নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই চি চি টেষ্ট ৰেংকিঙত পুনৰ শীৰ্ষত বিৰাট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই চি চি টেষ্ট ৰেংকিঙত বিৰাট কোহলীয়ে পুনৰ শীৰ্ষ স্থান দখল কৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰেংকিঙ মতে কোহলীয়ে ৯২৮ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জনে ষ্টিভ স্মিথক অতিক্ৰম কৰি এই লক্ষ্যত উপনীত হয়। স্মিথে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰা বাবে ৯২৩ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয়।

You might also like