Man is born free, and everywhere he is in chairs.
Jean– Jacques Rousseau, The social contract
এই আগষ্ট মাহতে ভাৰতৰ বাহিৰেও পাকিস্তান, আফগানিস্তান, বলিভিয়া, আৰু কংগো ৰিপাব্লিক আদি দেশে স্বাধীনতা দিৱস পালন কৰিলে৷ কিন্তু এখন দেশৰ বাবে স্বাধীনতাৰ প্রকৃত তাৎপর্য কি? স্বাধীনতাৰ এটা দেখাদেখি তাৎপর্য এইটোৱেই যে কোনোবা বাহিৰা শক্তিয়ে নিশ্চয় এই দেশখনৰ মানুহৰ পৰা তেওঁলোকৰ স্বাধীনতা আঁজুৰি নিয়াৰ ফলত এক দীঘলীয়া কালৰ বাবে তেওঁলোকে পৰাধীনতাৰ গ্লানি ভুগিবলগীয়া হৈছিল৷ ইংৰাজ ইতিহাসবিদ জন ৰবার্ট চীলে কৈছিল যে ইংৰাজসকলে অন্যমনস্কভাৱেই অর্ধেক পৃথিৱী বিজয় কৰি পেলাইছিল শুনাত আচৰিত যেন লাগিলেও তেওঁ কোৱাৰ অর্থ হয়তো এয়ে আছিল যে পৃথিৱী জয় কৰা আৰু পৃথিৱীৰ নানা দেশত উপনিৱেশ স্থাপন কৰাটো একেবাৰে সুপৰিকল্পিত ঘটনা নাছিল৷ কিন্তু এইটো অনস্বীকার্য যে ভাৰতবর্ষকে আদি কৰি বিভিন্ন দেশৰ ভাগ্য নিয়ন্ত্রণ কৰিব পৰা অৱস্থালৈ আহিবলৈ ইংৰাজসকলে দীর্ঘদিনীয়া আৰু ৰক্তাক্ত অভিযান চলাবলগীয়া হৈছিল৷ এই অভিযানবোৰৰ সফল পৰিসমাপ্তিৰ কিছুকাল পিছতে দাসত্বৰ শিকলি ছিঙিবলৈ পৃথিৱীৰ বহু দেশৰ জনতাই সংগ্রাম কৰিছিল৷ যিহেতু উপনিৱেশৰ পৰা লভ্য নানা মূল্যৱান সম্পদৰ সৰবৰাহ ইংলেণ্ড আৰু অন্যান্য আক্রমণকাৰী দেশবোৰৰ বাবে আপুৰুগীয়া আছিল, সিহঁতে স্বাধীনতাৰ আন্দোলনকাৰীৰ দাবী সহজে মানি নোলোৱাটো স্বাভাৱিক আছিল, যাৰ ফলত স্বাধীনতা সংগ্রামো দীর্ঘম্যাদী হৈছিল৷
এনে সংগ্রামে ঔপনিৱেশিকতাবাদী শাসকগোষ্ঠী আৰু মুক্তিকামী নেতাৰ বিভিন্ন চৰিত্র উদঙাই দিছিল৷ কৰুণা, ন্যায় বিচাৰ, আৰু উদাৰতা আদি মৌলিক মানৱীয় প্রমূল্য বিসর্জন দিয়াৰ ফলতহে যিবোৰ জাতি বা দেশে অইন দেশৰ মাটি–ভূমি বলপূর্বক অধিকাৰ কৰিব পাৰে, সেইবোৰ দেশৰ বিজয় নিচান বহন কৰাসকলৰ মাজত ইতিবাচক বা প্রশংসনীয় চৰিত্র গুণ বিচৰাটো হয়তো অলপ আচৰিত কথা হ’ব৷ অৱশ্যে আজিৰ দিনলৈকে ঔপনিৱেশিকতাবাদৰ গুণ গোৱা ঐতিহাসিক পশ্চিমীয়া দেশত আছে, আৰু নেইল ফাৰগুচনৰ দৰে ইংৰাজ ইতিহাস–প্রণেতাই ইংলেণ্ডে ভাৰতলৈ আধুনিকতা আৰু প্রগতিৰ ঢ়ৌ অনা বুলি দাবী কৰে৷ কিন্তু পৰাধীন দেশৰ স্বাধীনতা সংগ্রামত ব্রতী হোৱা নেতৃত্বৰ মাজত বীৰত্ব, আত্মত্যাগ, কষ্টসহিষ্ণুতা, আৰু হূদয়–মনৰ বিশালতাৰ উদাহৰণৰ কোনো অভাৱ নাই৷
