ৰাজ্য ভাষা নে জাবৰৰ পাচিৰ জাবৰ?
‘আছে গৰু, নাবায় হাল, থকাতকৈ নথকাই ভাল’৷ ওঁ, সেয়ে সাৰ কথা অসম বিধান সভাত, বিমলা প্রসাদ চলিহাৰ মুখ্য মন্ত্রিত্বৰ কালত, ১৯৬০ চনৰ অক্টোবৰ মাহত, অসম ৰাজ্যৰ আটাইৰে বোধ্য, অসমীয়া ভাষাক অসমৰ মূল চৰকাৰী ভাষা বা ৰাজ্য ভাষা ৰূপে তাৰ ন্যায্য প্রাপ্য মর্য্যাদা দি গ্রহণ কৰা ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’–খন এতিয়া তিনি কুৰি এবছৰীয়া এটা বুঢ়া৷ পিচে, এতিয়াৰ কথা নহয় তাৰ চেঙেলীয়া, ডেকা আৰু আদহীয়া কালৰেপৰা সি, হালোৱাই হাল বাওঁতে, আগ বাঢ়িব নোখোজা এটা থাকুৰীয়া গৰু হৈয়ে আছিল আৰু তেনেকৈয়ে থাকি গ’ল আছে (‘ঠাকুৰীয়া’ নহয় সিবিলাক, দেৱালয়ৰ ধন তোলাৰ দায়িত্বপ্রাপ্ত এবিধ কর্মকর্তা)৷ এই তিনি কুৰি এটা বছৰেও, ভিন্ ভিন্ দল তথা মিত্রজোঁটৰ ‘অসমীয়া’ মুখ্য মন্ত্রীৰ ভিন্ ভিন্ ‘অসমীয়া’ চৰকাৰ, ভিন্ ভিন্ দলৰ বা শত্রুজোঁটৰ বিৰোধী পক্ষ, বিয়াগোম ভেমপুৰীয়া আমোলাৰ মেহফিল, ভিন্ ভিন্ বিভাগীয় বৰমূৰীয়া চাহাব–মেমচাহেব (‘মেমনী’), কেৰাণী–মহৰী (‘মহৰি’ হৈছে আঁঠুৱা) আদি–ইত্যাদিৰ নিজ নিজ ‘সবল ভূমিকা’ৰ বলত সেই আইনখন দলনিৰ বোকাত পোত খোৱা গজৰাজ হৈয়ে থাকিল৷ কার্য্যালয় সহায়ক জাতীয় নিচেই সামান্য একাংশ চৰকাৰী চাকৰিয়ালে ভুলে–চুকে কেতিয়াবা দুই–একোখন চৰকাৰী চিঠি–পত্র, জাননী আদি চৰকাৰী ভাষা অসমীয়াত লিখাৰ বাদে, বেছিভাগ চৰকাৰী চাকৰিয়ালে এতিয়াও, বাৰেপাচি হাস্যকৰ ভুলেৰে, বে’–চৰকাৰী ভাষা ইংৰাজীতহে কাকত–পত্র প্রস্তুত কৰি চৰকাৰবিৰোধী কাম কৰি সন্তুষ্টি লভে, কৃতার্থ বোধ কৰে নকৰিব কিয়? বিগত ৬১টা বছৰত কেইগৰাকী মন্ত্রীয়ে কিমান নথি–পত্রত চৰকাৰী ভাষা অসমীয়াত টোকা, মন্তব্য, পৰামর্শ বা নির্দেশ লিখিছে, আৰু, কিমানগৰাকীয়ে (শুদ্ধ বা ভুল যেনেকুৱায় হওক) ইংৰাজীত লিখিছে? ঘটনাবোৰ আকাশৰপৰা থপককৈ মাটিত পৰা নাই৷ মন্ত্রীকে আদি কৰি, ইংৰাজী ক’ব নোৱৰা, লিখিত ইংৰাজীৰে আমোদৰ যোগান ধৰা বেছিভাগ চৰকাৰী লোকে অসমীয়া লিখিবলৈ হ’লে, সিসৱৰ আঙুলি জঠৰ হয়
