নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটেৰী পেড

-শ্যামজ্যোতি শইকীয়া

স্কটলেণ্ডত অলপতে মাহেকীয়া সম্পর্কীয় ছেনিটেৰী পেড আৰু অন্যান্য সামগ্রীৰ বিনামূল্যত বিতৰণৰ ঘোষণা হৈছে সকলোৰে বাবে৷ ই এক বহু প্রতীক্ষিত নাৰীবাদী যুগান্তকাৰী পদক্ষেপ বিশ্বত প্রথম৷ লেবাৰ দলৰ মণিকা লেন্ননে এই বিলখন উত্থাপন কৰিছিল৷ এক সমীক্ষা মতে ব্রিটেইনত ১০ শতাংশ ছোৱালীয়ে মাহেকীয়া সামগ্রী কিনিবলৈ অক্ষম, ১৯ শতাংশই নিম্নমানৰ সামগ্রী ক্রয় কৰে সামর্থ্যৰ অভাৱত৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্রীৰ বাবে মাহে ওঠৰ ছেনিটেৰী পেডৰ ঘোষণা কৰি কয় ‘ইয়াৰ জৰিয়তে মাহেকীয়াজনিত স্বাস্থ্য উন্নত কৰাৰ লগতে ছাত্রীৰ শিক্ষাত ই যোগাত্মক প্রভাৱ পেলাব৷ বহুলভাৱে ই মহিলা সবলীকৰণত সহায় কৰিব৷’ ই এক বিশেষ তত্ত্বাৱধান, ভাৰতত প্রথম আৰু নিঃসন্দেহে এক সবল প্রতিশ্রুতি৷ মন্ত্রীগৰাকীয়ে ঘোষণা কৰাৰ দৰেই ই নাৰী সবলীকৰণত বিশেষ প্রভাৱ পেলাব বহুকেইটা দিশত৷ মাহেকীয়া আমাৰ সমাজত এতিয়াও নিষিদ্ধ এটা প্রক্রিয়া, চুৱা লগা তথাকথিত লেতেৰা৷ যেন নাৰী মাহে–মাহে শুদ্ধ হ’ব লাগে৷ ৰাস্তালৈ ওলাব নাপায়, নদী পাৰ হ’ব নাপায়, একো চুব নাপায়৷ যেন মাহেকীয়াতকৈ পৃথিৱীত আৰু অশুদ্ধি একোৱেই নাই৷ এনে প্রেক্ষাপটত চৰকাৰী বিদ্যালয়ৰ ছাত্রীক বিনামূল্যত পেড বিতৰণৰ ঘোষণাই মাহেকীয়া সম্পর্কীয় সামাজিক মানসিকতাত এক যোগাত্মক পৰিৱর্তন আশা কৰিব পাৰি৷
মাহেকীয়া এক সাধাৰণ প্রাকৃতিক প্রক্রিয়া৷ ইয়াৰ লগত জডিত হৈ থকা ভুল ধাৰণা ইমানেই ভয়ংকৰ যে ই ছোৱালীৰ শাৰীৰিক আৰু মানসিক দিশত বৰ দ’কৈ আঘাত হানে৷ ভাৰত, ইণ্ডোনেছিয়া, পশ্চিম নেপাল, নাইজেৰিয়া আদিকে ধৰি বিভিন্ন ঠাইত মাহেকীয়া হ’লে ছোৱালীক বহুক্ষেত্রত আনকি খেৰ–বন পাৰিহে শুবলৈ দিয়া হয়৷ বহু ঠাইত ঘৰৰ পৰা দূৰৈত মাহেকীয়া হোৱা ছোৱালীৰ কাৰণে বেলেগে জুপুৰি সাজি দিয়া হয়, য’ত সাধাৰণতে কোনো সুবিধা নাথাকে৷ ইজৰাইল, আফগানিস্তান আদি দেশতো মাহেকীয়াৰ লগত বিভিন্ন অন্ধবিশ্বাস জডিত হৈ আছে৷ বহু দেশৰ ঠাইবিশেষে আনকি ছেনিটেৰী পেড ব্যৱহাৰ নকৰিবলৈহে বুজোৱা হয়৷ ফলস্বৰূপে নিউমোনিয়া, শ্বাস–প্রশ্বাসজনিত বেমাৰ, ইউনিটেৰী ইনফেকচ্ন আদিত অতি