, যুৱ–ছাত্র পৰিষদে নতুন দল গঠনৰ কাৰণ কি? কিহৰ আধাৰত তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব বুলি ভাবিছে?
-তেওঁলোকক তপত ভাতৰ ধোঁৱাই চকুত ধৰা যেন বুলি মই উপলব্ধি কৰোঁ৷ তাৰ বাবেই তেনেদৰে ভাবিব পাৰিছে৷
অহা বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ আসন দখলৰ লক্ষ্য স্থিৰ কৰিছে৷ বিজেপিয়ে এককভাৱে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে?
– কোন দলে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰে, মিত্রদলক কিমান আসন এৰি দিয়ে, এই সকলো বিষয় নির্বাচনৰ সময়ত দলৰ ৰাষ্ট্রীয় সমিতিয়ে স্থিৰ কৰিব৷ এই মুহূর্তত আমি কোনটো সমষ্টি অগপৰ দখলত আছে, কোনটো সমষ্টি বিপিএফৰ দখলত আছে, তাৰ ওপৰত আমি গুৰুত্ব দিয়া নাই৷ আমি ১২৬টা সমষ্টিতে সংগঠন কৰি আছোঁ৷ মিত্রতাৰ বিৰোধিতা কৰি আমি প্রতিটো সমষ্টিতে সংগঠন কৰা নাই৷ আমি সংগঠন কৰিছোঁ মিত্রতাৰ দোহাই দি মিত্রদলেও যাতে নির্বাচনৰ সময়ত উপকৃত হ’ব পাৰে৷ বিগত সময়ছোৱাত মিত্রদল বিপিএফে বিটিচিৰ অধীনস্থ কোকৰাঝাৰ লোকসভাত আমাক সংগঠন কৰিবলৈ দিয়া নাছিল৷ মিত্রতাৰ দোহাই দি আমাক সংগঠন কৰিবলৈ নিদিলে৷ যোৱা লোকসভা নির্বাচনৰ ফলাফলত দেখা গ’ল যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনস্থ সৰভোগ আৰু ভৱানীপুৰ বিধানসভা সমষ্টিতহে মিত্রদলে লীড ল’বলৈ সক্ষম হয়৷ সৰভোগ আৰু ভৱানীপুৰ সমষ্টিৰ এটা অংশ বিটিচিৰ বাহিৰত থকা হেতু বিজেপিৰ সংগঠন থকা বাবেই সেয়া সম্ভৱ হৈ পৰে৷ লোকসভা নির্বাচনৰ সময়ত কোকৰাঝাৰত বিজেপিৰ দুই লাখ সদস্য আছিল৷ এতিয়া এই সদস্যৰ সংখ্যা ৫.৪০ লাখলৈ বৃদ্ধি পাইছে৷ বিজেপিয়ে ইতিমধ্যে সম্পূর্ণ বুথ গঠন কৰিছে৷ বিৰোধীৰ দখলত থকা বৰপেটা, ধুবুৰী লোকসভাতো বিজেপিয়ে সংগঠনৰ কাম পূর্ণগতিত কৰিছে৷ সংখ্যালঘু অধ্যুষিত অঞ্চলতো সংগঠন কৰা হৈছে৷ যাৰ বাবে পূর্বতে মাত্র ২,০০০–৩,০০০ ভোট লাভ কৰা জনিয়া সমষ্টিৰ উপ–নির্বাচনত যোৱা বছৰ বিজেপিয়ে ১৫,০০০ ভোট লাভ কৰিবলৈ সক্ষম হয়৷
হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সৈতে অহা নির্বাচনতো মিত্রতা অব্যাহত থাকিবনে?
– ৰাষ্ট্রীয় সমিতিয়ে এই বিষয়ে চিন্তা কৰিব৷ অৱশ্যে ব্যক্তিগতভাৱে সুধিলে মই অন্য মত আগবঢ়াম৷ যোৱা লোকসভা নির্বাচনত বড়ো অধ্যুষিত অঞ্চলত যি দলে সর্বাধিক ভোট লাভ কৰিছে আৰু আসন্ন বিটিচি নির্বাচনত বড়ো অধ্যুষিত অঞ্চলত যিয়ে সর্বাধিক ভোট লাভ কৰিব, সেই দলৰে মিত্রতা কৰাৰ প্রস্তাৱ আগবঢ়াম৷ কাৰণ মিত্রতাৰ নামত মিত্রতা কৰিলে নহ’ব, সামাজিক আৰু ৰাজনৈতিক লাভালাভৰ দিশলৈও চাব লাগিব৷
বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন আৰু বিটিচি নির্বাচন পিছুৱাই থকাক কেন্দ্র কৰি বিপিএফে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷ এই সম্পর্কত আপুনি কি কয়?
