নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংকৰ সৈতে ক্রিকেটাৰে খেলি যাব লাগিবঃ গম্ভীৰ

নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ সৈতে ক্রিকেটাৰসকলে খেলি যাব লাগিব৷ এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন বাঁওহতীয়া অ’পেনাৰ গৌতম গম্ভীৰে৷ চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা এই ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি ভাৰতৰ লগতে সমগ্র বিশ্বৰে ক্রীড়াক্ষেত্র স্তব্ধ হৈ পৰিছে৷ ষ্টাৰ স্প’টছৰে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন ক্রিকেটাৰ তথা বর্তমানৰ সাংসদ গৌতম গম্ভীৰে কয় যে ক্রিকেটাৰসকলৰ লগতে বাকী খেলুৱৈসকলেও ক’ৰোনা ভাইৰাছৰ সৈতে সংগ্রাম চলাই খেলি যাব লাগিব৷ কিয়নো, ক’ৰোনা ভাইৰাছবিধ নির্মূল হোৱাটো সহজ নহয়৷

খেলুৱৈসকল ইয়াৰ দ্বাৰা সংক্রমিত হ’ব পাৰে আৰু ইয়াৰ সৈতেও থাকিব লাগিব৷ ক্রিকেটত সামাজিক দূৰত্ব সম্ভৱ যদিও আন খেলসমূহ এই নীতি–নিয়ম মানি খেলাটো কঠিন বুলি গম্ভীৰে লগতে কয়৷ সামাজিক দূৰত্ব আৰু অন্য নীতি–নিয়ম মানি চলি খেলসমূহ আয়োজন কৰাটো সহজ নহয় বুলি মন্তব্য কৰি গম্ভীৰে লগতে কয় যে সামাজিক দূৰত্ব বজাই ৰাখি ক্রিকেট খেল খেলিব পাৰি যদিও ফুটবল, হকী আৰু অন্যান্য খেলসমূহ সামাজিক দূৰত্ব বজাই ৰাখি খেলাটো সম্ভৱপৰ নহয়৷ গতিকে খেলুৱৈসকলে এই ক’ৰোনা ভাইৰাছৰ সৈতে থাকিব লাগিব আৰু এনেকৈয়ে আগবাঢ়ি যাব লাগিব৷

You might also like