নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীয়ে কি দিলে

এপ্রিলত অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ আনুষ্ঠানিকভাৱে দিন–তাৰিখ ঘোষণা নহ’লেও এইটো ইতিমধ্যে নিশ্চিত হৈছে৷ সম্ভৱতঃ চলিত মাহটোৰ শেষৰ পিনে নির্বাচনী অধিসূচনা জাৰি হ’ব৷ অর্থাৎ নির্বাচন এতিয়া প্রায় দুৱাৰডলিত৷ গতিকে ৰাজ্যখনলৈ ডাঙৰ ডাঙৰ নেতাৰ আগমন ঘটিবই৷ বিজেপি শিবিৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ বা নীতিন গাডকাৰিৰ দৰে সফল মন্ত্রী আছে৷ তেওঁলোক অসমলৈ আহিব৷ দলটোৰ আন আন শীর্ষ নেতা আহিব৷ নিজে প্রতিনিধিত্ব কৰা দলটোৰ সপক্ষে ভাষণ দিব৷ বিভিন্ন ধৰণৰ প্রতিশ্রুতি, আঁচনি ঘোষণা কৰি অসমৰ জনসাধাৰণ নিজৰ পক্ষলৈ নিয়াৰ চেষ্টা চলাব৷ একেদৰে কংগ্রেছৰ ভাগ্য নিয়ন্ত্রণ কৰিবলৈ দলটোৰ শীর্ষ নেতা ৰাহুল গান্ধী, প্রিয়ংকা ৱদ্রা বা আন আন নেতা আহিব৷ কোনো কোনো প্রদেশৰ মুখ্যমন্ত্রীও আহিব পাৰে৷ অজাপ, বামপন্থী, ৰাইজৰ দল, এ আই ইউ ডি এফেও সামর্থ্য অনুসৰি বাহিৰৰ পৰা নেতাক আমন্ত্রণ কৰি নির্বাচনী সভা পাতিব৷ এইটোৱেই স্বাভাৱিক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শেহতীয়া ঢ়েকীয়াজুলি ভ্রমণো ইয়াৰেই অংশ হিচাপে ধৰিব পাৰি৷ সন্মুখত নির্বাচন নথকাহেঁতেন দুখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু অসম মালা আঁচনিৰ শুভাৰম্ভ কৰিবলৈ তেওঁ অহাৰ সম্ভাৱনা কম আছিল৷ কিয়নো ক’ভিড–১৯ৰ বাবেই হওক বা আন কাৰণত, আজিকালি প্রধানমন্ত্রীয়ে ভার্চুৱেলী অধিক কাম সম্পন্ন কৰে৷ সোঁশৰীৰে উপস্থিত নাথাকে বুলিয়েই ক’ব পাৰি৷ গতিকে সোঁশৰীৰে একেৰাহে দুমাহত দুবাৰ অসমলৈ অহাটোক নির্বাচনৰ সৈতে যুক্ত কৰি চাব পাৰি৷ ই একো দোষণীয় কার্য নহয় বুলি মনে কয়৷ কিন্তু দেশৰ প্রধানমন্ত্রীগৰাকী মাথোঁ এটা ৰাজনৈতিক দলৰ নেতা নহয়, তেওঁ দেশখনৰ মুৰব্বী৷ তেওঁৰ ভ্রমণে সংশ্লিষ্ট অঞ্চলটোৰ জনসাধাৰণৰ মাজত হিমালয়সদৃশ প্রত্যাশাৰ সৃষ্টি কৰে৷ লাগিলে সেয়া গুজৰাট, মহাৰাষ্ট্র নতুবা তামিলনাডুৰ দৰে তুলনামূলকভাৱে উন্নত প্রদেশেই হওক৷ অসমবাসীৰ মনতো প্রধানমন্ত্রী মোদীৰ ভ্রমণে আশাৰ সঞ্চাৰ কৰিছিল৷ অনুন্নত ৰাজ্যখনে তেওঁৰ পৰা বহু কিবাকিবি আশা কৰিছিল৷ কিন্তু?
