তৃতীয় ‘এম’
ছবিখন প্রত্যাশিত আছিল৷ অৱধাৰিত আছিল৷ ৰাজ্যজুৰি এতিয়া তাৰেই প্রতিফলন ঘটিছে৷ ক’ৰবাত মিত্রদলক সমষ্টি এৰি দিয়াৰ ক্ষোভত জুই জ্বলিছে৷ প্রতিবাদ সাব্যস্ত হৈছে৷ কার্যালয় লণ্ডভণ্ড হৈছে৷ ক’ৰবাত প্রার্থিত্ব নাপাই নিজ দলৰে সতীর্থৰ সৈতে মাৰপিটত লিপ্ত হৈছে ৰাজনৈতিক দলৰ নেতা–কর্মী–সমর্থক৷ নেতাৰ জুমুঠি দাহ হৈছে৷ অসম বা ভাৰতীয় ৰাজনীতিত এয়া নতুন কথা নহয়৷ আমাৰ ৰাজ্যখনতে পূর্বৰ নির্বাচনসমূহত অনুৰূপ দৃশ্য দেখা গৈছিল৷ সময়ৰ গতিত লাহে লাহে সমস্যাবোৰ আঁতৰি যায়৷ অনেকে নিজৰ দল অথবা মর্চাক ক্ষমতালৈ অনাৰ স্বার্থত খং–ৰাগ–ভিমান এৰি পুনৰ দলীয় কাম–কাজত জঁপিয়াই পৰে৷ কিছুৱে খং–ভিমান এৰাৰ অভিনয় কৰে আৰু চিপৰাং মৰা ৰাজনীতিত নামে৷ একাংশই অৱশ্যে বিদ্রোহৰ পৰা কোনোপধ্যে আঁতৰি নাযাই সুযোগ পালে দল সলনি কৰি নির্বাচনী ৰণত অৱতীর্ণ হয় নতুবা নির্দলীয় ৰূপে প্রতিদ্বন্দ্বিতা কৰে৷ তেনে বহু প্রার্থীয়ে ভোটযুদ্ধত জয়ী হোৱাৰো নজিৰ আছে৷ অর্থাৎ সেই বিশেষ ব্যক্তিজন অথবা তেওঁৰ সমর্থক গোটটোৰ খং যে ন্যায়সংগত বা যুক্তসংগত আছিল, সেইটো প্রতিপন্ন হয়৷ ইয়াৰ সৰল অর্থটো হ’ল, কেতিয়াবা কেতিয়াবা নেতৃত্বৰ প্রার্থী বাছনিত ভুল হয়৷ কেতিয়াবা প্রার্থী বাছনি প্রক্রিয়াত ধনৰ লেনদেন হোৱাহেতুও যোগ্যজন প্রার্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ যি নহওক, পূর্বৰ অভিজ্ঞতাৰ পৰা ইয়াকে ক’ব পাৰি যে অসমত ৰাজনৈতিক দল–মঞ্চত সম্প্রতি চলি থকা বিদ্রোহৰ জুইকুৰা বেছিদিন জ্বলি নাথাকে৷ পৰিস্থিতিয়ে শীঘ্রেই নতুন ৰূপ ল’ব৷ এতিয়া অসমৰ পৰা পশ্চিমবংগৰ ৰাজনীতিলৈ পাক এটা মাৰিব খুজিছোঁ৷ শেহতীয়াকৈ ৰাজ্যখনত বিধানসভা নির্বাচনৰ ৰাজনীতিয়ে এটা নতুন ৰূপ পৰিগ্রহ কৰিছে৷ প্রেক্ষাপটত তৃতীয়টো ‘এম’ৰ আৱির্ভাৱ ঘটিছে৷ এই ‘এম’টো বংগৰ ৰাজনীতিৰ নির্ণায়ক ‘এম’ হ’ব পাৰে৷
অসমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে প্রভাৱশালী ৰাজনীতিক থকাৰ বিপৰীতে পশ্চিমবংগত ভাৰতীয় জনতা পার্টীৰ তেনে কোনো আকর্ষণীয় চেহেৰা নাই৷ সেই হেতু ৰাজ্যখনত ইমান দিনে মমতা বেনার্জী অর্থাৎ প্রথমটো ‘এম’ৰ বিৰুদ্ধে নতুন দিল্লীৰ পৰা মূলতঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী অর্থাৎ দ্বিতীয়টো ‘এম’–এ নির্বাচনী যুঁজখনত নেতৃত্ব দি আহিছিল৷ ইয়াৰ সুযোগতে তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়ে বংগত ‘বংগৰ সন্তানেহে শাসন কৰিব’ বুলি ধ্বনি দি বিজেপিক শ’লঠেকত পেলোৱাৰ চেষ্টা চলাই আহিছিল৷ কিয়নো মমতা বেনার্জীয়ে ভালদৰেই জানিছিল যে বংগ বিজেপিত মুখ্যমন্ত্রী ৰূপে প্রক্ষেপ কৰিবলৈ তেনে এজনো নেতা নাই৷ বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ সেই গ্রহণযোগ্যতা নাই বাবে কেন্দ্রত শাসনাধিষ্ঠিত দলটোৱে তেওঁৰ নাম আজিলৈকে মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে উচ্চাৰণ কৰা নাই৷ আনহাতে, তৃণমূল কংগ্রেছৰ পৰা প্রায় কুৰিগৰাকী মন্ত্রী–বিধায়ক বিজেপিলৈ আহিলেও তেওঁলোকৰ মাজতো বিজেপিয়ে মুখ্যমন্ত্রীৰ প্রার্থীজন বিচাৰি পোৱা নাছিল৷ সেয়ে বংগৰ সন্তানেই বংগৰ মুখ্যমন্ত্রী হ’ব বুলি কৈ আহিলেও বিজেপি নেতৃত্বই সন্তানজনৰ নাম কোৱা নাছিল বা ক’ব পৰা অৱস্থাত নাছিল৷ কিন্তু যোৱা দেওবাৰে (৭ মার্চ) প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ব্রিগেডত অনুষ্ঠিত জনসভাখনে যেন ইয়াৰ উত্তৰ স্বয়ংক্রিয়ভাৱে দিলে৷ মোদীৰ সৈতে একেখন মঞ্চত উপৱিষ্ট হ’ল বংগৰ ৰাজনীতিৰ তৃতীয়টো ‘এম’ অর্থাৎ বলীউডৰ তাৰকা মিথুন চক্রৱর্তী৷ অৱশ্যে প্রধানমন্ত্রী মোদী অথবা বিজেপি নেতৃত্বই এতিয়ালৈকে মিথুন চক্রৱর্তীক বংগ বিজেপিৰ মুখ্যমন্ত্রী পদৰ প্রার্থীৰূপে আনুষ্ঠানিক ঘোষণা আগবঢ়োৱা নাই৷ কিন্তু তেওঁ যে বিজেপিৰ মুখ্যমন্ত্রী পদৰ ব্যক্তিগৰাকী, সেইটো চর্চা ইতিমধ্যে বংগ তথা ৰাজ্যখনৰ ৰাজনীতিক লৈ অনুসন্ধিৎসু দেশৰ লাখ লাখ লোকৰ মাজত আৰম্ভ হৈছে৷
যোৱা দেওবাৰে ব্রিগেডত জনসমুদ্রত সম্বোধন জনোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঞ্চৰ পিছফালে বহি মিথুন চক্রৱর্তীৰ সৈতে কমেও ১৫ মিনিট সুকীয়াকৈ কথা পাতিছিল৷ অৱশ্যে কি কথা পতা হ’ল, সেই বিষয়ে মিথুন চক্রৱর্তীয়ে সাংবাদিকক একো খোলাকৈ নক’লে৷ মাথোঁ ক’লে, তেওঁৰ সৈতে মোৰ খুব ভাল আলোচনা হৈছে৷ তেওঁক যেতিয়া সোধা হৈছিল, এইবাৰৰ নির্বাচনী যুঁজত মুখ্যমন্ত্রী পদৰ মুখ হ’ব