মই বিভিন্ন ঠাইত অলেখবাৰ কৈছোঁ, অলেখবাৰ লিখিছোঁ যে যিখন ৰাজ্যৰ চৰকাৰে তথা ৰাইজে এখন চৰকাৰী আইনে প্রদান কৰা অধিকাৰ সাব্যস্ত কৰি ৰাজ্যৰ চৰকাৰী ভাষা তথা অধিকাংশ লোকৰ মাতৃ ভাষাটোক তিনি কুৰি বছৰেও তাৰ প্রাপ্য মর্য্যাদা দিব নোৱাৰিলে, সেইখন ৰাজ্যৰ চৰকাৰে তথা ৰাইজে সেই কাম আৰু কেতিয়াও কৰিব নোৱাৰে, আৰু, সেয়ে আত্মপ্রতাৰণা আৰু ভণ্ডামিৰ আশ্রয় লৈ হাঁহিয়াতৰ পাত্র হৈ থকাতকৈ চৰকাৰে এখন নতুন বিধেয়ক প্রণয়ন কৰি বিধান সভাত গৃহীত কৰাই ১৯৬০ চনৰ চৰকাৰী ভাষা আইনখন প্রত্যাহাৰ কৰাটোৱেয় যুগুত৷ আৰু, বিশেষতঃ, আজিৰ তাৰিখত, এসময়ত মহাৰাজ নৰনাৰায়ণৰ বিশাল কোঁচ ৰাজ্যৰ অংগ, কোঁচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ আৰু দিনাজপুৰৰ পৰিপ্রেক্ষিতত পৰৱর্তী কালৰ তথা বর্তমানৰ গোৱালপাৰা, ধুবুৰী, বৰপেটা, হোজাই, মৰিগাঁও, দৰং আদি জিলাৰ অৱস্থাৰ পৰিপ্রেক্ষিতত ত্রিপুৰা আৰু কাছাৰ (বৰাক)ৰ জলজল পটপট বর্তমান আৰু ভৱিষ্যতৰ পৰিপ্রেক্ষিতত আৰু, সর্বাধিক,– নাগৰিকত্ব সংশোধন (ভেজালকৰণ) আইন CAA)ৰ প্রতিশ্রুত সোণৰ সোলেঙৰ পৰিপ্রেক্ষিতত সেই প্রত্যাহাৰকৰণ অধিক প্রাসংগিক আৰু বাস্তৱানুগ হৈ পৰিছে৷ এই কথা স্পষ্ট যে বর্তমান কেন্দ্রীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ অসমীয়া ভাষাৰ পক্ষত নাই৷ এই কথা ঘৰৰ মূধচ আৰু গছৰ ওপৰৰপৰা চিঞৰি চিঞৰি ক’ব পৰা অৱস্থা হৈছে৷ এতিয়া মাথোন গুৱাহাটীৰে নহয়, সমগ্র ৰাজ্যৰ সকলো নগৰ–চহৰৰে যি কোনো কার্য্যালয় তথা বাণিজ্যিক প্রতিষ্ঠানৰ ফলকবোৰলৈ চালেই মনত ভ্রম হয়,– এইখন চহৰ অসমৰ নে, ইংলেণ্ড্ নে, এমে’ৰিকাৰ কোনো চহৰ ২০১৭ চনত অসম সাহিত্য সভাৰ শতবর্ষীয় অধিৱেশনত হাতীত উঠাৰ লক্ষ্যৰে গাদীৰ বাবে মৰণপণ যুঁজ দিওঁতা তথা পূর্বে সম্পাদক থকা কালত, গুৱাহাটীত কেমেৰালৈ চাই চাই বাটৰ কাষৰ ইংৰাজী ফলকত ক’লা আঁচ টানোতাগৰাকী এডেও দুডেও লোটা নিয়াৰ ছেৱেৰে প্রথমে পিছ দুৱাৰ অসম গণ পৰিষদেদি সোমাই এতিয়া সেই মূল দলত, যিটো দলৰ অন্যতম লক্ষ্য হ’ল, ‘অখণ্ড ভাৰত’–ৰ ধ্বনিৰে সমগ্র ভাৰতত যথাসময়ত ইংৰাজীৰো ঠাইত হিন্দীৰাজ প্রতিষ্ঠা কৰা আৰু ক্রমাৎ সেই যে, সেই যে,– সেই ভাষাটো