নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত স্বৰ্ণ জয়েই মোৰ প্ৰধান লক্ষ্য

সপোন সাৰ্থক নোহোৱালৈকে অৱসৰ নলয় মেৰীকমে

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ অলিম্পিকত স্বৰ্ণপদক জয় কৰাটানেই প্ৰধান লক্ষ্য বুলি আকৌ এবাৰ দোহাৰে ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ মহিলা তাৰকা বক্সাৰ এম চি মেৰীকমে। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ব্ৰঞ্জৰ পদক জয়ী মেৰী কমে কয় যে যেতিয়ালৈকে তেওঁ অলিম্পিকত স্বৰ্ণ
পদক জয় কৰিব নোৱাৰে তেতিয়ালৈকে বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ নকৰে। অলিম্পিক গেমছত ভাৰতৰ হৈ স্বৰ্ণপদক জয় কৰাটো প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি বক্সাৰ গৰাকীয়ে লগতে কয় যে অহা বছৰ হ’ব লগীয়া টকিঅ অলিম্পিকত স্বৰ্ণপদক জয় কৰাৰ বাবে মই শ্ৰেষ্ঠত্ব উজাৰি দিব
লাগিব। অহা ২৪ জুলাইৰ পৰা টকিঅ’ অলিম্পিকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীয়া প্ৰতিযোগিতাখন এবছৰলৈ পিছুৱাই দিয়াত অনুশীলনৰ বাবে অধিক সময় লাভ কৰিম। টকিঅ’ অলিম্পিকত স্বৰ্ণপদক জয় কৰিবলৈ
হলেও এতিয়াৰ পৰাই পূৰ্ণ প্ৰস্তুতি চলাব লাগিব বুলি উল্লেখ কৰে ছয়বাৰৰ বিশ্ব চেম্পিয়ন গৰাকীয়ে। উল্লেখ্য যে টকিঅ’ অলিম্পিকখন ২০২১ বৰ্ষৰ ২৩ জুলাইৰ পৰা ৯ আগষ্টলৈ অনুষ্ঠিত হ’ব।

You might also like