নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখ সৃষ্টি কৰি ১১ মাহৰ অন্তত পৃথিৱী পালেহি ক্ৰিষ্টিনা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ প্ৰথম মহিলা মহাকাশচাৰী দলক প্ৰতিনিধিত্ব কৰা আমেৰিকাৰ মহাকাশচাৰী ক্ৰিষ্টিনা কোচ (Christina Koch) বৃহস্পতিবাৰে কাজাকিস্তানত উপস্থিত হয়হি ।

উত্তৰ কাৰোলিনাত জন্মলাভ কৰা ক্ৰিষ্টিনাই ২০১৩ চনত নাছাৰ মহাকাশচাৰী দলত যোগদান কৰিছিল ।

দীর্ঘদিন মহাকাশত অৱস্থান কৰাৰ অভিলেখ সৃষ্টিকাৰী ক্ৰিষ্টিনাৰ এই মিচনে গৱেষকসকলক কেনেকৈ কম ওজনহীনতাত আৰু কম বিকিৰণে মহিলাৰ শৰীৰক প্রভাৱিত কৰে সেই সম্পর্কে মূল্যবান তথ্য যোগান ধৰিব ।

ইপিনে পৃথিৱীপৃষ্ঠত উপস্থিত হৈয়ে তেওঁ অতি আনন্দিত আৰু গৌৰৱান্বিত বুলি মন্তব্য কৰে ।

উল্লেখ্য যে ৩২৮ দিন মহাকাশত থাকি ক্ৰিষ্টিনাই দীঘলীয়াকৈ মহাকাশত থকাৰ এক অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

এই মহাকাশ যাত্ৰাত ৪১ বছৰীয়া ক্ৰিষ্টিনাই বহুকেইটা মিচনো সম্পন্ন কৰে । ইফালে ক্ৰিষ্টিনা হৈছে একক ভাৱে মহাকাশ অভিযানত যোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰু আমেৰিকাৰ পৰা একক ভাৱে মহাকাশ যাত্ৰাত যোৱা দ্বিতীয়গৰাকী মহাকাশচাৰী ।

আনহাতে ক্ৰিষ্টিনাৰ এই সফল অভিযানক শুভেচ্ছা জ্ঞাপন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টুইট যোগে কয়- “আপুনি উঠি অহা যুৱতী মহিলাসকলক অনুপ্রাণিত কৰাৰ লগতে আমেৰিকাকো গর্বিত কৰি তুলিছে ।”

You might also like