নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনঃ কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিলে ৰাফেল নাডালে

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ কঠিন যুঁজৰ অন্তত পৰাস্ত হৈ চলিত অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেলতে অভিযান সামৰিলে শীর্ষ বাছনিৰ স্পেইনৰ ৰাফেল নাডালে৷ ৰোড লেভাৰ এৰেনাত কালি অনুষ্ঠিত পুৰুষ ছিংগলছৰ চতুর্থখন কোৱার্টাৰ ফাইনেলত নাডালে পঞ্চম বাছনিৰ অষ্ট্রেলিয়াৰ ডমিনিক থিয়েমাৰ হাতত কঠিন যুঁজৰ অন্তত পৰাস্ত হয়৷ চাৰি ঘণ্টা ১০ মিনিট ধৰি চলা মেচখনত প্রাক্তন চেম্পিয়ন নাডালে ৬–৭ (৩–৭), ৬–৭ (৪–৭), ৬–৪, ৬–৭ (৬–৮) ছেটত পৰাজয় স্বীকাৰ কৰে৷

উল্লেখ্য যে অষ্ট্রেলিয়ান অ’পেনৰ ছেমিত প্রৱেশ কৰা থিয়েম হ’ল অষ্ট্রেলিয়াৰ দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈ৷ থিয়েমৰ পূর্বে ১৯৮৯ আৰু ১৯৯৭ চনত থমাছ মুষ্টাৰে অষ্ট্রেলিয়ান অ’পেনৰ অন্তিম চাৰিত প্রৱেশ কৰিছিল৷ ছেমিফাইনেলত থিয়েমে সপ্তম বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভৰে মুখামুখি হ’ব৷ আন এখন কোৱার্টাৰ ফাইনেলত জেৰেভে প্রাক্তন চেম্পিয়ন ছুইজাৰলেণ্ডৰ ষ্টানিশ্লাছ ৱাৰিংকাক ১–৬, ৬–৩, ৬–৪, ৬–২ ছেটত পৰাস্ত কৰে আৰু প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ছেমিফাইনেলত প্রৱেশ কৰে জার্মানীৰ তাৰকা খেলুৱৈগৰাকীয়ে৷ ইফালে, মহিলা শাখাৰ ছিংগলছৰ ছেমিফাইনেলত মুখামুখি হ’ব চতুর্থ বাছনিপ্রাপ্ত ৰোমানিয়াৰ ছিমনা হালেপ আৰু অবাছনিপ্রাপ্ত গার্বিন মুগুৰুজা৷

ছেমিফাইনেলত হালেপে ২৮সংখ্যক বাছনিৰ ইষ্ট’নিয়াৰ এনেট কণ্টাভিয়েটক মাত্র ৫৩ মিনিটতে ৬–১, ৬–১ ছেটত পৰাস্ত কৰে৷

ইফালে, আন এখন কোৱার্টাৰত স্পেইনৰ মুগুৰুজাই ৰাছিয়াৰ আনাষ্টাছিয়া পাভলিয়ুছেনক’ভাক ৭–৫, ৬–৩ ছেটত পৰাস্ত কৰি প্রথমবাৰৰ বাবে অষ্ট্রেলিয়ান অ’পেনৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷ মহিলা শাখাৰ ছিংগলছৰ আনখন ছেমিত মুখামুখি হ’ব শীর্ষ বাছনিৰ এছলে বার্টি আৰু চতুর্দশ বাছনিৰ ছ’ফিয়া কেনিন৷

You might also like