নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইয়ান বিছপৰ দৃষ্টিত বিশ্বৰ শ্রেষ্ঠ বেগী বলাৰ আর্চাৰ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ মহম্মদ ছামি, যশপ্রীত বুমৰাহ আৰু ঈশান্ত শর্মাৰ দৰে ভাৰতীয় বেগী বলাৰে সম্প্রতি বিশ্ব ক্রিকেটত দপ্দপাই থাকিলেও ইংলেণ্ডৰ যুৱ বেগী বলাৰ জ’ফ্রা আর্চাৰক বিশ্বৰ শ্রেষ্ঠ বেগী বলাৰ আখ্যা দিছে ৱেষ্ট ইণ্ডিজৰ একালৰ দুর্ধর্ষ বেগী বলাৰ ইয়ান বিছপে৷ নতুন দিল্লীত এক অনুষ্ঠানত তেওঁ আজি কয় যে ছামি, বুমৰাহ, ঈশান্ত আৰু উমেশ যাদৱৰে গঠিত ভাৰতীয় বেগী বলিং আক্রমণৰ এই চমকপ্রদ উত্থান তেওঁ কেতিয়াও প্রত্যাশা কৰা নাছিল৷ বিগত সময়ছোৱাত তেওঁলোকে তীব্র গতি আৰু ছুইং বলিঙৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি ক্রিকেট অনুৰাগীৰ মন জয় কৰিছে৷ দক্ষিণ আফ্রিকাৰ কাগিছ’ ৰাবাডা আৰু অষ্ট্রেলিয়াৰ মিচেল ষ্টার্কেও বিশ্ব ক্রিকেটত দপ্দপাই আছে৷ কিন্তু শেহতীয়াকৈ বিশ্বৰ বেগী বলিং আক্রমণত নতুনকৈ সন্নিৱিষ্ট হোৱা ইংলেণ্ডৰ যুৱ বেগী বলাৰ জ’ফ্রা আর্চাৰ সাম্প্রতিক বিশ্ব ক্রিকেটৰ শ্রেষ্ঠ বেগী বলাৰ৷ বিগত দুবছৰত বিশ্বৰ বিভিন্ন প্রান্তৰ বেগী বলাৰসকলে ক্রিকেটৰ ৰোমাঞ্চ আৰু উত্তেজনা দুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বুলিও ইয়ান বিছপে উল্লেখ কৰে৷

You might also like