শিক্ষকৰ কথা
কেইমাহমানৰ আগতে সাংবাদিকক দিয়া এটা সাক্ষাৎকাৰত ৰাষ্ট্রপতি কালামে কৈছিল যে জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ সুযোগ পালে তেওঁ এজন শিক্ষক হ’ব৷ বাতৰিকাকতত কথাষাৰ পঢ়ি একে সময়তে মনলৈ বহুতো ভাব আৰু স্মৃতি আহিল৷
মনলৈ অহা প্রথম স্মৃতিটো আছিল এই যে মই মোৰ কর্ম–জীৱন আৰম্ভ কৰিছিলোঁ এজন শিক্ষক হিচাপে আৰু শিক্ষকতা কৰি মই খুব ভাল পাইছিলোঁ৷ শিক্ষকতা কৰি মই ইমানেই ভাল পাইছিলোঁ যে ৰাজপত্রিত চৰকাৰী বিষয়া হিচাপে নিযুক্তি পোৱাৰ পিছতো মই মোৰ গাঁৱৰ হাইস্কুলখনৰ শিক্ষক হৈ থাকিবলৈকো ইচ্ছা কৰিছিলোঁ৷ কিন্তু দেউতাৰ ইচ্ছাৰ প্রতি সন্মান জনাই মই অৱশেষত চৰকাৰী চাকৰি গ্রহণ কৰিবলৈ বাধ্য হ’লোঁ৷ মোৰ শিক্ষকতা স্থায়ী হৈছিল মাত্র ছমাহ৷ কিন্তু তেৰ বছৰীয়া চৰকাৰী চাকৰি আৰু ছয়ত্রিশ বছৰীয়া সাংবাদিকতাতকৈ ছমহীয়া শিক্ষকতাৰ স্মৃতি মোৰ মনত বেছি মধুৰ আৰু সজীৱ হৈ আছে৷ মই বিশ্বাস কৰোঁ যে মাত্র ছমাহৰ ভিতৰতে মই মোৰ ছাত্রসকলৰ মন জয় কৰিবলৈ সমর্থ হৈছিলোঁ৷ মোৰ এজন প্রাক্তন ছাত্র দিব্যজ্যোতি ফুকনে মোলৈ কেতিয়াবা চিঠি লিখিবলগীয়া হ’লে এতিয়াও মোক গুৰুদেৱ বুলি সম্বোধন কৰে৷ তেওঁ উত্তৰ লখিমপুৰ কলেজত দর্শনৰ শিক্ষক আছিল, আৰু সেই কলেজৰে উপাধ্যক্ষ হিচাপে তেওঁ অৱসৰ গ্রহণ কৰিছে৷ দুবছৰমানৰ আগতে মই চিকিৎসাধীন হৈ হাস্পতালত থকাৰ সময়ত তেওঁ কেৱল মোক চাবলৈকে সুদূৰ উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটীলৈ ঢ়পলিয়াই আহিছিল৷ দিব্যজ্যোতিৰ দেউতাক স্বর্গীয় দ্রোণকান্ত ফুকন আছিল মোৰ শিক্ষাগুৰু৷ তেওঁৰ প্রতি শ্রদ্ধা আৰু কৃতজ্ঞতা জনাবলৈ মই ‘অসম বাণী’ত ‘শিক্ষাগুৰু’ শীর্ষক এটি চুটি প্রবন্ধ লিখিছিলোঁ৷ প্রবন্ধটো পঢ়ি বোলে ছাৰৰ চকুৰ পৰা আনন্দৰ চকুপানী ওলাইছিল৷
ছাত্র আৰু শিক্ষকৰ সম্পর্ক কিমান মধুৰ হ’ব পাৰে সেই কথা বুজাবলৈ ওপৰৰ উদাহৰণ দুটাই যথেষ্ট৷ এই সম্পর্কক বিষয় হিচাপে লৈ পৃথিৱীৰ বিভিন্ন ভাষাত বহুতো উৎকৃষ্ট কিতাপো ৰচিত হৈছে৷ থাউকতে মনলৈ অহা তেনে এখন কিতাপ হ’ল জেইমছ হিল্টনৰGood-bye Mr. Chips৷ যিবোৰ কিতাপক আমি মহৎ মাষ্টাৰপিচ বুলি আখ্যা দিওঁ,Good-bye Mr. Chips হয়তো তেনে কিতাপ নহয় কিন্তু এই কিতাপখনৰ চিৰন্তন আৰু বিশ্বজনীন আবেদনৰ ওপৰত মন্তব্য কৰি এজন সাহিত্য–ৰসিকে লিখিছিল–Every so often in publishing history, as the more pompous masterpieces of the week come and go, a quit unpretentious little book comes along, with no great ballyho to begin with, and takes the world by storm৷ আন এজন সমালোচকে কৈছিল যেGood-bye Mr. Chips পঢ়ি থাকোঁতে তেওঁ ডিঙিত কিবা এটাই সোপা মাৰি ধৰা যেন অনুভৱ কৰিছিল৷ এই সমালোচকজনৰ মানসিক অৱস্থাটো মই বুজি পাওঁ, কাৰণ কিতাপখন পঢ়ি থাকোঁতে মোৰো ঠিক সেই একে অৱস্থা হৈছিল৷
Good-bye Mr. Chips হ’ল মিঃ চিপছ্ নামৰ এজন শিক্ষক আৰু তেওঁৰ স্কুলখন আৰু ছাত্রবোৰৰ মাজত স্থাপিত হোৱা জীৱন–জোৰা গভীৰ প্রেমৰ সম্পর্কৰ কাহিনী৷ তেওঁলোকৰ মাজত কেনেকুৱা সম্পর্ক স্থাপিত হৈছিল সেই কথা বুজাবলৈ মিঃ চিপ্ছে জীৱনৰ অন্তিম মুহূর্তত কোৱা শেষ বাক্যটো উদ্ধৃত কৰিলেই যথেষ্ট হ’ব৷ মিঃ চিপ্ছৰ ডেকা বয়সত তেওঁৰ পত্নীৰ মৃত্যু হৈছিল৷ পুনৰ বিয়া নকৰোৱাৰ ফলত নিঃসন্তান হৈ থাকিব লগা হ’ল৷ আসন্ন মৃত্যুলৈ অপেক্ষা কৰি তেওঁ বিছনাত শুই থাকোঁতে কাষত বহি থকা কেইজনমান বন্ধুৱে নিজৰ ভিতৰতে কথা পাতি আছিল– ‘বেচেৰালৈ বৰ দুখ লাগে৷ মানুহজন গোটেই জীৱন অকলশৰীয়া হৈ থাকিল৷… নিজৰ সন্তানো নহ’ল৷’
বন্ধুকেইজনে ভাবিছিল যে মৃত্যু যন্ত্রণাত অচেতন হৈ থকা মিঃ চিপ্ছে তেওঁলোকৰ কথাবোৰ শুনা নাই৷ কিন্তু তেওঁলোকৰ কথা শুনি মিঃ চিপ্ছে গাৰুৰ পৰা মূৰটো সামান্য দাঙি সেহাই সেহাই ক’লে– ‘হেজাৰ হেজাৰ, হেজাৰ হেজাৰ ল’ৰা–ছোৱালী…’৷ অর্থাৎ তেওঁ নিঃসংগ নহয়, স্কুলখনলৈ চামে চামে অহা আটাইবোৰ ছাত্রই তেওঁৰ নিজৰ সন্তান৷
এই কথাখিনি লিখি থাকোঁতে ছাত্র–শিক্ষকৰ মধুৰ সম্পর্কৰ বিষয়ে লিখা এটা অবিস্মৰণীয় কবিতা মোৰ মনলৈ আহিছে৷ সেইটো হ’ল বাঙালী কবি কবিশেখৰ কালিদাস ৰায়ে লিখা ‘ছাত্রধাৰা’ নামৰ বাংলা কবিতা৷ বহুত বছৰৰ আগতে পঢ়া কবিতাটোৰ শব্দবোৰ এতিয়া মোৰ মনত নাই৷ কিন্তু কবিতাটোৱে মোৰ মনত জগাই তোলা কৰুণ–মধুৰ আৱেগখিনি মোৰ মনত এতিয়াও সঞ্চিত হৈ আছে৷ কবিতাটোৰ বিষয়বস্তু কি হ’ব পাৰে সেই কথা কবিতাটোৰ নামটোৰ মাজতেই ফুটি উঠিছে৷ এই প্রসংগতে তাৰাশংকৰ বন্দোপাধ্যায়ৰ ‘সন্দীপন পাঠশালা’ নামৰ উপন্যাসখনৰ কথাও মনলৈ আহে৷ উপন্যাসখনৰ আধাৰত নির্মিত একে নামৰ কথাছবিখন হাইস্কুলৰ ছাত্র অৱস্থাতেই চোৱা মোৰ মনত পৰে৷
শিক্ষকতাক বা ছাত্র–শিক্ষকৰ সম্পর্কক বা আনকি পঢ়াশালিকো বিষয়বস্তু হিচাপে লৈ অসমীয়া ভাষাত গল্প–উপন্যাস আৰু কবিতা লিখিত হৈছেনে নাই সেই কথা মই নাজানো৷ মই নিজে পঢ়ি পোৱা নাই৷ কিন্তু শিক্ষকৰ বন্দনা কৰি অসমীয়া ভাষাত কেইবাটাও প্রবন্ধ লিখিত হৈছে৷ সেইবোৰৰ ভিতৰত প্রবাদপ্রতিম শিক্ষক জেহিৰুদ্দিন আহমেদৰ গুণানুকীর্তন কৰি অজিত কুমাৰ শর্মাই লিখা মনোৰম প্রবন্ধটোৰ কথাই সর্বপ্রথমে মোৰ মনলৈ আহে৷ মই নিজেও কুলনাথ গগৈ, কনকনাথ বৰুৱা, দ্রোণকান্ত ফুকন, যতীন্দ্রনাথ গোস্বামী, পীৰজাহান আলী, ভবেশচন্দ্র মুখার্জী প্রমুখ্যে মোৰ কেইবাজনো শিক্ষাগুৰুৰ বিষয়ে প্রশস্তিমূলক প্রবন্ধ লিখিছোঁ৷ আজিজৰ ৰহমান মোৰ শিক্ষক নাছিল বা তেওঁক মই কেতিয়াও দেখাও নাছিলোঁ৷ কিন্তু তেওঁৰ খ্যাতি আৰু লোকশ্রুতিৰ ওপৰত নির্ভৰ কৰি মই এটা প্রবন্ধ লিখিছিলোঁ আৰু প্রবন্ধটোৱে তেওঁৰ প্রাক্তন ছাত্রসকলক বিশেষভাৱে আনন্দিত কৰা বুলি মই জানিব পাৰিছিলোঁ৷
কিন্তু মাজে মজে মোৰ মনলৈ এটা প্রশ্ণ আহে– প্রাথমিক আৰু মাধ্যমিক স্তৰত ছাত্র–শিক্ষকৰ সম্পর্কটো যিমান গভীৰ আৰু আৱেগপূর্ণ হৈ থাকে, কলেজ আৰু বিশ্ববিদ্যালয় পর্যায়ত সেই সম্পর্কটো তেনেকুৱা হৈ নাথাকে নেকি বা থকাটো সম্ভৱ নহয় নেকি? নিজৰ ব্যক্তিত্ব বা উচ্চমানৰ শিক্ষাদান পদ্ধতিৰ দ্বাৰা ছাত্রৰ মনত স্থায়ী প্রভাৱ ৰাখি যোৱা কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকৰ নাম আমি খুব বেছিকৈ নুশুনো কিয়? একেবাৰেই যে নুশুনো সেই কথা নহয়৷ কলিকতা বিশ্ববিদ্যালয়ত এসময়ত তাৰক সেন নামৰ এজন ইংৰাজী সাহিত্যৰ অধ্যাপক আছিল৷ শিক্ষক হিচাপে নিজৰ জীৱনকালতেই কিংবদন্তিত পৰিণত হোৱা তাৰক সেনৰ অসাধাৰণ শিক্ষকতাৰ নানা কাহিনী এতিয়াও শুনিবলৈ পোৱা যায়৷ সমগ্র দেশতে তেনে শিক্ষক নিশ্চয় আৰু বহুতো আছিল বা এতিয়াও আছে৷ শিক্ষকে কেতিয়াও বাতৰিকাকতৰ শিৰোনাম দখল নকৰে৷ তেওঁলোকৰ গৌৰৱ–গাথা মাজে মাজে প্রচাৰিত হয় কেৱল কৃতজ্ঞ ছাত্রসকলৰ স্মৃতিচাৰণ আৰু প্রশস্তিৰ যোগেদি৷ অসমত ছাত্রসকলৰ দ্বাৰা বিশেষভাৱে পূজিত হোৱা তেনে কেইজনমান কলেজ শিক্ষক হ’ল অতুলচন্দ্র দত্ত, হিৰণ্যচন্দ্র ভূঞা, নুৰুল ইছলাম… ইত্যাদি৷
