নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপঃ চর্চাত পাঁচ খেলুৱৈ

অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া মহিলাৰ টি–২০ বিশ্বকাপ ক্রিকেটলৈ অধীৰ অপেক্ষাৰে বাট চাইছে ক্রীড়াপ্রেমীয়ে৷ অহা ফেব্রুৱাৰী মাহৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া খেলৰ বাবে বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতৰ মহিলা ক্রিকেটৰ দলটোৱেও প্রস্তুতি অব্যাহত ৰাখিছে৷ পূর্ণগতিত চলিছে অনুশীলন৷ দুটাকৈ গ্রুপত অনুষ্ঠিত হ’বলগীয়া এই খেলত ১০খন দেশে অংশগ্রহণ কৰিব৷ অষ্ট্রেলিয়া, নিউজিলেণ্ড, এছিয়া কাপৰ চেম্পিয়ন দল বাংলাদেশ আৰু শ্রীলংকাৰ সৈতে একেটা গ্রুপত সোমাইছে ভাৰতীয় দলটো৷ গতিকে এইবেলি ভাৰতীয় মহিলা খেলুৱৈ দলটোৰ বাবে এই যুঁজ যথেষ্ট কঠিন হ’ব বুলি ইতিমধ্যে ক্রিকেট বিশেষজ্ঞসকলৰ মাজত চর্চা চলিছে৷ তাৰ পাছতো ভাৰতীয় মহিলা দলটোৰ কেইগৰাকীমান খেলুৱৈয়ে সফলতাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷

শেফালী বার্মাঃ ভাৰতীয় মহিলা ক্রিকেট দলটোৰ এগৰাকী আগশাৰীৰ খেলুৱৈ শেফালী বার্মা৷ ২০১৯ চনৰ ছেপ্ঢেম্বৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শৃংখলাত ভাৰতৰ মহিলা টুৱেণ্টী–২০ ইণ্টাৰনেচনেল দলটোৰ এগৰাকী অন্যতম খেলুৱৈ আছিল শেফালী৷ আন্তর্জাতিক টি–২০ শৃংখলা খেলা আটাইতকৈ কম বয়সীয়া মহিলা খেলুৱৈ হিচাপে চর্চিত শেফালী বার্মা৷ আনকি নিচেই কম বয়সীয়া খেলুৱৈ হিচাপে অর্ধশতক ৰান অর্জন কৰি শেফালী বার্মা চর্চাৰ মাজলৈ আহিছে৷ এইগৰাকী মহিলা খেলুৱৈয়ে অর্ধ শতক অর্জন কৰি ক্রিকেটৰ ঈশ্বৰ হিচাপে খ্যাত শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে৷ টি–২০ত ষ্ট্রাইক ৰেট ১৪০তকৈ বেছি থকা শেফালী বার্মা এইবেলিৰ টি–২০ বিশ্বকাপ ক্রিকেটত ভাৰতৰ বাবে সম্ভাৱনাময় খেলুৱৈ হিচাপে চর্চিত হৈছে৷

স্মৃতি মান্ধানাঃ ভাৰতীয় মহিলা খেলুৱৈৰ দলটোৰ আন এগৰাকী চর্চাত থকা খেলুৱৈ হৈছে স্মৃতি মান্ধানা৷ ২০১৮ চনৰ ডিচেম্বৰত ইণ্টাৰনেচনেল ক্রিকেট কাউঞ্চিলে এইগৰাকী খেলুৱৈক বছৰটোৰ শ্রেষ্ঠ খেলুৱৈ হিচাপে বিশেষ পুৰস্কাৰ প্রদান কৰিছিল৷ ২০১৯ চনত ভাৰতীয় দলটোৰ ভিতৰত সর্বাধিক ৰান অর্জন কৰা খেলুৱৈ হিচাপে চিহ্ণিত হৈছে স্মৃতি মান্ধানাৰ নাম৷ গতিকে নিশ্চিতভাৱে এইবেলিৰ বিশ্বকাপত স্মৃতি মান্ধানাক লৈ যথেষ্ট আশাবাদী ভাৰতীয় মহিলা খেলুৱৈৰ দলটো৷ শেফালী আৰু স্মৃতিৰ অপেনিং যুটিয়ে প্রায় প্রতিখন খেলৰ ভাগ্য নির্ধাৰণ কৰিব৷

