ক’ৰোনা যুঁজলৈ অসম চাইক্লিং সংস্থাৰ সহায়ৰ হাত
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ক’ৰোনাৰ বিৰুদ্ধে যুঁজি থকা অসম চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে অসম চাইক্লিং সংস্থাই ৷ সংস্থাটোৰ তৰফৰ পৰা বুধবাৰে সাধাৰণ সম্পাদক ড০ তপন দাস আৰু যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ২৫ হাজাৰ টকা আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীযূষ হাজৰিকাক সাক্ষাৎ কৰি অসম আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকাকৈ মুঠ ৫০ হাজাৰ টকাৰ সহায় আগবঢ়ায় ৷