নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যা ভামিকাৰ ফটো ৰাজহুৱা নকৰিব সংবাদ মাধ্যমক কোহলিৰ অনুৰোধ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ কন্যা ভামিকাৰ ফটো প্রকাশৰ পৰা বিৰত থাকিবলৈ সংবাদ মাধ্যমক কাতৰ অনুৰোধ জনাইছে টীম ইণ্ডিয়াৰ তাৰকা বিৰাট কোহলিয়ে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে যোৱানিশা অনুষ্ঠিত তৃতীয় এদিনীয়াত ষ্টেডিয়ামৰ ভি আই পি বক্সৰ পৰা কোহলিৰ বেটিং উপভোগ কৰি থকাৰ সময়ত তাৰকাগৰাকীৰ পত্নী অনুষ্কা শর্মাৰ কোলাত থকা কন্যা ভামিকা হঠাতে কেমেৰাৰ লেন্সত ধৰা পৰে৷ বিগত প্রায় এবছৰ ধৰি সংবাদ মাধ্যমৰ কেমেৰাৰ পৰা আঁতৰাই ৰখা ভামিকাৰ ফটো টেলিভিছনৰ পর্দাত ভাহি উঠাৰ লগে লগে ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে৷ ইয়াৰ পিছতে পিতৃ কোহলি আৰু মাতৃ অনুষ্কাই এক বিবৃতিৰ জৰিয়তে কন্যা ভামিকাৰ ফটো ৰাজহুৱা নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে৷

‘আমি দেখিবলৈ পাইছোঁ যে কালি ষ্টেডিয়ামত আমাৰ কন্যাৰ ফটো কেমেৰাৰ লেন্সত বন্দী হৈছিল৷ ইয়াৰ পিছতে ভামিকাৰ ফটো চৌদিশে শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে৷ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে অসতর্কভাৱে আমাৰ কন্যাৰ ফটো ৰাজহুৱা হৈছে৷ তাইৰ ওপৰত কেমেৰাৰ দৃষ্টি আছিল বুলি আমি অৱগত নাছিলোঁ৷ আপোনালোকে ভামিকাৰ ফটো ক্লিক নকৰিলে অথবা কোনো মাধ্যমত প্রকাশ নকৰিলে আমি চিৰকৃতজ্ঞ হৈ ৰ’ম৷’ –কোহলি আৰু অনুষ্কাই যুটীয়া বিবৃতিত এইদৰে কয়৷

উল্লেখ্য যে দক্ষিণ আফ্রিকা ভ্রমণলৈ উৰা মৰাৰ সময়তো বিমানবন্দৰৰ বাহিৰত সংবাদ মাধ্যমৰ লোক আৰু পাপাৰাজ্জিয়ে ভামিকাৰ ফটো উঠোৱাৰ চেষ্টা চলাইছিল যদিও কোহলি আৰু অনুষ্কাই তেওঁলোকক এই কার্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছিল৷

You might also like