অসমৰ ৰাজ্য ভাষা/চৰকাৰী ভাষা কৰা৷ এতিয়া ভোট (ৱৌট্) সংগ্রহ অভিযানত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ কথা বাদ দিয়ক৷ আজিৰ তাৰিখত নির্বাচনী ৰাজনীতিৰ ক্ষেত্রখনত তাৰ বিকল্প কি? এইখিনিতে এটা কথা উল্লেখনীয় যে ১৯৬০ চনত তদানীন্তন মুখ্য মন্ত্রী বিমলা প্রসাদ চলিহাৰ এটা অদূৰদর্শী ৰাজনৈতিক মন্তব্যই পৰিস্থিতি জটিল কৰি তুলিছিল৷ এইটোও স্মৰণীয় যে সেই সময়ত চলিহাৰ অন্যতম বিশ্বস্ত ব্যক্তি আছিল পূর্বে মহম্মদ আলী জিন্নাৰ সচিব তথা পৰৱর্তীভাবে, ১৯৫৭ চনৰ বিধান সভা নির্বাচনত চলিহা আমগুৰি সমষ্টিত খগেন বৰবৰুৱাৰ হাতত পৰাজিত হোৱাৰ পাছত, তেখেতক কাছাৰৰ (এতিয়া কৰিমগঞ্জৰ) বদৰপুৰ সমষ্টিৰপৰা এটা উপ–নির্বাচনত জিকাই আনোতা, চূড়ান্ত অসমীয়া বিদ্বেষী মইনুল হক চৌধুৰী৷ মই জিন্নাৰ প্রতি চলিহাৰ একো প্রীতিৰ সংশ্লেষ আনিব খোজা নাই৷
এফালে, ব্রিটিশে আহোম ৰাজ্য আৰু কোঁচ ৰাজ্য হস্তগত কৰি গোৱালপাৰাৰ হাদিৰাচকীকে ধৰি বহু বাট খুলি দি, নিজৰ চৰকাৰী কার্য্যালয় আৰু চাহ বাগিচা চলোৱাৰ সুবিধার্থে, তদানীন্তন ৰাজধানী কলিকতা (ক’লকাতা)ৰপৰা আমদানি কৰিলে ইতিমধ্যে ইংৰাজী ভাষা আৰু শিক্ষাৰ পোহৰলব্ধ বৃহৎসংখ্যক হিন্দু বাঙালী আৰু, আনফালে, ১৮৩৩ চনত মহাৰাজ গোৱিন্দ চন্দ্র ওৰফে ইৰাগ্দাওৰ কছাৰী ৰাজ্য হস্তগত কৰি, খুলি দিলে সর্বদা সুৰক্ষিত হৈ থকা, কাছাৰৰ দক্ষিণে বংগৰ ছিলেট আৰু মৈমনসিং সীমান্ত৷ সকলো হৈ পৰিল এখন বংগৰ, এক ‘বে’ংগল্ এড্মিনিস্ত্রেইশ্ন্’–ৰ অধীন৷ আৰু বহুত কথা আছে, কিন্তু ঠাইৰ নাটনি৷ মুঠৰ ওপৰত, তাৰ পাছৰেপৰা, অসমৰ ভাগ্য নিয়ন্তা আৰু অসমীয়া হৈ নাথাকিল৷ ১৮৩৬–’৭৩ কালছোৱাত অসমীয়া ভাষাৰ দশাৰ কথা আটাইৰে জ্ঞাত৷ ব্রিটিশৰ দ্বাৰা কছাৰী ৰাজ্য দখলৰ পাছত ছিলেট, মৈমনসিং, চট্টগ্রামৰপৰা তাত সোমাল লাখ লাখ বাংলাভাষী হিন্দু আৰু মুছলমান৷ তাতেই অন্তর্নিহিত হৈ আছে ‘কাছাৰ’ত হিন্দু–মুছলমান সংঘাতৰ অন্তঃসলিলা স্রোত আৰু কাছাৰতে ভাজপাৰ উত্থান তথা কাছাৰৰপৰাই প্রথমবাৰৰ বাবে অসম বিধান সভাত দুজন ভাজপা বিধায়ক,– বিমলাংশু ৰয় আৰু কবীন্দ্র পুৰকায়স্থৰ প্রৱেশৰ ৰহস্য৷ তাৰ পাছে, আজিৰ হোজাই আৰু মৰিগাঁও জিলাকে ধৰি তেতিয়াৰ অবিভক্ত নগাঁও জিলা৷ তাৰ পাছে, ক্রমাৎ সমগ্র ব্রহ্মপুত্র উপত্যকা৷ তাৰ আগেয়ে, কুৰি শতিকাৰ আৰম্ভণিৰেপৰা, সময়ত অসমৰ ‘প্রধান মন্ত্রী’ হোৱা ছৈয়দ মহম্মদ ছাদুল্লাৰ– অধিক ‘খাদ্য’ উৎপাদন–ৰ ৰাজনীতি৷ সময়ত জনজাতীয় আবেষ্টনী থান–বান৷ তাহানি ১৮৩৬–’৭৩ পাছে, ১৯৬০ চনৰ ৰাজ্য ভাষা আন্দোলন পাছে, ১৯৭২ চনত উচ্চ শিক্ষাৰ মাধ্যম আন্দোলন পাছে, ১৯৭৯–’৮৫ চন, পৰৰাষ্ট্র বাংলাদেশৰ অবৈধ নাগৰিক বহিষ্কৰণ আন্দোলন পাছে, ২০১৬ চনত চিলাপথাৰত বাংলাদেশী গুণ্ডা সুবোধ বিশ্বাসৰ চর্দাৰগিৰিত ঘৃণনীয় চিলাপথাৰ কাণ্ড পাছে, ২০১৯–’২০ চনত ‘কেব্’ আৰু ‘কা’ বিৰোধী, অর্থাৎ ধর্মৰ ভিত্তিত ‘ধর্মনিৰপেক্ষ’ ৰাষ্ট্র ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমলৈও (অন্যান্য ৰাষ্ট্রৰ নাগৰিকৰ লগতে) অসমৰ মহাশত্রু (পূব বংগ তথা পূব পাকিস্তান তথা) পৰৰাষ্ট্র বাংলাদেশৰপৰা অধিক বাংলাদেশী হিন্দু আমদানি কৰাৰ আইনী যন্ত্র বিৰোধী আন্দোলন৷ এইবোৰৰ উপৰি আৰু বহুত কিবা–কিবি সোমাই থকা কেপ্সুলটোৰ ভিতৰৰ চাকনৈয়াতে পৰি প্রায় দুটা শতিকা জুৰি কক্বকাই আছে খাৰখোৱা অসমীয়াই৷
এই সকলোতে আজি অত বছৰে সাৰ–পানী যোগাই আহিছে অসমতে (মানে, চুকতে) থাকি বুকতে কামুৰি থকা এচাম মানুহৰ লগতে, পশ্চিম বংগৰ, বিশেষতঃ কলকাতাৰ, এচাম (সকলো নহয়) বিদ্বৎ লোক, এচাম ক্ষুদ্র ৰাজনীতিক, বৃহৎসংখ্যক সংবাদ পত্র আৰু দূৰদর্শন প্রতিষ্ঠান তথা সিবিলাকৰ অসমস্থ প্রতিনিধি তথা ভিন্ ভিন্ উদ্দেশ্যধর্মী (মতলবী) আৰু ভিন্ ভিন্ পন্থা অৱলম্বনকাৰী, অসমৰ প্রত্যেকটো ৰাজনৈতিক দলে৷ মই কটন মহাবিদ্যালয়ত ৰাজপত্রিত বিষয়া ৰূপে শিক্ষকতা কৰি থাকোঁতেও, বিদেশী বহিষ্কৰণ আন্দোলনৰ দৃঢ় সমর্থক ৰূপে, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে কাকতত অলেখ প্রৱন্ধ আৰু চিঠি লিখিছিলোঁ৷ ১৯৮১ চনত ৰাজ্যত ৰাষ্ট্রপতিৰ শাসন চলি থকা অৱস্থাত, কলকাতাৰপৰা প্রকাশিত,Sunday নামৰ সাপ্তাহিক আলোচনীখনত, গোলাম ওস্মানি, শান্তিৰঞ্জন দাসগুপ্ত আদি মন্ত্রীৰ সৈতে সঘনাই মিলিত হৈ থকা আৰু ‘বাঙালী’ আৰু ‘বাংলাদেশী’ৰ পার্থক্য বুজি নোপোৱা, বুজিব নোখোজা, Sunday-ৰ) ‘নাগ’ উপাধিৰ গুৱাহাটীস্থ প্রতিনিধিজনে আন্দোলনটোৰ বিৰুদ্ধে লিখা, অনেক উদ্ভট, অতিৰঞ্জিত, আজগুবি আৰু প্রতিশোধপূর্ণ কথাৰে ভৰা এটা লেখাত আন্দোলনৰ অন্যতম নেতা নিবাৰণ বৰাৰ বিষয়ে লিখা অনেক নাভূত–নাশ্রুত কথাৰ মাজতে সুমাই দিবলৈ পাহৰা নাছিল, বৰাৰ জোঁৱায়েক, এই লিখক, ‘দেৱেন দত্ত’ৰ কথা ঃ হেনো ‘উগ্র পন্থাৰ সমর্থক’ এই সন্দর্ভত মনলৈ আহে সাধন ৰঞ্জন সৰকাৰ, কালীপদ সেন, ‘লাহিড়ি’ উপাধিৰ নামজ্বলা উকীলৰ কথা৷ এতিয়া, তাহানিৰ কছাৰী ৰাজ্যৰ দখলদাৰী, ‘উদ্বাস্তু’ সেন, দাশ, দেব–দেব–দেব–ৰয় এণ্ড্ কাম্প্নি, হক চৌধুৰী, ওস্মানি, মজুমদাৰ আদিৰ পাছত, একেটা ধাৰাতে উদ্ভূত হৈছে প্রদীপ দত্ত ৰয়, তপোধীৰ ভট্টাচার্য্য, দে’ পুৰকায়স্থ তথা বাংলাদেশী দুর্বৃত্ত সুবোধ বিশ্বাস৷ এতিয়া লগত ওলাইছে কোনোবা চেটার্জী–বেনার্জী গোষ্ঠীৰ গর্গ, চন্দন আদি নামৰ, বংগৰ উগ্র জাত্য(জাতি+অ)ভিমানী (‘জাত্যাভিমানী’ নহয়) কিবা ‘চলো পাল্টাই’ নামৰ আগ্রাসী দুর্বৃত্তৰ দল৷ কি চলো পাল্টাই? কিয়? অর্থাৎ– ব’লাঁ, অসমলৈ গৈ অসমৰ জনগাঁথনি, অসমৰ ভাষা, সাহিত্য, কলা, শিল্প, সংস্কৃতি সকলো লুটিয়াই, বগৰাই দি তাত বংগ ৰাজ প্রতিষ্ঠা কৰি তাক বৃহত্তৰ বাংলাৰ অন্তর্গত কৰোঁগৈ ব’লাঁ, ব’লাঁ, ব’লাঁ, চলো, চলো অতুল্য ঘোষের ম’ত এইবোৰৰ বিৰোধিতা নকৰিম কিয়? অসম চৰকাৰ ঠন ঠন মদন গোপাল হৈ বহি থাকিব কিয়?
মোৰ মনত এটা কথাই প্রায়ে খুন্দিয়াই থাকে৷ বৃহৎসংখ্যক বাংলাভাষী মানুহ অসমীয়া বিদ্বেষী কিয়? বংগত হিন্দু ৰাজত্ব অর্থাৎ ‘হিন্দু বংগ’ৰ অন্ত পৰিছিল ১১৯৮ চনত,– যেতিয়া বখ্তিয়াৰ খিল্জিয়ে বংগ আক্রমণ কৰি সেন বংশৰ ৰজা লক্ষ্মণসেনক পৰাস্ত কৰি বধ কৰি বংগত মুছলমানৰ নৱাবী শাসন প্রতিষ্ঠা কৰে৷ সেই খিলজিয়েই ১২০০ চনত কামৰূপ আক্রমণ কৰিবলৈ আহি, কামৰূপৰ ৰজা পৃথুৰ হাতত, লাজত নাক কাটিবলগীয়াকৈ পৰাস্ত হৈ হাতী–ঘোঁৰা, সৈন্য–সামন্ত সকলো হেৰুৱাই ব্রহ্মপুত্রইদি সাঁতুৰি সাঁতুৰি জুৰুলি–জুপুৰি হৈ নতশিৰে ঢ়াকাত প্রৱেশ কৰিছিলগৈ৷ অথচ, বৃহত্তৰ অসমৰ ভিন্ ভিন্ অঞ্চলত ভিন্ ভিন্ অমুছলমান ৰজা/শাসকৰ সুদীর্ঘ শাসনৰ উপৰি, সমগ্র অসমক একত্রিত কৰা অমুছলমান আহোম ৰজাসকলে শাসন কৰিছিল একেৰাহে ৫৯৮ বছৰ৷ ব্রিটিশে বছৰি ৫০,০০০ টকাৰ লালবন্দীৰ বিনিময়ত ১৮৩৩ চনত উজনি অসম শাসন কৰিবলৈ দিয়া পুৰন্দৰ সিংহৰ শাসন কালৰ অন্তলৈকে (১৮৩৮) ধৰিলে, সেই অমুছলমান শাসনৰ কাল ৬১০ বছৰ৷
শেহতীয়াভাবে, সমগ্র বিষয়টো অধিক জটিল কৰি পেলাইছে, অসম লোক সেৱা আয়োগৰ পৰীক্ষাত (ৰাজ্য ভাষা) অসমীয়া বিষয়টোৰ বাধ্যতামূলক পর্য্যায়ৰ মর্য্যাদা অপসাৰণ কৰি অসম চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত৷ অসম আৰু অসমীয়াৰ ঘাতক ৰূপে চিহ্ণিত এই সিদ্ধান্তই অসমৰ শুভ চিন্তক সকলো লোককে হতভম্ব কৰি পেলাইছে৷ এই সিদ্ধান্ত কার্য্যতঃ অসমীয়াক অসমৰ ৰাজ্য ভাষা ৰূপে অপসাৰণ কৰাৰ নামান্তৰ মাথোন৷ লোক সেৱা আয়োগৰ কাম হ’ল অসম ৰাজ্যৰ লোকগণ বা জনগণক সেৱা কৰিবৰ বাবে বিভিন্ন বিভাগ বা ক্ষেত্রৰ গুৰুত্বপূর্ণ চৰকাৰী/ৰাজহুৱা চাকৰিৰ বাবে উপযুক্ত প্রার্থী নির্বাচন কৰি চৰকাৰলৈ অনুমোদন জনোৱা৷ তেনে ক্ষেত্রত, লোকগণে অর্থাৎ সর্বসাধাৰণ ৰাইজে বুজি পোৱা উমৈহতীয়া (বিশেষতঃ মূল বা প্রধান চৰকাৰী) ভাষাটো ভালদৰে ক’ব, পঢ়িব আৰু লিখিব নোৱৰা/নজনা কিছুমান তথাকথিত ‘চৰকাৰী চাকৰিয়াল’–এ নিজ নিজ বিভাগ তথা পদবীৰ যোগে লোকগণৰ লগত যোগাযোগ ৰক্ষা কৰি লোকগণ তথা চৰকাৰক সেৱা কৰিব কেনেকৈ? সেইবোৰ অসম চৰকাৰৰ চৰকাৰী চাকৰিয়াল হ’ব কেনেকৈ? আটায়ে জানে যে স্বয়ং কেন্দ্রীয় লোক সেৱা আয়োগ UPSC)–এ সমগ্র ভাৰতৰ য’তে ত’তে লোকগণক সেৱা কৰিবৰ বাবে ভাৰতীয় প্রশাসনীয় সেৱা, ভাঃ আৰক্ষী সেৱা, ভাঃ বিদেশ সেৱা, ভাঃ বন সেৱা, ভাঃ ৰাজহ সেৱা, ভাঃ ৰেইলৱেই সেৱা আদি অনেক কেন্দ্রীয় সেৱাৰ বাবে বাছি দিয়া চাকৰিয়ালসকলে ভাৰতৰ যি ৰাজ্যতে সেৱা কৰে, সেই ৰাজ্যৰে চৰকাৰী তথা প্রধান বা উমৈহতীয়া ভাষাটো জনাটো বাধ্যতামূলক৷ তাৰ বাবে তেওঁলোকক তেওঁলোকৰ চাকৰিৰ ৰাজ্যত শিক্ষানৱিশ কাল (প্রবেইশ্ন্ পিয়ৰিয়ড্)ত সেই ভাষাৰ প্রশিক্ষণো দিয়া হয়৷ যথাসময়ত অনুষ্ঠিত সেই ভাষাৰ পৰীক্ষাত