নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ ক্ৰীয়াক্ষেত্ৰক স্তব্ধ কৰি তোলাৰ সময়তে এই মৰাত্মক মহামাৰীক লৈ এটি গীত মুকলি কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ ডোৱেইন ব্ৰেভোৱে। ছ’চিয়েল মিডিয়াত তেওঁ আজি ৩ মিনিট ২১ ছেকেণ্ড দীঘলীয়া সংগীত মুকলি কৰি কয় ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি হাৰ নামানো। এই মহামাৰীৰ আতংকৰ সময়ত সকল অনুৰাগীৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমি সকলোৱে এই যুঁজৰ অংশীদাৰ হ’ব লাগিব। এই সংকটৰ সময়ত মই আপোনালোকৰ বাবে এটি ইতিবাচক গীত লৈ আহিছোঁ।