নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু কিমান বিতুমণিৰ মৃত্যু হ’ব?

অসমীয়া সমাজত এজনী ছোৱালী বিয়া দিবলৈ বৰ বিশেষ চিন্তা কৰিব লগা নাছিল। গাঁৱৰ এজন জীয়ৰীক উলিয়াই দিওঁতে আগতে কেইটামান বিশেষ বস্তু লগত দি পঠিয়াইছিল। তাৰ ভিতৰত বাঁহৰ বাঢ়নি, খেৰৰ সূঁতা, যঁতৰ, তাঁতৰ শাল, এখন বিচনা, দুখন কাঁহি, বঁটা, ভাতৰ চৰু আৰু কেৰাহী, চাহৰ কাপ, টিঙৰ বাকচত কেইযোৰমান কাপোৰ, গামোচা, এখন টেবুল, চকী ইত্যাদি।

যিবোৰ সামগ্ৰী বিয়াত দিয়া হৈছিল সেই সামগ্ৰীবোৰ আছিল নিত্য প্ৰয়োজনীয়। এখন নতুন ঘৰলৈ গৈ যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে সাজু কৰি পঠিওৱা হৈছিল ছোৱালীজনীক। এইবোৰক যৌতুক বুলি আখ্যা দিব নোৱাৰি। সমাজ পাতি বিবাহ কাৰ্য সম্পন্ন হোৱাৰ সময়তে বৈবাহিক জীৱনৰ কিছু আদিপাঠ সমাজৰ গুৰুস্থানীয় ব্যক্তিসকলে নতুন পতি-পত্নীক দিছিল।

অসমীয়া সমাজ জীৱনৰ এই বিয়া পতাৰ পৰম্পৰা এতিয়া অতীত হোৱাৰ পথত। আগতে কলপাতৰ ৰভা দি ৭ দিনযোৰা বিয়া পাতিছিল অসমীয়া পৰিয়ালে। তাৰে প্ৰতিটো দিনতে পৰ্যায়ক্ৰমে গৃহস্থী জীৱনৰ প্ৰতি ছোৱালীজনী বা ল’ৰাটোক কেনেদৰে সাজু হ’ব লাগে তাৰ নীতি শিক্ষা দিয়াৰ নিয়ম আছিল। সমান্তৰালভাৱে ডেকা জীৱন এটা অন্ত পৰাৰ বাবে তেওঁৰ লগৰীয়াবোৰক উপভোগ কৰিবলৈ এটা দিন পৃথককৈ ৰখা হৈছিল। গাঁথিয়ন খুন্দা এই দিনটোত লগৰ বা গাঁৱৰ যুৱক-যুৱতীসকলে মিলি খুব আনন্দ কৰে, ভোজ-ভাত খায়। তাৰ অন্তত যুৱকজনক বৈবাহিক জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। সেয়া আজি হ’ল গৈ ‘বেটছেল’ৰ পাৰ্টী’।

লাহে লাহে অসমীয়া সমাজ জীৱনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা বিয়া হেৰাই গ’ল। আধুনিকতাৰ প্ৰভাৱ পৰিল আমাৰ ওপৰতো। বিয়া এখন পাতিবলৈ আন সা-সামগ্ৰী কথা বাদ, দৰাৰ ঘৰৰ পৰা কইনা ঘৰত কি কি বস্তু লাগিব তাৰ তালিকা দিয়া বেয়া পৰম্পৰা গঢ় লৈ উঠিল। এনেদৰেই এক বৈবাহিক সম্পৰ্ক ভোগবাদে অপবিত্ৰ কৰি তুলিলে।

দুমাহৰ আগতে বিবাহ পাশত আৱদ্ধ হৈছিল বিতুমণি হাজৰিকা নামৰ ছোৱালীজনী। সোমবাৰৰ আবেলি ৪ বজাত ঘৰত ৰহস্যজনকভাৱে জ্বলি মৃত্যু মুখত পৰা বিতুমণিৰ নশ্বৰদেহ বুধবাৰৰ আবেলিলৈকে প্ৰায় ২৪ ঘণ্টা চিকিৎসালয়ত পৰি থাকিল। মৃত্যুৰ পাছতো যেন এই যুৱতীগৰাকীৰ আত্মাই শান্তি নাপালে।

বিতুমণিৰ মৃত্যুক লৈ বহু কথাই চৰ্চা হৈছে। বিতুমণিৰ পিতৃ-পৰিয়ালৰ অভিযোগ- স্বামীগৃহই অত্যাচাৰ চলাই তেওঁক হত্যা কৰিছে। এক কথাত কন্যা বিতুমণিক জ্বলাই হত্যা কৰা বুলি অভিযোগ কৰিছে পিতৃ তিলক হাজৰিকাই। দুখ, বেদনা আৰু ক্ষোভত কঁপি উঠা পিতৃগৰাকীৰ ভাষ্য কিমান সত্য সেয়া অনুসন্ধানত পোহৰলৈ আহিব। কিন্তু দুমাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা এই যুৱতীগৰাকীৰ মৃত্যুৰ সৈতে যে কিবা ৰহস্য বা কাৰণ জড়িত হৈ আছে তাক নহয় বুলি কোনেও ক’ব নোৱাৰে।

You might also like