নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লাড চাফাই

এটা ডাঙৰ ডাষ্টবিন পথটোৰ কাষত আছে৷ মর্নিংৱাক কৰিবলৈ যোৱা মানুহবোৰে মুখত সোপা দি দীঘল দীঘল খোজ দি ডাষ্টবিনটো পাৰ হৈ যায়৷ নহ’লে ডাষ্টবিনৰ পৰা নির্গত উৎকট গোন্ধ নাকে–মুখে প্রৱেশ কৰিলে অৱস্থা কাহিল হয়৷ যোৱা বছৰ শৰৎ কালৰ কথা, চাকৰিৰ পৰা অৱসৰ লোৱা এগৰাকী আত্মীয় মহিলা আমাৰ ঘৰত থকাকৈ আহিল৷ পেন্সন অফিচত আধৰুৱা হৈ থকা কিছু কাম কৰিবলৈ৷ শৰৎ কালৰ পুৱতি নিশা গছে–পাতে ওলমি থকা নিয়ৰৰ টোপাল, তলসৰা শেৱালিৰ মৃদু সুৱাসে প্রত্যেক অনুভূতিশীল মানুহৰ মনতেই সুবিমল আনন্দ প্রদান কৰে৷ সেয়ে সদায়ে নহ’লেও সঘনাই মই শৰৎ কালৰ পুৱতি নিশাতেই মর্নিংৱাক কৰিবলৈ যাওঁ৷ এদিন মোৰ লগত মর্নিংৱাক কৰিবলৈ আমাৰ আলহীও ওলাল৷ তেখেতে পৰিষ্কাৰ–পৰিচ্ছন্ন খুবেই প্রাধান্য দিয়ে, তদুপৰি মাহেকীয়া সম্পর্কীয় আমাৰ সমাজত প্রচলিত নিয়মবোৰো কঠোৰভাৱে পালন নকৰিলে অসন্তুষ্ট হয়৷ আলহী আৰু মই খোজকাঢ়ি ডাষ্টবিনৰ কাষ পালোঁগৈ৷ খৰ খোজেৰে মই ডাষ্টবিন পাৰ হৈ আহিলোঁ ঠিকেই, কিন্তু আলহীৰ ভৰি পৰিল এটা প্লাষ্টিকৰ জাবৰৰ টোপোলাত৷ মানুহগৰাকীয়ে লগে লগে এক প্রকাৰ আর্তনাদেই কৰিলে৷ মই উভতি তেওঁৰ কাষ পালোঁগৈ৷ মানুহগৰাকীয়ে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে যে পুৱাই পুৱাই তেওঁ নৰকত ভৰি দিলে৷ মহানগৰীৰ জীয়ৰী–বোৱাৰীয়ে কেৱল নিজক সজাবহে জানে, আন কথা চিন্তা কৰাৰ শক্তি নাই৷ কথাষাৰ মোৰ গাত লাগিল৷ টিঙিচকৈ উঠা খঙটো সম্বৰণ কৰি তেওঁৰ ভৰিলৈ চাই দেখোঁ, তেওঁৰ গচকত চিৰাচিৰ হোৱা পলিথিনটোৰ পৰা ওলাই আছে কেইবাটাও ব্যৱহূত ছেনিটেৰী পেড৷ অস্বস্তিত কি কৰোঁ নকৰোঁকৈ তেখেতক ঘৰলৈ উভতি যোৱাৰ প্রস্তাৱ দিলোঁ৷ খঙত ৰঙা পৰা মানুহজনীলৈ বৰ বেয়া লাগিল৷ শৰতৰ পুৱাৰ শীতলতাক মুহূর্ততে উত্তপ্ত কৰিলে ছেনিটেৰী পেডে৷ প্রিয় পাঠক, তেনে অভিজ্ঞতা আপোনাৰো কেতিয়াবা হ’ব পাৰে৷ অস্বস্তি আৰু ঘৃণাত নাক–মুখ বন্ধ কৰি ঘৰত গুজৰি–গুমৰি থাকিব আপুনিও ঠিক আমাৰ আলহীগৰাকীৰ দৰে৷ কিন্তু আপুনি জানেনেMenstrual waste অর্থাৎ মাহেকীয়া অৱশিষ্টই সমগ্র বিশ্বৰ পৰিৱেশ প্রদূষণত অহৰহ হাত উজান দিছে এগৰাকী মহিলাই তেওঁৰ জীৱনৰ ঋতুচক্রৰ সমগ্র সময়ছোৱাত ১২৫ কেজি জৈৱিকভাৱে নিষ্কাশিত নোহোৱা অৱশিষ্ট অথবা জাবৰ সৃষ্টি কৰিব পাৰে সমগ্র বিশ্ব বাদ, কেৱল ভাৰতত প্রতিমাহেই ৩৫,৩০,০০,০০০ নাৰীয়ে