নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলম্বাছৰ আমেৰিকা আৱিষ্কাৰৰ আঁৰৰ কাহিনী

    বাতৰিঃ ৯ জুন, ২০২০ ৰিছমণ্ড, ভার্জিনিয়া, আমেৰিকা ‘প্রত্বিাদকাৰীয়ে আজি চহৰৰ ক্রিষ্টোফাৰ কলম্বাছৰ প্রতিমূর্তি ধৰাশায়ী কৰে৷’…১০ জুন, ২০২০ আমেৰিকাৰ মিনেছ’টাত কলম্বাছৰ দহফুটীয়া তামৰ প্রতিমূর্তি মাটিত বগৰাই পেলায় আৰু ব’ষ্টন চহৰত কলম্বাছৰ প্রতিমূর্তিৰ শিৰশ্ছেদ কৰা হয়৷ …৮ জুন, ২০২০ ইংলেণ্ডৰ ব্রিষ্টল চহৰত এডৱার্ড ক’লষ্টনৰ প্রতিমূর্তি প্রত্বিাদকাৰীয়ে আঁজুৰি নমাই আনি নদীত বিসর্জন দিয়ে৷
(১)
পোন্ধৰ শতিকা আছিল সমগ্র বিশ্বৰ কাৰণে এক ৰোমাঞ্চকৰ সময়৷ মধ্য আৰু আধুনিক যুগৰ সেতুবন্ধন উত্থান আৰম্ভ হৈছিল ইউৰোপীয় দেশসমূহৰ৷ শতিকাৰ আগভাগত যদি জার্মান গুটেন্বার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল, শেষ হোৱাৰ আগে আগে পর্তুগিজ নাবিক ভাস্কো ডা গামাই নতুন জলপথেদি ভাৰতৰ কালিকট বন্দৰত অৱতৰণ কৰিছিল৷ সমগ্র বিশ্বৰ ৰাজধানী হিচাপে খ্যাত কনষ্টেনটিন’পল চহৰ দখল কৰিছিল তুৰস্কৰ অটোমান সাম্রাজ্যই, আনহাতে স্পেইন, পর্তুগাল আৰু দক্ষিণ ফ্রান্স সাতশ বছৰীয়া ইছলামিক শাসনৰ পৰা মুক্ত হৈছিল৷ দিল্লীত লোডী বংশৰ ৰাজত্ব আৰু অসমত হিন্দু নাম গ্রহণ কৰা প্রথমজন আহোম ৰজা চুহুংমুং৷ দক্ষিণ আমেৰিকাত ইনকা আৰু এজটেক দুয়োখন সাম্রাজ্য সাফলতাৰ শীর্ষত৷ ইউৰোপত তেতিয়া নৱন্যাসৰ পূর্ণিমা, ভাৰতৰ দিগন্তত ৈবষ্ণৱ্বাদৰ নৱোদয়৷ অসমত আবির্ভাৱ হৈছিল মহাপুৰুষ শংকৰদেৱৰ৷
পোন্ধৰ শতিকাৰ আটাইতকৈ যুগান্তকাৰী ঘটনা সংঘটিত হৈছিল শেষৰ দশকত, যেতিয়া ১৪৯২ চনৰ ১২ অক্টোবৰত ইটালিয়ান নাবিক ক্রিষ্টোফাৰ কলম্বাছ সাগৰেৰে গৈ ‘নতুন পৃথিৱী’ৰ মাটিত প্রথম খোজ দিছিল৷ প্রায় ৭০,০০০ বছৰ আগেয়ে আদিম মানুহে পদব্রজে যাত্রা আৰম্ভ কৰিছিল পূব আফ্রিকাৰ পৰা, মধ্যপ্রাচ্য, ইউৰোপ অতিক্রম কৰি উত্তৰ–পূব