এবাৰ স্বাধীনতা প্রাপ্তিৰ পিছত এক অন্য যুগৰ সূচনা হয়৷ এতিয়া স্বাধীনতা–হীনতাৰ দিন, বা হূত স্বাধীনতা ঘূৰাই অনাৰ ক্লেশপূর্ণ সংগ্রামে স্মৃতিৰ যাদুঘৰত স্থান পাইছে৷ বিগত দিনৰ বাহাদুৰসকলৰ শৌর্য–বীর্যৰ কাহিনীয়ে বর্তমানৰ নাগৰিকক মানৱজাতিৰ মহত্ত্ব সম্পর্কে সজাগ কৰে৷ কিন্তু ইতিহাসবিদ বা অন্যান্য লেখক–সাংবাদিকসক স্বাধীনতা সংগ্রামৰ নানা কীর্তি–কলাপ মূর্ত কৰি ৰখাৰ ফলত বর্তমান দেশ চলোৱাৰ আদর্শ বা পদ্ধতি সম্পর্কে মানুহৰ মোহভংগও হয়, মহান অতীতৰ লগত স্খলিত বর্তমানক ৰিজাই চোৱাৰ ফলত জনগণৰ অন্তৰত ক্ষোভৰ সঞ্চাৰ হয়৷
ভাৰতত এনে হোৱাটো বহুদিন ধৰি পৰিলক্ষিত হৈছে৷ ৰাইজৰ এক বুজন অংশই পতিয়ন গৈছে যে স্বৰাজ সম্পর্কে যিবোৰ প্রতিশ্রুতি বা অংগীকাৰ কৰা হৈছিল, সেইবোৰক সম্পূর্ণভাৱে সন্মান কৰা হোৱা নাই৷ ভাৰতৰ স্বাধীনতা যুদ্ধৰ অবিসম্বাদী নেতা মহাত্মা গান্ধীয়ে নিজৰ শৰীৰৰ মাধ্যমেৰেই ইংৰাজ শাসনৰ প্রতি হোৱা প্রতিৰোধৰ আকাৰ বা স্বৰূপটো ব্যক্ত কৰিছিল৷ যিহেতু সময়ৰ দাবী আছিল যে মানুহে ব্যক্তিগত লাভ, আৰাম বা সুবিধা বর্জন কৰিব লাগে, মহাত্মা গান্ধীয়ে আড়ম্বৰহীন জীৱনৰ কিছুমান ৰীতি–নীতি সাৰোগত কৰিছিল, যেনে– তেওঁ শৰীৰৰ ঊর্ধ্বাংগ উদং কৰি ৰাখিছিল আৰু চুটি ধুতি পিন্ধিছিল, খাইছিল সাধাৰণ, প্রায় নিঃকিন আহাৰ, আৰু এক দিগন্তৰ পৰা অইন এক দিগন্তলৈ যাত্রা কৰোঁতে বহু সময়ত নিজৰ ভৰি দুখনেই ব্যৱহাৰ কৰিছিল৷ গাড়ী–ঘোঁৰা তেওঁ বৰ পছন্দ নকৰিছিল আৰু ৰে’লগাড়ীত উঠোঁতেও তেওঁ তৃতীয় শ্রেণীৰ যাত্রী হিচাপে ভ্রমণ কৰিছিল৷