ছেনিটেৰী সামগ্রী ব্যৱহাৰ কৰে আৰুMenstrual waste সৃষ্টি কৰে৷ আৰু এই সংখ্যা প্রত্যেকদিনেই বৃদ্ধি পাইছে৷ গৱেষণাত প্রকাশ হৈছে যে এটা ছেনিটেৰী পেড সম্পূর্ণৰূপে নিশ্চিহ্ণ হওঁতে ৫০০ৰ পৰা ৮০০ বছৰৰ প্রয়োজন হয়৷ কাৰণ, ছেনিটেৰী পেডত ব্যৱহাৰ হোৱা প্লাষ্টিকবোৰ মাটিত মিলি নাযায় আৰু নিষ্কাশন নোহোৱা এই ছেনিটেৰী পেডৰ প্লাষ্টিকে মাটি–পানী দূষিত কৰি জীৱ–জন্তু আৰু মানৱ শৰীৰত নানা ৰোগৰ সৃষ্টি কৰে৷ সকলোতকৈ ভয়াৱহভাৱে ক্ষতি হয় চাফাই কর্মীসকলৰ৷ আমি নাৰীসকলে ব্যৱহাৰৰ পিছত ডাষ্টবিনত পেলাই দিয়া ছেনিটেৰী পেডবোৰ পৰৱর্তী সময়ত কি হয়, সেই কথা ভবাৰ অৱকাশ আমাৰ নাথাকে৷ আমাৰ শৰীৰৰ বর্জনীয় পদার্থ পৰিবাহিত অৱশিষ্টবোৰ দুহাতেৰে চুই আন আৱর্জনাৰ পৰা পৃথক কৰে চাফাই কর্মীসকলে৷ কোনো ধৰণৰ গ্ল’ভছ বা সুৰক্ষা সামগ্রী অবিহনেই ছেনিটেৰী পেডসমূহ চোৱাৰ ফলত তেওঁলোকৰ শৰীৰত হেপাটাইটিছ, টিটেনাছ আদি ভয়াৱহ ৰোগৰ বীজাণু প্রৱেশ কৰে৷ এনেয়ো আমাৰ দেশত চাফাই কর্মীৰ দুর্দশাৰ অন্ত নাই৷ সুৰক্ষা সামগ্রীৰ অভাৱৰ বাবে নলা–নর্দমা আদি পৰিষ্কাৰকৰণত নিয়োজিত বহু চাফাই কর্মীৰ অকাল মৃত্যুৰ খবৰে বুকু কঁপায়৷ আন জাবৰৰ পৰা পৃথক কৰা ছেনিটেৰী পেডবোৰ চহৰৰ বাহিৰৰ ডাম্পত পেলোৱা হয়৷ অবিশ্বাস্যভাৱে ৮০০ বছৰলৈকে মাটিত নিশ্চিহ্ণ নোহোৱা পেডবোৰে অৱশেষত ডাম্পত ওফন্দি পৰি কাষৰ পৰিৱেশ সম্পূর্ণৰূপে বিনষ্ট কৰে৷ নাৰীৰ শৰীৰত সংঘটিত এই প্রাকৃতিক ক্রিয়াক বিভিন্ন অন্ধবিশ্বাসেৰে মেৰিয়াই থোৱাৰ বাবে নাৰীসকলৰ বাবে ঋতুচক্র ভয়, শংকা আৰু কেতিয়াবা বেদনাদায়কো হয়৷ ছেনিটেৰী পেডে বহু সমস্যাৰ পৰা নাৰীক সকাহ দিয়ে আৰু এইসমূহ যিহেতু এৰি চলাটো সম্ভৱ নহয়, সেয়ে ব্যৱহূত পেডৰ সুপৰিকল্পিত নিষ্কাশনৰ নিতান্ত প্রয়োজন৷ ঋতুচক্রৰ অৱশিষ্ট নিষ্কাশন ব্যৱস্থাপনা অর্থাৎMenstrual waste Management সম্পর্কে আমাৰ সমাজৰ বহু লোকেই জ্ঞাত নহয়৷ ভাৰতৰ গ্রামাঞ্চলৰ লগতে নগৰৰো বস্তি অঞ্চলত এনে অৱশিষ্ট নিষ্কাশনৰ কোনো পৰিকল্পিত নিয়ম নাই৷ ব্যৱহূত ঋতুস্রাৱৰ কাপোৰ, পেড আদি মুকলিত পেলোৱাৰ লগতে পুখুৰী, নদী, জান–জুৰি, জলাহ ভূমিতো পেলোৱা হয়৷ আনকি ভাৰতৰ কোনো কোনো গ্রামাঞ্চলত চলোৱা এক সমীক্ষা মতে, ব্যৱহূত পেড ক’ত পেলাব, সেই বিষয়ে নজনাৰ বাবেই বহু ছোৱালীয়ে দীর্ঘ সময় একেটা পেডকে ব্যৱহাৰ কৰি নিজৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে৷ তদুপৰি পেড প্রস্তুত কৰোতেও ব্যৱহাৰ হয় শৰীৰৰ বাবে ক্ষতিকাৰক আঠা, চেলুলজ আদি৷ বিজ্ঞাপনত আন সকলো নিত্য ব্যৱহার্য সামগ্রীক যেনেদৰে আকর্ষণীয়ভাৱে উপস্থাপন কৰা হয়, তেনেদৰে ছেনিটেৰী পেডো উপস্থাপন কৰা হয়৷ কিন্তু আঁৰতে ৰৈ যায় বহু জানিবলগীয়া কথা৷ গড়ে ৯০ শতাংশ ছেনিটেৰী পেডত চাৰিটা পলিথিনত ব্যৱহাৰ হোৱা পৰিমাণৰ প্লাষ্টিক ব্যৱহাৰ হয়৷ বিজ্ঞাপনত দেখুওৱা Odour lock’ প্রযুক্তিয়ে নাৰীৰ স্বাস্থ্যৰ লগত হেতালি খেলে৷ Odour lock’ আন একো নহয়, ছীন্থেটিক সুগন্ধিহে মাত্র আৰু এই সুগন্ধি প্রস্তুত কৰা হয় ৰেয়ন, ডি’ক্সিন আদিৰ দৰে ৰাসায়নিক পদার্থৰে৷ উদ্বেগজনক কথাটো হ’ল যে এই ৰাসায়নিক পদার্থবোৰে এলার্জি, খজুৱতি আদিৰ কাৰক হোৱাৰ লগতে কর্কট, সন্তানহীনতা, থাইৰয়ডৰ সমস্যা পর্যন্ত সৃষ্টি কৰিব পাৰে৷
২০১৬ চনত পৰিৱেশ মন্ত্রালয়ে ‘ছ’লিড ৱেষ্ট মেনেজমেণ্ট ৰুল’ ঘোষণা কৰে৷ এই নতুন নিয়মাৱলীত ঋতুস্রাৱৰ অৱশিষ্ট নিষ্কাশনৰ ব্যৱস্থাৱলী অন্তর্ভুক্ত হৈছিল যদিও এতিয়াও সম্ভৱতঃ কার্যত পৰিণত হোৱা নাই৷ কলকাতা চহৰৰ কাষত ৫০ ফুটতকৈও ওখ জাবৰৰ পাহাৰ সৃষ্টি হৈছে আৰু ইয়াত ঋতুস্রাৱৰ অৱশিষ্টই অধিক৷
আজিৰ পৰা ১৯ বছৰৰ পূর্বে ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনা সম্পর্কে ভাৰতত আৰম্ভ হৈছিল এক ব্যতিক্রম আন্দোলন৷ ডিজিটেল আন্দোলনটোৰ নাম ‘ব্লাড চাফাই’৷ এই আন্দোলনে পেলনীয়া ছেনিটেৰী পেডে সৃষ্টি কৰা সমস্যা আৰু সমাধানৰ বাবে এখন লেখ আবেদনৰ সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে ৬০ হাজাৰ লোকে হস্তাক্ষৰ কৰি সঁহাৰি জনাইছে৷ অজ্ঞতাৰ বাবে অথবা বিকল্পৰ অভাৱত ছেনিটেৰী পেড বহুতেই শৌচাগাৰত পেলায়৷ পেডবোৰে নলাত জাম কৰিলে পৰিস্থিতি অৱর্ণনীয় হয় আৰু নকৰিলেও অৱশেষত বর্জনীয় পদার্থৰ লগত মিহলি হৈ নদীত পৰেগৈ আৰু ভয়াৱহ জল প্রদূষণ কৰে৷ এই প্রদূষিত পানী মানৱ আৰু অন্যান্য জীৱ–জন্তুৰ বাবে অভাৱনীয়ভাৱে ক্ষতিকাৰক৷ তদুপৰি খাদ্য শৃংখলত মাইক্র’প্লাষ্টিক প্রৱেশ কৰি জলজ উদ্ভিদ আৰু প্রাণীৰ লগতে মানুহৰ ক্ষতিসাধন কৰে৷ আনহাতে মাটিত পুতি থোৱা ছেনিটেৰী পেডে নির্গত কৰা ৰাসায়নিক পদার্থই মাটিৰ উর্বৰতা হ্রাস কৰে৷ মানুহে সাধাৰণতে গুৰুত্ব নিদিয়া এই কথাবোৰ ‘ব্লাড চাফাই’ অভিযানে মানুহক জনাবলৈ আৰু সজাগতা সৃষ্টি কৰিবলৈ অহৰহ প্রয়াস কৰিছে৷