অৱশ্যে কম বয়সত ছাত্র আৰু শিক্ষকৰ মাজত যেনেকুৱা পিতা–পুত্রসদৃশ আৱেগময় সম্পর্ক স্থাপিত হ’ব পাৰে, কলেজ–বিশ্ববিদ্যালয়্ ছাত্র–শিক্ষকৰ মাজত তেনে সম্পর্ক স্থাপিত হোৱা সম্ভৱ নহয়৷ সেই বয়সত ছাত্রই শিক্ষকক পিতৃ বা অভিভাৱকৰ পৰিৱর্তে পাবলৈ বিচাৰে জ্ঞানান্বেষণৰ দুর্গম অভিযানত পথ–প্রদর্শক আৰু প্রেৰণাদাতা হিচাপে৷ কলেজ–বিশ্ববিদ্যালয়্ পর্যায়ত শিক্ষকে ছাত্রৰ মন জয় কৰিব পাৰিব লাগিব তেওঁৰ উচ্চতৰ মেধাৰে, কঠোৰ কর্তব্য–নিষ্ঠাৰে, অধ্যয়নপুষ্ট বিদগ্ধ ব্যক্তিত্বৰে আৰু সর্বোপৰি নিত্য নৱ বৌদ্ধিক অভিযানৰ পথত আগবাঢ়িবলৈ ছাত্রৰ কাৰণে প্রেৰণাৰ উৎস হিচাপে৷ অসমত এনেকুৱা শিক্ষক কেইজন আছে? মই মোৰ নিজৰ কলেজীয়া জীৱনত তেনেকুৱা শিক্ষক এজনো নাপালোঁ৷
মই ক’ব খোজা কথাটো স্পষ্টকৈ বুজাবলৈ এজন আমেৰিকান পণ্ডিতে তেওঁৰ কেইজনমান শিক্ষকৰ স্মৃতিচাৰণ কৰি লিখা কেইটামান বাক্য তেওঁৰ নিজৰ ভাষাত উদ্ধৃত কৰিব খোজোঁ৷ হোৰেছ প’টাৰ আছিল আমহার্ষ্ট কলেজৰ ছাত্র৷ নিজৰ কলেজ জীৱনৰ স্মৃতি ৰোমন্থন কৰি তেওঁ লিখিছে–My teachers, fellow students and occasional guest lecturers helped me through those days of nostalgia and frustration. Brilliant, it rutheless, intellectual sparring partners, they spent hours arguning with me about almost everything. We talked until dawn; then sensing Truth’s everlasting elusiveness, we went to bed. But days at Amherst were not a time to sleep either. Teachers like Theodore Baird, Earl Latham and Benzamin Zeigler had served the college so long and excellently that they had become liveing legends… Marx and Kateb could draw a crowd at midnight. The word merely had to get out that one or the other or both had dicided to speak on, say, the Vietnam war or the Constitution, and we would all come.
ইয়াকেই কয় শিক্ষকতা৷ বৌদ্ধিক সাধনাৰ ক্ষেত্রত যদি অসম এৰাসুঁতিত পৰিণত হ’ব নালাগে, তেন্তে অসমতো এনে শিক্ষক ওলাব লাগিব৷ সমতুল্য পাণ্ডিত্যৰ অধিকাৰী হ’বলৈ হয়তো কিছু সময় লাগিব কিন্তু নিষ্ঠাৱান, পৰিশ্রমী আৰু দায়িত্বশীল হ’বলৈ সময় লগাৰ কোনো যুক্তি নাই৷