‘নেইচ্(ৰ্) ৰে’ড্ ইন্ টূথ্ এণ্ড্ ক্ল–’ লেকেচিৰে নহ’ল, ৰাইডাং লাগিল
শিৰীষ সেউতী তমাল মালতী
লৱংগ বাগী গুলাল ৷
কৰৱীক বক কাঞ্চন চম্পক
ফুল ভৰে ভংগে ডাল ৷৷
শেৱালি নেৱালি/পলাশ পাৰলি/পাৰিজাত যুতি জাই/বকুল বন্দুলি/আছে ফুলি ফুলি/ তাৰো সীমা–সংখ্যা নাই//কনৌৰ কনাৰী/কদম্ব বাবৰি/নাগেশ্বৰ সিংহচম্পা/অশোক অপাৰ/ দৱনা মন্দাৰ/মণিৰাজ ৰাজচম্পা//.. (আকৌ)… চন্দন অগৰু/দিব্য কল্পতৰু/দেৱদাৰু পদ্মবচি/ প্রতিগাছে গাছে/ ভিণ্ডা বান্ধি আছে/সুৱর্ণ মাণিকে খচি// মণি মৰকত/থলী নানা মত/দীপ্তি কৰে তাৰ কাছে/মহা মনোহৰ/দিব্য সৰোবৰ/তাৰ মাজে মাজে আছে//… (আকৌ)…সুৱর্ণ কমল/ভেট উতপল/ফুলি ফুলি আছে ৰঞ্জি/ শোভে চক্রবাক/ৰাজহংস জাক/মৃণাল ভুজে উভঞ্জি//… (আকৌ)…চাৰিওপাৰত/দিব্য পুষ্প যত/গন্ধে দশোদিশ বাসে/অনেক ভ্রমৰে/বেড়িয়া গুঞ্জৰে/মধুপান অভিলাষে// যত দিব্য পক্ষী/ ফল ফুল ভক্ষি/তৎজয় সুস্বৰ ৰাৱ/কুহু কুহু ধ্বনি/কোকিলৰ শুনি/বহয় মলয়া বাৱ//
সেয়া আছিল পৰম পৱিত্র গুৰুজনা বিৰচিত কীর্ত্তন (কীর্তন)–ঘোষাৰ ‘হৰ–মোহন’ৰ দ্বিতীয় অধ্যায়ৰ কেইফাঁকিমান পদ৷ কেনে মনোমোহা বর্ণনা প্রকৃতিৰ ৰাণীৰ ৰূপৰ৷ চকুৰ আগত ভাঁহি উঠে নানানবিধ ফুলৰ দৃশ্য, ভাঁহি উঠে জাকে জাকে ৰাজহাঁহে পৰম তৃপ্তিৰে পদুম ফুলৰ ঠাৰিৰে ভুৰি ভোজন কৰাৰ দৃশ্য৷ নাকৰ পাহিত লাগেহি বিবিধ সুগন্ধি ফুলৰ ঘ্রাণ, কাণত বাজেহি কুলি চৰাইৰ সুললিত কু–উ–উ কু–উ–উ মাত, যেন গা চুই যায় এছাটি মলয়া বাই৷ সেই ‘কীর্ত্তন’ৰে ‘ৰাস ক্রীড়া’ৰ প্রথম কীর্ত্তনত আছে– ‘শৰৎ কালৰ ৰাত্রি অতি বিতোপন৷ ৰাস–ক্রীড়া কৰিতে কৃষ্ণৰ ভৈল মন৷৷’ পঢ়িলে, গালে, পঢ়ি–গাই আগুৱাই গৈ থাকিবৰ মন যায়৷ কিন্তু নোৱাৰি৷ সম্পাদনা কক্ষই চেকনি জোকাৰিয়েই আছে ৷
