নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০লৈ সাজু ভাৰত–ৱেষ্ট ইণ্ডিজ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া প্রথম টি–২০ৰ বাবে  হায়দৰাবাদত কঠোৰ অনুশীলনত অংশ লয় ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈসকলে৷ অহা বর্ষত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি দুয়োটা দলে সমাগত শৃংখলাটো অত্যন্ত গুৰুত্বসহকাৰে লৈছে৷ শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে চমকপ্রদ প্রদর্শনেৰে টি–২০ শৃংখলা জয় কৰা বিৰাট কোহলি নেতৃত্বাধীন ঘৰুৱা দলটো স্বাভাৱিকতে ফেভাৰিট হিচাপে খেলপথাৰত নামিব যদিও কিৰণ পোলার্ডৰ কেৰিবিয়ান বাহিনীয়ে শৃংখলাটোত তীব্র প্রত্যাহ্বান আগবঢ়োৱাটো নিশ্চিত৷

মন কৰিবলগীয়া যে নৱনিযুক্ত অধিনায়ক পোলার্ডৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজে শেহতীয়াকৈ আফগানিস্তানক এদিনীয়া শৃংখলাত ৩–০ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷ টি–২০ শৃংখলাত দলটো ১–২ৰ ব্যৱধানত ব্যর্থ হয়৷ সেয়ে ভাৰতৰ বিৰুদ্ধে এই শৃংখলাত স্বাভাৱিক খেল দেখুওৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ৷ বিশ্ব ৰেংকিঙৰ দশম স্থানপ্রাপ্ত দলটোৱে চলিত বর্ষত খেলা ৯খন টি–২০ৰ মাত্র এখনতহে জয়ৰ মুখ দেখিছে৷ চলিত বর্ষৰ আৰম্ভণিতে ভাৰতৰ হাততো দলটো ৩–০ৰ ব্যৱধানত হোৱাইট ৱাছৰ সন্মুখীন হৈছিল৷ পৰিসংখ্যাৰ দিশৰ পৰা কেৰিবিয়ান দলটো এই মুহূর্তত যথেষ্ট পিছপৰি আছে যদিও পোলার্ডৰ নেতৃত্বত ৱেষ্ট ইণ্ডিজে ভাৰতক সমাগত শৃংখলাত প্রত্যাহ্বান জনোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে, মুখ্য প্রশিক্ষক ফিল ছিমনছৰ সহযোগী হিচাপে বুধবাৰে কেৰিবিয়ান ক্রিকেট ব’র্ডে মণ্টি দেশাইক ৱেষ্ট ইণ্ডিজ দলটোৰ বেটিং প্রশিক্ষক নিযুক্তি দিছে৷ ইয়াৰ পূর্বে তেওঁ আফগানিস্তান আৰু কানাডাৰ মুখ্য প্রশিক্ষক আছিল৷

You might also like