ৰাছিয়াৰ তুষাৰাবৃত অঞ্চলেদি আলাস্কা আৰু কানাডা পাইছিল প্রায় ১২,০০০ বছৰ আগেয়ে, আৰু মাথোঁ ৯,০০০ বছৰ পূর্বে দক্ষিণ আমেৰিকাত ভৰি দিছিল৷ সুসজ্জিত জাহাজেৰে স্পেইনৰ পৰা সামুদ্রিক পথেৰে যাত্রা কৰি সেই ঠাই পাবলৈ লক্ষ্যভ্রষ্ট নাবিক কলম্বাছৰ লাগিছিল পাঁচটা সপ্তাহ৷
(২)
১৪৮১ চনত বত্রিশ বছৰীয়া শংকৰদেৱ তেওঁৰ প্রথমটো তীর্থযাত্রাত যাবলৈ সাজু হৈছিল৷ ভাৰত্ব্যাপী আৰম্ভ হোৱা নৱ–ৈবষ্ণৱ্বাদী আন্দোলনৰ বতাহে আহি অসমকো চুই গৈছিল৷ মূলসুঁতিৰ পৰা বহু নিলগত, এখন সৰু গাঁৱত, অকলশৰীয়া যুৱক শংকৰদেৱৰ বোধশক্তি আৰু আনুগত্যও সেই সুবাসেৰে অনুপ্রাণিত হৈছিল৷ সমভাবাপন্ন দ্বিজগণৰ সৈতে মত–বিনিময়ৰ উদ্দেশ্যে তেওঁ বহিঃভ্রমণলৈ যাবলৈ মনস্থ কৰিছিল৷
ঠিক একে সময়তে, সুদূৰ ইউৰোপত, এজন সম্বয়সীয়া যুৱকে আন এক যাত্রাৰ প্রস্তুতি সম্পূর্ণ কৰি আনিছিল৷ ১৪৫১ চনত ইটালীৰ জেনোৱা চহৰত ক্রিষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিল৷ সৰুৰে পৰা সমুদ্র যাত্রাৰ প্রতি আকৃষ্ট ক্রিষ্টোফাৰে দহ বছৰ বয়সতেই প্রথম পাৰি দিছিল সাগৰত আৰু ডাঙৰ হোৱাৰ লগে লগে এক ৰোমাঞ্চকৰ যাত্রাৰ পৰিকল্পনাই তেওঁক উত্রাৱল কৰিছিল৷ সেই সময়ত ইউৰোপীয় সদাগৰসকলে প্রাচীন ‘ছিল্ক ৰোড’ হৈ স্থলপথেদি চীনকে ধৰি আন এছীয় দেশসমূহৰ লগত মছলা, ছিল্ক আদিৰ ব্যৱসায় কৰিছিল৷ কিন্তু ১৪৫৩ চনত ছিল্ক ৰোডৰ প্রধান ব্যৱসায়–কেন্দ্র কনষ্টেণ্টিন’পল (আজিৰ ইস্তান্বুল) অটোমান সাম্রাজ্যৰ অধীনলৈ যোৱাত সেই ব্যৱস্থাত সমস্যাই দেখা দিছিল৷ ইউৰোপীয় দেশসমূহ এক বিকল্প পথৰ সন্ধানত ব্যস্ত হৈ পৰিছিল৷ কলম্বাছে প্রস্তাৱ দিছিল যে তেওঁ ইউৰোপৰ পৰা পশ্চিম দিশে আটলাণ্টিক মহাসাগৰত পাৰি দি প্রাচ্যৰ দেশসমূহত অৱতৰণ কৰাৰ এক সামুদ্রিক যাত্রাপথ আৱিষ্কাৰ কৰ্বি৷ তাৰ কাৰণে তেওঁক প্রয়োজন অর্থ সাহায্যৰ৷ ১৪৮৫ চনত এই প্রস্তাৱ লৈ তেওঁ প্রথমতে পর্তুগালৰ ৰজাৰ ওচৰ চাপিল৷ ৰজাৰ উপদেষ্টাসকলে মত দিলে যে এই যাত্রা কার্যকৰী কৰাটো সম্ভৱপৰ নহয়৷ জেনোৱা আৰু ভেনিচলৈ গৈও কলম্বাছ বিফল হ’ল৷ ইংলেণ্ডৰ ৰজায়ো তেওঁৰ প্রস্তাৱ নাকচ কৰিলে৷ উপায়ান্তৰ নাপাই তেওঁ স্পেইনৰ ৰজা আৰু ৰাণীৰ কাষ চাপিল৷ দুবছৰ নেৰানেপেৰা চেষ্টাৰ অন্তত, ১৪৯২ চনৰ ১৭ এপ্রিলত স্পেইনৰ ৰজা ফার্ডিনাণ্ড আৰু ৰাণী ইজাবেলা, আৰু ক্রিষ্টোফাৰ কলম্বাছৰ মাজত চুক্তি স্বাক্ষৰিত হ’ল৷ ১৪৯২ চনৰ ৩ ছেপ্ঢেম্বৰত, তিনিখন জাহাজ লৈ কলম্বাছে সমুদ্রত পাৰি দিলে আৰু ১২ অক্টোবৰৰ পুৱা মাটিত ভৰি দিলে যদিও সেই ঠাই তেওঁ ভ্বাৰ দৰে ভাৰত নাছিল৷ তেওঁ ইয়াৰ নামকৰণ কৰিলে ‘ছান ছালভাদৰ’ (ত্রাণকর্তা প্রভু), ই আজি ‘াহামাজ’ দ্বীপপুঞ্জৰ অংশ৷ ২৮ অক্টোবৰত কলম্বাছ কিউবা পালেগৈ আৰু সেই বছৰৰ বৰদিনৰ দিনা কাষৰ ‘হাইটি’ দ্বীপত আমেৰিকাৰ (যাক তেওঁ নামকৰণ কৰিছিল ‘নতুন পৃথিৱী’) প্রথমখন ইউৰোপীয় উপনিৱেশ স্থাপন কৰিলে৷ ১৪৯৩ চনৰ জানুৱাৰী মাহত প্রথম যাত্রা সামৰি ক্রিষ্টোফাৰ কলম্বাছ ঘৰমুৱা হ’ল৷
সেই একেই বছৰতে, ১৪৯৩ চনত, তেওঁৰ বাৰ বছৰীয়া তীর্থযাত্রা সমাপ্ত কৰি শংকৰদেৱ গৃহ অভিমুখে ৰাওনা হ’ল৷ জীৱন–দর্শন সন্দর্ভত তেওঁৰ দৃষ্টিভংগী এতিয়া আগতকৈ পূৰঠ, ধর্মীয় বিশ্বাসৰ পৰিধি ব্যাপকতৰ৷ তেওঁৰ উদাৰ বিশ্বাস মানুহৰ মাজত প্রচাৰ কৰ্বিলৈ তেওঁ সাজু হ’ল৷ প্রশাসনীয় দায়িত্ব ল’লৈ অস্বীকাৰ কৰি সাধনা আৰু উপাসনাৰ মাজেৰে জীৱন র্ন্বিাহ কৰাৰ সিদ্ধান্ত তেওঁ ঘোষণা কৰিলে৷ নিজৰ ঘৰৰ পৰা কিছু নিলগত খেৰ–বাঁহেৰে এটি সাধাৰণ ঘৰ সজাই লৈ শংকৰদেৱে পুথি–পাঁজিৰ অধ্যয়ন আৰু ধর্মীয় আলোচনাত নিজকে নিমজ্জিত কৰিলে৷ ‘হৰিগৃহ’ নাইবা ‘দেৱগৃহ’ বোলা এই ঘৰৰ আর্হিতেই পিছলৈ শংকৰদেৱৰ বহু–সমাদৃত ‘নামঘৰ’ প্রতিষ্ঠিত হ’ল৷
