নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতুর্থবাৰৰ বাবে অলিম্পিকলৈ যোগ্যতা শৰথৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ চতুর্থবাৰৰ বাবে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ভাৰতৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ শৰথ কমলে৷ ২০০৪ৰ এথেন্স অলিম্পিক, ২০০৮ৰ বেইজিং অলিম্পিক আৰু ২০১৬ৰ ৰি’ অলিম্পিকৰ পিছত এইবাৰ টকিঅ’ অলিম্পিকত দেখিবলৈ পোৱা যাব ৩৮ বছৰীয়া অভিজ্ঞ খেলুৱৈগৰাকীক৷ ডোহাত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰত  শৰথ কমলে পাকিস্তানৰ ৰামিজ মহম্মদক ১১–৪, ১১–১, ১১–৫, ১১–৪ৰ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰে৷ পাকিস্তানৰ প্রতিদ্বন্দ্বীগৰাকীক তেওঁ মাত্র ২৩ মিনিটৰ ভিতৰতে ধৰাশায়ী কৰিবলৈ সক্ষম হয়৷ বিশ্বৰ ৩২সংখ্যক ৰেংকিংপ্রাপ্ত শৰথ কমলৰ বাবে আজিৰ মেচখন আছিল মৰণপণ যুঁজসদৃশ৷ কিন্তু ইয়াৰ পূর্বে তেওঁ প্রথমখন মেচত ভাৰতৰ উদীয়মান পেডলাৰ ছাথিয়ানৰ হাতত পৰাস্ত হৈছিল৷

You might also like