এই নানা কাহিনী কিংবদন্তিৰ ৰূপ লৈ ভাৰতৰ মানুহৰ সমূহীয়া স্মৃতিৰ–ভাণ্ডাৰত সঞ্চিত হৈ আছে৷ প্রাক্–স্বাধীনতা যুগৰ সেই আত্মত্যাগ বা স্বার্থত্যাগৰ লগত আজিৰ নাগৰিকে বর্তমানৰ নেতা আৰু ৰাজনীতিবিদৰ ক্ষমতা–লিপ্সা বা বিলাস–বৈভৱৰ প্রতি দুর্বাৰ হাবিয়াসৰ লগত কোনো ধৰণৰ সংগতি দেখিবলৈ নাপাই ব্যথিত হয় আৰু দিক্ভ্রান্ত হয়৷ স্বাধীনতাৰ কেইবছৰমান পিছতেই ভাৰতৰ বহু নাগৰিকে ব্রিটিছৰাজৰ ‘সোণালী দিন’ৰ প্রতি আকুলতা বা নষ্টালজিয়া অনুভৱ কৰা পৰিলক্ষিত হৈছিল৷ সেই সময়ত জীৱন আছিল শৃংখলাবদ্ধ আৰু নিয়মীয়া, আৰু ভাৰতীয় বা ইংৰাজ– কোনোৱেই বেছি দুর্নীতিগ্রস্ত নাছিল৷ ঔপনিৱেশিকতা শাসন সম্পর্কে এনেধৰণৰ ইতিবাচক স্মৃতি ৰচনা কৰোঁতে নিঃসন্দেহে সত্যৰ অতিৰঞ্জন বা বিকৃতিকৰণ হৈছিল৷ কিন্তু মানুহে ইংৰাজ শাসন সম্পর্কে নষ্টালজিয়া অনুভৱ কৰা কথাটো স্বৰাজোত্তৰ কালৰ নেতাসকলৰ বাবে বৰ গর্বৰ কথা নাছিল৷
দৰাচলতে স্বাধীনতাৰ আগৰ সময়ৰ লগত পিছৰ সময়ৰ যিবোৰ ৰিজনি হয়, সেইবোৰৰ পাঠ বেছিভাগ আধুনিক ৰাষ্ট্রৰে ভাবমূর্তিৰ বাবে বৰ সুখকৰ বা আশ্বাসপূর্ণ নহয়৷ ইহুদীসকলে যেতিয়া নানা হেঙাৰ বা প্রতিবন্ধকতা নেওচি ইজৰাইল নামে এখন নতুন দেশ হিচাপে পৃথিৱীৰ মানচিত্রত আত্মপ্রকাশ কৰিলে, তেতিয়া কিছুমান আপোচ নকৰা শত্রুৰাষ্ট্রৰ বাহিৰে পৃথিৱীৰ সৰহসংখ্যক জনতাই ইজৰাইলৰ মানুহক নাজী বাহিনীয়ে নৰসংহাৰ কৰা বা অইন জাতিয়েও নিগৃহিত কৰা কথাবোৰ মনত ৰাখি নতুন দেশখনৰ নেতাৰ বীৰত্বক প্রশংসা কৰি দেশখনক আদৰণি জনাইছিল৷ কিন্তু অতি সোনকালেই অত্যাচাৰীসকলে অত্যাচাৰীৰ শাৰীত যোগদান দিলে৷ এটা অঘৰী জাতিয়ে নিজৰ বাসভূমি কটকটীয়া কৰি লোৱাৰ পিছত অইন এটা জাতি, অর্থাৎ পেলেষ্টাইনীসকলক অঘৰী আৰু শৰণার্থীলৈ পৰিণত কৰিলে৷ পেলেষ্টাইনীসকলৰ দাবীৰ ন্যায্যতা সত্ত্বেও ইজৰাইলৰ শাসকগোষ্ঠীয়ে তেওঁলোকক স্বাধীনতা লাভৰ সোৱাদৰ পৰা নির্মমভাৱে বঞ্চিত কৰি আহিছে৷
১৯ আৰু ২০ শতিকাত নানা পশ্চিমীয়া শক্তি আৰু ওচৰ–চুবুৰীয়া দেশ জাপানে চীন দেশৰ সার্বভৌম্যতা আৰু স্বাধীনতা বিভিন্ন ধৰণে খর্ব কৰা অন্যায়ৰ বিৰুদ্ধে চীনাসকলে যিটো যুঁজ দিছিল, তাৰ প্রতি সঁহাৰি দি বিশ্বৰ নিৰপেক্ষ মানুহে তেওঁলোকৰ প্রতি বিপুলভাৱে নৈতিক সমর্থন আগবঢ়াইছিল৷ চীন দেশৰ জনতাই প্রাচীন