নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পণ্টক সমর্থন বিৰাট কোহলিৰ

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ পর্যাপ্ত সুযোগ লাভৰ পিছতো আন্তঃৰাষ্ট্রীয় ক্রিকেটত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব নোৱাৰি তীব্র চাপৰ সন্মুখীন হোৱা ঋষভ পণ্টৰ কাষত থিয় হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ দিল্লীৰ উদীয়মান উইকেটৰক্ষক বেটছমেনগৰাকীক বিৰল প্রতিভাৱান আখ্যা দি কোহলিয়ে কয় যে পণ্টৰ দক্ষতাৰ ওপৰত দলৰ পূর্ণ বিশ্বাস আছে৷ ‘তেওঁক আমি কিছু সময় দিয়া উচিত৷ ৰোহিত শর্মাই কিছুদিন পূর্বে কোৱাৰ দৰে ময়ো ক’ব বিচাৰোঁ যে পণ্ট এগৰাকী মেচ উইনাৰ খেলুৱৈ আৰু তেওঁৰ ওপৰত আমাৰ সম্পূর্ণ আস্থা আছে৷ তেওঁ শেহতীয়াকৈ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই যদিও আমি সকলোৱে তেওঁক সহযোগ কৰিবলৈ সাজু আছোঁ৷ তেওঁক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিওঁ৷’ –অধিনায়ক কোহলিয়ে এইদৰে কয়৷

You might also like