বিশ্বৰ দুই ভিন্ন প্রান্তত, দুজন যুৱকৰ অভিযানৰ ফলপ্রসূ সমাপ্তিয়ে দুই যুগান্তকাৰী পৰিৱর্তনৰ সূচনা কৰিছিল৷ এজনে তেওঁৰ অনুগামীসকলক অন্ধকাৰৰ গহ্বৰৰ পৰা এখন আলোকিত জগতলৈ উন্নীত কৰিছিল, নির্মল আধ্যাত্মিক স্বাদযুক্ত এখন বৃহত্তৰ সমাজ গঢ়ি তুলিছিল, যি আজি পাঁচশ বছৰৰো অধিক কাল অসমীয়াক একতাৰ ডোলেৰে বান্ধি ৰাখিছে৷ আনজনে এনে এক ধবংসমুখী প্রক্রিয়াৰ সূত্রপাত কৰিছিল, যি বহু হাজাৰ বছৰ ধৰি গঢ়ি উঠা এক জীৱনধাৰা মষিমূৰ কৰিছিল, প্রথম্বাৰৰ কাৰণে আমেৰিকালৈ শ্বেতাংগ ঔপনিৱেশিকৰ আগমন ঘটিছিল আৰু তেওঁলোকেই আফ্রিকাৰ উপনিৱেশৰ পৰা আমদানি কৰিছিল কৃষ্ণাংগ শ্রমিক, ক্রীতদাস হিচাপে৷ ইয়াৰ পৰিণাম আজি পাঁচশ বছৰৰ অন্তত প্রকট হৈ দেখা দিছে আমেৰিকা, ইউৰোপ, অষ্ট্রেলিয়াকে ধৰি পৃথিৱীৰ বিভিন্ন প্রান্তত৷ এজনৰ জয়ধবজা আজিও সদর্ভে উদীয়মান, আনজনৰ প্রতিমূর্তি ধৰাত শায়িত৷
(৩)
স্পেইনৰ ৰজা–ৰাণীৰ লগত কলম্বাছৰ চুক্তিখন সাধাৰণ দলিল নাছিল৷ তাত কোৱা হৈছিল যে কলম্বাছে স্পেইনৰ হৈ দখল কৰা প্রতিখন ঠাইৰে শাসক হিচাপে নিযুক্তি লাভ কৰ্বি তাৰ পৰা সংগ্রহ হোৱা ৰাজহৰ ১০ শতাংশ তেওঁ চিৰকাললৈ পাই থাক্বি৷ তাৰ উপৰি ভৱিষ্যতে হ’লগীয়া ব্যৱসায় আদিত তেওঁ অংশীদাৰ হ’ পাৰ্বি৷ কোৱা বাহুল্য যে আৰম্ভণিৰে পৰাই উপনিৱেশ স্থাপন আছিল কলম্বাছৰ প্রধান লক্ষ্য৷ ১৪৯২ চনৰ ১২ অক্টোবৰত জাহাজৰ জার্নালত তেওঁ লিখিছে– ‘মই এতিয়ালৈকে লগ পোৱা মানুহখিনি অতি শান্ত আৰু নির্জু প্রকৃতিৰ৷ মই কোৱা প্রতিটো কথা তেওঁলোকে সহজেই বুজি পায়৷ তেওঁলোক খুব ভাল দাস আৰু চাকৰ হোৱাৰ যোগ্য৷ তেওঁলোকৰ কোনো ধর্ম নাই, অতি সহজেই তেওঁলোকক ক্রিষ্টিয়ানলৈ ধর্মান্তৰ কৰ্বি পৰা যাব৷ সন্মুখ সমৰত তেওঁলোক নিচেই কেঁচা– মাত্র ৫০জন মানুহ লৈয়েই মই তেওঁলোকক হৰুৱাব পাৰিম আৰু মোৰ ইচ্ছামতে শাসন কৰ্বি পাৰিম৷ অনুমতি দিলে ইয়াৰ ছজনক মই নি সম্রাটৰ সন্মুখত হাজিৰ কৰিম৷’ কলম্বাছে পথ দেখুওৱাৰ লগে লগে আন বহু অভিযান আৰম্ভ হৈছিল৷ কলম্বাছে নিজে আৰু তিনিটা অভিযানত নেতৃত্ব