ৰাজতন্ত্রৰ সামন্তযুগীয়া শাসনৰ ফলতো নানা ধৰণে জীয়াতু ভুগিছিল, য’ৰ পৰা মাও জে ডঙৰ সাম্যবাদী নেতৃত্বত তেওঁলোকে মুক্তি পাইছিল৷ কিন্তু স্বাধীনতা পোৱাৰ কিছুদিন পিছতেই চীন দেশে তিব্বতখন গ্রাস কৰি পেলালে, চীনৰ উপকূলৰ ওচৰৰ অইন দেশৰ এক্টিয়াৰৰ ভিতৰত থকা জলৰাশিৰ ওপৰত লুভীয়া দৃষ্টি নিক্ষেপ কৰিলে, আৰু নিজৰ দেশৰে সংখ্যালঘুসকলে স্বায়ত্ত–শাসনৰ প্রতি পোষণ কৰা সামান্যতম প্রচেষ্টাক কঠোৰ হস্তেৰে দমন কৰিলে৷ মুঠতে বিভিন্ন বিদেশী শক্তিৰ আক্রমণাত্মক অভিযানৰ প্রত্যুত্তৰ হিচাপে নিজৰ স্বাধীনতা–জড়িত অধিকাৰ ৰক্ষা কৰাৰ সংগ্রামৰ বীৰত্ব, মহানুভৱতা আৰু মানৱীয়তাৰ একো অৱশিষ্ট নাথাকিল৷
ইয়াৰ উপৰি আফ্রিকা, এছিয়া আৰু লেটিন আমেৰিকাৰ নানা দেশৰ স্বৰাজোত্তৰ অভিজ্ঞতাৰ নানা হতাশাজনক আখ্যান শুনিবলৈ পোৱা যায়৷ এইবোৰ দেশে স্পেইন, ইংলেণ্ড, ফ্রান্স, হলেণ্ড, পর্তুগাল, জার্মানী আদি দেশৰ শাসনৰ পৰা যোৱা এশ বছৰমানৰ ভিতৰত মুকলি কৰিবলৈ সক্ষম হৈছিল, আৰু নিজৰ দেশৰ জনগণৰ সন্মুখত এক ৰৌদ্রোজ্জ্বল ভৱিষ্যতৰ প্রতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ কিন্তু স্বাধীনতাৰ বহুতো সপোনেই ধূলিসাৎ হ’ল৷ এইবোৰ দেশত কিছুমান নতুন অভিজাত শ্রেণী গঢ় লৈ উঠিল, আৰু মানৱাধিকাৰ উলংঘন, তীব্র দুর্নীতি, আৰু ক্ষমতাৰ সকলো ধৰণৰ অপব্যৱহাৰৰ ক্ষেত্রত সিহঁতে পুৰণি ঔপনিৱেশিকতাবাদী শক্তিবোৰতকৈ একচাৰ বেছিহে হ’লগৈ৷ তদুপৰি সেইবোৰ ঔপনিৱেশিকতাবাদী পশ্চিমীয়া দেশৰ শাসকৰ লগত নানা ধৰণৰ গোপন বুজাবুজি কৰি এই নতুনকৈ স্বাধীন হোৱা নেতাবোৰে দেশবোৰৰ পৰাধীনতা আৰু দাসত্ব কোনোবা এটা পর্যায়ত অব্যাহত ৰাখিলে৷
স্বাধীনতা সংগ্রামৰ সময়ত হোৱা নানা ধৰণৰ ঘটনা সম্পর্কে, বা আনকি স্বৰাজোত্তৰ কালৰো নানা সফল মুহূর্ত সম্পর্কে ভাৰতবর্ষই গৌৰৱ কৰাৰ যথেষ্ট স্থল আছে৷ কিন্তু এইটোও সর্বজনবিদিত যে দেশখনৰ ইতিহাসৰ সকলো কথা ৰাজনীতিবিদ আৰু শাসনকর্তাসকলে দম্ভ কৰাৰ দৰে হোৱা নাই৷ আমি যদি অসমৰ কথালৈ আহোঁ, তেতিয়া স্বাধীনতা সংগ্রামৰ ইতিহাসত অতুলনীয় সাহস