ক্রিপ্ট’কাৰেঞ্চী কি
ক্রিপ্টকাৰেঞ্চী বিনিয়োগ কৰাটো কিমান নিৰাপদ? বিটকইনৰ মূল্য বৃদ্ধি আৰু বিপুল জনপ্রিয়তাৰ বাবে এতিয়া সঘন উত্থাপিত হৈছে এই প্রশ্ণ৷ আমেৰিকা, ব্রিটেইন, জাপান আদি দেশত বৃহৎ বহুজাতিক কোম্পানীসমূহে ক্রিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰি ধনৰ লেনদেন কৰা আৰম্ভ কৰিছে৷ কিন্তু ভাৰতে এইক্ষেত্রত যথেষ্ট সতর্কতা অৱলম্বন কৰিছে৷ আনকি ভাৰতত ক্রিপ্ট’কাৰেঞ্চী নিষিদ্ধ কৰাৰ সম্ভাৱনাও সৃষ্টি হৈছে৷ চলিত বাজেট অধিৱেশনতে সংসদত দাখিল কৰিবলগীয়া দ্য ক্রিপ্ট’কাৰেঞ্চী এণ্ড ৰেগুলেচন অৱ অফিচিয়েল ডিজিটেল কাৰেঞ্চী বিল, ২০২১ যদি গৃহীত হয়, তেন্তে ভাৰতত ক্রিপ্ট’কাৰেঞ্চীৰ ভৱিষ্যতৰ ওপৰত প্রভাৱ পৰাটো নিশ্চিত৷ ভাৰতীয় ৰিজার্ভ বেংকে আশংকা প্রকাশ কৰি আহিছে যে ক্রিপ্ট’কাৰেঞ্চীয়ে দেশৰ অর্থনীতিত অস্থিৰতাৰ সৃষ্টি কৰাৰ আশংকা আছে৷ তদুপৰি এই ডিজিটেল কাৰেঞ্চীৰ বহুল প্রচাৰৰ ফলত জালিয়াতি আৰু অপৰাধমূলক কাম–কাজ অনিয়ন্ত্রিতভাৱে বৃদ্ধি পাব বুলি উদ্বেগ ব্যক্ত কৰিছে আৰ বি আয়ে৷ আনকি সন্ত্রাসবাদীয়ে পুঁজি সংগ্রহৰ ক্ষেত্রত ডিজিটেল কাৰেঞ্চী ব্যৱহাৰ কৰা আৰম্ভ কৰিছে৷ কাৰণ ক্রিপ্ট’কাৰেঞ্চীত ধন লেনদেন কৰা ব্যক্তিৰ পৰিচয় সম্পূর্ণ গোপনে ৰখাৰ বাবে বিটকইনৰ দৰে ক্রিপ্ট’কাৰেঞ্চীৰ নিয়ন্ত্রকসকলে বিশেষ এনক্রিপচন পদ্ধতি গঢ়ি তুলিছে৷ অলপতে মৌলবাদী সংগঠনে মুকেশ আম্বানিক ধন দাবী কৰি দিয়া টেলিগ্রাম মেছেজত বিটকইনৰ জৰিয়তে ধন জমা দিয়াৰ চর্ত আৰোপ কৰি দিছিল৷
বহুতেই ক্রিপ্ট’কাৰেঞ্চীক ভৱিষ্যতৰ গোলকীয় মুদ্রা হিচাপে গণ্য কৰিলেও ডিজিটেল কাৰেঞ্চীত ইতিমধ্যে কেইবাটাও জালিয়াতিৰ ঘটনা ঘটিছে৷ এনে এটা বৃহৎ কেলেংকাৰি সংঘটিত কৰি ধৰা পৰিছিল অষ্ট্রেলিয়াৰ ষ্টেফান কিন নামৰ এজন যুৱক৷ ২০১৬ চনত কিনে কলেজীয়া শিক্ষা আধাতে সামৰি নিউয়র্কত ভার্জিল কেপিটেল নামৰ এটা কোম্পানী আৰম্ভ কৰে৷ নিজকে অংকৰ পণ্ডিত বুলি দাবী কৰা কিনে ঘোষণা কৰে যে ক্রিপ্ট’কাৰেঞ্চীৰ লেনদেন নিৰীক্ষণ কৰিব পৰা এটা এলগাৰিডিম তেওঁ আৱিষ্কাৰ কৰিছে৷ কম সময়ৰ ভিতৰতে বিনিয়োগকাৰীসকলে কিনৰ কোম্পানীত বিনিয়োগ কৰা আৰম্ভ কৰে৷ সেই সময়ত কিনৰ বয়স আছিল মাত্র ১৯ বছৰ৷ তেওঁ বিলাসী জীৱন, সুবিশাল অট্টালিকা, অভিজাত গাড়ী আদিৰে বাতৰিকাকতৰ শিৰোনাম হৈ পৰে৷ কিনে ঘোষণা কৰে যে তেওঁৰ কোম্পানীত ক্রিপ্ঢ’কাৰেঞ্চীৰ জৰিয়তে বিনিয়োগ কৰা ধনৰ মূল্য ৫০০ শতাংশ বৃদ্ধি পাইছে৷ স্বাভাৱিকতে ভার্জিল কেপিটেলত বিনিয়োগ কেইবাগুণো বৃদ্ধি পায়৷ কিন্তু প্রকৃততে কিনৰ কোম্পানীয়ে চলাইছিল এটা পন্জি স্কীমহে৷ আৰক্ষীৰ মতে কিনে শতাধিক বিনিয়োগকাৰীৰ পৰা ৯০ নিযুত ডলাৰৰো অধিক ধন জাতিয়াতিৰে লুট কৰে৷ সম্প্রতি কাৰাগাৰত থকা কিনে ইতিমধ্যে নিজৰ দোষ স্বীকাৰ কৰিছে৷
