দেৱালীৰ সময়ত ঘৰত ৰাখিব নালাগে এনে ৮বিধ অশুভ সামগ্ৰী…
নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব দীপাৱলী। এই দিনটোতে লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰা বুলি বিশ্বাস কৰা হয়। লক্ষ্মী দেৱীক আমন্ত্ৰণ জনোৱাৰ বাবে বন্তি জ্বলোৱা হয়, যাতে মাতৃ লক্ষ্মীৰ কৃপা থাকে। কিন্তু এই দিনটোতো ধৰ্মীয় দৃষ্টিকোণৰ পৰা শুভ-অশুভ দিশ থাকে। ঘৰত কিছুমান কাৰকৰ বাবে লক্ষ্মী সন্তুষ্ট নহয়। দীপাৱলীৰ আগতে ঘৰৰ পৰা আঁতৰাব লাগে এনে বস্তু, যি আজিৰ দিনটোত অশুভ বুলি গণ্য কৰা হয়। জানো আহক এইবিষয়ে।
ভঙা কাঁচঃ যদি আপোনাৰ ঘৰত কোনো গ্লাছ ভাঙিছে বা আপোনাৰ খিৰিকীত ভঙা গ্লাছ আছে, লগে লগে ইয়াক ঘৰৰ পৰা পেলাই দিয়ক আৰু নতুন গ্লাছ লগাওক। কাৰণ ভঙা কাঁচে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে।
বিদ্যুৎঃ দীপাৱলীৰ আগতে বেয়া হৈ থকা বিদ্যুৎ আদি ঠিক কৰক। দীপাৱলীৰ সময়ত আন্ধাৰক অমংগলৰ প্ৰতীক বুলি গণ্য কৰা হয়।
ভগা প্ৰতিমা আঁতৰাওকঃ ঘৰত কেতিয়াও ভগা প্ৰতিমা নাৰাখিব। এনে কাৰ্যই ঘৰত অভাৱ বৃদ্ধি কৰে।
ভগা আচবাবঃ বাস্তু শাস্ত্ৰ মতে, ঘৰত ভগা আচবাব ৰখাটো অশুভ। ঘৰৰ আচবাব সদায়ে সঠিক স্থিতিত থাকিব লাগে। ভগা আচবাবে ঘৰত বেয়া প্ৰভাৱ পেলায়।
অচল ঘড়ীঃ বাস্তু মতে, ঘড়ী প্ৰগতিৰ প্ৰতীক। যদি আপোনাৰ ঘৰত ভগা বা অচল ঘড়ী থাকে, ইয়াক দীপাৱলীৰ আগতে ঘৰৰ পৰা আঁতৰাওক।
পৰিষ্কাৰ-পৰিচ্ছন্নতাঃ দীপাৱলীৰ আগতে মানুহে ঘৰ পৰিষ্কাৰ কৰে যদিও ঘৰৰ ছাদ অপৰিষ্কাৰ হৈয়ে থাকে। দীপাৱলীৰ আগতে ঘৰৰ ছাদ পৰিষ্কাৰ কৰক আৰু চৌহদো পৰিষ্কাৰ কৰাটো বাঞ্ছনীয়।
ফটা জোতা-চেণ্ডেলঃ দীপাৱলীৰ আগতে ঘৰটো পৰিষ্কাৰ কৰোঁতে আপোনাৰ পুৰণি আৰু ফটা জোতা উলিয়াবলৈ নাপাহৰিব। ফটা জোতা আৰু চেণ্ডেল আদি লক্ষ্মীক আদৰাৰ ক্ষেত্ৰত অশুভ।
ভঙা বাচনঃ ঘৰত কেতিয়াও ভঙা বাচন নাৰাখিব। ঘৰত থকা ভঙা বাচনক অশুচি বুলি গণ্য কৰা হয়।
লক্ষ্মীক আদৰাৰ ক্ষেত্ৰত নতুন ঝাড়ু ঘৰলৈ অনাৰ লগতে পুৰণি ঝাড়ু সদায় সঠিক স্থানত সঠিককৈ ৰাখিব লাগে।