নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙল গ্রহত ওলাল প্রাণৰ সন্ধান

নাছাৰ কিউৰি’ছিটী ৰ’ভাৰে প্রেৰণ কৰিলে নতুন ছবি

নাছাৰ কিউৰি’ছিটী ৰ’ভাৰে পৃথিৱীলৈ প্রেৰণ কৰিছে মঙল গ্রহৰ একাধিক উচ্চমানৰ ছবি৷ যোৱা বছৰৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ মাজলৈকে এই ছবিসমূহ তোলা হৈছিল৷ ৰ’ভাৰৰ মাষ্টকামত ধৰা পৰা ১.৮ বিলিয়ন পিপ্রেলৰ ছবিসমূহত প্রধানতঃ মঙল গ্রহৰ প্রাকৃতিক দৃশ্যসমূহ ফুটি উঠিছে৷ তদুপৰি যানখনে মঙল গ্রহত প্রাণৰ সন্ধান সম্পর্কেও বেছ কিছু তথ্য লাভ কৰিছে৷ নাছাৰ সূত্র মতে প্রতিদিনে প্রায় চাৰে ছঘণ্টা ধৰি একো একোখন ফটো তোলা হৈছিল৷ ৰোভাৰে প্রতিদিনে একেই ভেণ্টেজ পইণ্টৰে তাৰ চাৰিওকাষে ফটো তোলাৰ সুযোগ পাইছিল৷ বর্তমান কিউৰি’ছিটীয়ে মঙল গ্রহৰ ‘গ্লেন ক্রেটাৰ’ৰ শ্বার্প মাউণ্টেইনত অনুসন্ধান চলাইছে৷ ২০১৯ চনৰ ২৪ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ পর্যন্ত ‘পেনোৰমা মুড’ত অঞ্চলটোৰ প্রায় এহাজাৰ ছবি তুলিছে নাছাৰ ৰ’ভাৰটোৱে৷ কিউৰি’ছিটী প্রজেক্টৰ সৈতে জড়িত নাছাৰ কেলিফ’র্নিয়াৰ জেট প্র’পালছন লেবৰেটৰীৰ বিজ্ঞানী অশ্বিনী বাসভদাই কয়– ‘এই সমগ্র মিছনত প্রথমবাৰৰ বাবে আমি ছিৰি’ ৩৬০ ডিগ্রী পেনোৰামা ছবিৰ বাবে অভিযান চলাইছিলোঁ৷ এই ছবিসমূহ তোলাৰ বাবে ৰ’ভাৰৰ মাষ্ট কেমেৰা ব্যৱহাৰ কৰা হৈছে৷ দুপৰীয়া বাৰটা বজাৰ পৰা দুই বজালৈকে ছবি তোলাৰ বাবে যানখনৰ কম্পিউটাৰক নির্দেশ দিয়া হৈছিল৷’ ২০১১ চনৰ ২৬ নৱেম্বৰত পৃথিৱীৰ পৰা প্রেৰণা কৰা হৈছিল নাছাৰ কিউৰি’ছিটী ৰ’ভাৰ৷ প্রায় ৯ মাহৰ যাত্রাৰ পাছত যানখনে ২০১২ চনৰ ৬ আগষ্টত মঙল গ্রহৰ ‘গ্লেন ক্রেটাৰ’ত অৱতৰণ কৰে৷ তাৰ পৰাই গ্রহটোত প্রাণৰ সন্ধান চলাইছিল ৰ’ভাৰে৷ ২০১৪ চনৰ ছেপ্ঢেম্বৰত এই খাদৰ শ্বার্প মাউণ্টেইনত উপনীত হয় ৰ’ভাৰখন৷ যানখনে খাদটোত জৈৱ পদার্থ আৰু এটা শুকাই যোৱা হ্রদৰ সন্ধান দিবলৈ সক্ষম হয়৷ এইবাৰ কিউৰি’ছিটীয়ে উন্নতমানৰ ছবি প্রেৰণ কৰি বিজ্ঞানীসকলক গুৰুত্বপূর্ণ তথ্য যোগান ধৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে মঙল গ্রহক কেন্দ্র কৰি বিজ্ঞানীসকলৰ কৌতূহলৰ অন্ত নাই৷ বিশেষকৈ এই ৰঙা গ্রহত মানুহৰ বসতি গঢ়ি তোলা সম্ভৱ হয় নে নহয়, তাক লৈ চলিছে নিৰন্তৰ গৱেষণা৷ এই গৱেষণাক আগবঢ়াই নিবলৈ মার্কিন গৱেষণা সংস্থা নাছাই মঙল গ্রহলৈ প্রেৰণ কৰিছিল ৰ’ভাৰ৷ যোৱা ৯ বছৰ ধৰি মহাকাশযানখন মঙল গ্রহৰ চাৰিওফালে ঘূৰি আছে৷ নাছাৰ বিজ্ঞানীসকলে জানিবলৈ দিছে যে ৩০০ মিলিয়ন পুৰণি পাললিক শিলাৰ সন্ধান পোৱা গৈছে মঙলৰ লেক বেড’ত (হ্রদ)৷ এই শিলাত আছে অর্গেনিক মলিকিউল বা জৈৱিক অণু৷ এই ঘটনাই এলিয়েনৰ ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে মহাকাশ বিজ্ঞানীসকলক৷

You might also like