নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়া ভ্রমণক লৈ আশাবাদী ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড

নিয়মীয়া বার্তা, ১১ মেঃ নির্ধাৰিত সময়সূচী মতেই ভাৰতীয় ক্রিকেট দলটোৱে অষ্ট্রেলিয়া ভ্রমণ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ভাৰতীয় ক্রিকেট দলটোৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণ সন্দর্ভত বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধুমলে কয় যে উক্ত শৃংখলাটো বচোৱাৰ বাবে ভাৰতীয় দলটোৱে সকলো ধৰণৰ নীতি–নিয়ম মানি চলিবলৈ সাজু আছে৷ আনকি, বিৰাট ব্রিগেডে অষ্ট্রেলিয়াৰে খেলিবলগীয়া শৃংখলাটোৰ বাবে দুসপ্তাহৰ কোৱাৰেণ্টাইনত থাকিবলৈও সাজু বুলি মন্তব্য কৰি বি চি চি আইৰ কোষাধ্যক্ষগৰাকীয়ে কয় যে কেংগেৰু বাহিনীৰে খেলিবলগীয়া বহু প্রতীক্ষিত পূর্ণাংগ শৃংখলাটো বচোৱাৰ বাবে আন বিকল্প নাই৷ কোহলি বাহিনীয়ে ইয়াৰ বাবে কোৱাৰেণ্টাইনতো থাকিবলৈ সাজু৷ দুসপ্তাহ কোনোধৰণৰ দীঘলীয়া লকডাউন নহয়৷ দুয়ো দেশৰ মাজৰ এই শৃংখলাটো বচোৱাৰ বাবেই ভাৰতীয় দলটোৱে সকলো প্রকাৰৰ চেষ্টা চলাব বুলি বি চি চি আইৰ কোষাধ্যক্ষ অৰুণ ধুমলে এক সংবাদ প্রতিষ্ঠানৰ আগত মন্তব্য কৰে৷ উল্লেখ্য যে ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিপক্ষে চাৰিখন টেষ্ট, তিনিখন এদিনীয়া আৰু এখন টি–২০ মেচত অংশ লোৱাৰ উদ্দেশ্যে বিৰাট কোহলি বাহিনীয়ে অক্টোবৰত অষ্ট্রেলিয়া ভ্রমণ কৰাৰ কথা৷ ইফালে, ভাৰতৰ লগতে অষ্ট্রেলিয়াতো ক’ৰোনা ভাইৰাছৰ আতংক দিনকদিনে বৃদ্ধি পোৱাৰ ফলত দেশখনত ছমাহৰ লকডাউন ঘোষণা কৰা হৈছে৷ এনে পৰিস্থিতিত দেশখনত অক্টোবৰ–নৱেম্বৰত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপখনৰ আয়োজনক লৈও অনিশ্চয়তা আহি পৰিছে৷ টি–২০ বিশ্বকাপখন যে নির্ধাৰিত সময়সূচী মতে আৰম্ভ হ’ব সেয়া মনে নধৰে বুলি উল্লেখ কৰি বি চি চি আইৰ কোষাধ্যক্ষগৰাকীয়ে লগতে কয় যে ছেপ্টেম্বৰলৈ অষ্ট্রেলিয়াত লকডাউন চলি থাকিব৷ লকডাউন সমাপ্তিৰ পাছতে বিশ্বকাপখন যে অনুষ্ঠিত হ’ব সেয়া সন্দেহ আছে৷ কাৰণ, আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰাৰ পূর্বে ক্রিকেটাৰসকলক প্রস্তুতিৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷ কিন্তু বর্তমানৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ক্রিকেটাৰসকলে কেতিয়াকৈ প্রস্তুতি চলাব পাৰিব সেয়া এতিয়াই কোৱাটো কঠিন৷

You might also like