সহজে আক্রান্ত হয়৷ মুঠৰ ওপৰত বিজ্ঞানসন্মত, স্বাস্থ্যকৰভাৱে থকাৰ পৰা মাহেকীয়া হোৱা ছোৱালীক বঞ্চিত কৰি ভয়ংকৰ অৱস্থালৈকে ঠেলি দিয়া হয়৷ ২০১৬ চনত প্রকাশিত বিল আৰু মিলিণ্ডা ফাউণ্ডেচনৰ ৰিপ’ট ‘মেনষ্ট্রুৱেল হেলথ ইন ইণ্ডিয়া’ত উল্লেখ কৰিছে যে ভাৰতত ৭১ শতাংশ ছোৱালীৰ প্রথম ঋতুস্রাৱৰ আগলৈকে এই সম্পর্কে কোনো সজাগতা নাথাকে৷ সেইদৰে ৭০ শতাংশ নাৰীৰ পৰিয়ালে ছেনিটেৰী পেড কিনিবলৈ সক্ষম নহয়৷ ২০১২ চনৰ সমীক্ষা মতে ৪০ শতাংশ চৰকাৰী বিদ্যালয়ত ব্যৱহাৰযোগ্য টয়লেট নাই আৰু ৪০ শতাংশৰ ক্ষেত্রত ছোৱালীৰ বাবে সুকীয়া টয়লেটৰ ব্যৱস্থা নাই৷ ঋতুস্রাৱৰ সজাগতানো কিমান ছোৱালীৰ থাকে৷ ভাৰতত ছোৱালী এইক্ষেত্রত বহুলভাৱে মাকৰ ওপৰত নির্ভৰশীল কিন্তু ৭০ শতাংশ মাতৃয়ে ঋতুস্রাৱক লেতেৰা, অপৱিত্র জ্ঞান কৰে৷ ইউনাইটেড নেচন পপুলেচন ফাণ্ডৰ মতে মাহেকীয়াৰ সময়ত অযুক্তিকৰ আৰু অস্বাস্থ্যভাৱে কষ্ট দিয়াটো মানৱ অধিকাৰ ভংগৰ বিষয়৷ ঋতুস্রাৱৰ ফলত ছাত্রীৰ বিদ্যালয় বাদ পৰা হাৰ অতিকে বেছি৷ দাচ্ৰা নামৰ এক বেচৰকাৰী সংস্থাই ২০১৫ চনত হিচাপ কৰি উলিয়াইছে যে ঋতুস্রাৱৰ ফলত বছৰি ২৩ মিলিয়ন ছাত্রী বিদ্যালয়ৰ পৰা বাদ পৰে ভাৰতত৷ অসমতো ই অতিকে উদ্বেগজনক৷ বিশেষকৈ গ্রাম্য অঞ্চলত ছাত্রী ঋতুস্রাৱৰ বাবে অসহনীয় পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হয়৷ এফালে শুদ্ধি–শুদ্ধিৰ বিচাৰ আনফালে ছেনিটেৰী পেড নোহোৱাত কাপোৰত দাগ লগাৰ ভয়৷ মুঠতে এক বিৰাট মানসিক যুদ্ধ৷ ঋতুস্রাৱৰ সময়ত সজাগতা, সুবিধা আৰু সামর্থ্যৰ অভাৱত পেডৰ পৰিৱর্তে কাপোৰ ব্যৱহাৰ কৰাতো স্বাস্থ্যৰ পক্ষে মাৰাত্মক৷ ই ভয়ংকৰ সংক্রমণজনিত বেমাৰৰ উৎস৷ অসম কামাখ্যা দেৱীৰ স্থান৷ এই দেৱীক ৰজস্বলা অৱস্থাত উপাসনা কৰা হয়৷ বিশ্বৰ বিভিন্ন প্রান্তৰ উপাসকসকল আহে অম্বুবাচী মেলাৰ সময়ত৷ এনেক্ষেত্রত আমাৰ সমাজত সাধাৰণতে ঋতুস্রাৱ সম্পর্কীয় ঋণাত্মক সামাজিক মানসিকতা অতিকে চিন্তনীয়৷ ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটত ঋতুস্রাৱৰ অস্পৃশ্যতাৰ বিৰুদ্ধে বিভিন্নধৰণৰ সজাগতা আন্দোলন গঢ়ি উঠিছে৷ ৰেড্ টেণ্ট, হাইকু, হেপি টু ব্লিড, ছেনিটেৰী পেড মহমেণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য৷ ভাৰততো ৰূপি কৌৰৰ এক সামাজিক মাধ্যমৰ প’ষ্টে ইয়াৰ আৰম্ভণি কৰিলে৷ ঋতুস্রাৱৰ তেজৰ দাগ লগা পায়জামা পৰিহিত তেওঁৰ ফটোসমূহে ঋতুস্রাৱজনিত আলোচনালৈ সমাজক টানি আনিলে৷ অসমত বিভিন্ন বেচৰকাৰী খণ্ডৰ গোটসমূহে বিশেষকৈ গ্রাম্য অঞ্চলত সজাগতাৰ প্রয়াস কৰিছে৷ কম খৰচত স্বাস্থ্যজনিত ছেনিটেৰী পেড বনাবৰ প্রশিক্ষণ প্রদান কৰিছে পাৰিজাত একাডেমীৰ উদ্যোগত৷ চাহ বাগিচাসমূহত ইউনিচেফে সজাগতা সৃষ্টি আৰু ছেনিটেৰী সামগ্রী বিতৰণত সহায় কৰিছে৷ বর্তমান সময়ত আদৰণীয় কথাটো হৈছে যে মাহেকীয়া বিষয়ক সজাগতা সৃষ্টি কৰিবৰ বাবে বিভিন্ন মাধ্যমৰ বহুল প্রয়োগ হৈছে৷ গ্রাম্য ভাৰতৰ পটভূমিত নির্মিত ‘পিৰিয়ড য়েন্দ অৱ চেণ্টেনছ’ শীর্ষক সৰু চিনেমাখনে ৯১তম অস্কাৰ লাভ কৰে৷ গুণীত মংগ্রাৰ ছীক্ষা এণ্টাৰটেইনমেণ্টে প্রযোজনা কৰা এই সৰু চিনেমাখন লছ এঞ্জেলছৰ অ’ৱাকউড স্কুলৰ ছাত্র–ছাত্রী আৰু শিক্ষক মেলিচা বার্টনৰ দ্বাৰা আৰম্ভ হোৱা পেড্ প্রজেক্টৰ ওপৰত৷ ইয়াত দেখুওৱা হৈছে দিল্লীৰ পৰা দূৰৈৰ হাপুৰ গাঁও য’ত নাৰীসকলে অতি শক্তিশালীভাৱে মাহেকীয়া জডিত কুসংস্কাৰ আৰু ভ্রমৰ বিপক্ষে এক আন্দোলনৰ নেতৃত্ব দিছে৷ তেওঁলোকে কেতিয়াও পেড ব্যৱহাৰ কৰা নাছিল, যাৰ পৰিপ্রেক্ষিতত বিভিন্ন বেমাৰ হোৱাৰ উপৰি ক্রমান্বয়ে ছোৱালীৰ বিদ্যালয় এৰাৰ হাৰ বাঢ়ি গৈছিল৷ যেতিয়া গাঁৱত পেড বিলোৱা এটা মেচিন স্থাপন কৰা হ’ল, মহিলাসকলে নিজে পেড বনাবলৈ ধৰিলে৷ এই পেডৰ নাম দিলে ফ্লাই৷ পেড্মেন নামৰ হিন্দী চিনেমাখনৰ দ্বাৰা ছেনিটেৰী পেড বিষয়টি দাঙি ধৰাৰ প্রয়াস কৰা হৈছে, ই অতিকে সময়োপযোগী পদক্ষেপ৷মাহেকীয়াৰ বাবে সমাজত প্রচলিত অস্পৃশ্যতা অসহনীয় আৰু বিৰাট অজ্ঞতাৰ পৰিচায়ক৷ অতীতত মাহেকীয়া হোৱা মহিলাক পৃথকে ৰখা হৈছিল ইয়াৰ কাৰণ নথকা নহয়৷ ঢেঁকী দি চাউল উলিয়াব লগাৰ সময় আছিল সেয়া৷ এতিয়া সময় বদলিল৷ এনেক্ষেত্রত পুৰণি নিয়মৰ দোহাইদি সমাজৰ অর্ধেকসংখ্যক জনতাক বৈষম্যৰ বলি কৰাৰ কোনো যুক্তিযুক্ততা থাকিব নোৱাৰে৷ ই এক শ্রেণীৰ সুবিধাবাদ আৰু শোষণ৷ বিদ্যালয়ত অধ্যয়নৰত ছাত্রীক মুক্ত ছেনিটেৰী পেড বিতৰণৰ সিদ্ধান্ত অসমৰ নাৰী সমাজৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ, প্রশংসনীয়৷

You might also like