তালিবানৰ উত্থানত বিপদৰ পোষ্টমর্টেম
লাডেন, বাগদাদী নিহত হোৱাৰ পিছত মানৱ সভ্যতাৰ প্রতি ভাবুকি সৃষ্টিকাৰী ইছলামিক সন্ত্রাসবাদী–জেদাহীৰ্ শক্তি লাহে লাহে কমিবলৈ ধৰিছিল ৷বকো হাৰাম বা আফ্রিকীয় দেশত সীমিত সক্রিয় হৈ থকা দুই–এটা কুখ্যাত ইছলামিক সংগঠনৰ বাহিৰে পৃথিৱীৰ আন অংশত আন আন জেহাদী সংগঠন–শক্তিৰ কার্যকলাপ লক্ষণীয়ভাৱে কমি গৈছিল৷ লাগিলে সেয়া আইছিছবা আল–কায়দায়েই নহওক কিয়৷ ভাৰততো লস্কৰ–ই–তৈবা, জইচ–ই–মহম্মদৰ দৰে সন্ত্রাসবাদী সংগঠনৰ হিংসাত্মক কার্যকলাপ কমি আহিছিল৷ লগতে ইছলামিক সন্ত্রাসবাদ আৰু জেহাদীক মহিমামণ্ডিত কৰা লোকৰ সংখ্যাও হ্রাস পাবলৈ ধৰে৷ এই অপশক্তিবোৰৰ কাম হৈছে বিভিন্ন গণসংযোগ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মগজু ধুলাই কৰা৷ কিন্তু পৰিৱর্তিক পৰিস্থিতিত অপশক্তিবোৰে নিস্ক্রিয় অথবা মূৰ পোলোকা মাৰিবলৈ বাধ্য হয়৷ কিয়নো তেওঁলোকৰ সন্মুখত জেহাদৰ জৰিয়তে ইছলামৰ ৰক্ষা অথবা গৰিমা বৃদ্ধিৰ তথাকথিত নায়কসকলৰেই পতন ঘটিল৷ কমিবলৈ ধৰিলে ভ্রান্ত ধাৰণাৰে পৃথিৱীখন নৰকত পৰিণত কৰিব বিচৰা লোকৰ সংখ্যা৷ সংগঠনসমূহত পূর্বৰ দৰে নতুন সদস্যৰ ভর্তি বহু পৰিমাণে কমি গ’ল৷ ইছলামিক সন্ত্রাসবাদ আৰু জেহাদৰ বিৰুদ্ধে বিশ্বৰ ৰাষ্ট্রসমূহৰ বিভিন্ন পন্থাৰ ঐক্যবদ্ধ যুঁজখনে ইছলামিক সন্ত্রাসবাদীৰ বাবে ভূমি সংকুচিত কৰি আনিছিল৷
ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বজোৰা যুঁজখন আফগানিস্তানৰ ভূমিৰ পৰাই আৰম্ভ হৈছিল৷ বিশ্ব বাণিজ্য সংস্থাৰ সুবিশাল কার্যালয়ত লাডেন বাহিনীয়ে চলোৱা আক্রমণে ইছলামিক সন্ত্রাসবাদ সন্দর্ভত পশ্চিমীয়া ৰাষ্ট্রসমূহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল৷ ১১ ছেপ্ঢেম্বৰত লাডেনে আমেৰিকাৰ দর্পচূর্ণ কৰিছিল৷ ইমান দিনে যুক্তৰাষ্ট্রৰ শাসক তথা সেনা নেতৃত্বই ভাবি আহিছিল যে আমেৰিকা সবাতকৈ সুৰক্ষিত ৰাষ্ট্র৷ দেশখনত বাহিৰৰ যিকোনো অপশক্তিৰ বাবে বেজীত সূতা ভৰোৱা ছিদ্রটোৰ সমানো সুৰুঙা নাই৷ আল–কায়দাই সেই ভুল ভাঙি দিয়াত আমেৰিকাৰ লগতে পশ্চিমীয়া দেশৰ চৰকাৰসমূহক ইছলামিক সন্ত্রাসবাদ, জেহাদ সম্পর্কে নতুনকৈ ভাবিবলৈ বাধ্য কৰিলে৷ তাৰেই পৰিণতিত প্রকৃতার্থত ইছলামিক সন্ত্রাসবাদী, জেহাদী আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে আফগানিস্তান বিশ্ব সমাজৰ প্রথমখন যুদ্ধ আৰম্ভ হয়৷ ইয়াৰ পিছত ইৰাক আৰু ছিৰিয়াত আইছিছৰ উত্থান৷ সকলোতে সংগঠনৰ বিৰুদ্ধে আমেৰিকা, নাটোৱে ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰি গৈ থাকিল৷ কিন্তু দুর্ভাগ্যজনক