এনে ধৰণৰ জালিয়াতিৰ ঘটনাৰ বাবেই ডিজিটেল কাৰেঞ্চীক লৈ বিভিন্ন প্রশ্ণ উত্থাপিত হৈ আহিছে৷ ইয়াৰ বিপৰীতে ক্রিপ্ট’কাৰেঞ্চীত বিনিয়োগ কৰাটো বহুতেই সুবিধাজনক বুলি গণ্য কৰি আহিছে৷ প্রচলিত মুদ্রাৰ চৰকাৰী নিয়ন্ত্রণৰ ফলত বিভিন্ন সময়ত বৃহৎ প্রতিষ্ঠানসমূহ অসুবিধাৰ সন্মুখীন হৈ আহিছে৷ কিন্তু ক্রিপ্ট’কাৰেঞ্চীত যিহেতু এজন বিনিয়োগকাৰীয়ে নিজেই অপাৰেট কৰাৰ স্বতন্ত্রতা লাভ কৰে, সেয়ে বহুতেই ডিজিটেল কাৰেঞ্চীৰ প্রতি অধিক আকর্ষিত হোৱাটো পৰিলক্ষিত হৈছে৷ বিটকইনৰ দৰে ক্রিপ্ট’কাৰেঞ্চীৰ এনক্রিপচন পদ্ধতি ইমান জটিল যে ধন বিনিয়োগ কৰা বা লেনদেন কৰা ব্যক্তিৰ পৰিচয় উলিওৱাটো অসম্ভৱ৷ তথাপি হেকাৰৰ পৰা যে ক্রিপ্ট’কাৰেঞ্চী সম্পূর্ণ সুৰক্ষিত তাৰো নিশ্চয়তাক লৈ প্রশ্ণ উত্থাপিত হৈ আহিছে৷ ২০১৪ চনত এনে এক ৰহস্যজনক ঘটনাত বিনিয়োগকাৰীয়ে ৮.৫ লাখ বিটকইন (সেই সময়ত এটা বিটকইনৰ মূল্য আছিল প্রায় ১০০০ ডলাৰ) হেৰুৱাব লগা হৈছিল৷ এই হেৰোৱা ডিজিটেল ডাটা আজিও উদ্ধাৰ কৰাটো সম্ভৱ হৈ উঠা নাই৷ বিটকইনৰ সর্ববৃহৎ এক্সচেঞ্জ মাউণ্ট–গক্সৰ ইণ্টাৰনেট ছিষ্টেম অফলাইন হৈ পৰাৰ ফলতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ এটা কথা নিশ্চিত যে মাউণ্ট–গক্সৰ ইণ্টাৰনেট ছিষ্টেম হেক কৰা হৈছিল৷ এনে ধৰণৰ সম্ভাব্য বিপদ এতিয়াও নুই কৰিব নোৱাৰি ক্রিপ্ট’কাৰেঞ্চীত বিনিয়োগৰ ক্ষেত্রত৷ তদুপৰি ছার্ভাৰৰ খেলিমেলিৰ বাবেও ক্রিপ্ঢ’ উদ্যোগত সংকট সৃষ্টি হোৱাৰ আশংকা নথকা নহয়৷
এনে ধৰণৰ বিভিন্ন কাৰণতে ভাৰত চৰকাৰে নিজা ভার্চুৱেল কাৰেঞ্চী আৰম্ভ কৰাৰ বাবে চিন্তা–চর্চা কৰিছে৷ ক্রিপ্ট’কাৰেঞ্চীৰ বিধেয়কখন সংসদত দাখিল কৰাৰ পিছতহে এই সন্দর্ভত বিশদভাৱে জানিব পৰা যাব৷ এনেধৰণৰ সার্বভৌম ডিজিটেল কাৰেঞ্চী প্রথমবাৰৰ বাবে আৰম্ভ কৰিছে চীনে৷ ডিজিটেল কাৰেঞ্চী ইলেক্ট্রনিক পেমেণ্ট (ডি চি ই পি) শীর্ষক এই ই–কাৰেঞ্চী যথেষ্ট জনপ্রিয় হৈছে দেশখনত৷ ইয়াৰ সমান্তৰালভাৱে চীনে বিটকইনৰ দৰে আন ক্রিপ্ট’কাৰেঞ্চীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰো যো–জা চলাইছে৷ এই মুহূর্তত ভাৰত চৰকাৰেও অনুৰূপ স্থিতি গ্রহণ কৰাৰ দিশে আগবাঢ়িছে৷ কিন্তু বিশেষজ্ঞসকলে পৰামর্শ দিছে যে ভাৰতত ক্রিপ্ট’কাৰেঞ্চী নিষিদ্ধ কৰাৰ সলনি কঠোৰ নীতি–নির্দেশনা নিৰূপণ কৰাটোহে হ’ব শুদ্ধ সিদ্ধান্ত৷