নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন ভোটাৰৰ কথা

মই ভোট দিবলৈ নগ’লো। দেশৰ সংবিধানে মোক ভোট দিয়াৰ অধিকাৰ দিছে। ভাৰতৰ নাগৰিক হিচাপে ভোটদান কৰিব পৰাৰ অধিকাৰ মোৰ আছিল। কিন্তু মই মই ভোট দিব নগ’লো। মোৰ বিবেকৰ বাছনিত কোনো এজন প্ৰাৰ্থী উপযুক্ত বুলি বিবেচিত নহ’ল। সেয়েহে মই ভোটদান পৰা নিজকে বঞ্চিত ৰখালো। গণতন্ত্ৰৰ প্ৰতি মোৰ আস্থা আছে। কিন্তু গণতন্ত্ৰৰ নামত বহুৱালি মই সহ্য নকৰো।

আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? বা আপুনি নিজেই দুবাৰ ভোট দি পাইছেনে? একেটা নিৰ্বাচনত দুবাৰ ভোট? কনিষ্টবলৰ চাকৰি পাবলৈ এতিয়া এম এ পাছ ল’ৰাই দৌৰে। ন্যূনতম শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ’ব লাগে। হাইস্কুলৰ শিক্ষকৰ চাকৰিৰ বাবে স্নাতক হোৱাতো প্ৰয়োজনীয়। লগতে বিএড ডিগ্ৰীও থাকিব লাগিব। এইখন দেশতে কিন্তু বহু ৰাজ্যত যদি আপুনি চাই শিক্ষামন্ত্ৰীজন হায়াৰ ছেকেণ্ডাৰী পাছ নোহোৱাও আছে। মানৱ সম্পদ দপ্তৰৰ আমাৰ দেশৰ মন্ত্ৰীগৰাকী কিমান পঢ়া? তেওঁৰ ডিগ্ৰীক লৈ কিছুদিনৰ পূৰ্বে বিতৰ্ক হোৱা নাছিলনে?

মোৰ প্ৰশ্নকেইটা আপুনি অলপ দকৈ ভাবিব। আপুনি দুবাৰ ভোট দিব নোৱাৰিলেও আমাৰ নেতাসকলে কিন্তু দুটা সমষ্টিত নিৰ্বাচন খেলিব পাৰে। কিবা কাৰণত এটা সমষ্টিত হাৰিলেও আন এটা সমষ্টিত তেওঁ যাতে জিকি যায়। যদি দুয়োটাতে জিকে এটা সমষ্টিৰ পৰা পদত্যাগ কৰে। তাৰ পিছত সেই সমষ্টিটোত উপ-নিৰ্বাচন পাতে। লোকসভা-বিধানসভা নিৰ্বাচনত এইবোৰেতো হয়।

কনিষ্টবল বা সেনাত ভৰ্তি হ’বলৈ ন্যুনতম মেট্ৰিক পাছ হ’বলগীয়া এই দেশত কিন্তু প্ৰতিৰক্ষা বা গৃহমন্ত্ৰী হ’বলৈ ন্যুনতম কোনো শিক্ষাগত অৰ্হতা নালাগে। টিপ চহী মৰাজনেও দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হ’ব পাৰে। তাত বাধা নাই। একেদৰে শিক্ষকসকলৰ মূৰব্বী তথা শিক্ষামন্ত্ৰী হ’বলৈও নালাগে ন্যূনতম শিক্ষাগত অৰ্হতা।

এতিয়া আপুনিয়েই কওক, এয়া কি? নেতাসকলৰ বাবে এটা নিয়ম আৰু আমাৰ সাধাৰণসকলৰ বাবে আন এটা নিয়ম অতি কৌশলৰে চলাই থকা হৈছে। যিখন দেশত এজন ভোটাৰে দুবাৰ ভোট দিব নোৱাৰে, সেইখন দেশত এজন মানুহে দুটা সমষ্টিত কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব পাৰে। আছে জানো ইয়াৰ উত্তৰ আপোনাৰ হাতত?

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে কি কৰিব খোজা হৈছিল? ইয়াৰ উদ্দেশ্য কি আছিল? এখন সুস্থ সমাজ গঢ়ি শাসন ক্ষমতা গাঁৱৰ মানুহক ভগাই দিয়াটোৱে নাছিল জানো? প্ৰকৃততে এয়া হয়নে? ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত কি চলে? দুৰ্নীতিৰ বেহা নে আন কিবা! ভাবি চাইছেনে কেতিয়াবা এইবোৰ কথা?

যোৱা লোকসভা নিৰ্বাচনত মই ভোটদান কৰিছিলো। সেইবাৰ মই ন’টাত ভোট দিছিলো। আপুনি এটা কথা লক্ষ্য কৰিছেনে? গণতন্ত্ৰৰ ওপৰত আস্থা থকা মানুহৰ সংখ্যা কমি আহিছে। ২০১৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত নোটাত কিমান ভোট পৰিছিল? হিচাপটো পাৰিলে চাব। ১-২ লাখ নহয়, প্ৰায় ১২-১৩লাখ মানুহে ন’টাৰ বুটাম টিপিছে, কিন্তু ভোট দিবলৈ আহিছে। তেওঁলোকে স্ফূৰ্তিত ন’টাৰ বুটাম টিপা নাই। ইয়াৰ কাৰণ আছে। ভালদৰে নিৰ্বাচন আয়োগে ন’টাক লৈ প্ৰচাৰ চলাওকচোন। দেখিব এই সংখ্যা বাঢ়ি গৈছে।