দিছিল৷ মধ্য আৰু দক্ষিণ আমেৰিকাৰ সৰহভাগ স্পেইনৰ অধীনলৈ আহিছিল পর্তুগালে অধিকাৰ কৰিছিল ব্রাজিল৷ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল৷ ঔপনিৱেশিকক অনুসৰণ কৰি আহিছিল উগ্রপন্থী কেথলিক যাজকসকল৷ এজটেক আৰু মায়ান– দুটা প্রাচীন, সুপ্রতিষ্ঠিত সভ্যতাৰ সমাপ্তি ঘটিছিল, উপাসনাগৃহ চূৰমাৰ কৰি তাৰেই ওপৰত গির্জাঘৰ নির্মাণ হৈছিল আৰু পুৰণি ইতিহাস পাদুৰীয়ে জুইত দাহ কৰিছিল৷
াকী ইউৰোপীয়ান দেশসমূহ যেনে ফ্রান্স, বেলজিয়াম, হলেণ্ড, ব্রিটেইন কোনো বাদ নপৰিল৷ তেওঁলোকৰ লক্ষ্য উত্তৰ আমেৰিকা, যাক আমি আজি জানো ‘আমেৰিকা যুক্তৰাষ্ট্র’ হিচাপে৷ কেইবাটাও বিফল চেষ্টাৰ পিছত, ১৬০৭ চনৰ ১৪ মে’ৰ দিনা এশজন ব্রিটিছ আহি আমেৰিকাৰ উত্তৰ–পূব উপকূলৰ জেইমছ টাউনত জাহাজ চপালেহি৷ প্রতিষ্ঠা হৈছিল প্রথমখন ব্রিটিছ উপনিৱেশ আৰু ১৬১৯ চনত তেওঁলোকেই আৰম্ভ কৰিছিল দাস নিয়োগৰ প্রথা– প্রথম কুৰিজন দাস আছিল আফ্রিকাৰ উপনিৱেশৰ পৰা বন্দী কৰি অনা কৃষ্ণাংগ লোক৷ ষোল শতিকাৰ পৰা আৰম্ভ কৰি ঊনৈশ শতিকালৈকে আনুমানিক ১২ নিযুত লোক আফ্রিকাৰ পৰা আমদানি কৰা হৈছিল দাস হিাপে আৰু তাৰে ৬,৪৫,০০০জন আহিছিল আমেৰিকালৈ৷ ১৮৬০ চনৰ জৰীপ মতে তেওঁলোকৰ সংখ্যা চাৰি নিযুতলৈ বৃদ্ধি পাইছিল৷ ব্রিটেইন আছিল এই দিশত আগৰণুৱা আৰু ব্রিষ্টল চহৰ আছিল দাস সৰ্বৰাহ ব্যৱসায়ৰ কেন্দ্রবিন্দু৷ সোতৰ শতিকাৰ ইংলেণ্ডৰ প্রধান দাস–ব্যৱসায়ী আছিল এডৱার্ড ক’লষ্টন আৰু যোৱা ৮ জুনত তেওঁৰেই প্রতিমূর্তি নদীত বিসর্জন দিয়া হৈছিল৷
ক্রীতদাসৰ তেজেৰে গঢ়ি উঠিছিল ঔপনিৱেশিকৰ শস্য–শ্যামলা খেতিৰ পথাৰ– হাইটিৰ কুঁহিয়াৰ, ভার্জিনিয়াৰ ধঁপাত, মিছিছিপিৰ কপাহ, জামাইকাৰ কলৰ বাগিচা৷ দিনটো হাডভগা পৰিশ্রমৰ পিছত সন্ধিয়া তেওঁলোকে সৃষ্টি কৰিছিল ক্রন্দনসিক্ত, হূদয়পৰশা সংগীত, যাৰ প্রতিধবনি আজিও মাৰ যোৱা নাই৷ তেওঁলোকৰ উত্তৰসুৰী আমেৰিকাৰ প্রায় ৫ নিযুত কৃষ্ণাংগ লোক হ’ পাৰে আমেৰিকাৰ নাগৰিক, কিন্তু আজিও তেওঁলোক আমেৰিকান হ’ পৰা নাই৷ তেওঁলোকৰ পৰিচয় এফ্রো–আমেৰিকান৷ একেদৰেই গুগলৰ সর্বোচ্চ পদত অধিষ্ঠিত সুন্দৰ পিছাই হ’ল ভাৰতীয়–আমেৰিকান, বিশিষ্ট ফিল্ম নির্মাতা আং লী হ’ল চাইনিজ–আমেৰিকান৷ অথচ কোনেও কোনোদিন আইছেনহাৱাৰক জার্মান–আমেৰিকান নাইবা কেনেডীক আইৰিছ–আমেৰিকান আখ্যা দিয়া নাছিল৷ দাসত্বৰ আনুষ্ঠানিক অৱসানৰ ডেৰশ বছৰ পিছতো শ্বেতাংগৰ প্রভুত্ব মনোবৃত্তি আজিও বিদ্যমান৷ কেৱল আমেৰিকাতেই নহয়, উইণ্ডৰাছ Windrush) কেলেংকাৰি সংঘটিত হৈছিল ব্রিটেইনত ২০১৮ নত৷ দ্বিতীয় মহাযুদ্ধত বিধবস্ত দেশ পুনর্নির্মাণৰ কাৰণে কর্মক্ষম লোকৰ অভাৱ ঘটিছিল৷ ১৯৪৮ চনত ব্রিটিছ চৰকাৰে জাহাজ পঠিয়াই আনিছিল জামাইকাৰ লোক, প্রথমখন জাহাজৰ নাম আছিলEmperor Windrush৷ তেওঁলোকৰ বলতেই ব্রিটেইনৰ অর্থনৈতিক স্থিতিৰ আশু উত্থান সম্ভৱ হৈছিল৷ কৃতজ্ঞতা দূৰৰে কথা, আজি অত বছৰৰ পিছত ব্রিটিছ চৰকাৰে কৈছে যে এই মানুহখিনিৰ উপস্থিতি ৈবধ আৰু তেওঁলোকক (আৰু সতি–সন্ততিক) দেশান্তৰ কৰা হ’৷
আজিৰ প্রত্বিাদ কেৱল কৃষ্ণাংগ বনাম শ্বেতাংগ নহয়৷ ই হ’ল হাজাৰ বছৰ ধৰি সহি অহা ঔপনিৱেশিক মনোবৃত্তিৰ বিৰুদ্ধে পুঞ্জীভূত ক্ষোভৰ স্বতঃস্ফূর্ত বহির্প্রকাশ৷ যিটো কৰ্বি পৰা নাছিল কানাডাৰ আদিম মানুহে, যাক আজি ‘প্রথম জাতি’ নাইবাFirst Nations নামেৰে স্বীকৃতি দিয়া হৈছে আমেৰিকাৰ আপাচি, চেৰুকি, নাভাজোসকলে সুদীর্ঘ ৪৫–৫০,০০০ বছৰ ধৰি অষ্ট্রেলিয়াবাসী আনাগু, কূৰি, মুডি আৰু নুংগাসকলে নিউজিলেণ্ডৰ আদিম বাসিন্দা মাওৰীসকলে মধ্য আৰু দক্ষিণ আমেৰিকাৰ ইনকা, এজটেক আৰু মায়ানসকলে আৰু ষোল–সোতৰ শতিকাত শিকলিৰে বান্ধি আমেৰিকালৈ অনা ক্রীতদাসসকলে৷ তেওঁলোক আজি নিশকতীয়া নহয়, নহয় অকলশৰীয়া, তেওঁলোকক সংগ দিছে আন বহুতে, চিঞৰিছে সমস্বৰে–Black Lives Matter৷

You might also like