পুৰুষবিহীন এখন গাঁও, অথচ মহিলাই কৰে গৰ্ভধাৰণ, জন্ম দিয়ে সন্তান
নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ এটা অকল্পনীয় কথা, কিন্তু এয়াই সত্য। কেনিয়াৰ এখন গাঁও উমোজা। গাঁওখনত কোনো পুৰুষৰে প্ৰৱেশ নিষিদ্ধ, কিন্তু আশ্চৰ্যজনকভাৱে পুৰুষ অবিহনে সন্তান প্ৰসৱ কৰে মহিলাই।
বাতৰি সংস্থা ডেইলী হাণ্টৰ এক প্ৰতিবেদন মতে, ১৯৯০ চনত ১৫গৰাকী আদিবাসী মহিলাক ব্ৰিটিছ সেনাই ধৰ্ষণ কৰে। ইয়াৰ পিছত উক্ত ১৫গৰাকী মহিলাই উমোজা নামৰ গাঁওখনত বাস কৰিবলৈ লয় আৰু গাঁওখনত নিষিদ্ধ কৰে পুৰুষৰ প্ৰৱেশ। গাৰ্হস্থ্য হিংসা, বাল্য বিবাহ, যৌন নিৰ্যাতন আদি নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা আন মহিলায়ো গাঁওখনলৈ আহি আশ্ৰয় লভে।
এনেদৰে আজি ৩০ বছৰ ধৰি গাঁওখন কোনো পুৰুষ অবিহনে সুন্দৰকৈ চলি আছে। প্ৰায় ২৫০ গৰাকী মহিলাই বাস কৰা গাঁওখনত গঢ় দিয়া হৈছে এক সাংস্কৃতিক পৰিকাঠোমো। কিন্তু বিস্ময়কৰ কথাটো হৈছে পুৰুষৰ প্ৰৱেশ নথকা সত্ত্বেও প্ৰতিবছৰে কোনো নহয় কোনো মহিলাই জন্ম দিছে সন্তান। ফলত বংশবৃদ্ধিও হৈ আছে গাঁওখনত।
এইখিনিতে প্ৰশ্ন হয় কেনিয়াৰ এই গাঁওখনৰ মহিলাই তেন্তে সন্তান ধাৰণ কৰে কেনেদৰে? ইয়াতে আহে নাৰী স্বাধীনতাৰ প্ৰসংগ। আচলতে উমোজা নামৰ গাঁওখন পুৰষতান্ত্ৰিকতাৰ বিপৰীত স্থিতিত থকা এখন গাঁও। মানৱ সভ্যতাৰ এনে এটা যুগৰ প্ৰতিফলন, য’ত নাৰীয়ে স্বাধীনভাৱে নিৰ্বাচন কৰিছিল পুৰুষ।
এই গাঁওৰ মহিলাসকলেও নিজৰ মনৰ ইচ্ছা গ’লে গাঁওখনৰ বাহিৰলৈ গৈ মন পছন্দৰ পুৰুষক সংগী ৰূপে নিৰ্বাচন কৰে, শাৰীৰিক প্ৰয়োজন পূৰণ কৰে আৰু সন্তান ধাৰণ কৰে। কিন্তু বিবাহ বা আধুনিক পৰিয়ালৰ ধাৰণাৰ পৰা ই বহু দূৰৰ এক পদ্ধতি। দুদিনৰ সংগী হয় পুৰুষ।
আনহাতে গাঁওখনত মহিলাসকলে সাজিছে স্কুল, সাংস্কৃতিক কেন্দ্র। জনগোষ্ঠীয় গহনা-গাঠৰি, সাজ-পোছাক বা আন স্থানীয় উপাদনৰ পৰিচয়েৰে গাঁওবাসীৰ আছে এটা নিজা ৱেবছাইটো। ইয়াৰ উপৰি গাঁওখনত বহুখিনি দর্শনীয় স্থানো আছে। আছে অভয়াৰণ্যও। সেয়ে পৰ্যটকৰ বাবে আকৰ্ষণীয় ঠাইখন। পৰ্যটনৰ পৰাই বহুখিনি উপাৰ্জন কৰে গাঁওবাসীয়ে। এনেদৰে কেনিয়াৰ এই উমোজা গাঁওখনে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ। ই যেন প্ৰাচীন নাৰীবাদৰ এক অনন্য উদাহৰণ।
অধিক পঢ়কঃ
একেবাৰে ওলোটা স্বভাৱৰ ব্যক্তিৰ প্ৰেমত পৰিছে নেকি… সম্পৰ্ক চম্ভালিব কিদৰে?