অনুত্তীর্ণ হ’লে, তেওঁলোকৰ বার্ষিক আয় বৃদ্ধি বন্ধ কৰি ৰখাও নিয়ম৷ তেনে স্থলত, অঃ লোঃ সেঃ আয়োগৰপৰা অসমীয়া ভাষাৰ পৰীক্ষা অপসাৰণ কৰাৰ গুপ্ত উদ্দেশ্য কি? কোনো পৰীক্ষার্থীয়ে অসমীয়া বিষয়টো এটা ঐচ্ছিক বিষয় ৰূপে বাছি লৈ তাত পৰীক্ষা দিয়াটো এটা সম্পূর্ণ সুকীয়া কথা৷ অধিক কি, অতি দুঃখজনকভাবে অকালতে মৃত্যু বৰণ কৰা উদীয়মান, দক্ষ অসমীয়া আৰক্ষী বিষয়া যতীন মিপুন, অসমীয়া বিষয় লৈয়েই য়ূ পী এ’ছ্ ছী–ৰ আই পী এ’ছ্ পৰীক্ষাত উত্তীর্ণ হৈছিল৷ প্রশ্ণটো হৈছে, অসম লোক সেৱা আয়োগত অসমীয়া বিষয়ৰ পৰীক্ষা সকলো পৰীক্ষার্থীৰ বাবে বাধ্যতামূলক হৈ থকাৰ মর্য্যাদাটো হৰণ কৰাৰ অপমানৰ কথা৷
নক’লেও চলে যে এই হঠকাৰী সিদ্ধান্তৰ পশ্চাদপটত কেইবাটাও পক্ষৰ স্বার্থ, হেঁচা আৰু দাবীৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ ঠাইৰ অভাৱত মাথোন নাম গোটাচেৰেকহে উল্লেখ কৰিম ঃ বিভিন্ন পর্য্যায়ত আধুনিক ভাৰতীয় ভাষা MIL) ৰূপে অসমীয়াৰ পৰিৱর্তে বিকল্প ইংৰাজী Alt. Eng) অধ্যয়ন কৰা অসমীয়া নজনা, অতি বিশ্রী, জঘন্য, নৃশংস অসমীয়া কোৱা বৃহৎসংখ্যক অসমীয়া ডেকা–গাভৰু আৰু সিসৱৰ পিতৃ–মাতৃ উত্তৰ–পশ্চিম ভাৰতৰ ৰাজনৈতিক, প্রশাসনীয় আৰু অন্যান্য বিভিন্ন ক্ষেত্রৰ প্রভাৱশালী লোক প্রথমে ঘটী আৰু কম্বল লৈ আহি চাউল, দাইল, তেল–মছলা, আলু–পিঁয়াজৰ গোলা খুলি, পাছে কাঠ, বাঁহ, লোহা–লক্কৰ, কাঁহ–পিতলৰ বাচনৰ বেপাৰ, বালিৰ বেপাৰ আৰু ঠিকা, চিকিৎসালয়, চার্টার্ড্ একাউণ্টেন্সি, ওকালতি, বাণিজ্য শিক্ষা, বৈদ্যুতিক আৰু বৈদ্যুতিন সামগ্রীৰ বৃহৎ ব্যৱসায়, সকলোতে প্রভুত্ব বিস্তাৰ কৰি, ৰাজ্যৰ বৃহৎ ভূমি অঞ্চল দখল কৰি চৰকাৰক আঙুলিৰ ঠাৰত নচুওৱা আৰু ‘ৰাজক্ষমতা’ হস্তগত কৰিবৰ গোপন মানস বাস্তৱায়িত কৰিবলৈ উদ্যত হৈ থকা, গুৱাহাটী তথা সমগ্র অসমৰ বাণিজ্য কেন্দ্রৰ শিয়ান বণিক গোষ্ঠী বিভিন্ন বর্গৰ ‘কা’ CAA) সমর্থকগণ বৃহত্তৰ বাংলাৰ আৰু হিন্দী ভাৰতৰ স্বপ্ণ পুহি ৰখা চতুৰ, ষড়যন্ত্রকাৰী বিভিন্ন পক্ষ৷
