মহাজোঁট গঠনেৰে বিজেপিক এইবাৰ প্রত্যাহ্বান জনোৱা কংগ্রেছে পুনৰ দিছপুৰ দখলৰ কুচকাৱাজ চলাইছে৷ মূলতঃ এ আই ইউ ডি এফ আৰু বি পি এফৰে মিত্রতাই কংগ্রেছৰ মহাজোঁটক যুঁজ দিব পৰা এক স্থিতিলৈ উন্নীত কৰা বুলি প্রাক নির্বাচনী প্রেক্ষাপটত বহুতকে এটা ধাৰণা দিছে৷ এয়া যদি সঁচা হয়, তেন্তে ২০২১ চনৰ বিধানসভা নির্বাচন আকর্ষণীয় হৈ পৰাৰ সম্ভাৱনাও বৃদ্ধি পাব৷
নির্বাচনী সাফল্যৰ আশাতেই এইবাৰ কংগ্রেছে ‘বিগ ব্রাদাৰ’ৰ ভেম ত্যাগ কৰাৰ বাবে অহোপুৰুষার্থ কৰিছে৷ মহাজোঁটক শক্তিশালী ৰূপ দিয়াৰ লক্ষ্যৰে সহযোগী দলসমূহৰ দাবীক গুৰুত্ব দিছে দলটোৱে৷ কিন্তু দলটোৰ বাবে দুটা কাৰকে আটাইতকৈ ডাঙৰ প্রতিবন্ধকতাৰ সৃষ্টি কৰাৰ আশংকা প্রবল৷ ইয়াৰে প্রথমটো হ’ল বিশ্বাসযোগ্যতা৷ দ্বিতীয়টো কাৰণ হ’ল– প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ অনুপস্থিতিত কংগ্রেছৰ এখন জনপ্রিয় পৰিচিত–আশা সঞ্চাৰকাৰী মুখৰ অভাৱ৷
কংগ্রেছে এইবাৰ ৫টা গেৰাণ্টী দিছে যদিও শাসকীয় বিজেপি মিত্রজোঁটে আকৌ এবাৰ কংগ্রেছৰ বিশ্বাসযোগ্যতাক লৈ জনতাৰ মাজত সন্দেহৰ বীজ সুমুৱাই দিবলৈ সক্ষম হৈছে৷ ১৫ বছৰীয়া শাসনকালত ভোটাৰে যি বিতৃষ্ণাৰে কংগ্রেছক আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল, সেই বিতৃষ্ণাক পুনৰ জাগ্রত কৰাটো কংগ্রেছবিৰোধী শক্তিৰ বাবে অতি সাধাৰণ কাম হিচাপে পৰিগণিত হৈছে৷ বংশানুক্রমিক ৰাজনীতি, অসম আন্দোলনৰ ৮৫৫গৰাকী শ্বহীদ, ‘কা’ আৰু এন আৰ চিক লৈ পৰস্পৰবিৰোধী স্থিতি, এ পি এছ চিকে ধৰি কংগ্রেছৰ শাসনকালত সংঘটিত দুর্নীতি আদি বিষয়সমূহক লৈ কংগ্রেছৰ ওপৰত ‘পান্সিং বেগ’ৰ দৰে প্রহাৰ কৰাটো একেবাৰে সহজ৷ চৰম বিতৃষ্ণাৰে মানুহে এই বিষয়সমূহৰ বাবেই কংগ্রেছৰ বিশ্বাসযোগ্যতাক লৈ এতিয়াও প্রশ্ণ কৰে৷ বিজেপি আৰু অগপই এতিয়া বদৰুদ্দিন আজমলৰে মিত্রতাক লৈ কংগ্রেছৰ বিশ্বাসযোগ্যতা সন্দর্ভত অধিক সন্দেহ মানুহৰ মগজুত স্থায়ীভাৱে সুমুৱাই দিবলৈ সক্ষম হৈছে৷ মহাজোঁটৰ যিবোৰ এডভাণ্টেজ প্রাক নির্বাচনী সমীক্ষাসমূহত দেখিবলৈ পোৱা গৈছে তাৰ সম্পূর্ণ ফল লাভ কৰাত এই বিশ্বাসযোগ্যতাৰ প্রশ্ণই অন্তৰায় সৃষ্টি কৰাটো নিশ্চিত৷
