এবছৰৰ মূৰত ৰিঙলৈ উভতিব বিজেন্দৰ সিং
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ প্রায় এবছৰৰ মূৰত পুনৰ ৰিঙত নামিবলৈ সাজু হৈছে ভাৰতৰ তাৰকা প্রফেছনেল বক্সাৰ বিজেন্দৰ সিং৷ অহা ১৯ মার্চত তেওঁ প্রফেছনেল বক্সিং ৰিঙলৈ প্রত্যাৱর্তন ঘটাব৷ পেছাদাৰী বক্সিং ৰিঙত এইপর্যন্ত অপ্রতিৰোধ্য হৈ থকা বিজেন্দৰৰ প্রতিদ্বন্দ্বী হ’ব ৰাছিয়াৰ আৰটিছ লোপছান৷ গোৱাৰ পানাজীত বিজেন্দৰ আৰু লোপছানৰ মাজত এই বহুপ্রত্যাশিত মেচখন অনুষ্ঠিত হ’ব৷ আজি এখন সংবাদ মেলত এই কথা ঘোষণা কৰে বক্সিং তাৰকা বিজেন্দৰে৷ ‘বিগত বছৰটো আমাৰ সকলোৰে বাবে যথেষ্ট প্রত্যাহ্বানজনক আছিল৷ প্রায় এবছৰৰ বিৰতিৰ পিছত বক্সিং ৰিঙলৈ উভতি অহাটো যথেষ্ট কঠিন৷ বিশেষকৈ আশা কৰা ধৰণে শৰীৰে সঁহাৰি নিদিয়ে৷ কিন্তু যোৱা দুমাহ ধৰি গুৰগাঁৱত জয় ভগৱানৰ তত্ত্বাৱধানত মই কঠোৰ অনুশীলনত ব্যস্ত আছোঁ৷ তেওঁৰ তত্ত্বাৱধানত মই ৰিঙলৈ উভতিবলৈ সম্পূর্ণৰূপে সাজু হৈছোঁ৷’– বিজেন্দৰে এইদৰে কয়৷ উল্লেখ্য যে ২০০৮ৰ বেইজিং অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে পেছাদাৰী কেৰিয়াৰত এতিয়ালৈকে ১২খন মেচত অপৰাজেয় হৈ আছে৷ ইয়াৰে আঠখন মেচত তেওঁ প্রতিদ্বন্দ্বীক নকআউট কৰিবলৈ সক্ষম হৈছে৷