আমাৰ সমাজত ঋতুস্রাৱ সম্পর্কে এতিয়াও মুক্ত আলোচনা নহয়৷ নাৰীদেহৰ স্বাভাৱিক এই প্রক্রিয়াক লাজৰ আৱৰণেৰে ঢ়াকি থোৱা হৈছে৷ কিন্তু মুক্ত আলোচনাইহে সমস্যাৰ সমাধান আনিব৷ ঋতুস্রাৱ অৱশিষ্ট নিষ্কাশনৰ সমস্যা কেৱল ভাৰতৰ সমস্যা নহয়৷ বিশ্বৰ ভিন্ন প্রান্তত এই সমস্যা সমাধানৰ বাবে গৱেষণাও আৰম্ভ হৈছে৷ ব্লাড চাফাই অভিযানে ঋতুস্রাৱক ৰাজহুৱা স্বাস্থ্যৰ বিষয় ৰূপে গণ্য কৰিছে৷ ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনা ব্লাড চাফাইৰ প্রধান দাবী৷
যোৱা ২৮ মে’ত ঋতুস্রাৱ স্বাস্থ্য সুৰক্ষা দিৱসো পালন কৰা হ’ল৷ কিন্তু বহুতেই এই দিৱসৰ তাৎপর্যৰ বিষয়ে অজ্ঞ৷ আনহাতে, ভাল লগা কথাটো হ’ল যে বহু উদ্যমী পুৰুষ–নাৰীয়ে ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনা আৰু সুৰক্ষিত পৰিৱেশ প্রতিকূল পেড কম খৰচত প্রস্তুত কৰিছে৷ কিছুদিনৰ পূর্বে নিয়মীয়া বার্তাত ৰাণী বৰদলৈয়ে লিখা The Eco Hub’ নামৰ মহিলাৰ স্বাস্থ্যৰ লগত জড়িত এটি ক্ষুদ্র উদ্যোগ আৰু স্বত্বাধিকাৰী নেলছনৰ বিষয়ে পঢ়িছিলোঁ৷ প্রাকৃতিক উপাদানেৰে তেওঁৰ দৰে বহুতেই পেড প্রস্তুত কৰি দামী মেনষ্ট্রুৱেল কাপৰ দৰে সামগ্রী ক্রয় কৰিব নোৱৰা নাৰীসকলক সকাহ দিছে৷
বান–গৰাখহনীয়া আদি যেনেকৈ আমাৰ সামূহিক সমস্যা তেনেদৰে স্বাস্থ্যৰ সমস্যা তথা পৰিৱেশৰ সমস্যাও সামূহিক৷ আমি নাৰীসকলে ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনাত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰোঁ৷ ২০১৬ৰ জৈৱ চিকিৎসা অৱশিষ্ট নীতি অনুসৰি গভীৰ গাঁতত পুতিব পৰা এনে অৱশিষ্টবোৰ ঢ়ালি গাঁতটো আধা পূৰ হওঁতে চূণ দি পুতিব লাগে৷ তথা আন কেইবাটাও নির্দেশনা আছে৷ যিহেতু সেইবোৰ কাম চৰকাৰী নির্দেশমতে হ’ব সেয়ে আমি নিজাকৈ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ৷ ব্যৱহূত ছেনিটেৰী পেড নিষ্কাশনৰ বাবে নাৰীগৰাকীয়ে কিবা এটা চিহ্ণৰ সহায়েৰে আন জাবৰতকৈ পৃথক কৰি চাফাই কর্মীয়ে জাবৰ সংগ্রহ কৰিবলৈ আহোঁতে তেওঁলোকক যদি বুজাই দিয়ে অথবা ৰঙা এটা চিহ্ণ জাবৰৰ পেকেটত দিয়ে, তেতিয়াহে চাফাই কর্মীসকল বহু ৰোগৰ পৰা বাচিব৷ পৰিৱেশ অনুকূল পেড ব্যৱহাৰেও এই সমস্যাৰ সমাধান অনাটো নিশ্চিত৷
আমাৰ ঘৰৰ আলহীৰ খং অমূলক নাছিল৷ ঋতুস্রাৱক লৈ অস্বস্তি প্রকাশ কৰা বা মৌন হৈ থকাতকৈ ঋতুস্রাৱ অৱশিষ্ট ব্যৱস্থাপনাৰ কথা ভবাটোহে এতিয়া আমাৰ কর্তব্য৷

You might also like