ইপিনে, মহাজোঁটত এইবাৰ সামগ্রিকভাৱে কংগ্রেছী নেতাৰ সলনি নিজৰ নিজৰ ভোটবেংকত আজমল আৰু হাগ্রামা মহিলাৰীহে আশা সঞ্চাৰকাৰী মুখ হিচাপে চিহ্ণিত হৈছে৷ বিজেপিয়ে সেয়ে আজমল মুখ্যমন্ত্রী হ’ব বুলি এই ইছ্যু সৃষ্টি কৰি খিলঞ্জীয়া জনসাধাৰণক মহাজোঁটৰ পৰা দূৰলৈ আঁতৰাই পঠিওৱাৰ সুযোগ ল’ব পাৰিছে৷ ইয়াৰ বাবে আজমলে নিজেই বাৰম্বাৰ ঘোষণা কৰিব লগা হৈছে যে তেওঁ কোনো পৰিস্থিতিতে মুখ্যমন্ত্রীৰ আসনৰ দাবীদাৰ নহয়৷ কংগ্রেছেও মহাজোঁট চৰকাৰৰ মুখ্যমন্ত্রী এজন খিলঞ্জীয়া অসমীয়াই হ’ব বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ কিন্তু প্রশ্ণ হ’ল– কংগ্রেছৰ নেতাসকলৰ মাজত মুখ্যমন্ত্রিত্বৰ বাবে এক গ্রহণযোগ্য মুখ আছেনে? বিজেপিক উৎখাত কৰাৰ হুংকাৰ দিয়া কংগ্রেছৰ বাবে এয়া এক ডাঙৰ দুর্বলতা৷ ফলাফল যদি সোঁতৰ বিপৰীতে কেনেবাকৈ বিজেপি মিত্রজোঁটৰ বিৰুদ্ধে যায়, তেন্তে আন যিকোনো কংগ্রেছ নেতাতকৈ হাগ্রামা মহিলাৰী পৰৱর্তী মুখ্যমন্ত্রী হিচাপে শক্তিশালী দাবীদাৰ হৈ পৰাটো অসম্ভৱ নহ’ব৷
আৰম্ভণিতেই উল্লেখ কৰা হৈছে যে মহাজোঁট গঠনেৰে কংগ্রেছে যুঁজ দিব পৰা এক স্থিতি লাভ কৰিছে বুলি অনুমান কৰিব পৰা হৈছে৷ কিন্তু সেয়া এক ধাৰণাহে৷ সামগ্রিক দৃষ্টিকোণৰ পৰা বিজেপিৰ মিত্রজোঁটে এতিয়াও পৰিষ্কাৰভাৱে অগ্রগতি লাভ কৰি আছে৷ বিজেপিৰ প্রচাৰৰ সন্মুখত কংগ্রেছ সম্পূর্ণ স্তিমিত৷ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ মাজত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ দৰে শ্রোতাক প্রভাৱান্বিত কৰিব পৰা বক্তা৷ ইয়াৰ লগতে জনপ্রিয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিনে–নিশাই অক্লান্ত প্রচাৰ অভিযান আৰু বিৰোধীক অনবৰতে ব্যতিব্যস্ত কৰি ৰখা বাক্যবাণক কোনো কংগ্রেছী ষ্টাৰ কেম্পেইনাৰে যোগ্য প্রত্যুত্তৰ দিব পৰা নাই৷ ‘কা’ আন্দোলনৰ সময়ত এনে এক ধাৰণাৰ সৃষ্টি হৈছিল যে এইবাৰ বিজেপিৰ পথ কণ্টকময় হৈ পৰিব৷ কিন্তু ‘কা’ৰ ধুমুহা ভবাতকৈ বহু পূর্বেই দুর্বল হৈ পৰিল৷ ইয়াৰ বিপৰীতে সর্বানন্দ সোণোৱাল চৰকাৰে হিতাধিকাৰীৰ তালিকা দীঘলীয়া কৰি ভোটাৰৰ এক শক্তিশালী ভেটি সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ সু–সংগঠিত দল হিচাপে নির্বাচনৰ বহু পূর্বেই বিজেপিয়ে তৃণমূল পর্যায়ত সাংগঠনিক ভেটি সবল কৰি তুলিছে৷ কর্মীৰ নিষ্ঠা হ’ল বিজেপিৰ অন্যতম প্রধান শক্তি৷ এইক্ষেত্রত আৰ এছ এছৰ ভূমিকা যে আটাইতকৈ বেছি, সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ সর্বোপৰি, মুখ্যমন্ত্রী সোণোৱাল আৰু ড০ শর্মাৰ লগতে বিজেপি নেতাসকলে বিগত পাঁচটা বছৰত চৰকাৰৰ জনহিতকৰ কার্যসূচী–আঁচনি আৰু বিকাশক ভোটাৰৰ সন্মুখত চকুত লগাকৈ তুলি ধৰিবলৈ সক্ষম হৈছিল৷ এক কথাত ক’বলৈ গ’লে বিজেপিৰ ৰথ এতিয়াও অপ্রতিৰোধ্য হৈ আছে৷ এই প্রবল শক্তিৰ বিৰুদ্ধে কংগ্রেছৰ মহাজোঁটে আগন্তুক দিনকেইটাত সমানে যুঁজ দিবলৈ সক্ষম হ’ব নে নাই, সেয়া লক্ষণীয় হ’ব৷
বিজেপিৰ অপ্রতিৰোধ্য শক্তিক স্বীকাৰ কৰিও এটা কথা ক’বই লাগিব যে কংগ্রেছ–এ আই ইউ ডি এফ–বাঁওদল আৰু বি পি এফ একে মঞ্চত উপৱিষ্ট হোৱাটোৱে এইবাৰৰ বিধানসভা নির্বাচনক আকর্ষণীয় কৰি তোলাৰ সম্ভাৱনা এতিয়াও জীয়াই ৰাখিছে৷ ২০১৬ চনত বিভিন্ন দলে লাভ কৰা ভোটৰ পৰিসংখ্যায়ো বিৰোধীক আশাবাদী কৰি ৰাখিছে৷ বিগত নির্বাচনত বিজেপি–গপৰ ভোট শ্বেয়াৰ আছিল ৩৭.৬৫ শতাংশ৷ বি পি এফে লাভ কৰিছিল ৩.৫ শতাংশ৷ আনহাতে মাত্র ২৬খন আসন লাভ কৰিলেও কংগ্রেছৰ ভোট শ্বেয়াৰ আছিল ৩০.৯৬ শতাংশ৷ কংগ্রেছ–এ আই ইউ ডি এফ আৰু বাঁওদলৰ ভোট শ্বেয়াৰ আছিল ৪৪.৮৭ শতাংশ৷ ইয়াৰ সৈতে এইবাৰ বি পি এফৰ ভোটৰ অংশও যোগ হ’ব৷ বিৰোধীৰ বাবে এই পৰিসংখ্যা সন্দেহাতীতভাৱে আশাব্যঞ্জক৷ কিন্তু পাঁচ বছৰ পুৰণি এই পাৰিসাংখ্যিক ছবিখন একে থকাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে৷ তদুপৰি নির্বাচনত পৰিসংখ্যা বাৰে বাৰে ছলনাময়ী বুলি প্রমাণিত হৈ আহিছে৷