কিছুদিন আগেয়ে অর্থাৎ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদী অসমলৈ আহিছিল৷ শিৱসাগৰৰ জেৰেঙা পথাৰত খিলঞ্জীয়াৰ মাজত ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিছিল৷ সেইটো আছিল ক’ৰোনা মহাসংকটকালত (অৱশ্যে ভাৰতত এতিয়া সংকটটো মহাসংকট হৈ থকা নাই) প্রধানমন্ত্রী মোদীৰ প্রথম অসম ভ্রমণ৷ কিন্তু অসমবাসীয়ে আশা কৰাধৰণে প্রধানমন্ত্রী মোদীৰ ভাষণৰ মাজত বিশেষ বিচাৰি নাপালে৷ এইবেলিও তেওঁৰ ভাষণে উজ্জীৱিত কৰিব পৰাকৈ একোৰে সন্ধান নিদিলে৷ অদূৰ ভৱিষ্যতে অসমত মাতৃভাষাত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক শিক্ষানুষ্ঠানত পাঠদান হ’ব, আত্মসন্তুষ্টিৰ বাবে সেয়াই মাথোঁ অসমবাসীৰ ভাগত পৰিল৷ ইয়াৰ বিপৰীতে ২০১৪ চনৰ লোকসভা আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত আহঁোতে তেওঁ অসমবাসীক বহু প্রতিশ্রুতি আৰু আশ্বাস দি গৈছিল৷ প্রতিশ্রুতিবোৰ পূৰণ হ’লনে নাই, সেইটো অন্য বিষয়৷ কিন্তু অসমৰ জনসাধাৰণে বিচাৰিছিল, বছৰ বছৰ ধৰি এই ৰাজ্যখনক অস্থিৰ–শান্ত কৰি ৰখা সমস্যাবোৰৰ সমাধানৰ পথ তেওঁ তুলি ধৰক৷ সভাত বিকাশৰ বাবে উত্তৰ–পূবসহ অসমে বহু অপেক্ষা কৰিবলগীয়া হোৱা বুলি দুখ প্রকাশ কৰিলেও ৰাজ্যখনৰ প্রগতিৰ ক্ষেত্রত তেওঁ একো বিশেষ কৈ নগ’ল৷ এক্ট ইষ্ট পলিচীৰ অগ্রগতি কিমান, ইয়াৰ সুফলৰ বাবে অসম তথা উত্তৰ–পূবে আৰু কিমান অপেক্ষা কৰিব লাগিব, তাকো জনাই থৈ নগ’ল৷ বাতৰিকাকতত খবৰ ওলাইছিল, অসমৰ বাবে প্রধানমন্ত্রী মোদীয়ে কেইবা হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিব৷ কিন্তু ঢ়েকীয়াজুলিত সেই কথা এবাৰো উচ্চাৰণ কৰা নহ’ল৷ অবৈধ বাংলাদেশী, এন আৰ চি, অসম চুক্তিৰ ৬নং দফাৰ কথা ভাষণত উল্লেখ নকৰিলে৷ অথচ কেউটা অসমৰ জ্বলন্ত সমস্যা৷ দীর্ঘদিনীয়া সমস্যা৷ আনকি বিজেপিৰ নির্বাচনী সাফল্যতো ইয়াৰ অৰিহণা আছে৷ বান–খহনীয়া সমস্যা সমাধানৰ ক্ষেত্রত পূর্বৰ কেন্দ্রীয় চৰকাৰৰ দৰেই আচৰণ কৰি থাকিল নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে৷ কিন্তু বানে প্রতি বছৰে অসমত কিধৰণৰ ধ্বংসলীলা চলায়, সেই কথা কেন্দ্রীয় চৰকাৰ ভালদৰে অৱগত৷ প্রধানমন্ত্রী মোদীৰ পৰা অসমৰ জনসাধাৰণে আশা কৰা তালিকাখন অতি দীঘলীয়া৷ তাত জীৱনৰ প্রায় সকলো মৌলিক সমস্যা যুক্ত হৈ আছে৷ সেইবোৰ কথাক তেওঁ প্রায় আওকাণ কৰি গ’ল৷
নির্বাচনী অধিসূচনা জাৰিৰ পিছত হয়তো প্রধানমন্ত্রী মোদী পুনৰ অসমলৈ আহিব৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ সপক্ষে নির্বাচনী প্রচাৰ চলাব৷ প্রচাৰ সভাসমূহত বিৰোধীক সমালোচনাৰে তুলাধুনা দিব৷ বিশেষকৈ কংগ্রেছ, এ আই ইউ ডি এফ, বামপন্থীক ৰাষ্ট্রীয় আৰু ৰাজ্যিক প্রেক্ষাপটত তুলি ধৰি স্বভাৱসিদ্ধ শৈলী আৰু চিত্তাকর্ষক শব্দৰ সমাহাৰ ঘটাই সমালোচনাৰে থকা–সৰকা কৰিব৷ সভাসমূহত উপস্থিত থকা বা ভিন্ন উপায়ে উপস্থিত কৰোৱা জনসমুদ্রই হাত চাপৰি দি চৌদিশ উত্তাল কৰিব৷ সভাসমূহত দিয়া ভাষণৰ প্রতিপাদ্য বিষয়ত ২০১৪ চন বা ২০১৬ চনৰ দৰে মানুহৰ মনত শিহৰণ ঘটাব পৰাকৈ কথা থাকিবনে নাই, সেয়া সময়ে ক’ব৷ কিন্তু ২০১৪ চনৰ পৰা বর্তমানলৈকে প্রধানমন্ত্রিত্বৰ কালছোৱাত নৰেন্দ্র মোদীয়ে অসমৰ বুকুত থিয় দি অসমবাসীক সম্বোধন কৰা কেউটা ভাষণৰ ভিতৰত শেহতীয়া দুটা (ঢ়েকীয়াজুলি আৰু শিৱসাগৰ) ভাষণ আছিল সবাতকৈ আশাভংগৰ৷ সঁচা কথা ক’বলৈ গ’লে প্রধানমন্ত্রী মোদীয়ে হতাশ কৰিলে৷

You might also like