ঘৰৰ মাটিত ৩০০ টেষ্ট উইকেটঃ দ্বিতীয় দ্রুততম বলাৰ অশ্বিন
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ভাৰতৰ মাটিত ৩০০ উইকেট দখল কৰা দ্বিতীয় দ্রুততম বলাৰ হিচাপে চিহ্ণিত হৈছে ৰবিচন্দ্রন অশ্বিন৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে আজি সামৰণি পৰা দ্বিতীয় তথা অন্তিম টেষ্টৰ চতুর্থ দিনা আলহী দলটোৰ অন্তিমটো উইকেটৰ ৰূপত হেনৰী নিক’লছক আউট কৰি টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰগৰাকী এই অভিলেখৰ অধিকাৰী হয়৷ তেওঁ ৪৯খন মেচত এই মাইলষ্ট’ন স্পর্শ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে শ্রীলংকাৰ কিংবদন্তি অফ স্পিনাৰ মুটীয়া মুৰলীধৰণে ঘৰৰ মাটিত ৪৮খন টেষ্টত ৩০০ উইকেট দখল কৰিছিল৷ ভাৰতৰ অনিল কুম্বলেই ৫২ আৰু অষ্ট্রেলিয়াৰ কিংবদন্তি লেগ স্পিনাৰ শ্বেন ৱার্নে ৬৫খন ঘৰুৱা মেচত ৩০০ উইকেটৰ মাইলষ্ট’নত উপনীত হৈছিল৷ উল্লেখ্য যে ভাৰতৰ মাটিত দ্বিতীয় সর্বাধিক দখলকাৰী হিচাপে অশ্বিনে ইতিমধ্যে অভিলেখ ৰচিছে৷ তেওঁ ভাৰতৰ মাটিত ৩০০ উইকেট দখল কৰাৰ বিপৰীতে অনিল কুম্বলেই ৩৫০টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