– মানুহক মৃত্যুমুখলৈ ঠেলি দি স্বাস্থ্য বিভাগে এই মুহূর্তত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আগ্রহী নহয়৷ আমাৰ ৰাজ্যখনত দিনকদিনে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা, আক্রান্তৰ সংখ্যা বাঢ়ি আছে৷ সেয়ে স্বাস্থ্য বিভাগৰ সিদ্ধান্ত সঠিক সিদ্ধান্ত বুলি ভাবোঁ৷ বিটিচিত এইবাৰ আমাৰ নেতৃত্বতে যিহেতু চৰকাৰ গঠন হ’ব, সেয়ে মৃত্যু সন্মুখত ৰাখি নির্বাচন অনুষ্ঠিত কৰিব বিচৰা নাই৷ ৰাইজেও তেনেদৰে নির্বাচন অনুষ্ঠিত কৰাটো বিচৰা নাই৷ সমাগত বিহাৰৰ বিধানসভা নির্বাচন পর্যবেক্ষণ কৰি আৰু ৰাজ্যৰ ক’ভিডজনিত পৰিৱেশ ভাললৈ আহিলেই বিটিচি নির্বাচন অনুষ্ঠিত হ’ব৷ তদুপৰি বিপিএফৰ নির্বাচনী প্রচাৰৰ পদ্ধতি বেলেগ আৰু আমাৰ পদ্ধতি বেলেগ৷ তেওঁলোকৰ সেই পদ্ধতিৰ শক্তি এতিয়া কমি আহিছে৷ তাৰ বাবেই তেওঁলোকে মানুহ মাৰি হ’লেও নির্বাচন অনুষ্ঠিত কৰাটো বিচাৰিছে৷
মিত্রদল অগপই বর্তমান তেওঁলোকৰ দখলত থকা আটাইকেইটা সমষ্টি অহা বিধানসভা নির্বাচনত এৰি দিব লাগিব বুলি দাবী উত্থাপন কৰিছে৷ তেওঁলোকৰ সেই দাবী সম্পর্কত বিজেপিৰ স্থিতি কি?
– আমি ৰাজ্যিক পর্যায়ত প্রতিটো সমষ্টিৰ ওপৰত ছার্ভে আৰম্ভ কৰিছোঁ৷ বাহিৰৰ প্রতিষ্ঠানৰ জৰিয়তে এটা পষেক আগৰ পৰা এই ছার্ভে চলোৱা হৈছে৷ দলৰ ৰাষ্ট্রীয় সমিতিয়েও তিনিটা ছার্ভে কৰিব৷ ৰাজ্যিক পর্যায় আৰু ৰাষ্ট্রীয় পর্যায়ৰ চাৰিওটা ছার্ভে ১২৬টা সমষ্টিৰ ওপৰতে হ’ব৷ সেই ছার্ভেত কোন সমষ্টিত কোন দলৰ ‘পাৰফর্র্মেন্স’ কেনেধৰণৰ, সেয়া প্রকাশ পাব৷ সেই সকলোবোৰ চালি–জাৰি চাই সঠিক সময়ত সঠিক সিদ্ধান্ত গ্রহণ কৰা হ’ব৷
বিৰোধী দল কংগ্রেছে ইতিমধ্যে এআইইউডিএফৰে মিত্রতা কৰিছে৷ বাঁওপন্থী দলসমূহেও কংগ্রেছৰে মিত্রতা কৰাত সেউজ সংকেত প্রদান কৰিছে৷ কংগ্রেছ–এআইইউডিএফৰ্ এই মিত্রতাই নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাত বিজেপিক ক্ষতিগ্রস্ত নকৰিব জানো?
– কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই আমাক বিশেষভাৱে ক্ষতিগ্রস্ত নকৰে৷ ১২টা সমষ্টিত আমি ক্ষতিগ্রস্ত হ’ম, য’ত যোৱা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফে লাভ কৰা ভোট লগ লগালে আমাৰ সৈতে ভোটৰ ব্যৱধান ১৫,০০০ৰ পৰা ২০,০০০ৰ অধিক হ’ব৷ কিন্তু যোৱা নির্বাচনত আমি যিবোৰ সমষ্টিত ২০,০০০ৰ পৰা ২৫,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছোঁ, সেইবোৰ সমষ্টিত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাই বিজেপিক একো ক্ষতি কৰিব নোৱাৰে৷ অৱশ্যে মিত্রদলৰ হাতত থকা মুঠ ৫টা সমষ্টিত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে ক্ষতি হ’ব পাৰে৷ ইয়াৰ বিপৰীতে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ বাবে আমি এইবাৰ ৮টা সমষ্টিত লাভান্বিত হ’ম৷ বর্তমান বিৰোধীৰ দখলত থকা উজনি অসমৰ সৰুপথাৰ, গোলাঘাট, নাজিৰা, ডুমডুমা, শিৱসাগৰ, মৰিয়নি, তিতাবৰ আৰু উত্তৰ অসমৰ নাওবৈচা সমষ্টি এইবাৰ বিজেপিৰ দখললৈ আহিব৷
আপোনাৰ ব্যক্তিগত প্রসংগ এটালৈ আহিছোঁ৷ অহা বিধানসভা নির্বাচনত আপুনি সৰভোগ সমষ্টিৰ পৰিৱর্তে আন সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি চর্চা চলি আছে৷ এই চর্চাৰ সত্যতা কিমান?
