জয়ৰ পিছত আক্রমণাত্মক অংগী–ভংগীৰে প্রৰোচিত কৰিছিল ভাৰতীয় ক্রিকেটাৰক
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতক পৰাস্ত কৰি প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব আই চি চি ক্রিকেট বিশ্বকাপত খিতাপ জয়ৰ পিছতে বাংলাদেশৰ খেলুৱৈসকলৰ বন্য উল্লাসে বিশ্বৰ ক্রিকেট মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলেও বাংলাদেশৰ জুনিয়ৰ দলটোৰ খেলুৱৈসকলৰ আচৰণক গুৰুত্বসহকাৰে লৈছে৷ উল্লেখ্য যে যোৱা নিশা দক্ষিণ আফ্রিকাত অনুষ্ঠিত মেগা ইভেণ্টখনৰ ফাইনেল মেচখনৰ আৰম্ভণিৰে পৰা বাংলাদেশী খেলুৱৈসকলে ভাৰতীয় বেটছমেনক বিভিন্ন প্রকাৰে শ্লেজিং কৰি অতিষ্ঠ কৰি তুলিছিল৷ বল থ্র’ কৰাৰ সময়তো আনকি বাংলাদেশৰ ফিল্ডাৰে ভাৰতীয় বেটছমেনক আক্রমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছিল৷ মেচখনত বাংলাদেশে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতে দলটোৰ খেলুৱৈসকলৰ আক্রমণাত্মক আনন্দ–উল্লাসে শালীনতাৰ সীমা অতিক্রম কৰে৷ ঐতিহাসিক জয়ৰ আনন্দত উত্রাৱল হৈ খেলুৱৈসকলে খেলপথাৰত প্রৱেশ কৰি বিভিন্ন দৃষ্টিকটু অংগী–ভংগী আৰু গালি–গালাজেৰে পৰিৱেশ উত্তেজনাপূর্ণ কৰি তোলে৷ বাংলাদেশৰ একাংশ ক্রিকেটাৰে আনকি হতাশ ভাৰতীয় খেলুৱৈসকলক তাচ্ছিল্য কৰি তেওঁলোকক প্রৰোচিত কৰাৰ চেষ্টা চলায়৷ দলটোৰ এই আচৰণত উত্তেজিত হৈ এটা সময়ত ভাৰতীয় খেলুৱৈয়েও বাংলাদেশৰ খেলুৱৈলৈ চোঁচা লয় আৰু দুয়ো দলৰ খেলুৱৈসকলৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটাৰ উপক্রম হয়৷ এই সময়তে আম্পায়াৰ আৰু দুয়ো দলৰ প্রশিক্ষকে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ বাংলাদেশৰ খেলুৱৈসকলৰ এই আচৰণ সন্দর্ভত ভাৰতীয় জুনিয়ৰ দলটোৰ মেনেজাৰ অনিল পেটেলে আজি কয় যে আই চি চিয়ে বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে লৈছে আৰু ফাইনেলৰ অন্তিম সময়ছোৱাৰ ফুটেজ পর্যবেক্ষণ কৰিব৷