নেকি? উত্তৰত তেওঁ ‘হা’ অথবা ‘না’ একো নক’লে৷ মাথোঁ ক’লে– মই প্রট’কল ভংগ কৰিব নোৱাৰিম৷ সম্ভৱতঃ সেই প্রট’কলতে লুকাই আছে মুখ্যমন্ত্রী পদৰ প্রার্থীৰ উত্তৰটো৷ বিজেপিয়ে তেওঁক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী পদৰ প্রার্থী ৰূপে ঘোষণা কৰাৰ পূর্বে বিভিন্ন দিশ পৰীক্ষা কৰিব বিচাৰিব পাৰে অথবা কোনো বিশেষ দিন বা মুহূর্তৰো অপেক্ষা কৰিব পাৰে৷ অৱশ্যে তাৰকা মিথুন চক্রৱর্তীৰ অতীতো ইয়াৰ এটা কাৰণ হ’ব পাৰে৷
চলচ্চিত্রৰ অভিনয় জীৱনত তিনিবাৰকৈ ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰা মিথুন চক্রৱর্তীৰ বংগত জনপ্রিয়তাক লৈ কাৰোৰেই সন্দেহ অথবা দ্বিমত থাকিব নোৱাৰে৷ মিথুন চক্রৱর্তীক পশ্চিমবংগৰ সফল সন্তানসকলৰ মাজৰে এজন বুলি বংগবাসীয়ে গণ্য কৰি আহিছে৷ গতিকে তেওঁক ৰাজ্যখনৰ যিকোনো ৰাজনৈতিক দলেই বিচাৰে বা বিচাৰিব৷ কিন্তু এইজন বলীউড তাৰকা দলবাগৰা ৰাজনীতিত সিদ্ধহস্ত বুলিও বংগত নাম আছে৷ এসময়ত নক্সালবাদীৰ ঘোৰ সমর্থক মিথুন চক্রৱর্তী পৰৱর্তী কালত চিপিএমৰ সমর্থক হৈ পৰে৷ বামপন্থী নেতা প্রয়াত সুভাষ চক্রৱর্তীৰে ঘনিষ্ঠতাৰ সূত্রে তেওঁ চিপিএমৰ সমর্থক হৈ পৰিছিল৷ অৱশ্যে দলটোত আনুষ্ঠানিকভাৱে যোগ দিয়া নাছিল৷ পৰৱর্তীত বাম দলৰ দুর্গ খহাই মমতা বেনার্জীৰ হাতলৈ শাসনভাৰ যোৱাৰ পাছত মিথুন চক্রৱর্তী তৃণমূল কংগ্রেছৰ প্রতি আকৃষ্ট হয়৷ ২০১৪ চনত তেওঁ তৃণমূল কংগ্রেছত যোগদান কৰে৷ দলটোৰ প্রার্থিত্বৰে তেওঁ ৰাজ্যসভালৈও নির্বাচিত হয়৷ ইয়াৰ মাজতে বলীউডৰ তাৰকাজনৰ নাম সাৰদা কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰে৷ এনফ’চমেণ্ট সঞ্চালকলৈ পত্র প্রেৰণ কৰি ধন ওভতাই দিয়ে৷ লগতে তৃণমূল কংগ্রেছ ত্যাগ কৰি কার্যতঃ বংগৰ ৰাজনীতিৰ পৰা তেওঁ আঁতৰি যায়৷ দীর্ঘ বিৰতিৰ পাছত ব্রিগেডত তেওঁৰ পুনৰ আগমন ঘটে৷ যিয়েই নহওক, বংগৰ ৰাজনীতিত তৃতীয়টো ‘এম’ৰ আৱির্ভাৱ এনেয়ে ঘটা নাই৷ এজন প্রভাৱশালী বাঙালী বিচাৰি ফুৰা বিজেপিৰ সন্ধানত মিথুন চক্রৱর্তীয়ে যতি পেলাব পাৰে৷ হয়তো সেয়ে ব্রিগেডত দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে মিথুন চক্রৱর্তীক ‘বংগৰ সন্তান’ বুলি ৰাজ্যবাসীৰ আগত তুলি ধৰিছিল৷