আৰু নিঃস্বার্থ ব্যৱহাৰৰ ইমান দৃষ্টান্ত পাওঁ যে আজিৰ দিনত দৃষ্টিকোণৰ পৰা চালে সেইবোৰ অবিশ্বাস্য যেন লাগে৷ সেইদিনৰ নানা দলিল পঢ়ি আমি জানিবলৈ পাওঁ যে পাণ্ডু কংগ্রেছ অধিৱেশন অনুষ্ঠিত কৰি অসম কংগ্রেছৰ যি আর্থিক ঘাটি হৈছিল, সেয়া পূৰণ কৰিবলৈ তৰুণৰাম ফুকন আৰু নবীন চন্দ্র বৰদলৈৰ দৰে নেতাই নিজৰ মাটি বেচিছিল৷ তেনেদৰে ডাক্তৰ হৰেকৃষ্ণ দাসেও কংগ্রেছৰ কার্যালয় পাতিবলৈ নিজৰ সম্পত্তি দান দিয়াৰ কথা পঢ়িবলৈ পাওঁ৷ ডাক্তৰ ভুবনেশ্বৰ বৰুৱাৰ দৰে বিশাল ব্যক্তিত্বৰ নৈতিক উত্তৰাধিকাৰো অসমৰ স্বাধীনতা যুদ্ধৰ অংশ৷ কংগ্রেছৰ স্বেচ্ছাসেৱীয়ে যাতে ভোক–পিয়াহ নিবাৰণ কৰিব পাৰে, তাৰ বাবে তেওঁ বাৰম্বাৰ নিজৰ গাঁঠিৰ ধন মুকলি কৰিছিল৷ এই সকলোবোৰ কথা আমাৰ বাবে আজি সাধুকথাৰ দৰে লাগে, কিয়নো আজিৰ নেতাসকলে (বা অন্যান্য বিভিন্ন শ্রেণীৰ ব্যক্তিয়েও) সমাজক কিবা দান কৰা নহয়, বৰঞ্চ সমাজৰ পৰা শেষকণ সম্পদ কাঢ়ি নিয়া দৃশ্যটো দেখাতহে আমি অভ্যস্ত৷
স্বাধীনতা আচলতে এটা অলৰ–চৰ ধাৰণা নহয়, বা ই কিবা এটা ভগৱানপ্রদত্ত বস্তুও নহয়৷ কোনোবা এটা তাত্ত্বিক অর্থত স্বাধীনতাটো কি তাৰ বিচাৰ কৰা, বা ৰাজনৈতিক অভিযানেৰে স্বাধীনতা লাভতকৈও আমি স্বাধীনতা কেনেদৰে বাস্তৱ জগতত সার্থক কৰি তুলিব পাৰোঁ সেইটোতহে আচল কথা বুলি ধাৰণা কৰিব লাগে৷ আজিকালি স্বাধীনতা দিৱস হৈ পৰিছে নিজৰ ঢ়োল পিটি, অইন দেশৰ তুলনাত নিজ দেশৰ শ্রেষ্ঠতা সদম্ভে ঘোষণা কৰি, ৰাইজক এক বিশেষ ধৰণৰ, এক সংকীর্ণ ৰূপৰ দেশপ্রেমত বিশ্বাস কৰিবলৈ আহ্বান জনোৱা এক অনুষ্ঠান৷ আগৰ প্রজন্মৰ আত্মত্যাগৰ কাহিনী আৱেগিক কণ্ঠেৰে আওৰোৱা হয়, কিন্তু সেই প্রজন্মৰ প্রমূল্যবোৰ আমি কেনেকৈ হেৰুৱাব ধৰিছোঁ, সেই সম্পর্কে কোনো প্রকৃত আত্ম–সমালোচনা দেখিবলৈ নাপাওঁ৷ দৰাচলতে আমাক একে সময়তে আৱেগিক আৰু আক্রমণাত্মক হ’বলৈ অনুপ্রাণিত (বা প্রৰোচিত) কৰা স্বাধীনতা দিৱসৰ সেই আৱেগ আৰু অনুভূতিবোৰ কেলেণ্ডাৰৰ অইনবোৰৰ দিনতো বিলাই দিব পাৰিলেহে আমি প্রকৃত অর্থত স্বাধীন হ’লোঁ বুলি দাবী কৰিব পাৰিম৷