নিয়মীয়া বাৰ্তা,২৫ মাৰ্চ: চিৰাং জিলাৰ থাইকাজোৰাত আজিৰে পৰা আৰম্ভ হৈছে ৬৮ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ খেলসমূহ। ৰাইন’ ক্লাবৰ খেলপথাৰত আজি অনুষ্ঠিত খেলত ইউনাইটেড চিৰাং দুৱাৰ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলে অংশগ্ৰহণ কৰে। খেলখন ১-১ গ’লত ড্ৰ হৈ ৰয় । উত্তেজনা পূৰ্ণ খেলখনত ২২ মিনিটত এম ডি সিঙে দিয়া গ’লৰ সহায়ত ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে বিৰতিলৈকে ১-০ গ’লৰ অগ্ৰগতি লাভ কৰিছিল।বিৰতিৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ৬০ মিনিটত চিৰঞ্জীৱ গগৈয়ে গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰে। খেলখন পৰিচালনা কৰে হীৰেন বৰ্মনে। লাইনত সহায় কৰে ক্ৰমে পৱন চন্দ্ৰ ব্ৰহ্ম, ইজৰাইল হেমব্ৰমে আৰু হাবিব ৱাৰীয়ে চতুৰ্থ ৰেফাৰীৰ দায়িত্বত আছিল।
শনিবাৰৰ খেলত ছিলং লাজং এফ চিৰ বিৰুদ্ধে অসম ৰেজিমেণ্টেল চেণ্টাৰ অৱতীৰ্ণ হ’ব। মুখ্য অতিথি বি টি চিৰ বন বিভাগৰ কাৰ্যকৰী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত প্ৰতিযোগিতাখন উদ্বোধন কৰে বি টি চি ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈচা বড়োৱে। উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ কাৰ্যকৰী সদস্য ডঃ নিলুৎ স্বৰ্গীয়াৰী, দিগন্ত বৰুৱা, এম চি এল এ মাধৱ ছেত্ৰী, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি।।
প্ৰেৰক: বিপুল কুমাৰ দাস