কথাটো ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে পৃথিৱীয়ে য’ত যুদ্ধখন আৰম্ভ কৰিছিল, আমেৰিকাই সেইখন ৰাষ্ট্র ইছলামিক সন্ত্রাসবাদৰ অন্যতম পিতৃ তালিবানৰ হাতত তুলি দিলে৷ লগতে যৌতুক হিচাপে ইমান পৰিমাণত অত্যাধুনিক অস্ত্র–শস্ত্র, যুদ্ধবিমান, আধুনিক সমৰৰ উপকৰণ দিলে যে মাথোঁ কেইদিনমানৰ ভিতৰতে বিশ্বৰ কমেও ছকুৰি দেশতকৈ তালিবানৰ অস্ত্রশক্তি অধিক হৈ পৰিল৷
তালিবানে ৰাজধানী কাবুল দখলৰ এপষেক সম্পূর্ণ হ’ল৷ এতিয়ালৈকে আফগানিস্তানত চৰকাৰ গঠন হোৱা নাই৷ সন্ত্রাসবাদী সংগঠনটোৱে ৰাষ্ট্রখনত এখন মিলিজুলি চৰকাৰ গঠন কৰা হ’ব বুলি ঘোষণা কৰিছে৷ দেশখনৰ পৰা বিদেশী ৰাষ্ট্রৰ সৈনিক আঁতৰি যোৱাৰ পিছত চৰকাৰ এখন গঠন হ’ব পাৰে৷ সন্ত্রাসবাদী সংগঠনটোৰ কথা আৰু কামৰ মাজত মিল নাই৷ তেওঁলোকে এই কথাৰ পৰা আঁতৰি আহি নিজাববীয়াকৈ চৰকাৰ এখন গঠন কৰিবও পাৰে৷ নতুবা আন্তর্জাতিক স্বীকৃতিৰ বাবে চৰকাৰখনত আন আন শক্তিৰো অংশীদাৰিত্ব স্বীকাৰ কৰি ল’বও পাৰে৷ কিন্তু চৰকাৰখন শ্বৰিয়তৰ অধীনত চলিব৷ অর্থাৎ ১৯৯৬–২০০১ চনত আফগানিস্তানত যি শাসন ব্যৱস্থা চলিছিল, তাৰেই পুনৰাবৃত্তি হ’ব৷ নাৰী আৰু সংখ্যালঘুৰ অধিকাৰ বুলি একো নাথাকিব৷ সকলো দাসত পৰিণত হ’ব৷ তদুপৰি ৰাষ্ট্রখন হৈ পৰিব বিশ্বৰ দুর্ধর্ষ ইছলামিক সন্ত্রাসবাদীৰ লীলাভূমি৷ তালিবানে নিজেই ১২টা ইছলামিক জেহাদী–সন্ত্রাসবাদীৰ্ মিলি শেহতীয়া ৰণখনত জয়লাভ কৰিছে৷ সেই ইছলামিক সন্ত্রাসবাদী–জেহাদী সংগঠনৰ ভিতৰত মধ্য এছিয়া, পাকিস্তান, ভাৰতত সক্রিয় ইছলামিক সন্ত্রাসবাদী সংগঠন আছে৷ তদুপৰি চীনত সক্রিয় উইগাৰ মুছলমানসকলৰো সন্ত্রাসবাদী সংগঠনৰ তালিবানৰ সৈতে বুজবুজি আছে৷ তালিবানৰ পুনৰ উত্থানে এইসন্ত্রাসবাদী–জেহাদী সংগঠনসমূহকো পুনৰুজ্জীৱিত কৰিব৷ অকল সেয়াই নহয়, তালিবানৰ কাবুল দখলৰ পিছত বিশ্বৰ প্রান্তে প্রান্তে তেনে সন্ত্রাসবাদী আৰু জেহাদী সংগঠনে দেখুওৱা প্রতিক্রিয়াই বিশ্ববাসীৰ বাবে নতুন সংকট কঢ়িয়াই অনাৰ ইংগিত বহন কৰিছে৷ তালিবানৰ বিজয়ত য়েমেনত ইছলামিক সন্ত্রাসবাদীয়ে ফটকা ফুটাই আনন্দ প্রকাশ কৰিছে৷ ছোমালিয়াত মিঠাই বিতৰণ হৈছে৷ ছিৰিয়াত আফগানিস্তানৰ প্রশংসা কৰা হৈছে৷ সমগ্র বিশ্বজুৰি মৌলবাদী সমাজখনত তালিবানৰ বিজয়ক গোডা ইছলামিক চিন্তাধাৰা, জেহাদৰ বিজয় হিচাপে ধৰি লোৱা হৈছে৷ ব্যাখ্যা কৰা হৈছে৷ সমাগত দিনত বিশ্বত ইয়াৰ প্রভাৱ পৰিলক্ষিত হ’ব৷ দৰিদ্র আৰু দুর্বল দেশ দখলৰ বাবে এনে ধৰণৰ ইছলামিক সন্ত্রাসবাদী সংগঠনে অপচেষ্টা চলাব৷ গণসংযোগ মাধ্যমৰ জৰিয়তে জেহাদ আৰু সন্ত্রাসবাদৰ সপক্ষে প্রচাৰ জোৰদাৰ হ’ব৷ এইখন ধৰাৰ বুকুত ইছলামিক সন্ত্রাসবাদে নতুন ৰূপ লৈ মানৱ সভ্যতাক বিপদলৈ ঠেলি দিয়াৰ চেষ্টা চলাব৷ ভাৰত বা অসমো ইয়াৰ পৰা মুক্ত হৈ থাকিব বুলি আত্মসন্তুষ্টিত ভুগি থকাটো উচিত নহ’ব৷ জম্মু–কাশ্মীৰত তালিবানেই হওক বা আন অপশক্তি, সেইবোৰৰ বিৰুদ্ধে দক্ষতাৰে যুঁজিবলৈ এইখন দেশৰ সেনা সক্ষম৷ তদানীন্তন ছোভিয়েত ৰাছিয়াক খেদাৰ পিছত ভাৰতলৈ আফগান জেহাদীক প্রেৰণ কৰাত পাকিস্তান সফল হৈছিল বিভিন্ন কাৰণত৷ সেই সময়ত ভাৰতত ৰাজনৈতিক অস্থিৰতা চৰম সীমাত উঠিছিল৷ স্থিৰ চৰকাৰ নাছিল৷ মণ্ডল আয়োগ, ৰাম মন্দিৰ আন্দোলন, উত্তৰ–পূব ভাৰতত উগ্রপন্থী সংগঠনৰ প্রবল উত্থান আদিৰ বাবে দেশখন অস্থিৰ হৈ আছিল৷ তেনে পৰিৱেশৰ সুযোগ পাকিস্তানে লৈছিল৷ এতিয়া ভাৰতত সেই পৰিৱেশ নাই৷ ৰাজনৈতিক, সামাজিক সুস্থিৰতাৰ লগতে ভাৰতত আছে শক্তিশালী সামৰিক শক্তি৷ অর্থনীতিও যথেষ্ট টনকিয়াল৷ কিন্তু দেশৰ আন আন অঞ্চলত বিশেষকৈ বাংলাদেশ সীমান্তত লাগি থকা অঞ্চলসমূহ চিন্তাৰ কাৰণ হৈ উঠিব পাৰে৷ তদুপৰি দেশখনত ইছলামিক মৌলবাদৰ ধাৰণাক জনসাধাৰণৰ মাজত মেলি দিবলৈ অপশক্তিৰ অভাৱ নাই৷ এই সকলোবোৰে মিলি ভাৰতক ইছলামিক সন্ত্রাসবাদক আগুৱাই নিয়াৰ অপচেষ্টা চলিব৷ তালিবানৰ উত্থানত চীন, ৰাছিয়া আদিৰো চিন্তাৰ এইটো অন্যতম কাৰণ৷ দেশকেইখনে তালিবানৰ সৈতে হাত মিলাই নিজৰ নিজৰ সমস্যা সমাধানৰ চেষ্টা চলাইছে৷ ইয়াৰ মাজত পাকিস্তান নামৰ দুমুখীয়া বিষাক্ত সাপডালো আছে৷ টেহৰীক–ই–তালিবানক্ নিয়ন্ত্রণৰ প্রতিশ্রুতি আদায় কৰা ইমৰান খানৰ দেশখনে ইয়াৰ বিপৰীতে তালিবানৰ জৰিয়তে কাশ্মীৰ জয়ৰ স্বপ্ণ দেখি আছে৷ এই সকলোবোৰ মিলি তালিবানৰ উত্থানে ইছলামিক সন্ত্রাসবাদ আৰু জেহাদক নতুনকৈ উজ্জীৱিত কৰিব পাৰে৷ এইবাৰৰ যুঁজখনত সামৰিকভাৱে আমেৰিকা যুক্তৰাষ্ট্র জডিত নাথাকিবও পাৰে৷ সকলোৰে যুঁজবোৰ নিজা নিজা হ’ব পাৰে৷ সন্ত্রাসবাদবিৰোধী যুঁজখনত চীন আৰু পাকিস্তানে ভাৰতক সহায় কৰাৰ সম্ভাৱনা কম৷ মধ্য এছিয়াত সংকট নামিলে পৰিস্থিতি ৰাছিয়াই চম্ভালিবলগীয়া হ’ব পাৰে৷ তালিবানৰ আফগানিস্তান দখলে ইছলামিক সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা যুঁজখনৰ চৰিত্র আৰু ৰূপৰেখা সলনি কৰি দিব পাৰে৷ আৰু এটা সমস্যা বিশ্ববাসীৰ সন্মুখলৈ আহি আছে৷ সেইটো হ’ল, আইছিছ৷ তালিবানক আমেৰিকাৰ হাতৰ পুতলা বুলি তুচ্ছ–তাচ্ছিল্য কৰা আইছিছৰ খোৰাছান গোটে আফগানিস্তান দখলৰ চেষ্টা চলাব পাৰে৷ ইয়ে আফগানিস্তানক গৃহযুদ্ধলৈ ঠেলি দিব পাৰে৷ এইটোৱে ইছলামিক সন্ত্রাসবাদৰ সম্প্রসাৰণত নতুন মাত্রা প্রদান কৰিব৷ সাধাৰণ লোকৰ জীৱন দুর্বিসহ হৈ পৰিব৷