ছিজন পুনৰ আৰম্ভ কৰিবলৈ সাজু অষ্ট্রেলিয়া
নিয়মীয়া বাৰ্তা, ৮ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে প্রায় দুমাহ সমগ্র বিশ্বৰ ক্রীড়াক্ষেত্র স্থবিৰ হৈ থকাৰ পাছত ক্রিকেট অষ্ট্রেলিয়াই দলটোৰ অনুশীলন পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে৷ ছিডনী মর্নিং হেৰল্ড সংবাদ পত্রৰ এক বাতৰি অনুসৰি ক্রিকেট অষ্ট্রেলিয়াই সম্প্রতি মুখ্য মেডিকেল বিষয়া ড০ জন অৰকার্ড আৰু স্প’টছ ছায়েন্স তথা স্প’টছ মেডিচিনৰ মুৰব্বী ড০ এলেক্স কণ্টটৰিছৰ পৰামর্শ অনুসৰি খেলুৱৈৰ অনুশীলনৰ এক স্বাস্থ্যসন্মত নীতি–নিয়ম প্রস্তুত কৰি আছে৷ ক্রিকেট অষ্ট্রেলিয়াৰ এই দুগৰাকী বিশেষজ্ঞই অন্যান্য ক্রিকেট খেলা দেশ আৰু অষ্ট্রেলিয়া চৰকাৰ, আই চি চিৰ সৈতে ক্রিকেট পুনৰ আৰম্ভ কৰাৰ উপায় বিচাৰি আলোচনা অব্যাহত ৰাখিছে৷
বিশেষকৈ খেলুৱৈসকলৰ প্রি–ছিজনৰ বাবে কার্যকৰী স্বাস্থ্য নিয়ম প্রস্তুত কৰাৰ ক্ষেত্রত ক্রিকেট অষ্ট্রেলিয়াই সর্বাধিক গুৰুত্ব আৰোপ কৰিছে৷ ব’ডৰ স্প’টছ ছায়েন্স আৰু স্প’টছ মেডিচিনৰ মুৰব্বী ড০ এলেক্সে এই সন্দর্ভত কয় যে যিহেতু ক্রিকেটত শাৰীৰিক স্পর্শ বাধ্যতামূলক নহয়, গতিকে এক নতুন প্রট’কলৰ জৰিয়তে ক্রিকেটাৰসকলৰ প্রস্তুতি শিবিৰ আৰম্ভ কৰাটো সম্ভৱ হ’ব৷ নেটত প্রতিগৰাকী ক্রিকেটাৰৰ শাৰীৰিক দূৰত্ব নিশ্চিত কৰিব লাগিব৷ ‘ক’ভিড–১৯ মহামাৰীৰ পাছত এতিয়া আমি ক্রিকেট পুনৰ আৰম্ভ কৰাৰ যো–জা চলাইছোঁ৷ এক ফলপ্রসূ প্রট’কলৰ জৰিয়তে খেলুৱৈসকলৰ সামাজিক দূৰত্ব বর্তাই ৰখা হ’ব৷ ইয়াৰ ভিতৰত অন্যতম হ’ব কোনো খেলুৱৈয়ে অনুশীলনৰ সময়ত বলৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে থু অথবা ঘাম ব্যৱহাৰ কৰিব নোৱাৰিব৷
তদুপৰি তেওঁলোকে ইজনে–সিজনক স্পর্শ কৰাৰ পৰা বিৰত থাকিব লাগিব৷ প্রতিখন নেটত দুজন বা তিনিজন বলাৰকহে বল কৰাৰ বাবে অনুমতি দিয়া হ’ব৷ সামাজিক দূৰত্ব বর্তাই ৰাখি এইদৰে অনুশীলন আৰম্ভ কৰাৰ পাছত খেলপথাৰতো খেলুৱৈসকলৰ এই অভ্যাস গঢ় লৈ উঠিব৷’ –ড০ এলেক্সে এইদৰে কয়৷ ইফালে, ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য মেডিকেল বিষয়া ড০ জন অৰকার্ডে কয় যে ক’ভিড–১৯ৰ পাছত ক্রিকেটৰ পথাৰত সামাজিক দূৰত্ব বর্তাই ৰখাটো বাধ্যতামূলক হ’ব৷ ইয়াৰ বাবে ক্রিকেটাৰসকলে খেলপথাৰত আনন্দ প্রকাশৰ বাবে নতুন পদ্ধতি উদ্ভাৱন কৰিব লাগিব৷
উল্লেখ্য যে সমগ্র বিশ্বত মহামাৰীৰ ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে যোৱা মার্চৰ পৰা বিশ্বৰ সকলো ক্রীড়া ষ্টেডিয়াম উকা হৈ আছে৷