নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুনিয়ৰ ক্ৰিকেটতো সম্পূৰ্ণৰূপে ব্যৰ্থ অসম

মুস্তাক আলী টি-২০ ত অসমৰ ছিনিয়ৰ দলটো পণ্ডিচেৰীৰ সন্মুখত পৰাস্ত হোৱাৰ সমান্তৰালকৈ ২৩ বছৰ অনূধৰ্ব পুৰুষ-মহিলা দল দুটায়ো শোচনীয় পৰাজয়ৰ সন্মুখীন হয়।

গুৱাহাটী ১৬ নৱেম্বৰঃ অসম ক্ৰিকেটৰ বাবে শুকুৰবাৰৰ দিনটো যেন আছিল কেৱল ব্য়ৰ্থতাৰ দিন। মুস্তাক আলী টি-২০ ত অসমৰ ছিনিয়ৰ দলটো পণ্ডিচেৰীৰ সন্মুখত পৰাস্ত হোৱাৰ সমান্তৰালকৈ ২৩ বছৰ অনূধৰ্ব পুৰুষ-মহিলা দল দুটায়ো শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। কটকত চলি থকা পুৰুষৰ ২৩ বছৰ অনূধৰ্ব এদিনীয়া ক্ৰিকেটত পণ্ডিচেৰীয়ে অসমক ৯ উইকেটত হেৰুৱায়। প্ৰথমে বেটিং কৰি অসমে ৩১.৫ অভাৰত মাত্ৰ ১০৭ ৰাণ সংগ্ৰহ কৰে। বিপ্লৱ শইকীয়াই ৩৯ ৰান কৰাৰ বাহিৰে আন সকলো ব্যৰ্থ হয়। ইফালে, গুৱাহাটীত চলি থকা মহিলাৰ ২৩ বছৰ অনূধৰ্ব ৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতাত ৰে’লৱেৰ হাতত অসম সাত উইকেটত পৰাস্ত হয়। অসমে নিৰ্ধাৰিত ২০ অভাৰত সাত উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৪২ ৰানৰ প্ৰত্যুত্তৰত ৰে’লৱেই ১৬.৩ অভাৰতে তিনি উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অসমৰ হৈ উমা ছেত্ৰীয়ে ৩৫ আৰু ৰুহিনা পেগুৱে ২৬ ৰান কৰে।