প্রকৃতিৰ কি বিনন্দীয়া ৰূপ৷ পৃথিৱীৰ ভিন্ ভিন্ ভাষাৰ সাহিত্যৰ দৰেই অসমীয়া সাহিত্যৰ ভঁৰালো প্রকৃতিৰ অনিন্দ্যসুন্দৰ ৰূপৰ বর্ণনাৰে মেটমৰা৷ গুৰু দুজনাৰ ৰচনাৰাজি, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, জ্যোতি প্রসাদ আগৰৱালা, ৰঘুনাথ চৌধাৰী, নলিনীবালা দেৱী, আব্দুল মালিক, পার্ৱতি প্রসাদ বৰুৱা, ৰত্নকান্ত বৰকাকতি, আনন্দ চন্দ্র বৰুৱা, যতীন্দ্র নাথ দুৱৰা, নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি আৰু অসংখ্যজনৰ ৰচনাৰাজিত,– গীত, পদ, কবিতা, গল্প, উপন্যাস যিয়েই নহওক– সকলোতে বিৰাজমান প্রকৃতিৰ বিচিত্র ৰূপ ক’ৰবাত বর্ণনাত্মক ভূমিকাত, আন ক’ৰবাত প্রতীক বা ৰূপকৰ ভূমিকাত৷ নদী, বিল, জান, জুৰি, ডোবা, সেউজীয়া পথাৰ, সোণালী পথাৰ, তৰু, তৃণ, লতা, জীৱ–জন্তু, চৰাই–চিৰিকটি, পতংগ, সৰীসৃপ, চিপচিপিয়া, কিনকিনিয়া বৰষুণ, শিলাবৃষ্টি, মলয়া, বৰদৈচিলা, ভাদৰ বলিয়া বান,– স্রষ্টাৰ দৃষ্টিকোণ আৰু নিৰীক্ষণ অনুসাৰে সৃষ্টিৰ ঠায়ে ঠায়ে ইবোৰৰ ৰূপ বা চৰিত্র হয়তো ভিন ভিন৷ কিন্তু বিনন্দীয়া অসমৰ বিনন্দীয়া প্রকৃতিৰ এনে ভিন্ন ৰূপ সর্বত্র বিৰাজমান ৷
গুৰু দুজনাকে ধৰি অসমৰ ভিন্ন ক্ষেত্রৰ পূর্বোক্ত আৰু অনুক্ত, অগ্রজ আৰু অনুজ প্রায় আটাই সাহিত্যিকৰে সৃষ্টিকর্মত অসমৰ মনোমোহা প্রকৃতিৰ উজ্জ্বল ৰূপ৷ অসমৰ প্রকৃতিৰ এই ৰূপৰ মাজেৰেই, কোনোদিনে কেতিয়াও অসমৰ তথা ভাৰতৰ বাহিৰলৈ নোযোৱা লোকেও একাত্মতা স্থাপন কৰিছে ভাৰতৰ তথা পৃথিৱীৰ বিভিন্ন দেশৰ প্রাকৃতিক সৌন্দর্যৰ বিচিত্র ৰূপ৷ একে দৃষ্টি আৰু একে সহূদয়তাৰে অনুভৱ কৰি পুলকিত হৈছে, শিহৰিত আৰু একাত্ম হৈছে– ‘এনিমল প্লেনিট’, ‘ডিস্কাভ্ৰি,’ ‘নেশ্–ন্ল্ জীওগ্রেফিক্’, ‘বী বী ছী এ্যর্থ্’, ‘ট্রেভ্ল্ এ’ক্স্’ আদি টী ভী চেনেলসমূহত আকাশ মার্গ, সুবিশাল সমুদ্র, সুবিশাল অৰণ্যভূমি, স্থলভূমি আৰু আনকি মৰুভূমিৰো মনোমোহা, বাৰেৰহণীয়া জীৱ চৰাচৰ দেখি৷ গুৰুজনাৰ ‘হৰমোহন’ আৰু ‘ৰাস–ক্রীড়া’ত বর্ণিত সেই দিব্যবন–উপবন, জলৰাশি আৰু পক্ষীকুলকে ধৰি সমস্ত জীৱকুলৰ পটভূমিও গুৰুজনাৰ লীলাভূমি অসম তথা বৰদোৱা ৷