– মোৰ এতিয়া সেইটোৱেই বিপদ হৈছে৷ যোৱা মাধৱদেৱৰ তিথিৰ দিনা মই মহাপুৰুষজনাই প্রতিষ্ঠা কৰি যোৱা পলাশবাৰীৰ সৰু হেৰামদো সত্রলৈ গ’লোঁ সেৱা ল’বলৈ৷ তাৰ পিছতেই ছ’চিয়েল মিডিয়াত খবৰ ওলাল মই এইবাৰ পলাশবাৰীৰ পৰা নির্বাচন খেলিম বুলি৷ শংকৰদেৱৰ তিথিৰ দিনা মই পশ্চিম গুৱাহাটী সমষ্টিৰ এখন সত্রলৈ গ’লোঁ৷ লগে লগে খবৰ ওলাল মই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নির্বাচন খেলিম৷ কিছুদিন পূর্বে পাটাছাৰকুছি সমষ্টিৰ ডুমুৰীয়া সত্রলৈ গৈছিলোঁ৷ ডুমুৰীয়া সত্রলৈ যোৱাৰ পিছতেই খবৰ ওলাল মই পাটাছাৰকুছি সমষ্টিৰ পৰা নির্বাচন খেলিম বুলি৷ ২০ দিনমান পূর্বে মই ভৱানীপুৰৰ কলবাৰী সত্রলৈ গ’লোঁ৷ তাৰ পিছতে চর্চা আৰম্ভ হ’ল মই ভৱানীপুৰৰ পৰা নির্বাচন খেলাৰ৷ যোৱা দেওবাৰে মই নিজ সমষ্টি সৰভোগত ২০টা নামঘৰক আর্থিক সাহায্য আগবঢ়ালোঁ৷ লগে লগে ছ’চিয়েল মিডিয়াত খবৰ ওলাল– মই সৰভোগ সমষ্টিতে নির্বাচন খেলিম বুলি৷ হয়তো সংশ্লিষ্ট সমষ্টিৰ ৰাইজে মোক তেওঁলোকৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰাটো বিচাৰে বাবেই মই সেই সমষ্টিলৈ যোৱাৰ লগে লগে মোৰ নামটো চর্চালৈ আহে বুলি মই ধাৰণা কৰিছোঁ৷
কিছুদিন পূর্বে আপুনি অহা নির্বাচনত বর্তমানৰ মন্ত্রী–বিধায়কসকল্ ৰিপ’ট কার্ড চাই প্রার্থিত্ব দিয়াৰ কথা কৈছিল৷ আপোনালোকৰ দলৰ প্রার্থী বাছনি প্রক্রিয়া কেতিয়াৰ পৰা আৰম্ভ হ’ব?
– জনসাধাৰণৰ জৰিয়তে ৰিপ’ট কার্ড যুগুতোৱাৰ বাবে দলৰ তৰফৰ পৰা ইতিমধ্যে ৱেৱছাইট মুকলি কৰি দিয়া হৈছে৷ সেই ৱেবছাইটত বিধায়কসকলৰ ৰিপ’ট কার্ড জনসাধাৰণে দি আছে৷ তদুপৰি ইতিমধ্যে কৈছোঁৱেই যে দলৰ ৰাজ্যিক আৰু ৰাষ্ট্রীয় পর্যায়ৰ তৰফৰ পৰা মুঠ চাৰিটা পর্যায়ত প্রতিটো বিধানসভা সমষ্টিতে ছার্ভেৰ ব্যৱস্থা কৰা হৈছে৷ সেই ছার্ভেৰ প্রতিবেদন অহাৰ পিছতেই ৰাজ্যিক বিজেপিয়ে বিধায়কসকলৰ ৰিপ’ট কার্ড সংগ্রহৰ বাবে মুকলি কৰি দিয়া ৱেবছাইটটো বন্ধ কৰি দিব৷ তাৰ পিছত ৰিপ’ট কার্ডত অহা তথ্য আৰু ছার্ভেৰ ৰিপ’ট মিলাই দলে প্রার্থী বাছনিৰ পদক্ষেপ আৰম্ভ কৰিব৷
সম্প্রতি অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তিৰ বাছনি পৰীক্ষাক লৈ যি কেলেংকাৰি সংঘটিত হৈছে, তাত একাংশ বিজেপি নেতাৰো নাম সাঙোৰ খাই পৰিছে৷ এই বিষয়ত আপুনি কি কয়?
– বিভিন্ন সংবাদ মাধ্যমত বিজেপি দলৰ একাংশ সদস্যৰ নাম সেই কেলেংকাৰিৰ সৈতে সাঙোৰ খোৱা দেখিছোঁ৷ এই কেলেংকাৰিৰ সৈতে বিজেপি দলৰ যিসকলৰ নাম ওলাইছে, আটাইকে তদন্তৰ আওতালৈ আনিবলৈ চৰকাৰক কৈছোঁ৷ যিসকলৰ বিৰুদ্ধে পোনপটীয়া প্রমাণ আছে, তেওঁলোকক গ্রেপ্তাৰ কৰিবলৈ কৈছোঁ৷ এই কেলেংকাৰিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ইতিমধ্যে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ চৰকাৰে অতি স্বচ্ছভাৱে পৰীক্ষাটো পাতিবলৈ লৈছিল৷ যাৰ বাবে প্রশ্ণকাকত ফাদিল হোৱাৰ লগে লগে চৰকাৰে পৰীক্ষাটো বন্ধ কৰি দিলে৷ চৰকাৰৰ স্বচ্ছ মানসিকতাক লৈ কোনো সন্দেহ নাই৷
এই কেলেংকাৰিত আপোনালোকৰ দলৰ টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাৰো নাম ওলাইছে৷ তেওঁৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’বনে?
– বিধায়ক বিমল বৰাৰ বিষয়টোক লৈ দলে ইতিমধ্যে স্পষ্টীকৰণ দিছে৷ বিমল বৰা এগৰাকী সৎ ব্যক্তি বুলি সকলোৱে জানে৷ সেয়ে মোৰ মনে নকয় বিমল বৰা জড়িত বুলি৷ এইক্ষেত্রত সুনির্দিষ্ট অভিযোগ দিব পাৰিলে নিশ্চয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কিন্তু কেৱল অভিযোগৰ নামত মুখেৰে অভিযোগ কৰিলেই নহ’ব, সুনির্দিষ্ট তথ্য–প্রমাণ লাগিব৷
কেলেংকাৰিটোত অভিযুক্ত বিজেপিৰ দিবন ডেকাই তেওঁৰ ফেচবুক পোষ্ট এটাত অসম আৰক্ষীত একাংশ অসৎ বিষয়া আছে বুলি গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ দিবন ডেকাৰ সেই মন্তব্য সম্পর্কত কি কয়?
– অসৎ বিষয়া আছে বাবেই যুৱৰাজ সিঙক ধুবুৰীৰ আৰক্ষী অধীক্ষক পদৰ পৰা বদলি কৰিব লগা হৈছে৷ এইক্ষেত্রত দিবন ডেকাই তদন্তকাৰী আৰক্ষীক সহযোগিতা আগবঢ়াই সেইসকল অসৎ আৰক্ষী বিষয়াক চিনাক্ত কৰাওক৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আৰক্ষীৰ এই নিযুক্তি কেলেংকাৰিৰ সৈতে আৰ এছ এছ জড়িত বুলি কৈছে৷ বিষয়টোত আপোনাৰ প্রতিক্রিয়া কি?
– ৰিপুণ বৰাই কি যুক্তিৰ আধাৰত সেই কথা ক’লে, মই নাজানো৷ মই ভাবোঁ– এই কেলেংকাৰিৰ সৈতে কংগ্রেছৰ মানুহ জড়িত আছে৷ জনমানসত চৰকাৰখনৰ ভাবমূর্তি হেয় কৰাৰ বাবে কংগ্রেছৰ মানুহেই সেই কেলেংকাৰি সংঘটিত কৰোৱাৰ সন্দেহ হয়৷ আৰ এছ এছ এটা পৱিত্র সংগঠন, যিয়ে ৰাষ্ট্রৰ বাবে সমগ্র জীৱন সমর্পণ কৰি আহিছে৷ ১৯২৫ চনতেই স্থাপিত আৰ এছ এছে কোনো চৰকাৰৰ পৰা কোনোধৰণৰ সহায় নোলোৱাকৈ চলি আহিছে৷