নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস গঢ়ি এছিয়া কাপৰ মূল পর্বত নেপাল

নিয়মীয়া বাৰ্তা, ৩ মে’: ইতিহাস গঢ়িলে নেপালে৷ সংযুক্ত আৰব আমিৰশ্বাহীক হৰুৱাই আসন্ন এছিয়া কাপৰ মূল পর্বত স্থান অর্জন কৰিলে দেশখনে৷ ১৭ বছৰীয়া গুলচন কুমাৰ ঝাৰ দুৰন্ত প্রদর্শনৰ জৰিয়তে ৭ উইকেটত বিজয়ী হয় নেপাল৷ সোমবাৰৰ পিছত বর্ষাবিঘ্ণিত এ চি চি মেনছ প্রিমিয়াৰ কাপৰ ফাইনেলত আজি পুনৰ কাঠমাণ্ডুত মুখামুখি হয় আমিৰশ্বাহী আৰু নেপাল৷ মেচখনত ১১৭ ৰানতে ইনিংছ সমাপ্ত হয় আমিৰশ্বাহীৰ৷ প্রত্যুত্তৰত গুলচন কুমাৰৰ অনবদ্য ৬৭ ৰানৰ সহায়ত বিজয়ী হয় নেপাল৷ ফলস্বৰূপে ইতিহাস গঢ়ি এছিয়া কাপ খেলাৰ যোগ্যতা অর্জন কৰে দেশখনে৷ অৱশ্যে ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ কঠিন গ্রুপত স্থান লাভ কৰিছে দলটোৱে৷ গ্রুপ এত নেপালৰ লগত আছে ভাৰত আৰু পাকিস্তান৷ উল্লেখ্য যে প্রিমিয়াৰ কাপত প্রথম তিনিটা স্থানত আছে ক্রমে নেপাল, আমিৰশ্বাহী আৰু ওমান৷ ইয়াৰ লগে লগে এছিয়া কাপৰ দুয়োটা গ্রুপ সম্পূর্ণ হ’ল৷ এইবাৰ দুটা গ্রুপত মুঠ ছটা দলে খেলিব৷ গ্রুপ বিত আছে বাংলাদেশ, শ্রীলংকা আৰু আফগানিস্তান৷ গ্রুপ এত ভাৰত আৰু পাকিস্তাক ৰখা হৈছে যদিও তৃতীয় স্থানটো যোগ্যতা অর্জনকাৰী দলৰ বাবে খালী আছিল৷ সেই স্থানলৈ আহিল নেপাল৷

You might also like