বাস্তৱত জীৱাধম হৈও নিজকে জীৱশ্রেষ্ঠ বুলি জাহিৰ কৰা মানৱ জাতিৰ অত্যাচাৰ আৰু উৎপীড়নৰ ফলতে আজি ‘বিশ্ব মানৱ’ৰ এই পৃথিৱী ভীষণভাৱে অসুস্থ কাৰণ, আজি প্রকৃতি ৰুষ্ট৷ সেই মানৱ জাতিৰে কোনো উপ–জাতিয়ে আন সমস্ত উপ–জাতিক বশ কৰি সমগ্র পৃথিৱীত আধিপত্য সাব্যস্ত কৰিবৰ বাবে বিজ্ঞানৰ মহাজ্ঞানেৰে সৃষ্টি কৰা, চকুৰে মণিব নোৱৰা এটা ক্ষুদ্রাতিক্ষুদ্র কিন্তু মাৰাত্মক বীজাণুৰ ত্রাসত বিশ্বৰ সমগ্র মানৱ নিজৰ বন্দীশালত৷ আজিৰ ‘বিশ্ব ত্রাস’ লাদেন (ডেX) নহয়৷ আজিৰ বিশ্ব ত্রাস হ’ল ক’ৰোনা ভাইৰাছ৷ এইখিনিতে, মোৰ মুদ্রাদোষৰ ‘গুণে’ কওঁ যে ‘লাডেন’ নহয়, ‘লাদেন’–হে৷ আৰবী ভাষাত মূর্ধন্য বর্ণ নায়েই৷ পৰিব্রাজক আল্ বিৰুনি ভাৰতলৈ আহোঁতে, এই মূর্ধন্য বর্ণবোৰৰ বাবে বৰ বিপাঙত পৰিছিল৷ বিদেশী শব্দ অসমীয়াত লিপ্যন্তৰিত কৰোঁতে মূলটো জানিবলৈ চেষ্টা কৰাৰ পৰিৱর্তে, আমাৰ প্রায় আটাই লোকে ইংৰাজীকে ভিত্তি কৰি লোৱা হেতুকেহেLaden, Dehradun আৰু, আনকিModi-3, ‘লাদেন’, ‘দে’ৰাদুন’ আৰু ‘মোদী’–ৰ ঠাইত যথাক্রমে ‘লাডেন’, ‘ডেৰাডুন’ আৰু ‘মোডী’ হৈছে একেদৰে,Vadodora (Baroda)টোও, ‘ৱড়োদৰা’–ৰ ঠাইত, অতি হাস্যকৰভাৱে ‘বডোডৰা’
ঘূৰি আহোঁ৷ পৃথিৱীৰ অসুখ কাৰণ, প্রকৃতিৰ ৰোষ আৰু প্রতিশোধ৷ এফালে জৈৱিক সমৰৰ বাবে সম্ভৱতঃ মানৱ জাতিৰ কোনোবাই বিজ্ঞানৰ ‘অগ্রগতি’ৰ বালেৰে পৰীক্ষাগাৰত ‘জন্ম দিয়া’, মাথোন অণুবীক্ষণ যন্ত্রৰেহে মণিব পৰা এটা বীজাণু আৰু, আনফালে, তাৰ পৰিপ্রেক্ষিতত, প্রকৃতিৰ প্রতিশোধৰ কথা এফালে কৃত্রিম ‘সৃষ্টি’, আনফালে বিনন্দীয়া সৃষ্টি, ধ্বংস আৰু নিশ্চিহ্ণ কৰাৰ হুংকাৰ ধ্বনিত ত্রস্ত মানৱৰ হাহাকাৰ৷ দুয়োটাকে সংযুক্ত কৰাটো যেন কিছু কঠিন৷ কিন্তু সেয়ে সত্য৷ প্রকৃতিৰ ধর্ম ভাৰসাম্য৷ এই ভাৰসাম্যৰ ধর্মৰ মাজতে ‘আছে’ বর্তমান বিলুপ্ত ডাইন’ছৰৰ দৰে বিৰাটাকায় প্রাণী আৰু চকুৰে মণিব পৰা–নোৱৰা অর্বুদ কোটি নিৰীহ আৰু বিষাক্ত জীৱাণু৷ এই ভাৰসাম্যত আঘাত পৰিলেই প্রকৃতি বিতুষ্ট হয়৷ লগে লগে অসুখ হয় পৃথিৱীৰ৷ সুখ ‘পৃথিৱীৰ অসুখ,’ – সম্প্রতি এই আষাৰ কথা ধ্বনিত–প্রতিধ্বনিত হৈছে চৌদিশে৷ নিজকে জীৱশ্রেষ্ঠ বুলি দাবী কৰা স্বার্থপৰ, ক্ষুদ্র, অদূৰদর্শী মানৱে,– ‘জীয়াই থাকাঁ আৰু জী থাকিবলৈ দিয়াঁ’– বোলা সমধিকাৰৰ বাণী গচকি–খচকি ‘সভ্যতা’ৰ নামত, ‘উদ্যোগ’ৰ নামত অন্যান্য জীৱকুলৰ জীৱনৰ অধিকাৰ নাকচ কৰি সকলো আত্মসাৎ কৰাৰ অর্থে চলোৱা অহৰহ আগ্রাসন প্রতিৰোধ কৰি মানৱক এক কঠোৰ শিকনি দিবলৈকে যেন মানৱৰ হতুৱাই সৃষ্টি কৰাইছে, প্রকৃতিৰ নিজৰ বুকুতে থকা ক্ষুদ্রাতিক্ষুদ্র বীজাণুৰ এক যান্ত্রিক প্রতিৰূপ– ক’ৰোনা ভাইৰাছ, অন্য এক ফ্রেংকে’ন্স্তাইন্ যেন আওপকীয়াকৈ আমাক সোঁৱৰাই দিছে প্রাচীন গ্রীকসকলৰ সেই ‘নে’মে’ছিছ’–ৰ কথা !
নদী, জান, জুৰি, বিল পুতি, গছ–গছনি কাটি, পাহাৰ ধ্বংস কৰি অসংখ্য জীৱকুলৰ প্রকৃতিপ্রদত্ত আৱাস স্থল বিলোপ কৰি, নাহৰফুটুকীৰ ছাল বখলিয়াই, নখ, গোঁফ আৰু নেগুৰ কাটি লুটি লৈ মঙহ খাই, বনমেকুৰী, বনৰৌ বধি মঙহ ভুঞ্জি, পৃথিৱীৰ বৃহত্তম বর্ষাৰণ্য তথা জৈৱ–বৈচিত্র্য স্থল জ্বলাই দি জীৱকুলৰ আর্তনাদ শুনি, জন্মদিন উদ্যাপনত সিংহ, বাঘ, কৃষ্ণসাৰৰ মঙহৰ চুৰুহা আৰু আঞ্জা খাই আৰু খুৱাই আসুৰিক তৃপ্তি লভা মানৱক যেন প্রকৃতিয়ে দীঘলী পুখুৰীৰ বুকুত জলকেলি কৰা জাক জাক চৰাই আৰু ওড়িষাৰ সাগৰৰ উপকূলত আনন্দত আত্মহাৰা হৈ ডেও (‘দেও’ নহয়) দি দি নচা হৰিণাটোৰ নান্দনিক দৃশ্যৰে মূৰত খুবলি খান্দি বুজাই দিব খুজিছে, সি কাৰ কাৰ পৰা কেনেকৈ কি কি কাঢ়ি নিছে চেতনাযুক্তসকলক, স্পর্শকাতৰসকলক যেন প্রকৃতিয়ে এবাৰ মনত পেলাই দিছে ‘অ’ সৰু চৰাই, অ’ সৰু চৰাই/কোনে দিলে তোক কণ্ঠত ভৰাই/অমিয়া বৰষা গীত’, ‘অ’ কুলি, অ’ কুলি/ কুউ কুউ কুউ কুউ বুলি/আকৌ এবাৰ মাত কুলি/ আকৌ এবাৰ মাত’, ‘শুৱনি আমাৰ গাঁওখনি অতি/ শুৱনি গছেৰে ভৰা/ডাল ভৰি ভৰি ফল–ফুল লাগে/কত যে পাওঁ তল সৰা’ আদি পদ্য/কবিতাত থকা ওপজা সোণৰ মাটিৰ পৰশ আৰু জনমভূমিৰ মাদকতা যেন সুধিছে– ‘লাগেনে ওভতাই সেইবোৰ ?’
