নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জি ট্রফীঃ ইনিংছ ব্যৱধানত জিকিল অসম

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ চলিত ৰঞ্জি ট্রফী ছিজনত প্রথম বিজয় সাব্যস্ত কৰিছে অসমে৷ ডেৰাডুনত অনুষ্ঠিত গ্রুপ চিৰ এখন মেচত গকুল শর্মা নেতৃত্বাধীন দলটোৱে উত্তৰাখণ্ডক এক ইনিংছ আৰু ৯০ ৰানত পৰাস্ত কৰি চমক সৃষ্টি কৰিছে৷ অসমৰ এই চমকপ্রদ জয়ৰ মূলতে আছিল বেগী বলাৰ ৰঞ্জিৎ মালী আৰু মুখতাৰ হুছেইনৰ বিধ্বংসী বলিং৷ তেওঁলোকৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত দিশহাৰা হৈ উত্তৰাখণ্ডই ঘৰৰ মাটিতে দেওবাৰে এদিনতে ১৬টা উইকেট হেৰুৱাই শোচনীয় পৰাজয় স্বীকাৰ কৰে৷

অসমৰ ২৯৪ ৰানৰ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে কালিৰ ৩২/৪ৰ পৰা খেলিবলৈ আৰম্ভ কৰি দেওবাৰে মাত্র ১২১ ৰানতে প্রথম ইনিংছ সামৰে৷ উত্তৰাখণ্ডৰ হৈ মায়ংক মিশ্রই সর্বাধিক ৫২ ৰান কৰে৷ দলটোৰ ইনিংছত ত্রাসৰ সৃষ্টি কৰি ৰঞ্জিৎ মালীয়ে ২৪ ৰানত ৬টা, অৰূপ দাসে ২টা, ৰোছন আলম আৰু ৰিয়ান পৰাগে এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়৷ ফল’অনৰ সন্মুখীন হৈ দ্বিতীয় ইনিংছ মুকলি কৰি উত্তৰাখণ্ড পুনৰ বিপর্যয়ত পৰে৷ দলটোৱে সংগ্রহ কৰে মাত্র ৮৩ ৰান৷

অসমৰ উদীয়মান বেগী বলাৰ মুখতাৰ হুছেইন ১২ অ’ভাৰত ১৫ ৰানত ৬টা উইকেট দখলেৰে উজলি উঠে৷ মালীয়ে ২৭ ৰানত ৪টা উইকেট লাভ কৰে৷ উত্তৰাখণ্ডৰ হৈ অধিনায়ক উন্মুক্ত চান্দে ৪১ ৰান কৰাৰ বাহিৰে আন কোনো এগৰাকী বেটছমেন সফল নহ’ল৷ ইনিংছত জয়েৰে অসমে বোনাছসহ ৭ পইণ্ট লাভ কৰে৷ ইয়াৰ পূর্বে দলটোৱে ঝাৰখণ্ডৰ হাতত ইনিংছ ব্যৱধানত পৰাজিত হোৱাৰ বিপৰীতে ছার্ভিচেছ আৰু জম্মু–কাশ্মীৰৰ সৈতে ড্র খেলিছিল৷

You might also like