হৰমনপ্রীত কৌৰঃ টি–২০ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিবলগীয়া খেলুৱৈগৰাকী হ’ল হৰমনপ্রীত কৌৰ৷ এইগৰাকী প্রতিভাসম্পন্ন খেলুৱৈয়ে ভাৰতীয় মহিলা ক্রিকেটৰ দলটোলৈ যথেষ্ট আশাপ্রদ পৰিৱর্তন কঢ়িয়াই আনিছে৷ তেওঁৰ পাৰদর্শিতা আৰু সাফল্যৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্রীড়া মন্ত্রালয়ে তেওঁক প্রসিদ্ধ অর্জুন বঁটাৰে সন্মানিত কৰিছিল৷ এগৰাকী অভিজ্ঞতাসম্পন্ন খেলুৱৈ হিচাপে হৰমনপ্রীত কৌৰক লৈ আশাবাদী ভাৰতীয় দলটো৷ বর্তমানে ফর্মত থকা জেমিমা, শেফালীৰ দৰে খেলুৱৈক সহায় কৰিব হৰমনপ্রীত কৌৰৰ কৌশলে৷

পুনম যাদৱঃ ২০১৩ চনৰ এপ্রিলত বাংলাদেশৰ বিৰুদ্ধে আন্তর্জাতিক টি–২০ খেলত অংশগ্রহণেৰে ক্রিকেটৰ পথাৰত আৰম্ভ হৈছিল পুনম যাদৱৰ যাত্রা৷ ২০১৪ চনত তেওঁ টেষ্ট শৃংখলাত প্রথমবাৰৰ বাবে অংশগ্রহণ কৰিছিল আৰু সম্ভৱনা কঢ়িয়াই আনিছিল ভাৰতীয় দলটোলৈ৷ বর্তমান সময়ত ভাৰতীয় দলটোৰ এগৰাকী অভিজ্ঞতাসম্পন্ন বলাৰ হিচাপে চর্চিত পুনম যাদৱৰ নাম৷ টি–২০ আন্তর্জাতিক শৃংখলাৰ ৬২খন খেলত অংশগ্রহণ কৰি এইগৰাকী মহিলা বলাৰে ৮৫টা উইকেট লৈছে৷ যিকোনো এখন খেলৰ কঠিন মুহূর্তত ৰিষ্ট স্পিনাৰে খেলৰ গতি আনফালে ঢ়াল খুৱাব পাৰে৷ তেনেক্ষেত্রত পুনম যাদৱ ভাৰতীয় দলটোৰ বাবে যথেষ্ট আশা–ভৰসাৰ খেলুৱৈ৷

শিখা পাণ্ডেঃ ২০১৪ চনৰ মার্চত আন্তর্জাতিক টি–২০ খেলেৰে আৰম্ভণি হৈছিল শিখা পাণ্ডেৰ যাত্রা৷ একেটা বছৰৰে আগষ্টত তেওঁ প্রথমবাৰৰ বাবে এদিনীয়া আন্তর্জাতিক শৃংখলা আৰু টেষ্ট মেচত অংশগ্রহণ কৰিছে৷ ঝুলন গোস্বামীৰ অৱসৰৰ পাছত বলিঙৰ ক্ষেত্রখনত দায়িত্ব বাঢ়িছে শিখা পাণ্ডেৰ৷ অষ্ট্রেলিয়াৰ খেলপথাৰ শিখা পাণ্ডেৰ বলিঙৰ বাবে উপযোগী হ’ব বুলি বিশেষজ্ঞ মহলত চর্চা চলিছে৷ পুনম যাদৱ, অনুজা পাটিল, ৰাধা যাদৱৰ দৰে স্পিনাৰৰ লগতে শিখা পাণ্ডেৰ বলিঙে সমুখত থকা দলটোক প্রত্যাহ্বানৰ সন্মুখীন কৰিব বুলি ধাৰণা কৰা হৈছে৷ অষ্ট্রেলিয়া, নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলত শিখা পাণ্ডেৰ বলিঙে যথেষ্ট প্রভাৱ পেলাব৷

You might also like