ক্রূৰ মানৱ, ৰূঢ় মানৱক যেন সেইবোৰে নাওমানো টলাব পৰা নাই৷ বিধ্বংসী ভূমিকম্প, ৎচুনামি, ইব’লা, জাইকা, ছিৰ্কা, ৰীতা, উত্তৰাখণ্ডৰ লোমহর্ষক বন্যা,– একোৱেই মানৱৰ গাৰ নোম এডালো লৰাব পৰা নাই৷ সেয়ে, এইবাৰ যেন প্রকৃতিয়ে পঠাইছে শেষ সতর্কবাণী– ক’ভিড্–১৯ ঃ ‘সোমাই থাক নিজৰ ঘৰৰ সজাত, আৰু ভাবি–গুণি সিদ্ধান্ত ল’ ৷
পৃথিৱীত লেখতল’বলগীয়া এনে সাহিত্য নাই, য’ত প্রকৃতিৰ উপস্থিতি নাই৷ হয়তো ৰূপ ভিন্ন কেতিয়াবা শান্ত–সৌম্য, কেতিয়াবা বিধ্বংসী, ৰুদ্র, উগ্র কিন্তু সর্বদা, বিদ্যমান৷ ৰামায়ণ হওক, মহাভাৰত হওক, ইলিয়েড্, অডিছি বা ঈনীদ হওক, সকলোতে জল, স্থল আৰু আকাশৰ বিচিত্র ৰূপ৷ প্রকৃতিৰ বিনন্দীয়া ৰূপত মতলীয়া ইংৰাজ কবি ৱর্ড্যৱর্থৰ অভিধা হ’ল ‘প্রকৃতি কৱি’৷ কিন্তু প্রকৃতিৰ বাৰেৰহণীয়া ৰূপ আৰু লীলা–খেলাৰ বন্দনাত বিভোৰ আৰু আত্মহাৰা সেইজন ৱর্ড্য্ৱর্থে সঠিক সময়তে উপলব্ধি কৰিছিল যে আমাৰ আধুনিক সভ্যতাৰ মহানগৰবোৰ হ’ল ধ্বংসৰ অগ্রদূত তেওঁ যেন জন বানিয়ানৰ ‘পিল্গ্রিম্’ (তীর্থযাত্রী)জনৰ দৰেই বৈষয়িক, বস্তুবাদী ‘উন্নতি’ৰ ফান্দ্ বা জালবোৰৰ পৰা আঁতৰি ফুৰিছিল৷ ‘সভ্যতা’ মাত্রেয় প্রকৃতিৰ ওপৰত এক আগ্রাসন৷ প্রকৃতি অপাৰ ঐশ্বর্যশালিনী, অত্যন্ত উদাৰ, দয়াশীলা, দানশীলা৷ সেই প্রকৃতিৰ ভাৰসাম্যত আঘাত নকৰাকৈ সহূদয়তাৰে বাস কৰক ঃ আপোনাৰ জীৱন প্রশান্তিময়৷ কিন্তু প্রকৃতিৰ ওপৰত লোলুপ দৃষ্টি ৰাখি লক্ষণৰেখা অতিক্রম কৰক, দেখিব,– প্রকৃতিৰ প্রতিক্রিয়া, প্রতিশোধ ভয়ংকৰ৷ এসময়ত য’ত প্রকৃতিৰ বননিবোৰ হালি–জালি আছিল, তাত দৈত্যাকায় মহানগৰৰ ধোঁৱাবোৰ হয়তো প্রকৃতিয়ে ৰোধ কৰিব নোৱাৰে৷ কিন্তু এই অন্যায়ৰ বিনিময়ত প্রকৃতিয়ে প্রদান কৰা শাস্তি মন্থৰ হ’লেও সেই শাস্তিয়ে তাৰ চিন থৈ যায় ক্রমাৎ শেঁতা পৰিবলৈ ধৰা গালত, অথর্ব হ’বলৈ ধৰা স্নায়ুৰাশিত, আধুনিক জীৱন যাত্রাৰ নিগনি দৌৰৰ আঁচোৰত ছিৰাছিৰ হোৱা বিধ্বস্ত কপালত৷ এয়া মাথোন ৱর্ড্য্ৱর্থৰ কথা নহয় থি’ক্রিটাছ, ভে’র্জিল, হৰেইছ, মণ্টেইন, কাউলি, ৰূছৌ, ৱল্ট্ হুইট্মেন্, ডী এইচ্ লৰে’ন্স্– এই আটায়ে তেওঁলোকৰ ভিন্ ভিন্ কালত ‘ৰাজপথৰ কোলাহল’ চেৰাই সঁকীয়াই যোৱা, সেই প্রকৃতিৰ কণ্ঠস্বৰ শুনি গৈছে যে লোলুপ, মূর্খ, আত্মপ্রতাৰক মানৱে ভাবিছে যাক বশ কৰা বুলি, সেই প্রকৃতিয়ে এতিয়াও সেই আটাইৰে শৰীৰ, মন, আত্মা, সকলো বিনাশ কৰিব পাৰে যিসকলে প্রকৃতিৰ মর্যাদাত আঘাত হানে ৷
ৱিলিয়াম শেইক্সপীয়েৰে তেওঁৰ মহৎ বিয়োগান্ত নাটক ‘কিং লিয়েৰ’–ত যেন নিজৰ তিনিজনী জীয়েক গনে’ৰিল, ৰীগেন্ আৰু ক(ৰ্) ডিলিয়াৰ নিজ নিজ ভিন্ ভিন্ স্বভাৱ আৰু প্রকৃতিৰ যোগে প্রকৃতিৰ ভিন্ ভিন্ ৰূপৰ পৰীক্ষা–নিৰীক্ষাহে কৰিছিল৷ মকৰা পোৱালিয়ে জন্মদাত্রী মাকৰ বুকুখন খুলি খুলি খোৱাৰ দৰে আশী বছৰীয়া বৃদ্ধ ৰজা লিয়েৰৰ বুকুখন স্বার্থপৰ নিষ্ঠুৰ প্রকৃতিৰ দুজনী জীয়েকে খুলি খুলি খাইছিল বিপৰীতে আছিল প্রত্যাখিত অথচ দয়াশীলা প্রকৃতিৰ তৃতীয়জনী জীয়েক, কোমল হূদয়ৰ ক(ৰ্) ডিলিয়া৷ নেইচ্ (ৰ্) ট্রেজেডি বুলি সততে অভিহিত এই নাটকত ‘নেইচ্(ৰ্) শব্দটোৰ উল্লেখ আছে ৪৯বাৰ ৷
শেইক্স্পীয়েৰৰ কিছু পূর্বৱর্তী কৱি এ’ড্মাণ্ড্ স্পে’ন্সাৰৰ ‘ফেয়াৰি কুঈনী’–ত প্রকৃতিৰ এটা ৰূপ দয়াশীলা, শান্ত–সৌম্য, কৰুণাময়ী এক দেৱীৰ আৰু আন এটা ৰূপ আছে হাতত অস্ত্র ধাৰণ কৰি সিংহৰ পিঠিত আৰোহণকাৰী আন এক স্ত্রী মূর্তিৰ৷
এল্ফ্রে’ড্ টে’নিছনৰ কৱিতাতো এফালে আছে মৌ সৰা, মৌ মিঠা বৰষুণ আৰু আলসুৱা, কোমল, স্নিগ্ধ বতাহ আৰু আনফালে আছে, দাঁত আৰু হাতোৰা ৰঙা তেজেৰে ৰাঙলী প্রকৃতি ঃ ‘নেইচ্ (ৰ্) ৰে’ড্ ইন্ টূথ্ এণ্ড্ ক্ল ’ !