অসমীয়াৰ শ্মশান যাত্রাৰ সৱাতোকে ডাঙৰ কাৰকটো হ’ল, ৰাজনীতিকৰপৰা আৰম্ভ কৰি সকলো বর্গৰে বৃহৎসংখ্যক অসমীয়াৰ, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ল’ৰা–ছোৱালীক পঢ়ুৱাই ইংৰাজীত মহাপণ্ডিত চাহাব আৰু মেমচাহেব কৰা তাড়না৷ ‘প্রধান মন্ত্রী’ তথা মুখ্য মন্ত্রী বৰদলৈ আছিল মনিষী৷ কিন্তু অমিয় কুমাৰ দাস, ৰামনাথ দাস, দেৱেশ্বৰ শর্মা, মতিৰাম বৰা, মহেন্দ্রমোহন চৌধুৰী, সিদ্ধিনাথ শর্মা, লক্ষ্যধৰ চৌধুৰী, পদ্মধৰ বৰা, শৰৎ বৰকটকী, ডাঃ ভূমিধৰ বর্মন, গৌতম বৰা, বৃন্দাৱন গোস্বামী, থানেশ্বৰ বড়ো আদিৰ বাদে কোনজন শিক্ষা মন্ত্রীয়ে নিজৰ ল’ছালীক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছিল, তাৰ এক সমীক্ষা চলোৱাৰ আশু প্রয়োজন৷ আনবোৰ তেহেলৈ থৈ, বর্তমানখন আৰু ইয়াৰ আগৰ চাৰিখন, মুঠ পাঁচখন বিধান সভাৰ প্রতিখনৰে ১২৬গৰাকী বিধায়কৰ কিমানগৰাকীয়ে নিজৰ সন্তান–সন্ততিক কি মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছিল/পঢ়ুৱাইছে, সেইটো উলিওৱাটো হ’ব এক ডাঙৰ উদ্ঘাটন৷
বর্তমান মুখ্য মন্ত্রীয়ে এটা বেছ আমোদজনক আৰু চকুত ধূলি মৰা কথা কৈছে ঃ হেনো চর্ত দিয়া হৈছে– সকলোৱে ‘সলসলীয়া’কৈ অসমীয়া ক’ব পাৰিব লাগিব ভিন্ ভিন্ বর্গৰ ভিন্ ভিন্ লোকে ভিন্ ভিন্ প্রকাৰৰ ‘সলসলীয়া’ অসমীয়া কয়৷ দক্ষিণহেঙেৰাৰ গৰু বেপাৰী, মঙলদৈৰ চাধা বেপাৰী, জাগীৰোডৰ শুকান মাছৰ বেপাৰী, আটায়ে ‘সলসলীয়া’ অসমীয়াকে কয়৷ পিচে, মুখ্য মন্ত্রীয়ে হয়তো, ভাষাৰ আচল কথাটো আটায়ে পাহৰি যোৱা বুলিয়েই ভাৱিছে৷ ভাষাৰ কথিত শব্দ বা আখৰক সকলোৰে দ্বাৰা চিনাক্তকৰণৰ বাবে দিয়া লিখিত চিহ্ণ ৰূপ বা লিপিহে আচল ভাষা অর্থাৎ, ভাষাৰ অস্তিত্ব হ’ল লিপি বা হৰফত৷ প্রাচীন কালৰে কথা৷ মাথোন অসমীয়া লিপি পঢ়িব নজনাসকলহে আচল অসমীয়া পিচে, এতিয়া প্রশ্ণ হ’ল,– অগপৰপৰা গৈ চুৱা হৈ ‘অভাগজপপা’ হোৱা অতুল বৰা এণ্ড্ অতুল বৰা, কেশৱ মাথাউৰি, যোগান ভূষণ চৌধুৰী, ৰমেন্দ্র কলিতা, কমলা কলিতা, উৎপল দত্ত, মনোজ শইকীয়া, প্রদীপ হাজৰিকা, হিতেন গোস্বামী আদিয়ে বা কি কয়? মানে, অসমীয়া জাতীয়তাবাদ ৰক্ষা কৰাৰ কথা সোধোঁ বুলিলে জগদীশ ভূঞাকো সুধিব পৰা যায়৷ ডঃ ‘জুই নাথ’কো নেকি