নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমি জয়ী হ’ম

লকডাউন পালন কৰিবলৈ দেশবাসীক আহ্বান কপিল দেৱৰ

নিয়মীয়া বাৰ্তা ২৮ মাৰ্চঃ  মানৱ জাতিলৈ ভাবুকি কঢ়িয়াই অনা মৰাত্মক ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে বলৱত কৰা লক ডাউন দায়িত্বসহকাৰে পালন কৰিবলৈ দেশৱাসীক কাতৰ আহ্বান জনাইছে ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ কপিল দেৱে। বিশ্বকাপ বিজয়ী ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে কয় যে আমাৰ সকলোৰে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকি এই ভাইৰাছ সংক্ৰমণ ৰোধ কৰিব লাগে। লকডাউনক মানৱ জাতিৰ জীৱনৰেখা বুলি অভিহিত কৰি কপিল দেৱে পুনৰ উল্লেখ কৰে যে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাটো দেশবাসীয়ে এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা উচিত। লকডাউন এক অভূতপূৰ্ব পৰিস্থিতিক আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগে। আপুনি ঘৰৰ ভিতৰত পৰিয়ালৰ সৈতে সুৰক্ষিত হৈ থাকক। গ্ৰন্থ অধ্যয়ন, টিভি চাই অথবা গীত শুনি আপুনি নিজৰ মতে সময় পাৰ কৰক। পৰিয়াল সকলো সদস্যৰ সৈতে মত বিনিময়ৰ এয়া এক সুৱৰ্ণ সুযোগ। এইদৰে কিছুদিন থাকিব পাৰিলে কৰোনাৰ বিৰুদ্ধে
যুঁজত নিশ্চয়কৈ জয়ী হম।

You might also like