নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিবিএল মোৰ বাবে হ’ব শিক্ষাস্থলীঃঅস্মিতা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ চলিত দক্ষিণ এছীয় ক্রীড়া সমাৰোহৰ বেডমিণ্টনত দুটাকৈ স্বর্ণপদক অর্জন কৰি দেশক গৌৰৱ দিয়া অসম কন্যা অস্মিতা চলিহাৰ নতুন লক্ষ্য হ’ল আসন্ন প্রিমিয়াৰ বেডমিণ্টন লীগত সুন্দৰ প্রদর্শন দাঙি ধৰি বিশ্ব স্তৰত নিজক প্রতিষ্ঠা কৰা৷ অহা বর্ষৰ ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রিমিয়াৰ বেডমিণ্টন লীগখন৷ ‘প্রথমবাৰৰ বাবে পি বি এল খেলিম৷ স্বাভাৱিকতে মই উৎকণ্ঠাৰ মাজত আছোঁ৷ তাতে আকৌ গুৱাহাটীৰ দল নর্থ–ইষ্টার্ন ৱাৰিয়র্ছৰ হৈ খেলিম৷ এয়া মোৰ বাবে গৌৰৱ৷ ঘৰুৱা দলৰ হৈ পি বি এলত অভিষেক কৰিব পাৰি মই সুখী৷’ দুটা স্বর্ণ লৈ দেশত উপস্থিত হোৱা অস্মিতাই এইদৰে কয়৷ উল্লেখ্য যে দেশৰ নৱাগত শ্বাটলাৰগৰাকীয়ে ছাগত মহিলাৰ দলীয় আৰু একক শাখাত সোণ লাভ কৰিছে৷ পি বি এলত খেলি অভিজ্ঞতা আহৰণ কৰাৰ আশা কৰিছে বুলি কৈ অস্মিতাই লগতে কয় বিশ্বৰ সকলো আগশাৰীৰ শ্বাটলাৰক লগ পোৱাৰ এইখনেই একমাত্র প্রতিযোগিতা৷ যাক আদর্শ হিচাপে লৈ হাতত ৰেকেট তুলি লৈছিলোঁ, এইবাৰ সেই তাৰকাসকলৰ লগত খেলাৰ সুযোগ পাম পি বি এলত৷ এয়া মোৰ তথা দেশৰ নৱাগত শ্বাটলাৰৰ বাবে এক্সপ’জাৰৰ সুন্দৰ সুযোগ৷ পি বি এলৰ লগতে অনাগত ২০২০ বর্ষত নিজৰ লক্ষ্য আৰু পৰিকল্পনাৰ বিষয়ে অস্মিতাই কয়– ‘মই সদায় শিকিব বিচাৰোঁ৷ পি বি এল মোৰ বাবে গুৰুত্বপূর্ণ শিক্ষানুষ্ঠান হ’ব৷ নিজৰ প্রতি বিশ্বাস ৰাখি দৃঢ়তাৰে ক’টত কষ্ট কৰা, নিয়মিত অনুশীলন তথা প্রদর্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো মোৰ লক্ষ্য৷’

You might also like